ঘাঁ (উজ্জল ফুকন)

ঘাঁ (উজ্জল ফুকন)

“এক্ পৰিন্দা দৌ দৰিন্দা” নামটো টিভি স্ক্রীনত জিলিকি উঠিল। একেলগে জিলিকি উঠিল বুধিন বৰাৰ মুখৰ হাঁহিটো ।
দুটা ভয়ানক ব্যাধ আৰু সিহঁতৰ আগে আগে উৰি থকা এটা চৰাই। এখন স্থিৰ চিত্র। “নামটো বৰ ধুনীয়া দিছে ..চাই ভাল লাগিব।” বুধিন বৰাই ভাবিলে। কাৰ্টুন চাই বুধিন বৰাই বৰ ভাল পায়। হঠাত ছেছেএএএএ শব্দ কৰি টিভি স্ক্রীনত এজাক পৰুৱা দৌৰি ফুৰিব ধৰিলে।
“চেহ..এতিয়াহে হ’বলৈ পালে। গহীন..অ’ই গহীন, চাহিচোন মাৰাড’নাৰ কি হল।” বুধিন বৰাই গহীনক চিঞঁৰি মাতিলে।
পুৰণা হটলাইন টিভিটো কিন্তু বুধিন বৰাৰ বৰ মৰমৰ। ‘৮৬ চনৰ মাৰাড’নাৰ ৱৰ্ল্ডকাপত কিনা। তেতিয়া এইটো অঞ্চলত টিভি থকা ঘৰ কেৱল বুধিন বৰাৰহে আছিল। গহীনৰ তেতিয়া জন্মই হোৱা নাছিল। বুধিন বৰাই টিভিটোক গহীনৰ ককায়েক বুলি কয়। “টিভিৰ নাম মাৰাডনা আৰু তই তাৰ ভায়েক ‘মাৰ-নে-ডনা’ ” প্রায়ে বুধিনে গহীনক কয়। মদন আৰু ৰমেনৰ জহত কলেজৰ ফুটবল টিমটোত সি ‘মাৰ-নে-ডনা’ বুলিয়ে জনাজাত। হঠাৎ গহীন আহি মাৰাড’নাৰ কপালত দুচাট দি দিলে। আকৌ কাৰ্টুন ফিল্ম স্ক্রীনত ভাহি আহিল।
“হেৰৌ লাহেকৈ মাৰ.. দুখ পাব নহয়।” বুধিন বৰাই গহীনক কলে।
“আৰু ককায়েৰৰ আজিকালি অলপ চৰিত্রৰ দোষ হৈছে। সেই আধা নাঙঠ ছোৱালীবোৰে নাচি থাকিলে সি ঠিকেই থাকে। কিন্তু ভাল কাৰ্টুন চিনেমা এখন দিয়ক বা সেই আমাৰ ৰামানন্দৰ ৰামায়নখন দিয়ক তেতিয়া তাৰ বেমাৰে উক্ দিয়ে।” বুধিনে মাৰাডনাৰ ফালে চাই গহীনে শুনাকৈ কলে।
“গহীন আহ..বহ চাহি..বৰ ধুনিয়া কাৰ্টুন ফিল্ম এখন দিছে।” বুধিনে গহীনক কলে।
“আৰু তোৰ চুলি আৰু দাড়িৰ মাজত কিবা ইয়াণ্ডাবু সন্ধি হ’ল নেকি? ক’ত চুলি শেষ হৈছে আৰু ক’ৰপৰা দাঢ়ি আৰম্ভ হৈছে একো চিনচাব নাই দেখোন।”
গহীনে মুখেৰে একো নামাতি খিৰিকিৰে আকাশলৈ চাই থাকিল। বুধিন বৰাৰ অনুমান হ’ল যেন গহীনৰ মূৰত গনেশ গগৈ আৰু দেৱকান্ত বৰুৱা দুয়োজন লেপেটা কাঢ়ি বহি লৈছে।
এতিয়া যেন সি পখিলীৰ গোবৰখিনিৰ ওপৰতো কিবা প্রেমৰ কবিতা লিখি দিব পাৰে।
“হেৰৌ মদন..ৰমেন..জেতুকী বাই গোটেইকেইটা এইফালে আহহঁক..” বুধিনে চিঞৰি সকলোকে মাতিলে।
“অ’ ককা ..কি হল ঔ” ৰমেন আৰু মদন আহি বুধিনৰ কাষ পালেহি।
পিছে পিছে জেতুকীও ওলালহি “কি হল অ’ ..বুদ্ধিহীন..”
“ইয়াৰ কি হৈছে অ? ..কিবা অকলে অকলে চিন্তা কৰি আপোনভোলা হৈ থাকে। মাজে মাজে মবাইলটো পিটিকি হাঁহি থাকে।” বুধিনে গহীনক দেখুৱাই গোটেইবোৰৰ ফালে চাই সুধিলে।
“ককা..আমাৰ গহীনে প্রেমৰ পুখুৰীত জাঁপ দিয়া বহুদিন হল। প্রথমে সাঁতুৰিবই নাজানে। পানীত কক্‌বকাই থাকে। এতিয়া পিছে সাঁতুৰিব পাৰিছে। আমিও যি পাৰো শিক্ষা দিছো। কি কৱ মদন?” ৰমেনে বলটো মদনলৈ ঠেলি দিলে।
“অ’ ককা এতিয়া মাছ ধৰিব পৰা হৈ গল আমাৰ গহীন। ধৰিব পৰা মানে..এতিয়া মাছৰ নিজেই গহীনৰ জালত সোমাবৰ মন। কিন্তু ..” মদনে যেন কিবা এটা কব খুজিও ৰৈ গল।
“কি কিন্তু..বোৱাৰী কিবা খুঁত থকা নেকি?” বৰাই মদনক সুধিলে।
“হাঁ হাঁ হাঁ..বুদ্ধিহীন.. তই তেন্তে ছোৱালী নেদেখাকৈ বোৱাৰী বুলি মানিয়েই ললি। তইও কম নহয় কিন্তু!” জেতুকীয়ে মাত লগালে।
“এহ বাই..ল’ৰা ছোৱালীয়ে ইটোৱে সিটোক পছন্দ কৰিছে যেতিয়া মই কিয়নো কন্দলখন লগাও। বাৰু মদন সেই কিন্তুটো কিয় বা কলি? বোৱাৰীৰ আগৰ কিবা লেটিপেটি আছে নেকি?” বুধিনে মদনক সুধিলে।
“নহয় অ’ ককা..সাগৰ মানে আপোনাৰ বোৱাৰীৰ ককায়েক ..সি গহীনক মুঠেই পচন্দ নকৰে।” মদনে কলে।
বুধিন বৰাই তেতিয়াহে মদনৰ হাতৰ বেন্দেজটোলৈ মন কৰিলে।
ককাকৰ চকু মদনৰ বেন্দেজত পৰাত ৰমেনে মাত লগালে, “এয়া সেই আপোনাৰ বোৱাৰীৰ ককায়েকৰে কাম। আমাৰ গহীনক এদিন সি মাৰিবলৈ আহোতে মদনে আগভেটি ধৰি তাক উৰাই ঘূৰাই পিটিলে। কিন্তু পিছত অকলে পাই সি আৰু তাৰ লগৰখিনিয়ে মিলি মদনক মাৰিলে। পিছে সিহঁতৰ দুটামানেও ভাল কোব কেইটামান খাইছে মদনৰপৰা।
“অ’ কথা তেন্তে সেইটো। মোৰ মতে গহীনে তাইক পলুৱাই লৈ আন।” বুধিন বৰাই কপালখন কোঁচ খোৱাই কলে।
“কি কয় ককা!” ৰমেন আৰু মদনে প্রায় একেলগে চিঞৰি উঠিল। গহীন আহি ককাকৰ কাষত বহিলহি।
“মই জানিছিলোৱেই..তোৰ হে নাতি। তোৰ তেজে ছোৱালী পলুৱাবই আৰু তই তাত আগভাগ লবি। মনত পৰেনে পদুমিক কেনেকৈ পলুৱাইছিলি?” জেতুকিয়ে বুধিনক সুধিলে।
“হেৰৌ ল’ৰাহঁত আমাৰ দিনত আৰু মবিল চবিল নাছিল কি হ’ল..পথাৰত মৰা ঢোলটোৰ ছেওতে গম পাও কোনে কাক মাতিছে। আমাৰ বুদ্ধিহীনে আকৌ বৰ ধুনিয়া ম’হৰ শিঙৰ পেঁপা বজাইছিল। তাৰ পেপাৰ সেই পাগল কৰা সুৰ পাদুমিয়ে ভালকৈয়ে বুজি পাইছিল। আৰু এদিন তাৰ সেই পেপাৰ সুৰত বলিয়া হৈ তাই নৈ ঘাটৰ পৰা বাহিৰে বাহিৰে বুদ্ধিহীনৰ লগত পলাই গল। কিন্তু পিছদিনাই দেউতাকে নৈৰ সিপাৰৰ বুদ্ধিহীনৰ মামাকৰ ঘৰৰ পৰা দুয়োটাকে উদ্ধাৰ কৰি গালি শপনিৰে বুদ্ধিহীনক থকা সৰকা কৰিছিল। বিয়াখন কিন্তু ৰাইজৰ আশীৰ্বাদ লৈ ভালকৈ পাতি দিছিল।” জেতুকীয়ে বুধিনৰ গোটেই ৰাম কাহিনী কৈ পেলালে।
তিনিওটাই যেন ককাকক আজি নতুনকৈ আৱিষ্কাৰ কৰিলে।
“এৰা অ’..সেইবোৰো যে কি দিন আছিল! কিন্তু মই আজিও গম নাপালো দেউতাই মই নৈ পাৰ হৈ মামাৰ ঘৰলৈ যোৱাটো এৰাতিতে কেনেকৈ উলিয়ালে।” বুধিনে লাহেকৈ কলে।
“হাঁ হাঁ হাঁ..আমুকি কি নৈৰ পাৰৰ কলমৌ তলত তেতিয়া সৰুপানী চুই আছিলো? হেৰৌ তোৰ চিনেমাখন মই প্রথমৰপৰা শেষলৈ চাইছিলো।”
জেতুকীয়ে মনৰ উছাহত নক’বলগিয়া কথা এটা কৈ পেলালে।
“অ’ তয়েই তেতিয়াহলে সেই লগনীয়াজনী। জহ…” বুলি কৈও বুধিন বৰা ৰৈ গল। নাতিহঁতৰ আগত যেন বুধিন বৰাই নিজক সংযত কৰিছিল।
অলপ সময় কাৰো সাৰসুৰ নাই। “হ’ব দে আৰু যি হল ভালেই হল। নে কি কৱ বুদ্ধিহীন?” জেতুকীয়ে মাত লগালে।
বুধিনেও মৌনতাৰে সন্মতি জনালে।
“বাৰু তোৰ দুখ সেইটোৱেই তেন্তে ..চুলি-দাঢ়ি নকটাৰ?” জেতুকিয়ে গহীনক চাই কলে।
“বাই তুমি কি বুজিবা দুখ কি বস্তু?” গহীনে উত্তৰ দিলে।
জেতুকীয়ে বুধিনলৈ চাই চাদৰৰ আঁচলৰে মুখখন ঢাকি কৈ গল “এৰা হয়তোন..মই কি বুজিম।”
জেতুকী যোৱালৈ চাই বুধিন বৰাই তিনিওটাকে কলে “তহঁতে নজনা কথা বহুত আছে। অৱশ্যে তাত তহঁতৰো দোষ নাই। বুজিছ..ঘাঁ বহুত ধৰণৰ আছে। এটা এই মদনৰ হাতত লগাৰ দৰে..যাক সকলোৱে দেখা পায়। আন এটা হল মনৰ ঘাঁ যাক আমি মুকলিকৈ ক’ব পাৰোঁ।
যেনেকৈ মই আজি জেতুকীৰ কথাটো বেয়া পালো। তায়ো জানে আৰু ময়ো জানো। আৰু শেষত আত্মাত লগা ঘাঁ, যিটো আমি পাহৰি যাব বিচাৰোঁ কিন্তু পাহৰিব নোৱাৰোঁ। যিবোৰ ঘাঁ মৰিলে লগত যায়। সেইকাৰণে কোনোবা মৰিলে আমি কও ..তেওঁৰ আত্মা যেন পৰমাত্মাৰ লগত মিলি যায়। নহলে সেইবোৰেই ভূত হৈ থাকি যায় বুলি মানুহে ভয় খায়। গহীনেও আজি অজানিতে জেতুকীৰ আত্মাৰ ঘাঁ টুকুৰা খুচৰি দিলি। তাইৰো এসময়ত এখন সুখৰ সংসাৰ আছিল। কিন্তু সেই সময়ত হোৱা কলেৰা মহামাৰীয়ে এই অঞ্চলৰ আধাখিনি মানুহ লৈ গল।
কাঢ়ি নিলে জেতুকীৰ গিৰিয়েক গদাধৰ আৰু একমাত্র ল’ৰাটোকো। জেতুকীয়ে কেইবাদিনো কথা ক’ব পৰা নাছিল। কিন্তু পদুমী আৰু গাৱঁৰ মানুহজাকে তাইক বহুত সহায় কৰিলে। লাহে লাহে তায়ো গোটেই গাৱঁৰ মানুহবোৰৰ আপোন হৈ পৰিল। গাৱঁৰ প্রত্যেক ঘৰৰে জেতুকী বাই এটা অঙ্গ হৈ থাকি গ’ল। হাঁহি হাঁহি দুখবোৰ কেনেকৈ লুকুৱাব লাগে তাইক সময়ে শিকালে। আৰু জানি বুজি তাই মানুহৰ নামবোৰ ভুলকৈ কয় যাতে আমি হাঁহিব পাৰো।”
কথাখিনি শুনি মদনে সাউতকৈ কলিতাৰ দোকানৰ পৰা এখন ব্লেড লৈ আহিল। গহীনেও ব্লেডখন হাত পাতি ললে। নীৰৱতাৰ মাজত সি বুজি পালে তাৰ দুখবোৰ কিমান পাতল । আৰু ককাকৰ কথাত সি যেন নতুন সাহস পালে। আটাইবোৰে একেলগে ফটো ফ্রেমত অকলশৰীয়াকৈ থিয় হৈ থকা গহীনক চাই ভাবিলে — “সৰস্বতী তাৰ কাষত থিয় হবলৈ আৰু বেছি পৰ নাই।”
বুধিন বৰাই দাঢ়ি খুৰাই থকা গহীনলৈ চাই কলে, “সৰস্বতী গহীন।”
মদনে টেপেৰকৈ মাতিলে, “ককা নাতি নাতিনি কিন্তু পঢ়াত বৰ চোকা হব।”
গোটেইজাকে একেলগে হাঁহিব ধৰিলে।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments