ঘৃতাহুতি (এক মিনিটৰ গল্প) (বেদব্ৰত বৰা)

ঘৃতাহুতি
(এক মিনিটৰ গল্প)

 

“হেৰ’ মৰা, দুদিন ধৰি পেটত ভালদৰে খূদকণ এটা পৰা নাই। আজিও এই অষ্টমীৰ দিনা খালী পেটেৰেই ৰখাম বুলি ভাৱিছ নেকি? দুৰ্গা পূজাত কালীৰ মূৰ্তি ধৰিব নালাগে যদি যা কিবা এটাৰ যোগাৰ কৰগৈ।” সাদৰী বুলি গাঁওখনতে নাম থকা ছোৱালীজনীৰ এই ছমাহতে এনে পৰিবৰ্ত্তন দেখি ৰজতৰ মনত বেয়া লাগে। অৱশ্যে তাৰ গাতেই ঘাই জগৰ থকা বাবে ৰাতিপুৱাৰ এই ধৰণৰ বাক্যবোৰ সি আজিকালি ইমান গাত নলগায়।

টাপলি মৰা যোৱা বছৰৰে ছাৰ্টটো গাত ওলোমাই সি কাষৰ পূজাথলিখনলৈ ওলাই গ’ল, কিজানি আজি কিবা এটা কাম পায়েই। একো কামতে পাৰদৰ্শিতা নথকা তাৰ সোৰোপা মনটোৱে ইফালে সিফালে চাই থাকোতেই চকু পৰিল এজন মানুহৰ কূৰ্ত্তা এটাৰ জেপত। ঘৈণীয়েকৰ লগত অষ্টমীৰ পূজা দিব অহা মানুহজনে দক্ষিণাৰ বাবে ৫১ টকা এটা উলিয়াওতেই তাৰ মনটোৱে বহুতো গণনা কৰি পেলালে। সি গৈ লাহে লাহে মানুহজনৰ লগতে আঠু ল’লে। পূজাৰ নৈবদ্যৰ বাবে ৰৈ থকা চাৰিওফালৰ ভিৰটোৰ ফালে সি এবাৰ মূৰ দাঙি চালে, ভোক টকাৰে কিনিব পৰা মানুহখিনিৰ মানসিক সন্তুষ্টিয়ে তাৰ মনটো আৰু দৃঢ় কৰিলে। শেষবাৰৰ বাবে মূৰ তুলি প্রতিমাখনলৈ চালে আৰু চকু মুদি তাৰ মৰমৰ ঘৈণীয়েকজনীৰ কথা মনত পেলালে। সুযোগ চাই সি হাতখন আগুৱাই দিলে……পূজাৰীয়ে কৈ উঠিছিল,” য়া দেৱী সৰ্বভূতেষু শক্তিৰূপেণ সৎস্থিতাঃ………”

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments