ঘড়ী (-ৰাজীব শৰ্মা)

“Ajanta watch co.” চ’ক বজাৰত অৱস্থিত এখন নাম থকা ঘড়ীৰ দোকান৷ দোকানখন তিনি আলিটোৰ এনে ঠাইত অৱস্থিত যে ইয়াৰ দুয়োফালে ওলমাই ৰখা নামফলক দুখন চকুত নপৰাকৈ সেই ফালে পাৰ হৈ যোৱাটো অসম্ভৱ৷ সৰু যদিও কোঠাটোৰ চাৰিওফালে বিভিন্ন আকাৰৰ ঘড়ীবোৰৰ অৱস্থান এনে সুন্দৰকৈ খাপখোৱা যে ইয়ে দোকানখনত থকা মানুহজনৰ সৌন্দৰ্য্য পিপাসু মনৰ পৰিচয় দিয়ে৷ বাছখনৰ পৰা নামিয়েই মই খৰখেদাকৈ সেই দোকানখনলৈকে সোমাই গ’লোঁ৷ তাতে যোৱা দেওবাৰে মোৰ বেয়া হোৱা ঘড়ীটো ভাল কৰিবলৈ দিছিলোঁ৷ সেইদিনা ঘড়ীটো কেতিয়ালৈ পাম বুলি সোধা প্ৰশ্নৰ উত্তৰত দোকানত থকা মানুহজনে আজিৰ তাৰিখ লিখা ৰছিদখন দিছিল৷ কিন্তু আজি মোক ঘড়ীটো আনিবলৈ যোৱা দেখি তেওঁ আচৰিত হ’ল৷ ৰছিদখনত যে আজিৰ তাৰিখটোৱেই লিখা আছে এই কথা মই তেওঁক সোঁৱৰাই দিয়াত তেওঁ হো-হোৱাই হাঁহি উঠিল৷ কাগজখনত লিখা থাকিল বুলিয়েই ঘড়ীটো আজিয়েই দিব লাগিব বুলি কি কথা আছে, তাতে আগৰ বহুত কাম পৰি থকা বাবে তেওঁ বোলে ঘড়ীটো চোৱাই নাই৷
watch
দোকানীজনৰ আৰু কোনো কথাই শুনিবলৈ মোৰ মন নগ’ল৷ মাথোঁ বেৰত ওলোমাই থোৱা ঘড়ীবোৰলৈ চাই মই ভাবিবলৈ ধৰিলোঁ, “ইমানবোৰ ঘড়ীৰ মাজত থাকিও যিজন মানুহ সময়ৰ ক্ষেত্ৰত সচেতন নহয়, সময়ৰ মূল্য দিব নাজানে, সেইজন প্ৰকৃততে তাত থকাৰ যোগ্য হ’ব নোৱাৰে৷” ইমান দিনে ভাল লগা দোকানখনৰ সৌন্দৰ্য্য হঠাৎ মোৰ মনৰ পৰা হেৰাই গ’ল৷ তাৰ পৰিৱৰ্তে এনে লাগিল যেন বেৰত ওলোমাই থোৱা ঘড়ীবোৰে টিক্ টিক্ শব্দৰে সময়ৰ নিৰ্দেশ দিয়াৰ পৰিৱৰ্তে সময়ৰ মূল্য নুবুজা দোকানীজনক ইতিকিংহে কৰিছে৷ কিন্তু পাছ মুহূৰ্ততে মোৰ ভাৱ হ’ল ঘড়ীবোৰে দোকানীজনক নহয় বৰং মোকহে যেন ইতিকিং কৰিছে৷ সকলো ঘড়ীয়েই যেন মোৰ ফালে চাই সমস্বৰে চিঞৰিছে–“আজি গোটেই সমাজখনেই সময়ৰ মূল্য নুবুজাৰ সময়ত তুমি ক’ৰপৰা আহিছা সময়ৰ কথা ক’বলৈ৷”

মোৰ নিজকে বৰ অসহায় আৰু অকলশৰীয়া অনুভৱ হ’ল৷ নিজৰ মনত সৃষ্টি হোৱা বিভিন্ন ভাৱত তন্ময় হৈ মই কেতিয়ানো বাছষ্টেণ্ড পালোহি নিজেই গম নাপালোঁ৷

***

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments