ঘাঁ (বি জে ৰঞ্জন)

golpo gha
ধনপতিয়ে তামোল টুকুৰা মুখত ভৰাই হাতত থকা পানখন দাঁতেৰে কামুৰি কামুৰি চিঙি খোৱা অদ্ভুত ভংগীটো দেখি শেৱালিৰ হাঁহি উঠিল। সি কেৰাহিকৈ চোৱা বাবে তাইৰ হাঁহিটো আৰু বাঢ়ি গ’ল, হাঁহিটো চেপি ৰাখি তাই ক’লে-“একেবাৰে ছাগলীয়ে খোৱা দিলি যে পানখিলা।”
তামোলখন পাগুলি থাকি হঠাৎ সি গৰজি উঠিল – “আকৌ হাগি-মুতি ভৰাই দিলি!”
আঁতৰত ৰৈ থকা শেৱালিয়ে উচপ খাই তালৈ চাই ক’লে-“চক্ খাই গ’লো ভাই। কি মানুহ অ’ এইটো, কি যে মাত উলিয়ায় এইবোৰ ? থুঃ থুঃ থুঃ” -তাই বুকুখনত থুৱাব ধৰিলে।
আঙুলিৰ মূৰত চূণ অলপ লগাই সশস্ত্ৰ বন্দুকধাৰীৰ খোজেৰে সি গোহালিত প্ৰবেশ কৰিলে। তাৰ মূৰ্ত্তি দেখি গৰুকেইজনীয়ে তাৰ মেজাজটো বুজিব পাৰি ইফাল-সিফাল কৰি সন্ত্ৰস্ত হ’ল। পখৰাজনীৰ পিঠিত চিধাই বাঘ-ধকা এটা লগাই ক’লে-“কিমান আৰু মৰ, কেৱল খাবি আৰু হাগিবি।”
ধনপতিৰ মৌজাদাৰৰ ঘৰত কাম কৰা পোন্ধৰ বছৰ মানে হ’ল। এই সময়ছোৱাত সি গৰু চোৱা-চিতাৰ বাদে আন বাহিৰা কাম একো নকৰিলে। সেইবাবে সি বাঁহৰ কাম, খেতি-খোলা আদিৰ কাম কৰিবলৈ নিশিকিলে। তাৰ দৰে ডেকা মানুহ এজন এনেকৈ গৰু-ৰখীয়া হোৱাটো দস্তুৰমত এটা লোকচানৰে কথা- কথাটো মাজে মাজে সি ভাৱে। কিন্তু ভাবিলে কি হ’ব, সি যে আন একো কাম কৰিবলৈ নিশিকিলে, তাৰ বাবেই এই কামটো এৰি অইনত হাত দিবলৈ সাহস নকৰিলে। এনেকৈ তাত থাকি সি বিয়া-বাৰুও কৰিলে। ঘৈণীয়েক আৰু তাৰ সৰু ছোৱালীজনী সাত মাইল দূৰৈৰ গাঁওত মাকৰ সৈতে থাকে। মাহে-দুমাহে সি ঘৰলৈকে যায় আৰু দুদিনমান থাকি আহেগৈ। ঘৰলৈ যাওঁতে সি বস্তিত সোমাই ডিঙিলৈকে পি লয়। মানুহে সুধে-“কি হে ধনপতি, ঘৰলৈ যোৱা নেকি, কিবা কামত ছাগে?” সি কয়-“গাই গৰু যে এৰাল খুলি দিয়ে পথাৰত, ভতৰা গৰুৰ লগত যোৰা হ’বলৈ, মোকো মালিকে এৰাল ছিঙি দিছে, ঘৰৰ মানুহৰ লগত লগ হ’বলৈ।”
বোকা, গোবৰ আৰু গৰুৰ কাম কৰি কৰি সি মানুহটো গৰুৰ নিচিনাই হৈ পৰিছে। সংসাৰৰ যত জধলা কৰবাৰ। জহুদ-জধলা হ’লেও মানুহে তাক মৰম কৰে, কাৰণ এটাই- সি যি কৰে খুউব নিয়াৰিকৈ, চিজিল ৰাখি কৰে। চাফ-চিকুন কৈ সিয়ে গাখীৰ খীৰায়, লোকৰ বাচন-বটলবোৰত সিয়ে গাখীৰ ভৰায়-পানী নিমিহলোৱা কৈ, তাৰোপৰি গাখীৰ খীৰোৱা তাৰ স্বাধীন সময়-সূচীৰ সুবিধামতে মানুহৰ ঘৰে ঘৰে সিয়েই গাখীৰকণ বিলাই আহেগৈ। এইবোৰৰ বাহিৰে ধনপতিয়ে অইন বিশেষ একো বিদ্যা আহৰণ কৰিব নোৱাৰিলেও বিয়াৰ আগে আগে চুলাইত ধৰা বিদ্যাটো সুখ্যাতিৰে অৰ্জন কৰিলে-মৌজাদাৰৰ গাড়ী চলোৱা দ্ৰাইভাৰজনৰ আশীষ-ধন্য হৈ। তাক ভালপোৱা মানুহবোৰে তাক কয়-“ধনপতি, তই লোকক গাখীৰ খুৱাৱ, নিজেনো বিষবোৰ খাই মৰ কিয় ? ”
কিছুমানে আকৌ জোকাই -“খোৱা বাদ নিদিবি ধনপতি, নহ’লে গেলা-বেপাৰীয়ে অসম বন্ধ ঘোষণা কৰি দিব।”
মাজতে তাৰ হাতত ঘাঁ এডোখৰ হৈছিল। গাখীৰ লৰা-চৰাবোৰ সিয়ে কৰে বাবে ঘাঁ-টুকুৰালৈ চাই মৌজাদাৰে তাক ঘৰলৈ যাব ক’লে। থিৰাং কৰা হ’ল ঘাঁ ভাল নোহোৱালৈ সি ছুটি পাব, কিন্তু ছুটিৰ সময়ত পা-পইছা একো নাপায়। মৌজাদাৰে আন এজনক গৰুকেইটা চাবলৈ নিযুক্তি দিলে। সেইকেইদিন সি ঘৰত বহি বহি ঘৈণীয়েকে লোকৰ ঘৰত কৰা কামৰ আৰ্জন খালে, মাজে মাজে চৰম বিতৃষ্ণাৰে ঘাঁডোখৰলৈ চাই কৈ থাকিল – চালা, ঘাঁ হৈছ, হৈছ মুখত হ, হৈছ গৈ একেবাৰে হাতত। হাতত ঘাঁ, হাতৰ কাম নাই, গতিকে ইনকামো নাই, কিন্তু মুখেৰে হ’লে খোৱাটো বন্ধ হোৱা নাই। হ’ব লাগিছিল মুখত, মুখেৰে খাব নোৱাৰালিও হাতেৰে কাম কৰি যাব পৰা বেমাৰ হ, হ’লি ওলোটাতো।
তিনি মাহৰ মূৰকত তাৰ হাতখন ভাল হ’ল, মৌজাদাৰে গম পায় তাক আহিবলৈ কোৱাত পুণৰ আহি একে ঠাইতে কামত ধৰিলে।
আজিকালি তাৰ পুৱা উঠাৰে পৰা এটাই ধান্দা- গৰুৱে পানী খাওক নাখাওক, পুৱাই পুৱাই বস্তিলৈ গৈ পানী দুটুপি গলধঃকৰণ কৰি অহা। পানীটুপি পি অহাৰ পিছত তাৰ কথা-বাৰ্তা বেলেগ ধৰণৰ হৈ পৰে। গপচ গপচ ভা‌ৱত য’তে ত’তে তাৰ লেকচাৰ আৰম্ভ হৈ যায়। এই সময়ত যেন সি মৌজাদাৰকো ভয় নকৰে, বৰ বৰ কথা কয়, কথাই কথাই ফুটনি মাৰে, অৱশ্যে মৌজাদাৰ-দেউতাই নুশুনাকৈ হে, অইনৰ আগত।
-“মৌজাদাৰে কি জানে ? ইচ্ছা কৰিলে এতিয়াই মই লাখ টকা লৈকে ধাৰে আনিব পাৰো, আৰু মদ খাই উৰু‌ৱাবও পাৰো, ‘মাৰ্কেট’ত মোৰ সিমানখিনি দম আছে। খাব বিচাৰিলে মই য’তে ত’তে খাব পাৰো, কোনেও মোক ৰাখিব নোৱাৰে। ইচ্ছা কৰিলে ৰাতি দুই-তিনি বজাটো গৈ মদ খাই আহিব পাৰো। পাৰিব কোনোবাই? মোৰ যিমান ‘ফিল্ড’ আছে, মৌজাদাৰৰো সিমান ‘ফিল্ড’ নাই, মৌজাদাৰে কি জানে ?”
এনেকৈ বক্তৃতা দি থাকোতে মৌজাদাৰনীয়ে কেতিয়াবা শুনা পালে তাক বকে- “ঐ মৰণ-নোহোৱা, ক’ৰ পৰা সেইসোপা গিলি আহিলি? কচোন, ৰাতিপুৱাই পুৱাই কেইগিলাচ পি আহিলি?”
সি মূৰ জোকাৰি জোকাৰি কয়- “খোৱাটো খাওৱে, সদায়ে খাও। দুগিলাছমানে খালো কিজানি। কি নতুন কথা, অমুকাই মিছা নামাতো।”
-“দেখিলা, দুই গিলাছ খালে বোলে কটা নিধকে! ইয়াত কি খাব পোৱা নাই, হা ? দে ক, পইছা ক’ত পালি হাঁ, ক ?”
এইবাৰ সি ডাঙৰকৈ কোৱা আৰম্ভ কৰে- “পইছা? খাব খুজিলে মোক পইছাৰ দৰকাৰ নাই। সিমানখিনি ‘কেপাছিটি’ আছে মোৰ। আপোনালোকে কি জানিব? ”
ঘৰৰ বন কৰা ছোৱালী শেৱালিয়ে সুযোগ বুজি মৌজাদাৰনীক গোচৰ তৰিলেই-“জেঠী, ৰাতিৰ ভাত সি নাখালে, তাৰ কোঠাত এতিয়াও ৰাতিৰ সজা ভাত তেনেকৈয়ে আছে। ৰাতিপুৱা দেখিছো নহয়, মদৰ নিচাত এইখিনিত, বাৰাণ্ডাতে পৰি আছিল।”
মৌজাদাৰনীৰ এইবাৰ ভালকৈ খং উঠিল, ক’লে-“ঐ, কাম নকৰ যদি ওলাই যাবি, নালাগে তই ইয়াত থাকিব। আজিয়ে ওলাই যাবি, আজিয়ে হিচাপ-নিকাচ কৰি দিম।”
সিও সমানে উত্তৰ দিয়ে- “নাথাকোতো, ইমান কম পইছাত আজিকালি কোনে কাম কৰেহে? বাৰশ টকাত আজিকালি মানুহ পায় নেকি? মোৰ তামোলৰ বাকীয়ে হলধৰৰ দোকানত মাহিলি হাজাৰ টকা হয়।”
মৌজাদাৰনীয়ে খঙতে এচাপৰ শোধায়, কয়- “তামোলৰ বাকী যদি হাজাৰ টকা হয়, কুক্কুৰ বাকী মদ খাবলৈ পইছা কত পাৱ হা ? আই ঔ, এইটোক মাৰিলে ময়েই দুখ পাও, উফ্”, -বুলি তেওঁ হাতখন পিহিব ধৰে।
শেৱালিয়ে লাহেকৈ কয়- “মনে মনে গাখীৰ বিক্ৰী কৰি পইছা পায় চাগৈ।”
সি তাইলৈ চাই কয়- “হুহ, খাবলৈ অমুকাক পইছা লাগে নেকি? অ’, গমেই নাপাৱ হবলা? মোৰ লগত ওলাবি, মই দেখাই দিম কেনেকৈ বিনা-পইছাই মানুহে মোক খুৱায়।”
ইতিমধ্যে তাৰ জিভা লৰক-ফৰক হৈ পৰে। মৌজাদাৰনীয়ে গালি পাৰি পৰি ঘৰৰ ভিতৰ সোমায়গৈ– “বিনা পইছাতে খুৱাব তাক, ঐ ওলাই যা, এতিয়াই ওলাই যাগৈ, নালাগে তই কাম কৰি ফলাবলৈ।”
মৌজাদাৰে ভূত পোহা বুলি মাজে-সময়ে গালি পাৰিলেও কিন্তু কামৰ পৰা তাক নেখেদে। কাৰণ মদপী হ’লেও ধনপতি পুৰণা আৰু অতিশয় বিশ্বাসী। তাৰ বাজেও আজিকালি মাত্ৰ বাৰশ টকাত মানুহ এজন গৰু চোৱাকৈ পোৱা সহজ নহয়। আৰু ধনপতিয়ো যিহেতু বেলেগ কাম নাজানে, তাৰো মৌজাদাৰৰ ঘৰত গৰু চোৱাৰ বাহিৰে গত্যন্তৰ নাই জীৱনত।
তাৰ এই মদ খোৱা কু-অভ্যাসৰ বাবেই কিমানবাৰ মাৰ খালে, নিজেও সি কিমান বাৰ য’তে ত’তে পৰি গাৰ চাল-বাকলি আদি খেদালে তাৰ হিচাপ নাই। কেতিয়াবা সি গোহালিত গৰুৰ সৈতেও শুই থাকে, মদৰ জ্বালাত।
সেইদিনাও মদ খাই হুচ নোহোৱা হৈ আহিছে। মৌজাদাৰ ঘৰত নাছিল। সন্ধিয়া চোতালত হৈ-ছৈ আৰম্ভ কৰি দিলে- তাক দহমাহৰ ‘এদভাঞ্চ’ লাগে। আচলতে মৌজাদাৰৰ ঘৰত কাম কৰা ছোৱালী শেৱালিক মালিকে চাৰিমাহৰ দৰ্মহা আগতীয়াকৈ দিছে। শেৱালিয়ে সেই ‘এদভাঞ্চ’ৰ টকাৰে মোবাইল এটা কিনি তাক দেখু‌ৱাই দেখু‌ৱাই খুউব পিটিকিছে, গান বজাইছে। তাইৰ মোবাইলৰ ভেম দেখি সি দাহত থাকিব পৰা নাই।
সেইদিনা খোৱাটো তাৰ বেচি হৈছে, বৰকৈ উল্টা-পুল্টা কথা বকিবলৈ ধৰিছে। ক্ৰমান্বয়ে তাৰ মাত ডাঙৰ হৈ পৰিল-“আপোনালোকে কি জানে? হ’ব পাৰে পঢ়া-শুনা কৰা, মোৰ লগত বজাৰলৈ ওলাব, মই দেখাই দিম মোৰ ফিল্ড কিমান। মৌজাদাৰে কি জানে?”
প্ৰথমতে চবে তাক লৈ কৌতুক কৰি আছিল। শেষত যেতিয়া দেখা গ’ল সি সীমা চেৰাই গৈছে, স্বয়ং মৌজাদাৰকো তুচ্ছ-তাচ্ছিল্ল কৰিছে, মৌজাদাৰৰ মাজু পুতেকে চোঁচা মাৰি আহি ভালকৈ কেইটামান সোধালেহি নাকে-মুখে। ধনপতিৰ নাকেৰে তেজ বৈ গ’ল। মাৰ খাই সি চোতালত বাগৰি পৰিল।
তেজ ওলোৱা দেখা পাই মৌজাদাৰনীয়ে পুতেকৰ হাতত ধৰি ঘৰৰ ভিতৰলৈ টানি লৈ গ’ল। ধনপতিক ক’লে-“তই কালি পুৱাই ওলাই যাবি। ইয়াত আৰু থাকিব নালাগে। দেওনা-পাওনা সব চাফা কৰি দিম।”
দ্ৰাইভাৰে ধনপতিক টানি টানি নি কোনোমতে বিচনাত পেলাই থলে। মাৰ খাই লেবেজান হোৱা ধনপতিয়ে নিচাত বকিয়ে থাকিল- “মোক মাৰে, আৰে মোক মাৰি কি পাত্তা পাব। মাৰকচোন চাওঁ, ৰাষ্টাৰ, বজাৰৰ মানুহক। অইন মানুহৰ গাত হাত দি চাওক। মোক মাৰে, চিনি নাই পোৱা মোক, চাল্লা ইচ্ছা কৰিলে এতিয়াই ….।”
ইফালে পাকঘৰত শেৱালিয়ে আঞ্জা ৰান্ধি আছে। তাইৰ মোবাইলত বাজি আছে-“আজ ব্লু হ্যেই পানী পানী পানী পানী…।”
মৌজাদাৰনীয়ে বেঁকা কৈ চাই কয়-“এজনে পানী খাই গমেই নোপোৱা হৈ পৰি আছে। এইজনীৰ আকৌ পানীৰ বাসন চৰিছে। চাবি আকৌ, পানী পানী কৰি এসোপা পানী ঢালি আঞ্জাখন সেৰেকা নকৰিবি।”
****
পিছদিনা ধনপতিয়ে মদ খাবলে নগ’ল। নিয়াৰিকৈ কাম-বনবোৰ কৰিলে। গোহালিটোৱো ভালদৰে চিকুণালে। গা-পা ধুই ভালকৈ ভাত-পানী খালে। চাফা-চুফাকৈ সময়মতে গাখীৰো খীৰালে। সন্ধিয়া মৌজাদাৰনীয়ে তাক ক’লে- “ধনপতি, এয়াহে ভাল ল’ৰা। এনেকৈ নোখোৱাকৈ থাকিবিচোন। নাখালে তই কিমান ভালে থাক জাননে? নোখোৱাকৈ থাকিলে তোক চবেই মৰম কৰে। আৰু সেইসোপা খাইনো পইছাবোৰ কিয় উৰুৱাৱ, হা ? তোৰ জানো ঘৰ-গৃহস্থালি নাই?”
সি হো-হো বুলি মূৰ জোকাৰে। মৌজাদাৰণীয়ে কয়- “চা ধনপতি, তই কাণত ধৰ, আজিৰ পৰা সেইবোৰ বেয়া বস্তু নাখাৱ বুলি কিৰা খা।”
সি কয়- “হ’ব আই, এৰিলো আৰু এইবাৰ।”
এনেকে দুদিনমান ভালকৈ যায়।
তাৰ পিছত এদিন মালিকৰ দ্ৰাইভাৰৰ লগত সি কাষৰ জনজাতীয় বস্তি এটালৈ গৰুৰ বাবে খেৰ বিচাৰি ওলায়। তাতে দুয়ো দিনে দুপৰ বেলাতে চুলাইত ধৰে। গধুলিলৈ বস্তিৰ পৰা অনা খেৰ গাড়ীৰ পৰা ঘৰৰ মুখত নমায়। খেৰ ‘আন-লোদ’ কৰোতে চিঞঁৰি চিঞঁৰি কোৱা তাৰ মাত শুনিয়ে ঘৰৰ স‌ৱেই গম পাই যায় আজি ধনপতিয়ে ভালকৈ এপালি ধৰি আহিছে।
সন্ধিয়া সময়। চোতালত। খেৰ জাপি থৈ আহি ধনপতিৰ অঁকৰা মূৰ্ত্তি- আজি তাক ছয় মাহৰ ‘এদভাঞ্চ’ লাগিবই লাগিব। মৌজাদাৰনীয়ে কৈছে-“তই যোৱাবাৰ নিয়া আগতীয়া পইছায়েই কাট খোৱা নাই। এতিয়া আকো বিচাৰিছ, এনেকৈ পইছা নিদিওঁ নহয়। আৰু মদ খাই উৰুৱাবলৈ হ’বলা এদভাঞ্চ লাগে নহয়?”
সি কয়- “মই মদ খাও, জুৱা খেলো, মোৰ ইচ্ছা, মোৰ পইছা মই যি কৰো মোৰ খুছি। আপোনালোকে যে চাকৰণীক মোবাইল কিনিবলে পইছা দিয়ে মোক এদভাঞ্চ দিবলৈ কিয় টান পায়? চব জানো মই। নাথাকো ইয়াত। কাইলৈয়ে যামগৈ, বেলেগক ৰাখিব।”
তেনেতে মৌজাদাৰৰ সৰু পুতেক ওলাই আহি ক’লে-“ঐ ধনপতি, তই যাৱ যদি যাবিগৈ। কিন্তু তোৰ হাতৰ ঘাঁ হওঁতে মই যে দেউতাই গম নোপোৱাকৈ তোৰ লগত তিনি হাজাৰ টকা খৰছ কৰিছিলো, সেই টকাটো কিন্তু মোক লাগিব, সেই পইছাখিনি তই দি যাবি।”
ধনপতিয়ে কয়-“বাদ দিয়ক হে আপোনাৰ তিনি হাজাৰ টকা, সেই পইছাখিনিৰ কথাকে আপুনি পাঁচ বছৰৰ পৰা কৈ আছে। ইচ্ছা কৰিলে এতিয়াই মই তিনি হাজাৰ কিয়, দহ হাজাৰ টকা ঘুৰাই দিব পাৰো।”
মৌজাদাৰৰ পুতেকে তালৈ চাই কয়- “অ, ভাল কথা, পাৰিবিতো। মোক কালি পুৱাই দি দিবি। আৰু শুন, কেতিয়াবা যদি আকৌ বেমাৰ-চেমাৰ, ঘাঁ-চা আদি হয়, মোৰ পৰা কিন্তু পইছা নুখুজিবি। কথাষাৰ মনত ৰাখিবি। তাকেই সহায় কৰো, আৰু তাৰেই বৰ কথা।”- কৈ কৈ পুতেক ঘৰৰ ভিতৰ সোমাল।
এইবাৰ ধনপতি চুপ হৈ যায়।
তাৰ পিছত ঘৰৰ মানুহবোৰ এজন এজন কৈ ভিতৰ সোমায় । সি চোতালৰ এচুকত বহি ভোৰভোৰাই থাকিল- “চাল্লা তিনি হাজাৰ টকা, ইচ্ছা কৰিলে এতিয়াই এক লাখ টকা আনি দলি মাৰি দিম বাপ্পেকে।”
শেৱালি ওলাই আহি তাক সুধে- “কি বেমাৰ হৈছিল নো তোৰ?”
মদৰ জ্বালাত ওজন হৈ পৰা মূৰটো কোনোমতে দাঙি লৈ সি কয়- “ঘাঁ হৈছিল, ঘাঁ।
তাই সুধে- “কি ঘাঁ, কেনেকৈ হৈছিল? ”
সি উত্তৰ দিলে- “জন্মৰ সময়তে হোৱা ঘাঁ । জীৱন ভৰ নুশুকোৱা ঘাঁ এইবোৰ, দুখীয়া হৈ জন্মাটোৱে আমাৰ এডোখৰ বিৰাট ঘাঁ। এই ঘাঁ-বোৰ আমাৰ দৰে খাব-নোপোৱা মানুহৰ নমৰালৈকে নুশুকায়। এই ঘাঁবোৰৰ বাবেই তোৰ-মোৰ দৰে মানুহবোৰে এই ধনী মানুহবোৰৰ ওচৰত চিৰদিনৰ বাবে বন্ধা থাকিবলগীয়া হৈছে।”
শেৱালিয়ে ক’লে- “বন্ধা হৈ থাকিবি তই, কাৰণ তোৰ স্বভাৱটোৱে যে বেয়া, তোৰ স্বভাৱটোৱে তোৰ বাবে ঘাঁ। কিন্তু মই নালাগে, কাৰণ মইতো তোৰ দৰে মদ খাই পইছা নষ্ট কৰা নাই।”
ওঁঠটো বেঁকা কৰি সি ক’লে- “যা যা, বেছি কথা নকবি, বিয়া কৰাই সংসাৰ কৰচোন, গম পাবি। মদত যোৱা নাই কিন্তু মোৱাইলতটো গৈছে। মুঠতে খৰছ কৰিছই। গতিকে তোৰো জীৱনত একো এডাল ভাল নহয়, চাল্লা যি চাকৰণী হৈ আছ, সদায় চাকৰণীয়ে হৈ থাকিবি। উহ্, চাকৰ হৈ তাই মোবাইলত গান শুনে!”
শেৱালিক পাকঘৰৰ পৰা চিঞঁৰে। মৌজাদাৰনীৰ মাত শুনি তালৈ এবাৰ চাই তাই পাকঘৰলৈ দৌৰ মাৰিলে- তাইৰ ঢেৰ কাম আছে, প্ৰথমে ৰাতিৰ ভাত ৰান্ধিবলৈ আছে, তাৰ পিছত ভাত খোৱা হ’লে বাচন-বৰ্তনবোৰ ধুই, ভালকৈ থৈ-মেলি আজৰি হ’বলৈ আছে, তাৰ পিছত ঘৰৰ চবে যেতিয়া টোপনিত পৰিব, মনে মনে মহেশলৈ ফোন লগাব আছে। প্ৰেছত ‘বাইন্দিং’ৰ কাম কৰা মহেশক আজি তাই ফোনত সুধিব, সি মদ খায় নে নেখায়। ধনপতিৰ কথা শুনি তাইৰ অন্তৰত এটা আশংকাৰ সৃষ্টি হৈছে, এডোখৰ নেদেখা ঘাঁৰ আশংকা। ঘাঁ-হীন জীৱন এটানো কোনে আশা নকৰে?
জোৎস্না-বিধৌত নিশা শেৱালিৰ দৰে ফুলি উঠা শেৱালিৰ মনটো দুঃচিন্তাৰ কলা মেঘ এচপৰাই যেন আ‌ৱৰি ধৰিলেহি……।
ইপিনে ধনপতিয়ে বিচনাত পৰি মদৰ নিচাত ভোৰভোৰাইছে- “চাল্লা, তিনি হাজাৰ টকাৰ কথাটোকে দহবছৰলৈকে কৈ থাকিব। চিনি নাই পোৱা এই ধনপতিক, ইচ্ছা কৰিলে এতিয়াই……..।”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments