ঘৰ-সংসাৰ (চুটি গল্পৰ চিৰিজ ২) (প্ৰদ্যুতজ্যোতি শইকীয়া)

ঘৰ-সংসাৰ ২৩

প্ৰদ্যুতজ্যোতি শইকীয়া

 

যা দেৱী সৰ্বভূতেষুঃ

শক্তি ৰৄপেন সংস্থিতা

যা দেৱী সৰ্বভূতেষুঃ

মাতৄ ৰৄপেন সংস্থিতা

নমস্ত্ছৈ নমস্ত্ছৈ নমো নমঃ

আমাৰ সহকৰ্মী ভট্টাচাৰ্যীৰ ভ্ৰাম্যভাষটো স্বয়ং কম্পনত ধৰফৰাই বাজি উঠিল ভক্তিমূলক ৰিংটনেৰে । বুজিলোঁ । মানে মোৰো ঘৰত স্বামীৰূপে সংস্থাপিত হৈ পূজাৰ বজাৰফাকি সমাপন কৰাৰ সময় আহি পৰিছে । দৰমহাটো কেইহাজাৰমান বাঢ়িলে কি হ’ব ? ইফালে ঘৰতো ডিমাণ্ডবোৰ বাঢ়ি গৈ আছে । কথাতে কয় নহয় বোলে “ৰবৰ টানিলে দীঘল হৈ গৈয়েই থাকে…খাল খান্দিলেও দীঘল হৈ গৈয়েই থাকে ” । কিবা এটা কৰিব লাগিব । পোনাকনৰ আগলৈ সহায় হ’ব বুলি সেই লাইফ ইনঞ্চিওৰ এটা খুলিছিলোঁ সেইটোৰো টকা দিব পৰা নাই । অলপ বজাৰৰ খৰচ কমাব লাগিব । পিছে গৃহমন্ত্ৰীক কেনেকৈ পতোৱা যায় ? হস্পিতালৰ পৰা চিধাই পান দোকানত সোমাই চকলেট দুটা লৈ ল’লো । পোনাকনৰ লগতে মাকলৈও । গাড়ীখন গেৰেজত সোমোৱাই গুনগুনাই গলো বিহুৰ যোজনা এটা:

সাউতকৈ ওলালে ৰঙাকৈ বেলিটি

তুমিও ওলালা পূজালৈ বুলি ।

তোমাক অনাৰ পৰাই নিগমে মৰিছোঁ

বেঙ্ক একাউন্ট হ’ল খালি ।

গুণগুণনি ধৰিব পাৰি শ্ৰীমতীয়ে উভতিয়েই ধৰিলে ।

-হেৰি , মিছা কথা নক’ব দেই । মোক অনাৰ পাছতহে এতিয়া আপোনাৰ টকা শেষ হ’ল নেকি ?

-এহ তোমাক কোৱা নাই অ’ মৰমজান । তেনেকৈ নক’বাচোন । বিহুগীততহে আছে সেইবুলি ।

-হেৰি, মোক ইমান ভুচুং পহু বুলি নাভাবিব বুজিছে । কোনো বিহুগীত নাই তেনেকোৱাকৈ । মোক লৈয়েই গাইছে আপুনি । হোঃ

শ্ৰীমতীৰ নাকৰ ফোচফোচনিৰ সৈতে গংগা যমুনা ব’বলৈ আৰম্ভ কৰিছিলেই । লাহেকৈ সৰু হ’লো ।

-এহ তুমিও যে আৰু । বুজিছা তোমাক এইবাৰ পূজাত ….

-একো নালাগে মোক…উহু..মাৰ ঘৰলৈ গুচি যাম ম‍ই…উহু…

-সঁচাকৈ ..তোমাক এইবাৰ পূজাত ম‍ই কি দিম চাই থাকা ।ক’ত ফুৰাম চাই থাকা তুমি । কি বুলি ভাবিছা তুমি….

মিঠা মিঠা কথা কেইষাৰ শেষ নহ’লেই দুৱাৰত টক টক শব্দ পৰিল । খুলি দিয়াৰ লগে লগেই এপাল ডেকা ল’ৰা সোমাই আহিল ।

-ছাৰ, আমি ৰূপহীবাৰীৰ পূজা কমিটীৰ । পূজাৰ চান্দা দিয়ক ছাৰ ।

– কিমান লিখিছা হে  ?

– একেবাৰে কম লিখিছোঁ ছাৰ । ছয় হাজাৰ   ।

ছয় হাজাৰ শুনিয়েই অণ্ঠ-কণ্ঠ শুকাই গ’ল । বৰাক ভেলীত পূজাৰ কিমান আদৰ এতিয়াহে বুজিছোঁ ।

-ছয় হাজাৰ । মাৰিব খুজিছা নেকি হে ??

-ছাৰ আপুনি দিব‍ই লাগিব । অন্য কালী পূজা, মনসা পূজা এইবোৰত আপোনাক আমনি নকৰোঁৱেই ।

-“আচ্ছা” ঠিক আছে । দিম বাৰু পাছত ।

ছয় হাজাৰ চান্দাৰ নাম শুনি পেটতে হাত ভৰি লুকালে । আৰু পাৰ্টি আহিবলৈ বাকী আছেই । শ্ৰীমতীৰ পূজাৰ বজাৰ আছেই । হে হৰি । নাই উপায় এটা উলিয়াব লাগিব । সাপো মৰক লাঠিও নাভাগক । শ্ৰীমতীকো অসম চৰকাৰৰ দৰে শিলচৰত পূজা দেখুৱাম বুলি ১১০% আশ্বাস এটা দি শুই পৰিলোঁ ।

শ্ৰীমতীক অলপ চলপ দ্ৰাইভিং শিকাই দিছোঁ পুৱাই । পাৰিছে । তাৰ পাছতে পোনাকনক লৈ বাৰাণ্ডাতে বহি আছিলোঁ । হঠাতে গপগপাই সোমাই আহিল ডেকাল’ৰা এসোপা । খোজকাঢ়ি অহাৰ ভঙ্গী দেখিয়েই বুজিলোঁ । চান্দা পাৰ্টি । এতিয়া দেখিছোঁ চান্দা পাৰ্টিৰ পৰা আত্মগোপন কৰিব লাগিব । আহিয়েই কথা আৰম্ভ কৰিলেই ।

-ছাৰ পূজা পালেহিয়েই । আপোনাৰ পৰা অলপ সহায় লাগিছিল ।

-কিমান লিখিছা কোৱাচোন বাৰু.. বুজিছা ..আমাৰ আকৌ বৰ অসুবিধা চলি আছে দেই..

-ছাৰ ছাৰ , চান্দা নালাগে .. অলপ বেলেগ সহায়হে লাগে..

কথাষাৰ শুনিয়েই মুখলৈ পানী আহিল । শ্ৰীমতীক চিঞৰিলোৱেই

-হেৰা আমাৰ …..

নামটো নাজানো কাৰণে ল’ৰাটোৰ মুখলৈ চালো । সিও একে উশাহতে বুজি পাই উত্তৰ দিলে ।

-পিনাক চক্ৰৱৰ্ত্তী , আপোনাৰ কোৱাৰ্টাৰৰ কাষতে থাকোঁ  ছাৰ । পূজাও আমাৰ হস্পিতালৰে ।

অ চিনি পাইছোঁ হে । এনেই “ব্লাইণ্ড” মাৰি দিলোঁ । শ্ৰীমতীক আকৌ চিঞৰিলোঁ

-হেৰা আমাৰ পিনাক আহিছে । চাহ কেইকাপমান কৰাচোন ।

শ্ৰীমতীয়ে ৰাতিৰ বাচন ধুই থকাৰ পৰাই দুখন দুৱাৰৰ মাজেদি অলপ কেঞাকৈ চালে । বুজিলোঁ  । মানে চাহ তৈয়াৰ নকৰোঁ । কি কৰি আ্ছো দেখা নাই নেকি ? নকৰোঁ ।কি কৰা চাওঁচোন । উপায় নাপাই নিজেই উঠিলোঁ।

-পিনাক অলপ বহা হে। তেওঁ ব্যস্ত আছে অলপ । ম‍ইয়েই চাহ অলপ বনাওঁ ।

-নালাগে খুৰা । আপুনি বহক । চাহ নাখাওঁ । কথাখিনিহে শুনক ।

খুৰা ????হেৰা তোমাতকৈ ম‍ই তিনি বছৰমানহে ডাঙৰ হ’ম নেকি … খুৰা ক’বলৈ আহিছে ।  অ’ কম বয়সত ঘৰ সংসাৰৰ বোজা কঢ়িওৱাৰ বাবে অলপ দুদাল এদাল দাড়ি নপকা নহয় .. সেইবুলি আৰু.. নেপাই দেই..অলপ খঙটো উঠিয়েই আহিছিল । তথাপিও খঙটো সামৰি ক’লো

-কোৱা এতিয়া,  কি সহায় লাগে ???

-এইবাৰ আপুনি আমাৰ পূজা কমিটীৰ সম্পাদক ।

কথাষাৰ শুনিয়েই একো নোখোৱাকৈয়ে অলপ চৰচৰণি খালো ।

-হেৰা ধেমালি নকৰিবাচোন ? বিশেষ অতিথি বা নিমন্ত্ৰিত অতিথি ইত্যাদি হ’লে বেলেগ কথা আছিল..চিধাই সম্পাদক .. মোৰ দেখোন সময়েই নাই ।

শ্ৰীমতীলৈ চালো । চায়েই বুজি পালো । মানে , মোক শিলচৰত পূজা দেখুৱাবলৈ সময় নহ’লে কথা বিষম্ হ’ব । জানি লোৱা । হোঃ । পিনাকে আকৌ পেনপেনাই উঠিল ।

-পাৰিব ছাৰ ।

-নোৱাৰোঁ বুজিছা, কাম ধেৰ ।

-কাম কৰিব নালাগে নহয় খুৰা …. মাত্ৰ নামত থাকক । পূজাৰ তিনিদিন থাকিব । পাছৰ দায়িত্ব আমাৰ । হেঃ হেঃ হেঃ ।

যুৱ কংগ্ৰেছৰ  আঞ্চলিকৰ সম্পাদক পদ খোৱাৰ সুবাদত হোৱা ৫২ ইঞ্চিমানৰ পেটতো মোহাৰি মোহাৰি ক’লে পিনাকে । চিন্তা কৰি চালো কথাষাৰ । সম্পাদক হ’লে অন্ততঃ বহুত কেইহাজাৰমানৰ চান্দাৰ টকা বাচি যোৱাটো খাটাং । শ্ৰীমতীৰ ফালে আকৌ এবাৰ কেঁৰাকৈ চালো । চাৱনিয়েই বহুত কথা ক’লেই । বুজিলোঁ । পোনাকনক কোনে চাব ? আৰু পূজাত ঘূৰা মেলা । ম‍ই কি ঘৰত সোমাই থাকিম নেকি ???? শ্ৰীমতীৰ মনৰ ভাৱ । কোনো মতে শ্ৰীমতীৰ তেৰা চাৱনিকো নেওচি হয়ভৰ দিলোঁ । কিন্তু এটা চুক্তিত । নামতহে থাকিম ম‍ই । পিনাক হাঁহি মুখেৰে ওলাই গ’ল । শ্ৰীমতীৰ বাচন বৰ্তন থওঁতে হোৱা অস্বাভাৱিক শব্দবোৰে বাৰে বাৰে সোঁৱৰাই দিলে মোক । পূজা শিলচৰত নেদেখুৱালে চাবা । কথা বিষম হ’ব ।

পিনাকে কাম নাই বুলি ক’লেহে । দুদিন পিছতেই আৰম্ভ হ’ল । প্ৰথমেই চান্দা পৰ্ব ।  বোলে “চিলেক্টিভ” মানুহৰ পৰা চান্দা উঠাবলৈ ম‍ই যাব লাগে । আৰম্ভ কৰিলোঁ আমাৰ ৰাইজৰ সেৱকৰ ঘৰৰ পৰাই । মানে স্থানীয় বিধায়কৰ পৰা ।

জয় আই অসম বুলিছা

ৰাইজৰ সেৱা কৰিছা

সোঁৱে বাঁৱে লুটিছা

বিদেশত ঘৰ বান্ধিছা ।

তিনিঘণ্টামান বাহিৰত বহাৰ পাছত  হাত দুখন ওপৰমুৱা কৰি বাহিৰলৈ ওলাল আমাৰ ৰাইজৰ সেৱকজন । পোনচাটেই নমস্কাৰ এটা দি ২০,০০০ টকাৰ চান্দা লিখা ৰচিদখন আগবঢ়াই দিলোঁ ।

-ছাৰ, হস্পিতালৰ পূজাৰ বাবে কিবা এটা লিখি দিছোঁ । দিব আৰু ।

কপালৰ ৰেখা কেইডাল কোঁচখুৱাই হঠাতে আকৌ ধেকধেকাই হাঁহি উঠিল ।

-হেঃ হেঃ হেঃ হেঃ । ২০,০০০ । হেঃ হেঃ । অলপ কম কৰিব নোৱাৰানে ?? আমি ৰাইজৰ সেৱক । এনেও জেপ ফুটা । ৰাইজক বিলাওঁতে বিলাওঁতে সকলো শে্ষেই হয় দেখোন ।

– হেঃ হেঃ ছাৰেও যে কয় আৰু । আধলি-চাধলি যি এটা জেপত পৰি আছে তাকেই দিয়ক আকৌ । হেঃ হেঃ ।

যেনে তেনে ১৫,০০০ মান তুলি এম এলৰ ঘৰৰ পৰা ওলাইছিলোহে । মোবাইলটোৱে কম্পনেৰে ভূমিকম্প তুলিলে জেপৰ ভিতৰত । “কনমাণি ভন্টী তোলৈ..মনতে পৰিছে “.. । শ্ৰীমতী ।

-হেল্ল’

-হেল্ল

-হেৰি পূজা চাবলৈ শিলচৰলৈ দ্ৰাইভাৰ ৰতনকে কওঁনে ?

-এহ থোৱাহে , ৰ’বা ম‍ই চান্দাৰ কামত লাগি আছো । মোৰ এইফালে কাম তোমাৰ আকৌ শিলচৰৰ পূজাৰ চিন্তা । হ’ব দিয়া ।অলপ খঙেৰেই কাটিলোঁ ।

তাৰ পাছত ওলালোঁ ভট্টাচাৰ্যী ঠিকাদাৰৰ ঘৰলৈ । প্ৰবাদ আছে হেনো গড়কাপ্তানি বিভাগৰ ঠিকাদাৰী কৰা ভট্ট‍ই সজা এখন দলঙো হেনো পাঁছবছৰত্কৈ ওপৰত যোৱা নাই । লাগে সেয়া পকা হওক বা কাঠৰেই হওক । ইমান সুনাম তেৰাৰ ।  হয়তো । ইমান দিন এখন দলঙেৰে মানুহ অহা যোৱা কৰিব পাৰে নেকি ??? ইজ্জত বুলিতো এটা কথা আছে । মানুহে এটা চোলা দুবছৰেই নিপিন্ধে ।তাতে ৰাজহুৱা দলং এখন আৰু । নমস্কাৰ এটা দি সোমাই গ’লো বিয়াগোম অট্টালিকাটোলৈ । মোক দেখিয়েই আগুৱাই আহিল ভট্ট বাবু

-কি হে ডাক্তৰ বাবু , আমাৰ ঘৰত যে ?? মোক কোৱা হ’লে ম‍ইয়েই গ’লো হেঁতেন । কওক কি কৰিম

-দাদা, হস্পিতালৰ পূজা .. কিবা অলপ দিয়ক …

-কিমান লিখিছে … ধৰক পঁচিশমান ।

পিনাকে মোলৈ চাই হাঁহি এটা মাৰিলে । ম‍ইও এতিয়াহে বুজিলোঁ মোক কিয় চেক্ৰেটাৰী পাতিছে ইহঁতি । মানে মোটা চান্দা । বাহ বেটা বাহ । আগলৈ নেতা হোৱাৰ দুৱাৰখন তোৰ ভালকৈয়েই খোল খাইছে ।

পূজাৰ কামত দেৰি কৰি ঘৰ সোমাই ৰাতিলৈ শ্ৰীমতীৰ এবকনি খাই শুই থাকিলোঁ । ফোনত টানকৈ কোৱাৰ বাবেও চাগৈ । একসপ্তাহমান তেনেকৈয়েই গ’ল । লাহেকৈ পূজাৰ ওচৰ চাপিল । শ্ৰীমতী আৰু পোনাকনক সময়েই দিব পৰা নাই । শেষত পূজাৰ দশমীৰ দিনা শ্ৰীমতীক পূজা দেখুওৱাৰ প্ৰতিশ্ৰুতি দিলোঁ । তাকো “ভাৰ্বেল” প্ৰতিশ্ৰুতি । পূজাৰ ষষ্ঠীৰ পৰাই শ্ৰীমতীক আৰু দেখাৰ সময় নহ’ল । মাজে মাজে ফোন আহিলেও উঠাব নোৱাৰো । এই পূজা দিয়া। সেৱা কৰা । মূৰ্তি প্ৰতিষ্ঠা । তিলক লোৱা । মাজে মাজে নিমন্ত্ৰিত অতিথিবোৰ আছেই । যিমানেই দশমীৰ ওচৰ চাপিছে সিমানেই শ্ৰীমতীৰ পূজা চোৱাৰ হেঁপাহ আৰু ওলাহ বাঢ়িছে , আৰু মোৰ পেটত হাত ভৰি মূৰ সকলো লুকাইছে । শ্ৰীমতী বজাৰলৈ ওলোৱা মানেই জেপটো অলপ শুকাই খীণাই যোৱা । একেবাৰে জোলোঙাৰ মেকুৰী জোলোঙাত সোমোৱাৰ দৰে অৱস্থা মোৰ এইবাৰ । এফালে হস্পিতাল , এফালে পূজা ।  মাজতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি শ্ৰীমতীৰ মাহেকীয়া লেঠাভাগিয়ে পালে । মানে পাকঘৰত ন’ এন্ট্ৰী । ম‍ই আকৌ এবাৰ চতুৰ্ভূজ ৰৄপ ধাৰণ কৰিবলগীয়া হ’ল । এহাতে যদি ষ্টেথ’স্কপ এহাতত থাকে পূজা কমীটীৰ হিচাপৰ বহী । এহাতত যদি থাকে ভাতৰ হেতা আনখন হাতেৰে কোলাত পোনাকন । এইকেইদিনতে গম পাইছোঁ নাৰায়নৰ চাৰিখন হাত কিয় থাকে ?? মাজে মাজে আকৌ পূজা চাবৰ বাবে শ্ৰীমতীৰ শিলচৰলৈ যোৱা ৰিমাইণ্ডাৰটো আছেই ।

নৱমীৰ দিনা শ্ৰীমতীলৈ বুলি ভাল বস্তু দুপদ ল’লো । পূজা চাবলৈ গ’লেও চাৰপ্ৰাইজ গিফট বুলি কথা এটাও থাকে দিয়কচোন ৰাইজ । দিব লাগিব সুযোগ বুজি । এনেও এই সম্পাদকডাল হোৱাৰ পাছত দুইসপ্তাহমান শ্ৰীমতীৰ লগত ভালকৈ দেখা শুনাই হোৱা নাই । পূজাও ভালকৈ দেখুৱাব লাগিব ।

দশমীৰ দিনা পুৱাৰ পৰাই শ্ৰীমতীৰ গাত উখল মাখল । শ্ৰীমতীক পাই কোনে ??? গা একেবাৰে উনৈশখন বিশখন লাগি আছে যেন পাওঁ । ম‍ইহে পূজাৰ কামত তত পোৱা নাই । সন্ধিয়ালৈ দহ পোন্ধৰবাৰমান ফ’ন আহিলেই  । এবাৰ যদি কৈছে “আপুনি আহক আকৌ ” এবাৰ ক’ব ম‍ই ওলালোঁ দেই ” আকৌ এবাৰ সোঁৱৰাব “ৰতন আহিল দেই ” । ইফালে পূজাত শকত চান্দা দিয়া শকত আৱত ৰাইজৰ সেৱকসকলৰো ভিৰ লাগিছে । পোনচাটে আহিয়েই সম্পাদককহে খবৰ কৰে । উপায় নাপাই একেবাৰে শেষত শ্ৰীমতীৰ আশাত চেচাঁপানী ধালিলোঁ । বোলো নোৱাৰোঁ যাব । খচক কৰে ফ’নটো কাটি দিলে । বুজিলোঁ । আজি মোৰ মূৰত কেইপাটমান বজ্ৰপাত পৰাটো খাটাং । অলপ সময়ৰ পাচত শ্ৰীমতীয়ে নিজেই দ্ৰাইভ কৰি গাড়ীখন লৈ আহিল । ৰাম ৰাম ।মোৰ বসন্তীখনৰ আজি কি অৱস্থা হ’ব ভগৱানেহে জানে । পিছে গাড়ীৰপৰা নমাৰ পাছত দেখিলো শ্ৰীমতীৰ দেখোন একেবাৰে দূৰ্গা দেৱীৰ ২০১২ৰ আপডেটেড ৰৄপ । পিন্ধনত জিনচ- টি চাৰ্ট । হে হৰি । এই বোৰ্খা আৰু শাৰীৰ মাজত একেবাৰে “মোহিনী” ৰৄপ । লগত গণেশহেন বডীগাৰ্ড ৰৄপী পোনাকন ।  ভি আই পি কেইজনক এৰি আগুৱাই গ’লো । ম‍ই কথা পাতিবলৈ নাপালোৱেই । পিনাকে টানি লৈ গ’ল শ্ৰীমতীক । ষ্টাফৰ গোটেইমখাই হা কৈ মুখ মেলি চাই আছে শ্ৰীমতীৰ ফালে । মানে শ‍ইকীয়ানীক আজি কিহে পালে ?? সদায় পিন্ধা মেখেলা চাদৰৰ পৰা শাৰী আৰু চুৰিদাৰক বাইপাছ কৰি ইমান উন্নতি যে  । ৰাম ৰাম । ম‍ই ভাল দেখিলেও কি হ’ব । হায় হায় । দুবছৰীয়া ল’ৰাৰ মাক । এইবাৰ আকৌ শ্ৰীমতী হাতত আৰতি লৈ । পিনাকো কম নহয় । মাইকত এনাউণ্স কৰিলেই ” এইবাৰ দশমীৰ পূজা দিব শ্ৰীগৌৰীৰ…..” । তলৰ পৰা দুটামান ম‍ই চিনি পোৱা চেঙেলীয়াই চিঞৰিলেই “মেডাম , হট লাগিছে দেই “। ক’তে মৰো ম‍ই । প্ৰতিশোধো প্ৰতিশোধ , একেবাৰে ষোল্ল অন্না পূৰাই লৈছে । পূজা শেষ কৰি মোলৈ বিয়াগোম কেচাঁখাইতী গোসাঁনী টাইপৰ চাৱনিটো মাৰি ফোঁফোঁৱাই আকৌ গুছি গ’ল শ্ৰীমতী । চাৱনিটোতে আকৌ গম পালো ” বোপা আহা আজি ঘৰলৈ । মজা পাবা । পূজা ভাল দেখুৱালা । সম্পাদক ওলাইছে । হোঃ “। শেষৰ হোঃটো যেন দহবাৰমান বাজিল কানত । নিজেই দ্ৰাইভ কৰি গুছি গ’ল ফোঁফোঁৱাই । ম’বাইল লগাই চালো । ম’বাইল চুইটছ অফ ।

ৰাতি তিনিটামান বজাত ঘৰ সোমালোহি । দৰ্জা খোলাই আছিল । গেৰেজত সোমাই গাড়ীখন চালো । লাইটৰ ওচৰত দুটুকুৰামান ঘাঁ । মোক দেখি গাড়ীখনেও যেন ভেকাহি মাৰিলে ” বোপাই , ত‍ই যোৱা হ’লে মোৰ আজি এই অৱস্থা নহয় ” । ততাতৈয়াকৈ গা পা ধুই শ্ৰীমতীৰ কাষ চাপিলোঁ । শ্ৰীমতী শুই আছে । এনেও ৰামায়ানৰ এক অধ্যায়ৰ সমান গালি খাবলৈ সাজু আছো । দেখিয়েই শ্ৰীমতীয়ে মুখ ঘূৰালে । মানে লাভ নাই বোপাই ।আৰু দুমাহমানলৈ মোৰ কাষ নাচাপিবা । লাহেকৈ মাত এষাৰ দিলো

-হেৰা, সম্পাদক হোৱাৰ পৰা কিমানদিন যে তোমাৰ কাষলৈ অহা নাই । আগৰ দৰে কিমান দিন যে কথা পাতি পাতি উজাগৰী নিশা কটোৱা নাই । কেতিয়া আছিল মনত আছেনে ?

শ্ৰীমতীয়ে খোচ মাৰিয়েই উত্তৰ দিলে

-ৰাতি তিনিটা বজাত কবিতা মাতি লাভ নাই ।

ছয়বাৰমান চেষ্টা কৰি নোৱাৰিলোঁ । শেষত আমোঘ অস্ত্ৰপাট এৰিলোঁ ।

-হেৰা , তোমাক পূজা দেখুৱাবলৈ নিনিলে কি হ’ল । তোমাৰ কাৰণে একো নোলোৱাকৈ আছো বুলি ভাবিছা নেকি হে ??? চোৱাচোন ..

কৈয়েই নৱমীৰ দিনা কিনা শাৰীখন আৰু নেকলেছডাল শ্ৰীমতীৰ আগত দিলোঁ ।

অস্ত্ৰপাটে কামত দিলে শ্ৰীমতীৰ নাকৰ ফোচফোচনি শব্দৰ মাজতে আধাফুলা গোলাপৰ দৰে হাঁহিটো দেখিলো ।। চাঞ্চটো লওঁ বুলি শ্ৰীমতীৰ ফালে….।শ্ৰীমতীয়ে ঠেলা মাৰি দিলে মোক লাজতে ।

-ধেত এইডাল , যাওক । পোনাকনে সাৰ পাব এতিয়া ।

যা দেৱী সৰ্বভূতেষু

“ৱাইফ” ৰৄপে সংস্থিতা

শাৰী দিছো নেকলেছ দিছো

এইবাৰলৈ মাফ কৰা ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক