ঘৰৰ ল’ৰা ঘৰলৈ আহ – বিনু ফুকন

ঘৰৰ ল’ৰা ঘৰলৈ আহ
দুৱাৰখনতো আছেই খোলা
তই যোৱাৰেই পৰা,
ক’তেই বা আছগৈ তই
হাবি, হোলা, অটব্য অৰণ্য
হয়তো পাহাৰৰ গুহাত
জোকে পোকে একাকাৰ হৈ।

নালাগে দে থাকিব আৰু তেনেকৈ
নালাগে স্বাধীন অসম
নালাগে শাসনৰ জৰী
নালাগে, নচলাবি আৰু
তোৰ স্বয়ংক্ৰিয় অস্ত্ৰ আৰু
ধ্বংসকাৰী বোমা বাৰুদ।

জীয়াই থকাৰ অধিকাৰ
তোৰো আছে, আছে মোৰো।

ঠেৰো-গেৰো কৰিছ কেলেই
আহ, সোনকালেই ঘৰলৈ আহ
থাকিবি হাতত হাত মিলাই
জাতি, উপজাতি, দেশ, প্ৰদেশ
একাকাৰ হৈ।

কিমানটা বসন্ত পাৰ কৰিলি
যৌৱন কাটি হৈ প্ৰৌঢ় হ’লি
পালিয়েই বা কি?
হেৰাল, বহুতো হেৰাল।

কোমলমতীয়া চঞ্চল তৰুণক
আৰু নাটানিবি,
যিকেইটা আছগৈ কুশলে
আহ ঘৰলৈ আহ।

তহঁতৰ চোতালত কুকুৰা এজনীয়ে
পোৱালি উলিয়াইছে
জাৱৰৰ দ’মবোৰ খুচৰি খুচৰি
পোৱালিবোৰক খাবলৈ দিছে
বাৰী চুকৰ পুখুৰীটোত
গৰৈ মাছে পোনা দিছে।

পিছ চোতালত,
ধানৰ চৰুৰ জুইৰ কাষত
তহঁতৰ মাৰৰ চকুৰ পানী
আৰু জুইৰ ধোঁৱাই
একাকাৰ হৈছে,
আহ, চাই যাহি আহ।
—————————–

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments