ঘৰ-ধৰা ছোৱালী — হিৰন্মময়ী গগৈ কোঁৱৰ

বাহি-বনকেইটা সামৰি তাই  গা ধুবলৈ সোমাল ৷ খাওঁ খাওঁকৈ ওলাই আহিছিল ৰ’দটো ! ঘামি জেপজেপিয়া দিয়া চুলিকোছা মেলি শ্বাৱাৰৰ তলত  তাই নিজকে সমৰ্পণ কৰিলে ! এই যেন পাহাৰৰ বুকুৰে নামি অহা এটা শীতল জুৰি ! আলফুলে চুই গৈছে তাইক ! চকুহাল মুদি দিলে তাই ৷ 
আস্ বহিয়েই ৰ’ব যেন !  
সিৰিক কৰি উঠে তাইৰ সৰ্বশৰীৰ ৷

“অ’ পেহী হ’ল নাই তোমাৰ ? সোনকাল কৰা ৷ মোৰ দেৰী হব এতিয়া ৷ ” ডাঙৰ ভতিজা টুকুৱে দুৱাৰখন ধমধমালেহি ৷ তাই চক্ খাই উঠিল ৷  জলবিলাস এৰি তিয়াই পেলোৱা চুলিখিনি শ্বেম্পু কৰিলে আৰু  লৰালৰিকৈ গাটো ধুই ললে ৷ তিয়নীকেইটা পাছত ধুবলৈ গামলাটোতে ভৰাই থৈ আহিল ৷ মাজতে টুকুৱে আৰু দুবাৰমান ধমধমালেহি ৷

কাপোৰকেইটা পিন্ধি লৈ তিতা চুলিখিনি গামোচা এখনেৰে সামৰি  তাই ধূপ এডাল জ্বলালে আৰু লৰালৰিকৈ  পাকঘৰলৈ আহিল ৷ বৌৱেকে ভাত আৰু দাইল বহাই দিছিল ৷ কুকুাৰৰ হুইছেলকেইটাই ফিচফিচাই আছিল ৷
“অ’ তুমি গা ধুই আহিলা ? আলু দুটামান কাটি দিবাচোন দেই ৷ ” বুলি কৈ বৌৱেক ওলাই আহিল ৷ মুকু তেতিয়াও শুইয়েই আছিল ৷ নজগালে নুঠে ৷ তাই আলু আৰু বিন অলপ কাটি ভাজিখন পাতি দিলে ৷

” ভন্টী মোলৈ চাহ একাপ বাকচোন ৷”
মুখত ব্ৰাছডাল লৈ ককায়েকে পাকঘৰৰ দুৱাৰমুখৰ পৰা কৈ গ’ল ৷  তাই পানী একাপ দি চচপেনটো গেছত পাতি দিলে ৷ লাইটাৰৰ শব্দ শুনিয়েই হ’বলা মাকেও বাৰাণ্ডাৰপৰা চিঞৰিলে ” মোলৈও একাপ দিবি ৷” তাই আৰু একাপ পানী দিলে ৷ মাক আৰু ককায়েকক চাহ দুকাপ দি তাই কুহুমীয়া পানী এগিলাছ খাই ললে ৷ ৰাতিপুৱা তাই চাহ নাখায় ৷
“অ’ পেহী আজি সেইদিনাৰ নিচিনা আলুচ’প দিবা দেই ৷ ” এইটো মুকুৰ মাত ৷  তাই লগে লগে আলু কেইটামান বাকলি গুচাই সৰু কুকাৰটোত বহাই দিলে ৷ পিঁয়াজ এটা আৰু আদা অকণমান ও মিহিকৈ কাটি থলে ৷ পাচলি মিহলি কৰিলে সি বেয়া পায় ৷ ভতিজাহঁতৰ আব্দাৰ ! আলহী-অতিথিৰ প্ৰশংসা ৷ তাইৰ  হেঁপাহ আৰু উৎসাহৰ সীমা নাইকিয়া হয় ৷

ৰান্ধি ভাল পায় তাই ৷ মনত থকাৰে পৰা তাই পাকঘৰত সোমাই মাকে ৰন্ধা চাই থাকে ৷  মাকে জোখবোৰ দেখুৱাই দিয়ে ৷ সহজেই শিকি পেলায় তাই ৷  মাহেকীয়াৰ সময়ত মাক নিশ্চিন্ত হয় ৷ পঢ়াতকৈ ৰন্ধা বঢ়াবোৰে, ঘৰুৱা কামবোৰে বেছি আকৰ্ষণ কৰে তাইক ৷ 
তাই পাকঘৰ চম্ভালে, আলহী শুশ্ৰূষা কৰে দেউতাকৰ দৰৱৰ হিচাপ ৰাখে আৰু ঘৰৰ জেঙাবোৰ মৰাত  অভ্যস্ত হৈ উঠে ৷

দীৰ্ঘদিনীয়া অসুস্হতাৰ অন্তত দেউতাক ঢুকাল ৷ সিহঁতে পাৰেমানে শুশ্ৰূষা কৰিলে ৷ মাকে ঘৰত জুপুকা মাৰি-মাৰি বহি থকা হ’ল ৷ তাইলৈ চাই হুমুনিয়াহ এৰে ৷  মাক সৰবৰহী মানুহ  ৷ সভা-সমিতিলৈ নিমন্ত্ৰণ কৰে ৷ তাই জোৰকৈ উলিয়াই পঠিয়ায় ৷

এসময়ত তাইক লৈয়ো মাকে চিকিৎসকৰ দুৱাৰে দুৱাৰে ঘূৰিছিল ৷ সকাম-নিকাম কৰিছিল, তাবিজ-মাদলী জৰাপানীৰো শৰণাপন্ন হৈছিল ৷  চকুপানী টুকি টুকি ভাগৰি পৰিছিল ৷ তাই মাকৰ চকুপানী মচি দিছিল আৰু নিজৰ কক্ষপথ ঠিক কৰি পেলাইছিল ৷

বৌৱেক মধুমিতা তাইৰ সহপাঠী আছিল ৷ ধুনীয়া ছোৱালী ৷ ককায়েকৰ সৈতে হিয়া দিয়া নিয়া চলিল ৷ একেবাৰে অনাহুত খবৰ আছিল সিহঁতৰ ঘৰখনৰ বাবে ৷ তাই মধ্যস্ততা কৰিলে ৷ বহুদিনলৈকে তাই নাম কাঢ়িয়েই মাতি থাকিল ৷ 
শাহু-বোৱাৰীৰ সম্পৰ্কৰ কথা তাই শুনিছিল , দেখিছিল ৷ মধুমিতাৰ সুখ-দুখৰ খবৰ ৰাখিছিল ৷ “জীৰ দৰে ব্যৱহাৰ কৰিবা” মাকক কৈছিল তাই  ৷  মাকে তাইৰ কথা ৰাখিছিল আৰু সেইখন ঘৰৰ ছোৱালী বোৱাৰী কৰি অনা দেখি মানুহ আচৰিত হৈছিল ৷

ককায়েকৰ বন্ধ থাকিলে সিহঁতে ৰাতিপুৱা ৰুটী খায় ৷ তাই গামলা এটাত আটা অলপ মঠিলে ৷ টুকুৱেও ৰুটী খাই ভাল পায় ৷ কেতিয়াবা সি স্কুললৈ ৰুটী খায়েই যায় ৷

বৌৱেকে আহি দুয়োটাকে ভাত বাঢ়ি দিলে ৷ মুকুক আক’ খুৱাই দিব লাগে ৷ নহ’লে বৰ দেৰি কৰে ৷

বইল আলুকেইটা পিঁয়াজ আৰু আদাৰে সৈতে সানি তাই আলুচ’পকেইটা ভাজিলে ৷ 
বৌয়েকে ককায়েকৰ সৈতে ওলাই যাব বুলি কলে  ৷ লগতে মলয়ৰ বিয়াৰ বাবে উপহাৰো কিনি আনিব ৷  সহপাঠী মলয়ৰ মুখখন চাটকৈ তাইৰ সন্মুখেৰে পাৰ হৈ যায় ৷ মলয়ৰ মাকে এদিন তাইৰ লগত কথা পাতিছিলহি ৷ অনুনয় কৰিছিল তাইক, ক্ষমা খুজিছিল ৷ তেওঁলোকৰ একমাত্ৰ সন্তান মলয় ৷ তাই কথা দিছিল তেওঁক ৷ সকলো জনাৰ পাছতো তাইলৈ ৰৈছিল সি ৷ হয়তো ৰৈ ৰৈ ভাগৰিছিল ৷  
গৈ থকাৰ নামেই জীৱন ৷ ৰোৱাৰ কাম নাই ৷

“তোমাৰ কিবা আনিবলগীয়া আছে নেকি? ব’লা তুমিও ৷”  বৌৱেকে তাইকো লগ ধৰিলে ৷ তাই চক্ খাই উঠিল ৷ দুটামান বস্তু আনিবলৈ আছিল যদিও তাই ন’কলে ৷ যাওক আজি দুয়োটাই বহুদিনৰ মূৰত একেলগে ওলাইছে ৷ তাই জানে বৌয়েকে তাইৰ প্ৰয়োজনবোৰৰ খবৰ নোলোৱাকৈ  নাথাকে ৷ এই ক্ষেত্ৰত তাই বহুত ভাগ্যৱতী ৷

” আমি ভাতেই খাম ৷ কিমান দেৰি হয়বা !” বৌয়েকে কলে ৷
মাকেও ওলাই গলে ভাতেই খায় ৷ বাহিৰে বাহিৰে মলয়ৰ বিয়াৰ খবৰ লৈ আহিব ৷
মঠি থোৱা আাটাখিনি তাই টিফিন এটাত ভৰাই ফ্ৰিজত  থলে ৷

ঘৰুৱা কামলৈ এলাহ নকৰে তাই ৷ জনা হোৱাৰে পৰা মাকৰ আৰু এতিয়া  বৌৱেকৰ হাতৰ কাম কাঢ়ি লয় ৷ মাকে সমাজৰ কামবোৰত আৰু ককায়েক বৌৱেকে নিজৰ সংসাৰখনত  নিশ্চিন্তমনে সময় দিব পাৰে ৷ তাইক সকলোৱে  ঘৰ-ধৰা ছোৱালী বুলি কয় ৷ মাক আৰু ককায়েক- বৌৱেকৰ মৰমত তাই লোটপোট হৈ থাকে ৷

টুকু মুকু স্কুললৈ ওলাই যোৱাৰ পাছত ঘৰখন নিজম পৰিল ৷ মাক ,ককায়েক, বৌয়েকৰ লগতে তাই ভাত কেইটামান খালে ৷ মাক ওচৰৰ স্কুলখনলৈ ওলাই গ’ল ৷ ৰাজহুৱা সভা আছে ৷ বৌয়েকে পাকঘৰটো সামৰিলে ৷ তাই তিয়নিকেইটা ধুই বাহিৰত মেলি দিলে , টুকু-মুকুৰ পঢ়া টেবুলকেইখন সামৰিলে আৰু ফুলৰ টাব কেইটাত পানী দি বাৰাণ্ডাৰ পৰা বাটৰুৱাৰ আলেখ-লেখ চাই থাকিল ৷

ককায়েক বৌয়েক ওলাই যোৱাৰ পাছত তাই মেচিনত বহিলগৈ ৷ মলয়ৰ জোৰোণৰ অৰ্ডাৰকেইটা আজি শেষ কৰিব লাগিব ৷ সহায়কাৰী ছোৱালীজনী আজি নাহে ৷ আনকালে বৌৱেকেও তাইক সহায় কৰে ৷আজি তেওঁৰ অহা দেৰী হব ৷ মাহেকীয়াৰ সমস্যা ৷ ডাক্তৰকো দেখুৱাই আহিব ৷
তাইৰ আক’ সেইবোৰ জঞ্জাল নাই ৷ পুষ্পিতা হোৱা নাই।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক