ঘাতক- মূল: আচাৰ্য চতুৰসেন শাস্ত্ৰীৰ ‘খুনী’ অনুবাদ: মিতালী নাৰায়ণি

তেওঁৰ নাম নুসুধিব৷ আজি দহ বছৰে পগলাৰ দৰে তেওঁৰ নামটো হৃদয়ৰ পৰা আৰু তেওঁৰ চেহেৰাটো দুচকুৰ পৰা মোহাৰিবলৈ চেষ্টা কৰি আছোঁ৷ কিন্তু সেই নাম আৰু চেহেৰাই কোনোদিন মোৰ লগ এৰা নাই৷ মই ভয় কৰোঁ, তেওঁ নকৰে; মই কান্দো, তেওঁ হাঁহে; মই মৰি যাম, তেওঁ অমৰ৷
তেওঁৰ লগত মোৰ কোনো চিনা-পৰিচয় নাছিল৷ দিল্লীত আমাৰ এখন গোপন বৈঠক আছিল৷ সকলো দলৰে মানুহ আহিছিল, তেৱোঁ আহিছিল৷ মই তেওঁলৈ লক্ষ্য কৰা নাছিলোঁ৷ তেওঁ মোৰ কাষতে থিয় হৈ এটা কুকুৰৰ পোৱালিৰ লগত খেলি আছিল৷ আমাৰ দলৰ দলপতিয়ে মোৰ ওচৰলৈ আহি সহজাত গম্ভীৰ স্বৰত ক’লে, “এই যুৱকজনক ভালকৈ চিনি থোৱা, তোমাক এওঁৰ প্ৰয়োজন হ’ব৷”
দলপতি গুচি গ’ল আৰু মই যুৱকজনৰ ফালে ঘূৰিলোঁ; মনতে ভাবিলোঁ যে দলপতিয়ে নিশ্চয় আমাৰ ওপৰত কিবা কামৰ দায়িত্ব অৰ্পণ কৰিব৷

মই তেওঁলৈ চাই হাঁহি মাৰি ক’লোঁ, “ইমান মৰম লগা পোৱালিটো!” কেঁচা গাখীৰৰ দৰে ফটফটীয়া দুচকুৰ দৃষ্টি মোৰ ওপৰত নিবদ্ধ কৰি যুৱকজনে ক’লে, “যদি মই ইয়াৰ সহোদৰ ভাই হ’লোঁহেঁতেন!” মুহূৰ্তমানৰ বাবে থত্‌মত্‌ খাই মই সশব্দে হাঁহিলোঁ৷ তেওঁ মিচিকিয়াই ৰ’ল৷ অলপ-অচৰপ কথা পতা হ’ল৷ সেইদিনাই তেওঁ মোৰ বন্ধু হৈ পৰিল৷

দিন বাগৰিল৷ অবিচ্ছেদ্য প্ৰেমৰ দুটি ধাৰা উঠলি উঠি এটা হৈ পৰিল৷ সৰল-অকপট ব্যৱহাৰত দুয়ো মুগ্ধ হৈ পৰিলোঁ৷ তেওঁ মোক তেওঁৰ গাঁৱলৈ লৈ গ’ল৷ মোৰ কোনো আপত্তি নৰজিল৷ গাঁৱৰ এটা মূৰত এটা চক্‌মকীয়া অট্টালিকা আছিল৷ তেওঁ গাঁৱৰ জমিদাৰৰ ল’ৰা আছিল; একমাত্ৰ ল’ৰা৷ হৃদয়ৰ বাহিৰে-ভিতৰে একে তেওঁৰ মাকে দুদিনতে মোক ‘বাচা’ বুলি মাতিবলৈ আৰম্ভ কৰিলে৷ বুজন বয়স পোৱাৰ পাছত তাত থকা সাতোদিন মই মাতৃস্নেহ লাভ কৰিলোঁ৷ তাৰপাছত উভতি আহিলোঁ৷ এতিয়া তেওঁৰ অবিহনে মোৰ মন নবহা হ’ল৷ দুয়োৰে আত্মা দুয়োতে যেন আৱদ্ধ হৈ থাকে৷ এদিন উন্মত্ত প্ৰেমৰ আৱেশত তেওঁ কৈ উঠিছিল, “কিবা অভাৱনীয় ঘটনাৰ ফলত যদি আমাৰ দুয়োৰে মাজত কোনোবা নাৰী হৈ পৰে তেন্তে মই তোমাকেই বিয়া কৰাম৷”
দলপতিক কেইবাবাৰো সুধিলোঁ, “তুমি কিয় তেওঁৰ স’তে বন্ধুত্ব গঢ়িবলৈ কৈছিলা?” তেওঁ সদায় মাথোঁ কয়, “সময়ত বুজি পাবা৷” গোপন বৈঠকৰ ভয়ংকৰ গম্ভীৰতা সকলো মানুহে বুজি নাপায়৷ দলপতি ভয়ংকৰ গম্ভীৰতাৰ যেন মূৰ্তিমান প্ৰকাশ৷
সেইদিনা আহাৰ খোৱাৰ পাছত তেওঁৰ চিঠি পাইছিলোঁ৷ সেইখন এতিয়াও মোৰ জেপতে সোমাই আছে৷ কিন্তু কাকো নেদেখুৱাওঁ৷ তাকে চাই সুখেৰে দুটি উশাহ টানিব পাৰোঁ, চকুপানী বোৱাই শান্ত হ’ব পাৰোঁ৷ যেনেকৈ কোনো দৰৱ কোনো পুৰণা ৰোগীৰ সম্পূৰক হৈ পৰে তেনেকৈয়ে এই চিঠিখনো মোৰ বেদনাৰ সম্পূৰক হৈ পৰিছিল৷

চিঠিখন পঢ়িবও পোৱা নাছিলোঁ; তেনেতে দলপতিয়ে মাতি পঠিয়াইছিল৷ তেওঁৰ সন্মুখত মই সহজভাবে থিয় হ’লোঁ৷ বাৰগৰাকী প্ৰধান মানুহ তাত উপস্থিত আছিল৷ নীৰৱতাই যেন ভীষণ সত্য এটাৰ প্ৰতিচ্ছবি তুলি ধৰিছিল৷ এক মিনিটতে মই গম্ভীৰ আৰু দৃঢ় হৈ পৰিলোঁ৷ দলপতিৰ মৰ্মভেদী দৃষ্টিত যেন তপ্ত তীখা জ্বলি উঠিছিল৷ যেন দুচকুত জুই জ্বলি আছিল! মই নিমিষ কাঢ়িবও পাহৰি গ’লোঁ৷ পাঁচ মিনিট অতিবাহিত হ’ল৷ দলপতিয়ে গম্ভীৰ মাতেৰে ক’লে, “সাৱধান! তুমি সাজুনে?“

মই সঁচাকৈয়ে সাজু আছিলোঁ৷ মই আচৰিত নহ’লোঁ৷ অৱশেষত ময়ো সেই বৈঠকৰে পৰীক্ষাৰ্থী সদস্য আছিলোঁ৷ নিয়ম অনুসৰি মই নতমস্তক হৈ ৰ’লোঁ৷ ৰক্ত বৰ্ণৰ ৰেছমী কাপোৰেৰে বন্ধা অকণমাণি গীতাখন লাহেকৈ মেজৰ ওপৰত ৰখা হ’ল, প্ৰথা অনুসৰি দুয়োখন হাতেৰে সেইখন মোৰ মূৰৰ ওপৰলৈ তুলি ল’লোঁ৷
দলপতিয়ে মোৰ হাতৰ পৰা গ্ৰন্থখন লৈ ল’লে৷ মুহূৰ্তমানৰ বাবে চাৰিওফাল নীৰৱ হৈ পৰিল৷ দলপতিয়ে হঠাৎ তেওঁৰ নাম ল’লে আৰু মুহূৰ্তৰ ভিতৰতে ছয়নলীয়া পিষ্টল এটা মেজৰ ওপৰত থ’লে৷
সেই ছয়আখৰীয়া শব্দটো এই পিষ্টলটোৰ ছয়োটা গুলিৰ দৰে মূৰত সোমাই গ’ল৷ কিন্তু মই কঁপি উঠা নাছিলোঁ৷ প্ৰশ্ন কৰা আৰু কাৰণ সোধাটো নিষিদ্ধ আছিল৷ নিয়ম পালন কৰি পিষ্টলটো উঠাই বুকুত সুমুৱাই ল’লোঁ আৰু সেই ঠাইৰ পৰা আঁতৰি আহিলোঁ৷

সেইমুহূৰ্ততে মই যাত্ৰা আৰম্ভ কৰিলোঁ৷ তেওঁ ষ্টেশ্যনত ৰৈ আছিল৷ নিজৰ চিঠি আৰু মোৰ প্ৰেমৰ ওপৰত তেওঁৰ ইমানেই ভৰসা আছিল যে তেওঁ ৰৈ আছিল৷ মোক দেখা পায়ে সাৱতি ধৰিলে৷ ঘৰলৈ গ’লোঁ, চাৰিদিন থাকিলোঁ৷ তেওঁ কি কয়, কি কৰে এইবোৰ মই চাই থাকিব পৰা নাছিলোঁ৷ মোৰ শৰীৰ যেন অচেতন হৈ পৰিছিল অথচ আত্মা দৃঢ় হৈ আছিল; বুকুখন ঢপঢপাই আছিল, কিন্তু সিদ্ধান্ত অটল আছিল৷

চতুৰ্থ দিনা ৰাতিপুৱাই জলপান খাই আমি ষ্টেশ্যনলৈ ওলালোঁ৷ ঘোঁৰাগাড়ী নিনিলোঁ, হাবিৰ মাজেৰে ঘূৰি-পকি যোৱাটোকে থিৰাং কৰিলোঁ৷ খুব উদ্যমেৰে কাব্য আলোচনা চলি থাকিল৷ সেই উৎসাহতে তেওঁ মোৰ মনৰ উদ্বিগ্নতা ধৰিব নোৱাৰিলে৷ ৰ’দ ক্ৰমান্বয়ে প্ৰখৰ হৈ আহিল৷ ঘাম ওলাবলৈ ধৰিলে৷ মই ক’লোঁ, “ব’লা, ক’ৰবাত ছায়াত বহোঁগৈ৷“ সমুখতে অলপ ডাঠ হাবি আছিল৷ তালৈকে গ’লোঁ৷ বহিয়ে জেপৰ পৰা দুটা মধুৰিআম উলিয়াই তেওঁ ক’লে, “মাত্ৰ দুটায়ে পকিছিল৷ ঘৰৰ বাগিচাৰ৷ ইয়াতে বহি খাবৰ বাবে লৈ আনিছিলোঁ- এটা তোমাৰ, এটা মোৰ৷“ একো নকৈ মই মধুৰিআমটো ল’লোঁ আৰু খালোঁ৷ হঠাৎ মই উঠি থিয় হ’লোঁ৷ তেওঁৰ মধুৰিআমটো আধামান খোৱা হৈছিল৷ সেইটোৰ সোৱাদতে তেওঁ মগন হৈ আছিল৷ মই লাহেকৈ পিষ্টলটো উলিয়াই ট্ৰিগাৰটো মুঠি মাৰি ধৰিলোঁ আৰু কঁপা কঁপা মাতেৰে তেওঁক নামকাঢ়ি মাতি ক’লোঁ, “মধুৰিআম পেলাই দিয়া আৰু ভগৱানৰ নাম লোৱা৷ মই তোমাক গুলিয়াওঁ৷“

তেওঁ বিশ্বাস নকৰিলে৷ ক’লে, “বৰ ভাল কথা, পিছে এইটো খাই ল’বলৈ দিয়া৷“ মই চেপা মাতেৰে ক’লোঁ, “বাৰু, খাই লোৱা৷“ খোৱা হোৱাৰ পাছত তেওঁ উঠি থিয় হ’ল৷ বুকু ফুলাই তেওঁ ক’লে, “বাৰু, গুলিওৱা৷“ মই ক’লোঁ, “ধেমালি বুলি নাভাবিবা, মই তোমাক গুলিয়াম৷ ভগৱানৰ নাম লোৱা৷“ তেওঁ ধেমালি কৰিয়ে ভগৱানৰ নাম ল’লে আৰু তাৰপাছত গম্ভীৰ হোৱাৰ ভাও জুৰি থিয় হ’ল৷ মই এহাতেৰে নিজৰ বুকুখন হেঁচা মাৰি ধৰি ক’লোঁ, “ঈশ্বৰৰ শপত! তামাচা কৰা বুলি ভাবি নাথাকিবা, মই সঁচাকৈয়ে তোমাক গুলি মাৰিম৷“
সেই কেঁচা গাখীৰৰ দৰে স্বচ্ছ দুচকুৰে মোৰ চকুলৈ চাই তেওঁ ক’লে, “মাৰা৷“

এক মুহূৰ্ত পলম কৰিলেও মই কৰ্তব্যবিমুখ হৈ গ’লোঁহঁতেন! পলে পলে সাহস ডুবি নাইকিয়া হোৱাৰ দৰে হৈছিল৷ ধমধমকৈ দুটা শব্দৰ আস্ফালন হ’ল- তেওঁ গুৰি কটা বৃক্ষৰ দৰে পৰি গ’ল৷ দুয়োটা গুলী বুকুৰে সৰকি গৈছে৷
মই তাৰ পৰা পলাই নগ’লোঁ৷ ভয়তে মই ইফালে-সিফালে নাচালোঁ৷ কন্দাও নাই৷ মই তেওঁক কোলাত তুলি ল’লোঁ৷ মুখত লগা ধূলিখিনি মচি দিলোঁ৷ তেজবোৰ মোহাৰি চাফা কৰি দিলোঁ৷ চকুৰ সমুখতে মুহূৰ্ততে ক’ৰ পৰা কি হৈ গ’ল! বহুপৰ এইদৰে বহি থাকিলোঁ- যেন কোনোবা মাকে কোলাত লৈ থকা শুই থকা সন্তান সাৰ পোৱাৰ ভয়ত লৰচৰ নকৰাকৈ বহি আছে!

তাৰপাছত মই উঠিলোঁ৷ কাঠ-খৰি গোটালোঁ, চিতা সাজিলোঁ আৰু জ্বলাই দিলোঁ৷ শেষলৈকে তাতে বহি থাকিলোঁ৷

বাৰগৰাকী প্ৰধান উপস্থিত হৈছিল৷ সেই ঠাইলৈ গৈ মই থিয় হ’লোঁ৷ দলপতিয়ে নীৰৱে হাতখন আগবঢ়াই দি পিষ্টলটো খুজিলে৷ পিষ্টলটো দিলোঁ৷ কাৰ্যসিদ্ধিৰ সংকেত সম্পূৰ্ণ হ’ল৷ দলপতিয়ে থিয় হৈ সেই একেই গম্ভীৰ সুৰত ক’লে, “তেৰ নং প্ৰধানৰ আসনখন আমি তোমাক প্ৰদান কৰিলোঁ৷“ মই ক’লোঁ, “তেৰ নং প্ৰধানৰ কৰ্তৃত্বৰে মই সুধিছোঁ, তেওঁৰ অপৰাধ কি আছিল সেই বিষয়ে মোক কোৱা হওক!”
দলপতিয়ে বিনম্ৰতাৰে উত্তৰ দিলে, “তেওঁ আমাৰ হত্যা সম্বন্ধীয় ষড়যন্ত্ৰৰ বিৰোধী আছিল৷ চৰকাৰী গুপ্তচৰ বুলি তেওঁৰ ওপৰত আমাৰ সন্দেহ হৈছিল৷“ মোৰ মুখৰ মাত হৰিল৷ দলপতিয়ে একেই গম্ভীৰতাৰে ক’লে, “নতুন প্ৰধান হিচাপে বাছনি হোৱাৰ যোগ্যতাৰে তুমি মনে বাঞ্ছা কৰা পুৰস্কাৰ এটা বিচাৰিব পাৰা৷“

মুহূৰ্ততে মই কান্দি পেলালোঁ৷ মই ক’লোঁ, “মোৰ পৰা মোৰ শপতবোৰ ঘূৰাই লোৱা, মোক মোৰ প্ৰতিজ্ঞাবোৰৰ পৰা মুক্ত কৰা, মই তেওঁৰে গোটৰ মানুহ৷ উদং বুকুত যদি তৰোৱালৰ ঘাঁৰ যন্ত্ৰণা বহন কৰিব পৰাকৈ তোমালোকৰ পৌৰুষ নাই তেন্তে নিজকে দেশভক্ত বুলি ক’বলৈ তোমালোকে লাজ পোৱা উচিত৷ কাপুৰুষৰ দৰে তোমালোকে কৰি ফুৰা এই হত্যাকাণ্ডবোৰক মই ঘৃণা কৰোঁ৷ মই হত্যাকাৰীৰ লগ-বন্ধু বা পৰামৰ্শদাতা হৈ থাকিব নোৱাৰোঁ- তুমি তেৰ নং আসনখন পুৰি পেলোৱা৷“

দলপতিৰ খং নুঠিল৷ বাৰগৰাকী প্ৰধান শিলামূৰ্তিৰ দৰে বহি থাকিল৷ দলপতিয়ে একেই গম্ভীৰ সুৰত ক’লে, “তোমাৰ এই কথাৰ শাস্তি মৃত্যুদণ্ড৷ কিন্তু নিয়মানুসৰি পুৰস্কাৰ হিচাপে তোমাক ক্ষমাদান কৰা হ’ল৷“

মই তাৰ পৰা উঠি গুচি আহিলোঁ৷ দেশে দেশে ঘূৰি ফুৰিলোঁ, ক’তো নৰ’লোঁ৷ ভোক-পিয়াহ, জিৰণি আৰু শান্তিৰ হাবিয়াস যেন মৰি নোহোৱা হৈ গৈছিল৷ কেৱল সেই চিঠিখনে মোৰ চকু আৰু হৃদয়ৰ আলোক৷ মোৰ বাবে ৱাৰেণ্ট ওলাইছিল- মনতে ভাবিছিলোঁ, ধৰা দি ফাঁচীকাঠত ওলমি দিওঁগৈ! কিন্তু পিছ মুহূৰ্ততে ভাবিলোঁ, মৰাৰ লগে লগে সেই ভাল মানুহজনক পাহৰি যাম৷ মৰিনো এতিয়া কি সুখ পাম? জীয়াই থাকিবলৈ বিচাৰোঁ৷ যেনেকৈয়ে নহওক সদায় জীয়াই থকাৰ বাসনা এটা মনটোত টলমলাই থাকে৷ জীয়াই থাকিয়েতো মই তেওঁক দেখি থাকিব আৰু মনত ৰাখি থাকিব পাৰিম৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক