ঘৰ (ড° সমাদৃতা গোস্বামী)

ভালপোৱা এখন নৈ৷ তুমি বঠাহীন নাৱৰ নাৱৰীয়া, মই তোমাৰ সংগী

মৌছুমীয়ে লিখি দিয়া কথাকেইটা চকুৰে পঢ়ি লৈ সমৰে মৌছুমীলৈ চাই ক’লে
“মাহত এবাৰ আমি লগ পাম”
”কেনেকৈ”
“কেনেকৈ নাজানো৷ কিন্তু লগ হ’মেই৷ ৰাজী?”
“ৰাজী৷ কিন্তু…”
“কিন্তু কি? “
“ঘৰত যদি গম পায়? “
“তেতিয়া দেখা যাব“
সমৰে স্থিৰ দৃষ্টিৰে মৌছুমীলৈ চাই ক’লে৷ মৌছুমীৰ চকু চলচলীয়া৷ ভুৱনেশ্বৰত ভাল কম্পেনী এটাত চাকৰি পাইছে সমৰে৷ এসপ্তাহতে চাকৰিত যোগদানৰ বাবে মেইল আহিছে৷ সমৰ যাব৷ ইঞ্জিনিয়াৰিং পাচ কৰি প্ৰায় দেৰবছৰ সি ঘৰতে বহি আছিল৷ ককায়েকৰ ভাল৷ ঘৰতে ক্লিনিক খুলি ল’লে৷ সমৰেও কাপোৰৰ দোকানকে দিওঁ বুলি দেউতাকক কৈছিল৷ দেউতাকে পইচা নিদিও বুলি ক’লে৷ ককায়েকক কিন্তু নিজে উপযাচিয়েই পইচা দিছিল৷ সেইবুলি সি দেউতাকক বেয়া পোৱা নাই৷ ডাক্তৰী নপঢ়াতো যে তাৰ মূৰ্খামি সেয়া সি ছমাহ ঘৰত বহি থাকোতেই গম পাইছিল৷ বৌজনী ভাল৷ কথা শুনাই নাথাকে৷ তাক নিজৰ ভায়েকৰ দৰেই মৰম কৰে৷ তাক মৰম কোনেনো নকৰে? মাকে অসমৰ বাহিৰত চাকৰি কৰিবলৈ নিদিয়ে৷ দেউতাকে ঘোচ দি চাকৰি ল’বলৈ নিদিয়ে৷ লাইনত পঢ়া বাবেই ব্যৱসায়ত ল’ৰাক লগাবলৈ দেউতাকৰ মন নাই৷ সমস্যা কৰে সম্পৰ্কীয় মানুহখিনিয়েহি৷ সৱ কামতে কেৱল সমৰ৷ যেন অনন্তকাল সময় হাতত লৈ সি আনৰ কাম কৰিবলৈহে বহি আছে৷ হস্পিতেলত বেমাৰী ৰখাৰ পৰা পেহীয়েকৰ ছোৱালীৰ তোলনী বিয়াৰ বজাৰ কৰালৈকে, সৱ কাম সমৰেই কৰিব লাগিব৷ মাকেও ফোনত “আমাৰ ই এনেই থাকে, সৱ সম্ভালি ল’ব” বুলি নিশ্চয়তা আগতীয়াকৈয়ে দি থয়৷ এই লৈ তাৰ মাকৰ লগত কেইবাবাৰো মতানৈক্যও হৈছে৷ সেয়ে এদিন সি থিৰাং কৰিলে যে লাগিলে সি অসমৰ বাহিৰতে চাকৰি কৰিব কিন্তু আনৰ তল হৈ জীয়াই নাথাকে৷
“চাহ আৰু একাপ খাবা নেকি?”
মৌছুমীৰ মাততহে সমৰৰ তন্ময়তা ভাঙিল৷
“আছে যদি লৈ আহা”
“আছে ৰ’বা, গৰম কৰিলেই হ’ব”
চচটো গেছ স্তভত তুলি মৌছুমীয়ে সমৰৰ কথাই ভাবি থাকিল৷ মাহত এবাৰ লগ পোৱাটোযে এনেই কোৱা কথা এটা তাই জানে৷ আৰু দহদিনৰ পাচতে তাই হোষ্টেল এৰিব৷ প্ৰেক্টিকেলৰ পৰীক্ষাৰ বাবেই হোষ্টেলত থাকিবলগীয়া হৈছে৷ সমৰ এসপ্তাহতে যাবগৈ৷ পৰীক্ষাৰ কাৰণেই ক’ৰবাত পাৰ্কে চাৰ্কে গৈ অকলশৰীয়াকৈ তাৰ স’তে সময় কটাবও নোৱাৰে৷ হোষ্টেলৰ বেৰ চেৰ নাইকিয়া অকল চালি এখন থকা ভিজিতৰ ৰুমতনো কি কথা পাতিব পাৰি? ভালপোৱা মানুহৰ লগত মুকলি মনেৰে কথা এষাৰ পতাৰ পৰিৱেশ ইয়াত নাই৷ ইফালে তাইৰ ঘৰত কথা লগোৱা মানুহৰটো অভাৱ নাই৷ আচল সমস্যাটো সমৰক ক’বলৈ তাই সুবিধাই পোৱা নাই৷ আজি বায়েকৰ চিঠি পায়েই তাই সমৰক মাতি পঠাইছিল৷
“ইমান দেৰি লাগিব বুলি জনা হ’লে আৰু একাপ চাহ নেখালোৱেইহেতেন৷”
“চাহ কাপকে বনাই খুৱাব পাৰো৷ খোৱাচোন৷ “
মৌছুমীয়ে উচুপি ক’লে৷
“আৰে, কান্দিছা কিয়? “
সমৰে মৌছুমীৰ হাতখন ধৰিব খুজিও ইফালে সিফালে চাই ৰৈ গ’ল৷ চিকিউৰিটিত থকা মানুহজনে সিহঁতলৈ চাই এনেকৈ বহি আছে যেন সিহঁতি কথা পাতি পৃথিৱীৰ আটাইতকৈ বেছি নকৰিবলগীয়া কামটোহে কৰি আছে৷
“এনেকুৱা কৰি মোক কিয় কষ্ট দিছা? কালিলৈ পৰীক্ষা নাই জানো? মন বেয়া কৰি কি পৰীক্ষা দিবা বাৰু?”
মৌছুমীয়ে তলমূৰ কৰি বহি থাকিল৷ চিঠিৰ কথাটো কেনেকৈ ক’ব তাই? কোলাহল হীন, আছুতীয়া কোঠা এটাত অকলে চকুমুদি বহি থাকিবলে মন গৈছে মৌছুমীৰ৷ চকু ঢাকি চিঞৰি চিঞৰি কান্দিবলৈ বিচাৰিও নদীৰ দৰে শান্ত হৈ তাই বহি থাকিল৷
“আৰে কৈছোৱেই ন, মাহত এবাৰ লগ পাম।”
“বাদ দিয়া আৰু তোমাৰ সেই মাহত এবাৰ টপিকটো”
“তুমি খং কিয় কৰিছা? মই ঘৰত এনেকে থাকিলে পাগল হ’ব লাগিব“
“আৰু মই নোহোৱাকে থাকিব পাৰিবা?”
“এইবোৰ কি গাইছা? পাৰিব লাগিব মৌছুমী৷”
“তাৰমানে মোতকৈ তোমাৰ চাকৰি ডাঙৰ হ’ল”
সমৰে একো নামাতিলে৷ বহাৰ পৰা উঠি চকীখনত একগোৰ মাৰি দিলে৷
“মোৰ আৰু ধৈৰ্যৰ পৰীক্ষা নল’বা”
কৈ সমৰে বাইকখনত উঠিল৷
“আচল কথাটো শুনা৷ নাযাবা৷ ঘৰত মোলৈ দৰা চাইছে৷”
হুকহুকাই মুখ ধাকি কান্দি পেলোৱা মৌছুমীৰ কথা শুনি সমৰ বাইকৰ ওপৰতে বহুত দেৰি বহি থাকিল৷
চিকিউৰিটি গাৰ্দ জনে সেইসময়তে আহি অসুৰৰ দৰে ক’লে
“পাঁচ বাজিল৷ ভিজিটৰৰ যাবৰ সময় হৈ গ’ল৷”
সেইদিনা, গোটেই ৰাতিটো ইকাটি-সিকাটি কৰি ৰাতিপুৱালৈহে চিলমিলকৈ টোপনি আহিছিল সমৰৰ৷ বাহিৰৰ কোঠাৰ পৰা স্পষ্টকৈ অহা মাকৰ উচুপনিত সি সাৰ পাই গ’ল৷ কালি ৰাতি ভাত নাখাই শুই থকাৰ শাস্তি তাৰমানে আৰম্ভ হৈ গ’ল৷ কাণত গাৰুটো থৈ সি জোৰত চকু দুটা মুদি দিলে৷ কি জীৱন আছিল, কি হৈ গ’ল? তাৰ লগৰ বিষ্ণু, ৰাকেশ, মানস, আজিজুৰ, সৱেই অসমতে চাকৰি পালে৷ তাৰহে এনেকুৱা কিয় হ’ল? সিহঁতৰ বেট্‌চৰ ফাৰ্ষ্ট ক্লাচ চেকেণ্ড হৈও সি আজি বিছনাত পৰি মাকৰ উচুপনি শুনিব লগা হৈছে৷ কালি মৌছুমীৰ ওচৰৰ পৰা আহি সি ইউনিভাৰ্চিটিৰ কমলৰ দোকানত অলপ সময় ৰৈছিল৷ তাতে সি গম পালে ৰাকেশে হেনো দহলাখ টকীয়া গাড়ী লৈছে৷ এনেকৈ আৰু কিমান দিন? গোটেই ৰাতিটো তাৰ মনত কলিং লেটাৰখন আৰু মৌছুমীৰ মুখখনেই আহি থাকিল৷ ইয়াত থাকিলে সি মৌছুমীক অ’ত-ত’ত লগ পাব সঁচা৷ কিন্তু বেকাৰ এটালে মৌছুমীৰ বাপেকে যে ছোৱালী নিদিয়ে সেয়াও খাতাং৷ ইফালে সি ভুৱনেশ্বৰত থাকিলে মৌছুমী যে লোকৰ ঘৈনী হ’ব সেয়াও নিশ্চিত৷ মৌছুমীয়ে যে লিখিছে বঠাহীন নাৱৰ নাৱৰীয়া বুলি ঠিকেই লিখিছে৷ সিহঁতৰ প্ৰেমৰ একো ভৱিষ্যত নাই৷ সি সঁচাকে বঠাহীন নাৱৰীয়া৷
“আজি শুই নুঠ’ নেকি? “
ভনীয়েকৰ মাতত সমৰে বেৰৰ ফালৰ পৰা উলটি তাইলৈ চালে৷
“শুনিছ, মায়ে কান্দি আছে৷”
মাইনাই ককায়েকৰ গাতে হাতখন থৈ ক’লে৷
ককায়েকে ওপৰলৈ মূৰ কৰি স্থিৰ দৃষ্টিৰে ঘৰৰ চালিখনলে চাই আছে৷
“ইমান কিনো চিন্তা কৰি আছ?”
“একো নাই অ’৷ মই মৰি গ’লেই চাগে সৱেই শান্তি পাব”
“কি অদৰকাৰী কথাবোৰ গাই থাক৷ দে..তা..”
মাইনাই দেউতাকক চিঞৰি মাতিব খোজা দেখি সমৰে ভনীয়েকৰ মুখখন চেপা মাৰি ধৰিলে৷
“মই কি কৰো ক? মৌছুমীক চাবলৈ ল’ৰা আহিব জাননে? আৰু সিহঁতৰ বংশত হেনো সৱ ছোৱালীক পঢ়ি থাকোঁতেই বিয়া দি দিয়ে৷ এনেই তাইৰ ঘৰৰ মানুহে আমাক তল জাতৰ বুলি দেখিব নোৱাৰে৷ এতিয়া মই ইয়াত নাথাকোতেই যদি তাইক বিয়া দি দিয়ে, কি হ’ব ক?”
“তই ইয়াতে থাকচোন৷ মায়েও কান্দি আছে৷”
“কি ইয়াতে থাক৷ তই জাননে ৰাকেশে দহলাখটকীয়া গাড়ী লৈছে৷”
“তাতে কি হ’ল? আমাৰ মা-দেতা দুয়োটাই চাকৰি কৰে৷ তই একো নকৰাকেও মৌছুমী বাক খুৱাব পাৰিবি৷ দহলাখ কি, বিশলাখটকীয়া গাড়ী ল’ব পাৰিবি৷ কিন্তু তই ঘৰতে থাক৷ “
নিজতকৈ প্ৰায় ছয়বছৰ সৰু ভনীয়েকৰ কথাত এইবাৰ সমৰে খেঙখেঙাই উঠিল
“হ’ব৷ আগতে ডাঙৰ হৈ ল৷ আত্মসন্মান কি বুজাৰ বয়স তোৰ হোৱা নাই৷”
“ৰ ৰ৷ দেতাই মৌছুমীবাৰ কথা জানে নে নাই?”
“নেজানে৷”
“কৈ দে না৷ তেতিয়াহে দেতাই পইচা দিব৷ বিজনেছ কৰিবি৷ মৌছুমীবাকো লগ পাই থাকিবি৷ চিম্প্‌ল”
“দেউতাক মৌছুমীৰ কথা ক’বলে মই পাগল হোৱা নাই৷”
“থাক তেন্তে দেৱদাস হৈ৷”
কৈ মাইনা ৰুমটোৰ পৰা ওলাই গ’ল৷
সেইদিনা সন্ধিয়ালৈ আচৰিত ঘটনাটো ঘটিল৷ মৌছুমীক হোষ্টেলত লগ কৰি উভতি আহিছিল সমৰ৷
সি দেখিলে মাকে আগৰ দৰে মন মাৰি থকা নাই৷ তাতকৈও ডাঙৰ কথা তাৰ টেবুলৰ ওপৰত কাগজ এখনত মাইনাই ডাঙৰ ডাঙৰকৈ লিখি থৈছে “পাৰ্টী“বুলি৷ কাগজখন লৈ সমৰ যেতিয়া মাকৰ ওচৰ পাইগৈ, মাকে চাউল বাচি আছিল৷ মাইনা তেতিয়াও টিউশ্যনৰ পৰা অহাই নাই৷
“কি পাৰ্টী মা?”
“তই হ’বলা গমেই নাপাৱ?”
“কি? “
“ভনীয়েৰক সৰু কাৰণে মাইনৰ মাইনৰ বুলি হাঁহি থাক নহয়, চা তাই তোৰ কাৰণে কিমান ডাঙৰ কাম কৰিলে!”
“কি হ’লনো অ’? ক’বানে নে পাতনি মেলোতেই এঘণ্টা যাব?”
“দেউতাকে সোধ যা৷”
“কি যে আৰু? এনে কি হ’ল যে দেউতাক সুধিম?”
“যা দেউতাৰক সোধ৷ আগফালেই আছে৷”
“কিবা এটাতো ক্লু দিয়া৷”
“নিদিও৷ দেউতাৰক সোধ”
মাকে মিচিকমাচাককৈ হাঁহি কথা কোৱা দেখি সমৰৰ কিবা মনতো মুকলি লাগি গ’ল৷ সি দৌৰি আগফাল পালেগৈ৷
দেউতাকে বৰুৱা খুড়াৰ লগত কথা পাতি আছিল৷
“কি হ’ল? যাবিগৈ বোলে?”
“অঁ খুড়া৷ আৰু ছদিন আছে আৰু৷”
“ক’ত যাব সি? ঘৰতে থাকিব৷”
দেউতাকৰ কথাত থতমত খালে সমৰে৷ মাকক কোৱাদি দেউতাকক সি ওস্তাদি মাৰি কথা ক’ব নোৱাৰে৷ সি তলমুৰ কৰি ৰৈ থাকোঁতেই দেউতাকে বৰুৱালৈ চাই ক’লে
“বিজনেচ কৰিব সি৷ কাপোৰৰ ব্যৱসায়৷”
“ভালেই ভালেই৷ ঘৰৰ ল’ৰা ঘৰতে থাকক৷”
“তাকে৷ অহাবছৰলে বিয়াখনো পাতি দিম তাক৷”
সমৰে অঁকৰাৰ দৰে মুখ মেলি দেউতাকলে চাই থাকোঁতেই নবৌৱেকে আলহীক চাহ দি গ’লহি৷ ঘূৰি যাওঁতে নবৌৱেকে সমৰক জোকাই থৈ গ’ল “মৌছুমীক ক’বা দেই সাজু হ’বৰ হ’ল৷”
সমৰে দেউতাকলে চালে৷ একো যেন হোৱাই নাই দেখুৱাই দেউতাকে শান্ত হৈ বৰুৱা খুড়াৰ লগত কথা পাতি আছে৷ এই যেন দৌৰি গৈ দেউতাকক সাৱটি ধৰিব সমৰে৷ চকু চলচলীয়া কৰি সমৰ মাকৰ ওচৰ পাঁওতে মাইনাই বাৰাণ্ডাৰ পৰাই “পাৰ্টী পাৰ্টী” কৈ চিঞৰি আহি পাকঘৰ পালেহি৷ সমৰে “কিহৰ পাৰ্টী, কিহৰ পাৰ্টী, দৰকাৰ পৰিছে তোক পাৰ্টী দিবলৈ” কৈ মাইনাৰ চুলি কোচাতে ধৰিলে৷ মাইনাই চিঞৰি উঠিল
“আঔ মা চাচোন, এইটো কেনে খাই পাত ফলা”
জীয়েক পুতেকলৈ হেতাখন দেখুৱাই মাকে ধমক দি ক’লে
“গ’লিনে তঁহত, মাৰ খাবলে মন নাই যদি যা সোনকালে ইয়াৰ পৰা।”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments