ঘাঁহ খাইছে নে? – কুল শইকীয়া

ক্লান্তি আৰু অৱসাদে আমাৰ দেহ কাবু কৰি পেলোৱাৰ কথাই, কাৰণ আমি ইতিমধ্যে প্ৰায় আঠ-দহ কিলোমিটাৰৰো অধিক খোজ কাঢ়ি পেলাইছো, পুৱাৰ কাহিলী পোহৰৰ পৰা আৰম্ভ হোৱা আমাৰ পদযাত্ৰা সীমিত সংখ্যক বিৰতিৰে অনবৰত চলিয়েই আছে, ক’ত কি খাইছো তাৰ একো নিশ্চয়তা নাই৷ পাহাৰৰ অকোৱা-পকোৱা পথৰ মাজত হঠাতে আহি পৰা জান-জুৰিৰ স্বচ্ছ, বৰফ যেন ঠাণ্ডা পানীৰে তৃষ্ণাতুৰ কণ্ঠ তিয়াই লৈছো৷ তথাপি আমাৰ পাঁচজনৰ মনৰ আদিম উদ্যমে এতিয়াও লগ নেৰা স্থিতি লোৱাত প্ৰায় কুৰিজনীয়া যুৱক- যুৱতীৰ দলটোৰ পৰা নিজকে বিচ্ছিন্ন কৰি আৰু ওপৰলৈ, দূৰলৈ আগবাঢ়ি যোৱাৰ হেঁপাহেৰে আগুৱাই আহিছো, পিছলৈ উলটি চাই দেখিছো লগৰ বাকী কেইজনে আমাক হাত বাউল দি ক’ব খুজিছে গাইড নোহোৱাকৈ গঙ্গাৰ উৎপত্তি স্থলৰ বিয়াগোম হিমবাহৰ বা গ্লেচিয়াৰৰ ওপৰেদি খোজকাঢ়ি যোৱাটো বৰ বাৰু কথা এটা নহয়, যিকোনো মুহূৰ্ততে ভৰিৰ তলৰ পৰা বৰফৰ প্ৰকাণ্ড লডা, টুকুৰা খহি পৰিব পাৰে, সেই স্খলনকৃত ভয়ংকৰ গাঁতেৰে আমাৰ কোনাবা এজন সোমাই যাব পাৰে, আৰু অলবৎ মৃত্যুৰ গৰাহত পতিত হ’ব পাৰে, মৃতদেহ ঢাকি ধৰিব বৰফৰ প্ৰচণ্ড খণ্ডিত গোটে, হিমশীতল বাতাৱৰণে গেলিপচি নোযোৱাকৈ ৰাখি থ’ব আমাৰ মৃতদেহ আৰু কোনোবা অচিনাকি মানুহে ট্ৰেকিঙলৈ আহি বা পথত বগাবলৈ আহি আৱিষ্কাৰ কৰিব তাক গঙ্গানদী বৈ অহা গোমুখৰ সুদৃশ্য জলধাৰাত! এই ধৰণৰ চৰ্চাৰে বাকীকেইজনে আমাৰ হাবিয়াসক চূৰ্ণাকৃত কৰিব বিচাৰিলেও আমি বিচলিত নহ’লো৷ লগৰ এজনৰ হঠাৎ খহি পৰা বৰফত ভৰি এখনৰ আধা সোমাই যাওঁত আমি দুজনে টানি তাক উঠাই আনিলো৷

গঙ্গোত্ৰীৰ হিমবাহ আমি খোজকাঢ়ি পাৰ হৈ ক্ৰমাৎ তপোবন নামৰ ঠাইখিনিলৈ আগবাঢ়িলো৷ দহ- পোন্ধৰ খোজ দিয়েই আকৌ থমকি জিৰাব লগা হৈছে, ভাগৰত উশাহৰ গতি ভয়ানকভাৱে বাঢ়ি গৈছে, হঠাৎ এনেধৰণৰ শ্বাসহীনতাৰ কাৰণৰ ব্যাখ্যা দাঙি ধৰি এজনে কৈছে যে ইয়াত অক্সিজেনৰ মাত্ৰা কম, যাৰ ফলত আমি অকমান খোজকাঢ়িলেই ক্লান্তি অনুভৱ কৰিছো, উশাহত কষ্ট পাইছো৷ আমাক উৰুৱাই নিব পৰা বতাহজাকতো যে নাকে অক্সিজেন বিচাৰি হাবাথুৰি খাব লগা হৈছে— কথাষাৰে বৰ আমোদ দিছে৷ নাতিদূৰত আমাৰ ফালে বুকু ফিন্দাই চাই থকা বৰফাবৃত শৃঙ্গৰ দৃশ্য মনোৰম হৈ উঠিছে, তাৰ পাদদেশত মন কৰিছো দুটা মাউণ্টেনিয়াৰিঙত যোৱা দলৰ কেম্প, পিছলৈ গম পোৱা মতে যোৱা এসপ্তাহ ধৰি তেওঁলাকে তাতে প্ৰতীক্ষা কৰিছে ভাল বতৰৰ বাবে যাতে শৃঙ্গত আৰোহণ কৰিব পাৰে৷ ভোকে- পিয়াহে জৰ্জৰিত হৈ অলপ দূৰ আগত এখন ফটা-চিটা প্লাষ্টিকৰ চালিৰ তলত আমি পাঁচজন বহি পৰিছো, মনৰ উৎসাহ, উদ্যমে এতিয়া পলাই ফাট মাৰিছে, কিবা অকমান মুখত দি উভতি যোৱাৰ মানসিকতাত বলিয়া হৈ পৰিছো।

চালিখনৰ কাষতে জুই একুৰা ধৰি সন্ন্যাসী চেহেৰাৰ বৃদ্ধ মানুহজনে জুই জ্বলোৱাৰ যো-জা কৰা দেখি আমাৰ জিভালৈ পানী আহিছে আৰু পেটত আৰম্ভ হৈছে সমুখ ভোজনৰ লালসাত কৰ-কৰ আৱাজ৷ কাৰো মুখত কোনো কথা নাই, লেবেজান হৈ পৰা চেহেৰা মাত্ৰ৷ সন্ন্যাসীজনে আমাৰ উপস্থিতি লক্ষ্য কৰা বুলি আমি পতিয়ন গৈছো, হয়তো মৌন ব্ৰতত থকাৰ হেতু আমাক উদ্দেশ্যি তেওঁ মুখ খুলিব খোজা নাই! কিন্তু নিশ্চয়কৈ হাতৰ ইঙ্গিতেৰে আমাক মাটিতে বহিবলৈ দিছে৷ অলপ পাছতে তেওঁ উঠি গৈ সমুখৰ শীতল- নীৰস ঘাঁহ বন একোছা আনি, কটাৰীৰে টুকুৰা-টুকুৰকৈ কাটিছে, ঠিক যেন একোচা শাক মুঠি কৰি লৈ কাটি পেলাইছে, সমুখৰ গৰম টাৱা খনত তাকে ভাজিবলৈ লোৱাত আমি অবাক হৈ চাই আছো৷ সমুখৰ পথাৰৰ মনোমোহা নৈসৰ্গিকতাৰ স’তে বাকহীন আত্মীয়তা আমাৰ ইতিমধ্যে গঢ়ি উঠিছে, আমাৰ মাথোঁ চিন্তা হৈছে বেলি ডুবাৰ আগতেইআমি কেম্পলৈ উভতি যাব লাগিব৷ কিছু সময়ৰ পাছত সন্ন্যাসী যেন লগা মানুহজনে আমাক পাঁচজনক ফটা কাগজত পাঁচখন আটাৰ আধা সিজা ৰুটী আৰু একোচাকৈ ঘাঁহৰ শুকান ভাজি আগবঢ়াই দিছে, নিশব্দতাৰে অৰ্ডাৰ দিছে- আমি ভোজন কৰা উচিত৷ ঘাঁহৰ শুকান ভাজি আৰু ৰুটী বৰ আনন্দত গলাধৰণ কৰি উঠি তললৈ নামি আহিবলৈ থিয় হ’লো৷ এজনে সোধোঁতে মানুহজনে ক’লে যে পাহাৰ বগোৱা দলে কেতিয়াবা লগত চবজী (vegetables) জাতীয় বস্তু আনিলেহে তেওঁ তাৰ তৰকাৰী খাবলৈ পায়, নহ’লে কেতিয়াবা বনলৈ নামি গ’লে শাক-পাচলি লৈ আনে, অন্যথা সমুখত গজি থকা ঘাঁহৰ ভাজিৰে চলি যায় ভোজন!

জন্তুৰ দৰে নহয়, মানৱ সভ্যতা উদ্ভূত এনে ধৰণৰ উন্নত প্ৰণালীৰ ঘাঁহ খোৱা ঘটনাটো ঘটিছিল ১৯৮৫ চনৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহত যেতিয়া মই ভূজবাসা, গঙ্গোত্ৰী, গোমুখ ট্ৰেকিঙত গৈছিলোঁ৷ ট্ৰেকিঙৰ আটাইবোৰ কথা সাৱলীল আৰু হুবহু ৰূপত মনত নাথাকিলেও ঘাঁহৰ ভাজিৰে শুকান ৰুটী খোৱাৰ অনন্য অভিজ্ঞতা আজিও মনত সজীৱ হৈ আছে৷

তপোবনৰ সেই সন্ন্যাসীজনে কোৱাৰ দৰে অসমলৈকো যদি বাহিৰৰ পৰা তৰি- তৰকাৰী বা চবজী জাতীয় বস্তুখিনি সময়মতে চালান হৈ নাহে বা হঠাৎ কেতিয়াবা কোনোবাদিনা প্ৰাকৃতিক বা অন্য কিবা দুৰ্যোগত, যাতায়াত পথৰ বিছিন্নতাৰ বাবে, বাহিৰৰ যোগানকাৰীয়ে অসমলৈ শাক-পাচলি যোগান নধৰো বুলি ওফোন্দা পাতে, ইত্যাদি কাৰণত আমি ইয়াতো হয়তো ঘাঁহৰ ভাজি খোৱাৰ পৰিস্থিতি এটা হ’ব পাৰে—এইবোৰ কথা ভাবিয়েই ঘাঁহৰ ব্যঞ্জনৰ সেই স্বাদ বা কুস্বাদ মোৰ জিভাত জীয়াই ৰাখিছো৷ ভয়টো অমূলক নহয়, কাৰণ আমি আটায়ে জানো যে আলু-পিয়াজকে আদি কৰি প্ৰায় আটাইবোৰ ভেজিটেবল আমি ৰাজ্যৰ বাহিৰৰপৰা আমদানি কৰিহে মনৰ হেঁপাহ পলুৱাই উদৰ পূৰাব পাৰো৷ কিন্তু আচল কথা হ’ল, কি কাৰণে আমাৰ বেলেগৰ মুখলৈ চাই থকা বা আনৰ অনুগ্ৰহত জীয়াই থকাৰ অজুহাতটো আমি অত বছৰে এৰিব পৰা নাই৷ পাচলিৰ খেতি কৰি, তাৰ উৎপাদন বৃদ্ধি কৰি ৰাজ্যখনক অন্ততঃ স্বাৱলম্বী কৰি তোলাৰ এক মনোভাৱ গঢ়ি তুলিব পৰা নাযায়নে? ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments