ঘোচ (মহেন্দ্ৰ মোহন দাস)

ঘোচ

মহেন্দ্ৰ মোহন দাস

লং শ্বট। এখন চহৰৰ দৃশ্য। এটি ব্যস্ত চাৰিআলি। এটা ৰাস্তাৰে বগা ৰঙৰ মাৰুতী ৮০০ গাড়ী এখন আহি চাৰিআলিটোত সোঁফালে ঘূৰিছে। তাৰ পিছত এখন ৰিক্সা তাৰ বিপৰীত দিশেৰে আহি চাৰিআলিটো পাৰ হোৱাৰ চেষ্টা চলাইছে। ট্রেফিক পুলিচে ৰিক্সাৱালাটোৰ উদ্দেশ্যি হুইচেল বজাইছে। ৰিক্সাখনত বহি যোৱা শকত ভদ্রমহিলাগৰাকীয়ে ৰিক্সাৱালাটোক কিবা কোৱা দেখা গৈছে। ৰাস্তাৰ কাষ হৈ ৰিক্সাখন লাহেকৈ চাৰিআলিটো পাৰ হৈ গৈছে। তেনে সময়তেই মাৰুতী গাড়ীখন অহাৰ দিশেৰেই এখন হালধীয়া ৰঙৰ স্কুলবাছ আহিছে। সৰু স্কুলবাছ। দেখাত সম্ভ্রান্ত আৰু দামী স্কুল যেন লাগে। স্কুলবাছৰ নামটো অস্পষ্ট।

মিড লং শ্বট। অসম চৰকাৰৰ এটা বিভাগ। কিছুমান মানুহ সোমাইছে আৰু কিছুমান ওলাইছে। এজন মানুহ বিভাগটোলৈ খোজ লৈছে। হাতত প্লাষ্টিকৰ মোনা এটা। পিছপিনৰপৰা মানুহজনৰ চেহেৰাটো দেখা যোৱা নাই। পিন্ধনত দীঘল হাতৰ চোলা এটা আৰু লংপেণ্ট এটা। ভৰিত কি পিন্ধিছে ভালদৰে দেখা যোৱা নাই। ভৱনটোৰ মূল দুৱাৰেৰে মানুহজন সোমাই গৈছে। দুৱাৰৰ ভিতৰছোৱা দেখা যোৱা নাই। অন্ধকাৰ।

ক্ল’জ শ্বট। ভৰিৰপৰা মূৰলৈ। ভৰিত হাৱাই চেণ্ডেল। ক’লা ৰঙৰ লংপেণ্টটো অলপ মলিয়ন যেন দেখা গৈছে। দীঘল হাতৰ চোলাটো পেণ্টৰ ভিতৰত গুজি লোৱা নাই। মুখখন কিছু শোতোৰা পৰা। চকুকেইটা বহল। কাণৰ লতি কিছু ওলমিছে।

“ছাৰ…”

বিষয়া এজনে ফাইলৰপৰা মূৰ তুলি চাইছে। এক চেকেণ্ড পিছত বিষয়াজনৰ মুখত বিৰক্তিৰ ভাৱ স্পষ্টভাৱে দেখা গৈছে। সেই এক চেকেণ্ড সময় তেওঁ সন্মুখৰ মানুহজনক চিনি পোৱাত লগাইছে, আৰু এক চেকেণ্ড পিছৰ বিৰক্তিখিনি সেই এক চেকেণ্ডৰ বিশ্লেষণৰ প্রতিফলন। বিষয়াজনে পাতল নীলা ৰঙৰ ষ্ট্রাইপ থকা দীঘল হাতৰ চোলা এটা পিন্ধিছে। তলফালে কি পিন্ধিছে সেয়া জানিব পৰা নাযায়। সোণালী ৰঙৰ কলমটো ফাইলটোৰ ওপৰত থৈ তেওঁ নিজৰ দুয়োখন হাতৰ আঙুলিকেইটা
লগ লগাইছে।

“ছাৰ, মোৰ কামটো কিবা হ’লনে? যোৱামাহত যে আহিছিলোঁ…”

“অঁ অঁ মনত আছে। হৈছে ৰ’বা তোমাৰ কামটো। মাথোঁ বৰবাবুৰ দুটামান চহী বাকী আছে। ফাইলটো অৱশ্যে এতিয়া মোৰ তাতেই আছে। বৰবাবু আহিলেই তোমাৰ কাম হৈ যাব। চিন্তা নকৰিবা। হৈ যাব। তুমি নহ’লে অহা সপ্তাহত আহা।” নির্লিপ্ত উত্তৰ। চিধাই ক’ব পৰা নাই। দুর্নীতি বিৰোধী আন্দোলন আৰু গান্ধী টুপী পিন্ধা বুঢ়া মানুহ এজনে কেইমাহমান আগতে দেশখন কঁপাই ৰাখিছিল। গতিকে এইখিনি সময় চিধা কথা নপতাৰ সময়। বুজিলে মানুহজনে বুজিব, নুবুজিলে আৰু দুমাহমান ঘূৰাই বুজাই দিয়া যাব।

দুমাহ ৰ’ব লগা নহ’ল। মানুহজনে এতিয়াই বুজিলে। মানে যোৱাবাৰেই বুজিছিল। “ছাৰ ধন্যবাদ। সোনকালে কামটো হৈ গ’লে আমাৰ সুবিধা হ’ব ছাৰ। গাৱঁত এইখিনি টকাৰ বহু প্রয়োজন। ফিচাৰীৰ বাবেও সহায় হ’ব। অ’, ফিচাৰী বোলোতেহে মনত পৰিছে। আমাৰ পুখুৰীৰেই কেইটামান কাৱৈ আৰু এটা চিতল মাছ আপোনাৰ বাবে লৈ আনিছোঁ। আপোনাৰ ল’ৰা-ছোৱালীকেইজনে ভাল পাব। ইয়াত চহৰতটো আপোনালোকে একদম তাজা মাছ নাপায়েই চাগে। খাই চাবচোন। পত্নীয়ে বাইদেউলৈ বুলি দি পঠাইছে।”

বুজাই বুজিলে। লগে লগে বিষয়াজন সচেতন হ’ল। “এঃ এইবোৰ বস্তু কিয় আনিব লাগে? আমাৰ ঘৰত সদায় মাছ থাকেই। অৱশ্যে ইমান ফ্রেচ মাছ নাপাওঁ বাৰু, সেয়া মানিব লাগিব। আনিছা যেতিয়াতো ল’বই লাগিব। ঠিক আছে বাৰু, দি দিয়া। এই কাষতে থৈ দিয়া। আৰু অহা সপ্তাহত আহি যাবা। তোমাৰ কাম হৈ যাব। বেছি ডাঙৰ কাম নহয়, সৰু কামহে। ডাঙৰ কাম হ’লে বহুদিন ঘূৰিবলগীয়া হ’লহেঁতেন। জানাই নহয় ৰঙা ফিটাৰ মেৰপাক, গতিকে বৰবাবুৱে নভবা নিচিন্তাকেতো চহী কৰিব নোৱাৰে। যোৱা যোৱা। চিন্তা কৰিব নালাগে। কাম হৈ যাব।” আশ্বাসৰ সুৰেৰে বিষয়াজনে ক’লে।

পুনৰ মিড লং শ্বট। বাছত খিৰিকীৰ কাষৰ চিট এটাত মানুহজনক বহি থকা দেখা গৈছে।
লং শ্বট। পল্টনবজাৰ। দূৰণিবটীয়া বাছ এখন বাছ আস্থানৰপৰা লাহেকৈ ওলাইছে। বেকগ্রাউণ্ডত দোস্ত হবিবুৰ ৰহমানৰ ‘গুহেটীক নমস্কাৰ’ গানটো বাজি আছে। প্রথম দর্শন সমাপ্ত।

***

পুনৰ মিড লং শ্বট। এটা অসম টাইপৰ ঘৰ। পিছে সুসজ্জিত। গে’টৰ ফাঁকেৰে ফুলৰ বাগিচা এখনৰ অংশবিশেষ ৰিণিকি ৰিণিকি দেখা পায়। কেইচেকেণ্ডমান পিছত প্রথম দৃশ্যৰ চাৰিআলিটোত দেখাৰ দৰেই এখন স্কুলবাছ ঘৰটোৰ সন্মুখত ৰ’ল। পাঁচ-ছয় চেকেণ্ডমান ৰোৱাৰ পিছত গাড়ীখন গ’ল। গাড়ীখনে ঢাকি ধৰা গে’টখন পুনৰ দেখা গ’ল। তেৰ-চৈধ্য বছৰীয়া ল’ৰা এজনে গে’টৰ ভিতৰ সোমাই গে’টখন বন্ধ কৰি থকা দেখা গ’ল। পিন্ধনত বগা হাফ চোলা আৰু ক’লা লংপেণ্ট। দূৰৰপৰাই পেণ্টটো চকমকাই আছে। প্রথম দৃশ্যত দেখা মানুহজনৰ পেণ্টটোৰ সম্পূর্ণ বিপৰীত। পিঠিত এটা স্কুলবেগ। পানীৰ বটল এটা গলত ওলোমাই লোৱা আছে। ল’ৰাজন লাহে লাহে ঘৰটোৰ পিনে আগবাঢ়িল। কলিংবেলটো টিপিলে। কিছুসময় পিছত কোনোবা এজনে দুৱাৰখন খুলিলে। খোলোঁতাজনৰ চেহেৰাটো অন্ধকাৰৰ বাবে দেখা নগ’ল। ল’ৰাজন ভিতৰ সোমাই গ’ল। তাৰ পিছত দুৱাৰখন বন্ধ হৈ গ’ল।

***

ক্ল’জ শ্বট। মধ্যবিত্ত পৰিয়াল এটাৰ ডাইনিং ৰুম। মহিলা এগৰাকীয়ে খাদ্য যুগুতাই আছে। দহ-এঘাৰবছৰীয়া ছোৱালী এজনীয়ে মহিলাগৰাকীক সহায় কৰিছে। পিছপিনে ঘৰটোৰ কিছু অংশ দেখা গৈছে। উচ্চ মধ্যবিত্ত পৰিয়াল বুলি গম পোৱা যায়। দামী ছবি এখন পিছপিনে আঁৰি থোৱা আছে। কিছুসময় পিছত মহিলাগৰাকীয়ে চিঞৰি পৰিয়ালৰ বাকী সদস্যসকলক খাবলৈ মাতিছে। দুই মিনিটমান পিছত প্রথম দর্শনত দেখা বিষয়াজনক দেখা গৈছে। ডাইনিং টেবুলত বহিছে। কাঁহীত থকা চাউলখিনিৰ ওপৰত দাইল বাকি লৈছে। এগৰাহ ভাত মুখত ভৰাইছে।

“বাবা!” মানুহজনে চিঞৰিছে। পাঁচ চেকেণ্ডৰ নিঃশব্দতা। মহিলাগৰাকী এটা কোঠাৰপৰা ওলাই আহিছে। “তুমি হেনো মাছকেইটা অফিচত ঘোচত আনিছা। ঘোচৰ বস্তু সি নুচুৱে বোলে।” মহিলাগৰাকীয়ে লাহেকৈ ক’লে।

“কোনে ক’লে তাক এনেকৈ?” মানুহজন শিয়ঁৰি উঠিল। “মই তাক কৈছিলো যে আজি দেউতাৰৰ অফিচলৈ আহোঁতে গাৱঁৰ মানুহ এজনে গাৱঁৰ পুখুৰীৰপৰা ফ্রেচ কাৱৈ আৰু চিতল মাছ আনিছে। এইবোৰ বস্তুটো সদায় সদায় চহৰত পোৱা নাযায়। পালেও ইমান দাম। গতিকে ফ্রীতে পাওঁতেই খাই ল’ আজি ভালকৈ। তেনেকে ক’বলৈহে পালোঁ, সি জঁকি উঠিল, কোনো অচিনাকী মানুহে হেনো অচিনাকী মানুহৰ বাবে অফিচলৈ এইবোৰ বস্তু এনেই লৈ নানে। মানুহজনে নিশ্চয় ঘোচ দিছে। গতিকে সি এই মাছ নাখায়। লাগিলে আজি ভাতকে নাখায় বোলে। বুজোৱা যোৱা তোমাৰ ধর্মাত্মা পুত্রক।”

দুই চেকেণ্ডৰ বাবে মানুহজনৰ মুখখন ফটোগ্রাফ এখনৰ দৰে স্থিৰ হৈ ৰ’ল। হঠাতে ইলেকট্রিক শ্ব’ক খোৱাৰ দৰে জাঁপ মাৰি চকীখনৰপৰা তেওঁ উঠিল। মহিলাগৰাকী ওলাই অহা কোঠাটোৰ পিনে মানুহজনে খোজ ল’লে। “বাবা, কি হৈছে তোৰ? কোনে কৈছে তোক মই ঘোচ খোৱা বুলি?” -ইতিমধ্যে কেমেৰা ল’ৰাজনৰ কোঠালৈ স্থানান্তৰ হৈছে। দুপৰীয়া স্কুলবাছৰপৰা নমা ল’ৰাজনক তাৰ কোঠাত দেখা গৈছে। পৰিপাটী কোঠা। মাজত এজনীয়া বিচনা। একাষে এটা আলমাৰী আৰু আনকাষে পঢ়িবৰ বাবে এযোৰ চকী-মেজ। মেজৰ ওপৰত কেইখনমান কিতাপ আৰু বহী। সন্মুখত কম্পিউটাৰ এটা। চকীত ল’ৰাজন বহী আছে। কম্পিউটাৰত কিবা চাই আছে। কি চাই আছে ধৰিব পৰা নাযায়। কাষতে কিতাপ এখন মেলি থোৱা আছে। কোঠাৰ বাকী অংশ ভালদৰে কেমেৰাৰ লেন্সে ধৰি ৰখা নাই। মানুহজন ফ্রেমলৈ সোমাই অহা দেখা গৈছে। এতিয়া কেমেৰাৰ ফ্রেমত ল’ৰাজন আৰু দেউতাক। মানুহজনে কথাষাৰ আনটো কোঠাৰপৰা কৈ কৈ আহি আছে- “তোৰ দেউতাৰক তেনে মানুহ পাইছ নেকি?”

“মই নাজানোঁ নেকি কিবা? কোৱাচোন কোনে দিছে তোমাক মাছকেইটা? নামটোও জানানে নাজানা মোৰ সন্দেহ। মোৰ চকুলৈ চাই মিছা মাতিব পাৰিবা? পাৰা যদি নিজৰ পুতেৰৰ চকুলৈ চাই
মিছা কোৱাচোন।” পুতেকে ঘোপাকৈ বাপেকলৈ চাই পঠিয়ালে।

বাঘহেন বাপেকে তিনিচেকেণ্ডমান থেৰোঁ-গেৰোঁ কৰিলে। “নহয় মানে মানুহজনে গাৱঁৰপৰা মাছকেইটা লৈয়েই আনিছিল। মই কি সেইকেইটা ঘূৰাই পঠিয়াম নেকি? তাতে ইমান গৰম, বাছতেই মাছকেইটা গেলি গ’লহেতেন। ভালেই হ’ল মই সেইকেইটা লৈ আনিলোঁ। তই তাকো ঘোচ বুলি কৱ? হে ভগৱান, তোৰ মূৰ গ’ল। মই কোনো টকা-পইচা লোৱা নাই মানুহজনৰপৰা আৰু সেই মানুহটোৰপৰা কেতিয়াও নলৱোঁ। টকা-পইচা লোৱাটোকহে ঘোচ বুলি কয়। তোৰ বাপেৰ অফিচৰ কামৰ বাবে বাহিৰা টকা-পইচা লোৱা মানুহ নহয়। আহ আহ, ভেম এৰ, ভাত খাহি আহ। ব’ল।” বাপেকে বাওঁহাতখন ল’ৰাজনৰ কান্ধত থ’লে (সোঁহাতত ভাত, দাইল আৰু মাছৰ টুকুৰা অকণ লাগি আছিল। কেমেৰাই সেইখিনি ভালদৰে দেখুৱাব নোৱাৰিলেও দর্শকে সেইখিনি অনুমান কৰি ল’ব পাৰে)।

ল’ৰাজনে অৱশ্যে শুদা দাইলেৰেই ভাতকেইটা খালে (মাছ থকা বাবে মাকে বেলেগকৈ তৰকাৰী বনোৱা নাছিল। মাছ নোখোৱা দেখি এটা কণীৰ অমলেট এটা মাকে বনাই দিলে। কেমেৰাত সেইখিনি দেখুওৱা নহ’ল।)

***

ক্ল’জ শ্বট। পুনৰ সেই একেই কার্যালয়। মানুহজনৰ মুখত এটা বিনম্র হাঁহি, সেইদিনাৰ বিৰক্তিৰ ভাৱৰ সম্পূর্ণ বিপৰীত। কেমেৰা ঘূৰাতহে ওৰ ওলাল। সন্মুখত বগা কুর্তা পিন্ধা থুলন্তৰ চেহেৰাৰ মানুহ এজন বহি আছে। তেওঁৰ মুখতো হাঁহি। বেকগ্রাউণ্ডত মৃদু সংগীত বাজি আছে। তেওঁলোকে কি কথা পাতি আছে সেয়া শুনিব পৰা যোৱা নাই। কিছুসময় পিছত মানুহজন থিয় হৈছে। বিষয়াজনে হাতঘড়ীলৈ চাইছে। দুই চেকেণ্ড কিবা ভাবিছে। তাৰপিছত তেৱোঁ থিয় হৈছে।

মিড লং শ্বট। ব্যস্ত ৰাস্তা এটাৰে বিলাসী গাড়ী এখন পাৰ হৈ গৈছে। পিছৰ চিটত থুলন্তৰ চেহেৰাৰ মানুহজন আৰু বিষয়াজনক একেলগে দেখা গৈছে। ক্ল’জ শ্বটত থুলন্তৰ মানুহজনৰ হাঁহি থকা মুখ, বগা দাঁতকেইটা আৰু তাত লাগি থকা তামোলৰ চেকা দেখা গৈছে।

***

ল’ৰাজন স্কুলবেগ লৈ ঘৰৰ ভিতৰ সোমাইছে। চকু এঠাইত ঠৰ লাগি ৰৈছে। কেমেৰা সেইপিনে ঘূৰোৱাত নতুন ক’লা ৰঙৰ বৃহৎ আকাৰৰ এল চি ডি টিভি এটা দেখা গৈছে। ল’ৰাটোৰ মুখেৰে প্রথমে হাঁহি ওলাই সেই হাঁহিটো স্তব্ধ হৈ গৈছে। দেউতাক কাষৰ কোঠাটোৰপৰা ওলাই আহিছে।
“ইমান দামী টিভি? বাপৰে। তাতকৈ গাড়ী এখনেই কিনিব লাগিছিল। পুৰণা মাৰুতী ৮০০ এখনত কিমান ঘূৰিম। তুমিও যে আৰু! পিছে কিমান ল’লে, দেউতা?”

“ডেৰ লাখ। অৱশ্যে ১০% ৰেহাই চলি আছে। সেইকাৰণেই লৈ আনিলোঁ।” মৃদু হাঁহিৰে দেউতাকে ক’লে। “সঁচানে?” ল’ৰাজনৰ মুখত সন্দেহৰ ভাৱ স্পষ্ট।

“বাপেৰক কি পাইছ? সঁচানে বুলি সুধিব আহ যে? বিলখন দেখুৱালেহে শান্তি পাবি নেকি? টিভিটোৰ কাষতেই আছে। চাই ল’। এইখন। এয়া চা। হোঃ। তোৰ লগত চুপতি মাৰিবৰ সময় নাই মোৰ। টিভিৰ দোকানৰ মানুহকেইটা এইমাত্র গ’ল টিভি ফিট কৰি। মইও অফিচলৈ যাওঁ। কাপোৰ কানি সলাই খাই বৈ শুই ল’গৈ। সন্ধিয়া টিউচন নাই জানো? যা যা।” বাপেক অফিচলৈ ওলাই গ’ল।
তেওঁৰ মিছা মতাৰ দৰকাৰ নাই। দোকানৰপৰাই তেওঁ টিভিটো আনিছে। অফিচত কোনেও টিভি ঘোচ দিবলৈ যোৱা নাই। এইটো বেলেগ কথা যে পইচা তেওঁ দিয়া নাই। টিভিটো কিনা সময়ত তেওঁৰ লগত থকা থুলন্তৰ চেহেৰাৰ মানুহজনে দিছে। বিলখন অৱশ্যে তেওঁৰ নামতেই বনোৱা আছে। মানুহজনে মিচিকিয়াই হাঁহিলে।

(মে’ সংখ্যা সাতসৰীত প্রকাশিত।)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments