ঘৃণা – সুস্মিতা গগৈ

নাতিৰ লগত খেলিম বুলি তেওঁ সদায়ে সোনকালে উঠে৷ তাৰ স্কুললৈ যোৱাৰ সময় হয়..অহালৈ বাট চায় ভাগৰি পৰে তেওঁ৷ হোমৱৰ্কৰ নামত তাক ওচৰলৈ অনা নহয়৷ ৰাতিৰ ভাত খাৱৰ সময়ত তাক এগৰাহ নিজহাতে খুৱাব খুজিও খুৱাবলৈ নাপায়৷ বেডৰুমত খাবলৈ দিয়া হয় তাক৷ কামকৰা মানুহগৰাকীৰ মুখেৰে শুনিছে তেওঁ.., আনকালে সকলোৱে একেলগেই খায়; এইকেইদিনহে এনে হৈছে..৷ ৷ তেওঁ ভাৱিলে…কাহটো ভাল হ’লেই গাঁৱৰ ঘৰত পুতেকে থৈ অহাৰ কথা… কেতিয়া জানো ভাল হয়..! ☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক