ঘৰ-সংসাৰ ( প্ৰদ্যুতজ্যোতি শইকীয়া )

ঘৰ সংসাৰ (১৮)

প্ৰদ্যুতজ্যোতি শইকীয়া

“বেজৰ নাকত খৰ”। এই কথাষাৰী প্ৰায়েই আওঁৰাই থাকে আমাৰ গৃহমন্ত্ৰীয়ে। যেতিয়াই ম‍ই অসুখত ভোগো তেতিয়াই। অসুখ মানেনো কি ?  সাধাৰণ পানীলগা জ্বৰ,কাঁহ, ইত্যাদি ইত্যাদি। প্ৰায়েই অৱজ্ঞাই কৰোঁ। পিছে এইবাৰ ফকৰা যোজনাটি বাৰুকৈয়েই খাটিলে মোৰ লগত। “বেজৰ নাকত খৰ”। প্ৰথমে গুৰুত্ব‍ই দিয়া নাছিলো কথাটোত। সেইদিনা ৰাতিপুৱা শুই উঠাৰ সময়ত শ্ৰীমতীয়েহে ক’লে “হেৰি আপোনাৰ দেখোন চকুকেইটা কিবা হালধীয়া হালধীয়া লাগিছে যে?”।ভেকাহি মাৰি উঠিলো  “থোৱাহে তোমাৰ কথা। আপদ মাতিছা কিয় ? যোৱা আদা দি লাল চাহ অকণমান দিয়া”। মনে মনে অলপ ভয়ো খালো। হালধীয়া ? সিবিধে পোৱা নাইতো ? মানে “জণ্ডিছ”।নিজে নিজেই অলপ উচপখোৱাৰ দৰে হ’ল কথাটো। লৰালৰিকৈ আইনাখনৰ ওচৰলৈ দৌৰ লগালো।  চালো। অলপ হালধীয়া নিচিনা ভাৱ এটা নহা নহয় দেখোন। বাপ্পেকে এইবাৰহে এইবাৰ। শ্ৰীমতীৰ আগত ধৰা দিব নোৱাৰি। ভালেটিহে মোৰ গাটো দুই এদিনমানৰ পৰা অলপ দুৰ্বল দুৰ্বল লাগি আছিল। শ্ৰীমতীৰ আগত দুৰ্বল হৈ দেখোৱাব নোৱাৰি। ততাতৈয়াকৈ গা পা ধুই ওলাই আহিলো হস্পিতাললৈ বুলি। শ্ৰীমতীক ক’লো “হস্পিতাললৈ ঔষধ আহিছে। নতুন চৰকাৰী চাপ্লাই। সোনকালে যাব লাগিব।”  পিছে সোনকালে যোৱাৰ আছল উদ্দেশ্য ক’ৰবাতহে। লেবৰেটৰী টেকনিছিয়ানজনক মাতি আনি ক’লো– “মোৰ বিলিৰুবিনৰ লেভেলেটো চাই দিয়াহে”। তেজ দিলো। আবেলিলৈ ৰিপৰ্ট আহিল।যিটো নহওক বুলি ভাবিছিলো সেইটোৱেই হ’ল। তেজত বিলিৰুবিনৰ মাত্ৰা বাঢ়িল। ভয়টো দুগুনে সোমাল। কাৰণ শ্ৰীমতীক অনাৰ আগতে যিটো হাৰত ঘুটং পানী খালো। যদি সোমৰসজনিত চৰ্বিযুক্ত যকৃতৰ ৰোগ (এলকহলিক ফেট্টী লিভাৰ ডিজিজ) হয় তেন্তে…। জিভাখন শুকাই যোৱা যেন পালো। লৰালৰিকৈ বাকী প্ৰয়োজনীয় পৰীক্ষাসমূহ কৰাই পেলালো। অতিশাব্দিক নিৰীক্ষন (ছ’নগ্ৰাফী),ভাইৰাছৰ সূচকসমূহ (ভাইৰেল মাৰ্কাৰছ),তেজ আৰু মূত্ৰৰ নিয়ম মাফিক পৰীক্ষাসমূহ (ৰুটিন একজামিনেছন ওৱ ব্লাড এণ্ড ইউৰিণ)। মুঠতে সকলোবোৰ কৰালো। ভাগ্য ভাল , পৰীক্ষাসমূহৰ পৰা এটা কথা পৰিষ্কাৰ হ’ল যে যকৃত ডাঙৰ হৈছে হয়। কিন্তু সোমৰসজনিত জণ্ডিছবিধ নহয়। ভাইৰাছজনিতহে। ২১ দিন মান লাগিব ভাল হওঁতে। পিছে গৃহমন্ত্ৰীক কেনেকৈ কাবু কৰা যায় ? তেৰাইটো এইবোৰ পৰীক্ষা নিৰীক্ষাৰ ডাক্টৰী ৰিপৰ্ট নামানে। চিধাই এটা প‍ইণ্টতেই যাব। মুতনীসোপা খোৱাৰ কাৰণেই এনেকুৱা হ’ল। ছেঃ,কি কৰা যায় ?

ভয়ে ভয়ে ঘৰলৈ আহিলো। শ্ৰীমতী পোনাকনক খুৱাই দিয়াত ব্যস্ত। সিও ভালেমানটি হৈছে। ১০ মাহত ভৰি দিছে। কলকলাবলৈ আৰম্ভ কৰিছেই। বুদ্ধি এটা পাইছো। শ্ৰীমতীৰ লগত মুখামুখি নোহোৱাকৈ চলাই দিয়াই ভাল। ইফালে এইবিধ ৰোগ আকৌ খোৱাপানীৰ যোগেদি সংক্ৰমিত হয়। পোনাকনৰ কাৰণেও চিন্তাই লাগিল। টিকি আৰু পোনকনৰ কথা চিন্তা কৰিয়েই কাপোৰ কানিৰ আলনাডাল আঁতৰাই ৰাখিলো। শ্ৰীমতীৰ ফাললৈ নোচোৱাকৈ ঔষধৰ বাকছটো আগবঢ়াই দিলো। নিজৰ শুৱা কোঠাত নি থ’লে শ্ৰীমতীয়ে। পোনাকনক খোৱাই শ্ৰীমতীয়ে মোক ভাত দিলে। ভাত খাওঁতেও সমস্যা হ’ব। মাচ,মাংস,তেল,মচলা খালে হৈছে আৰু। নাকটো মোহাৰি বুদ্ধি এটা সাজি পেলালো। শ্ৰীমতীক ক’লো “টিকি আমি কিছুদিম তেল নমৰাকৈ খাওঁ দিয়াহে। মাছ মাংসও নাখাওঁ। কেৱল ফলমুল আৰু সিদ্ধ শাক পাচলি। তোমাৰ চৰ্বিও নাবাঢ়ে। ডায়েট কৰাও হ’ব।” শ্ৰীমতীয়ে মোলৈ ঘোপাকৈ চালে। চাৱনিটোতে ধৰি পেলালো শাক পাচলি সিদ্ধ খাই ভাল পোৱা গৃহমন্ত্ৰীৰ মনৰ কথাষাৰ “কোনোদিন ব‍ইল নোখোৱা, মাংস নহ’লে ভাত নোখোৱা বেটাৰ মুখত আজি কি শুনিছো”।শ্ৰীমতীয়ে সেইষাৰ নকৈ ফকৰা যোজনা এটা আৰম্ভ কৰিবলৈ লওঁতেই “ভূতৰ মুখত ৰা….” ম‍ই ব্ৰহ্মাস্ত্ৰপাট এৰি দিলো “কেলৈ তুমি জানো ডা০ মাহাতিৰ মিছেছক দেখাই নাই? কেনেকৈ ফটকৰে ১০ কেজি কমাই শ্লীম হৈ গ’ল।তুমি বেয়া পোৱা যদি নালাগে খাব ব‍ইল। এনেও তোমাৰ ওজন ঠিকেই আছে।  ৬৮ কেজিহে। অলপ ককাঁলৰ ওপৰত যেনিবা চৰ্বি হৈছে।বিয়া পতা মানুহৰ থাকেই।আৰু মিছেছ মাহাতিৰ ওজনো কম নহয়, ৫৩। তোমাৰ ওৱেইটৰ প্ৰায় সমানেই।খালী দেখাত অলপ শ্লীম যেনিবা”।শ্লীম শব্দটোত অলপ বেছি জোৰ দিলো। ব্ৰহ্মাস্ত্ৰপাট এৰি তলকা মাৰি ৰ’লো। চাওঁ সেই পালিয়ে কামত দিয়েনে নিদিয়ে।শ্ৰীমতীয়ে আকৌ সেই কেঁচাই খাইতী গোঁসানী টাইপত চাৱনী এটা মাৰিলে।অন্তৰ্নিহিত ভাৱটো ধৰিব পাৰিলোৱেই “তুমি মিছেছ মাহতিৰ ওজন কেনেকৈ জানিলা? ম‍ইও শ্ৰীমতীয়ে প্ৰশ্ন কৰাৰ আগতেই উত্তৰ দিলো “হস্পিতালৰ মোৰ ৰোগী চোৱা ৰূমত ওজন জোখাবলৈ আহিছিল। কোনেও নকয় দেই এহাল ল’ৰা ছোৱালীৰ মাক বুলি। তোমাকটো আৰু নকয়। ল’ৰা ছোৱালী একো নাই বুলিয়েই ক’ব”।আকৌ এবাৰ শেষৰ ফালে খোঁচ এটা দিলো। এইবাৰ গৃহমন্ত্ৰী ধৰাষায়ী হ’ল। চিঞৰি উঠিল “হ’ব হ’ব। ইমান মিছেছ মাহাতিৰ কথা জহাব নালাগে। চাই থাকা এই এমাহৰ ভিতৰত ওজন কমাই আছো”।নিজৰ উদ্দেশ্য সিদ্ধি হোৱাত চয়তানি মনটোৱে কিৰিলিয়াই উঠিল।

ৰাতিলৈ ভাত-পানী খাই পোনাকনক শুৱাই শ্ৰীমতীয়ে লেপটপ মেলিলে। মাজে মাজে আজিকালি টিকিয়ে অনলাইন আলোচনীবোৰ চায়। বেকাঁকৈ চাই দেখো সাহিত্য.অৰ্গ মেলি আছে। শ্ৰীমতীয়ে চিঞৰিয়েই উঠিল প্ৰায় “তোমাৰ কবিতা এটা ওলাইছে সাহিত্য.অৰ্গত”।ম‍ই ক’লো “আবৃত্তি কৰাচোন তুমি।আগতে দেখোন খুব ভাল আবৃত্তি কৰিছিলা।” শ্ৰীমতীয়ে আবৃত্তি কৰিবলৈ আৰম্ভ কৰিলে-
তোমাক ভাল পাওঁ বাবেই
কঢ়িয়াই ফুৰিছোঁ
এটা এলকহলিক এনলাৰ্জড লিভাৰ,
তোমাৰ স্মৃতি মচাৰ চেষ্টাত খোৱা
প্ৰতি টোপাল ফটিকাৰ পৰিনাম
এটা এলকহ’লিক এনলাৰ্জড লিভাৰ।
তোমাক ভাল পাওঁ বাবেই
কঢ়িয়াই ফুৰিছোঁ
এটা চাৰিবছৰীয়া এদিক্টেদ প্ৰেমৰ ফিভাৰ,
তোমাৰ সৈতে কটোৱা
প্ৰতিটো ক্ষনৰ ডেঞ্জাৰাছ পৰিনাম
এটা চাৰিবছৰীয়া এদিক্টেদ প্ৰেমৰ ফিভাৰ।
“ৰ’বা ৰ’বা”।আবৃত্তিৰ সোঁমাজ লাগোতেই ৰখাই দিলো টিকিক।আৰম্ভ কৰোঁতেই পেটতে হাত ভৰি লুকাওঁ নিচিনা হৈছিলেই।”এটা এলকহলিক এনলাৰ্জড লিভাৰ” বাক্যটো শুনিয়েই সৰুপানী বিচনাতে উলাই যোৱা যেন লাগিল।হে হৰি ৰক্ষা কৰা।শ্ৰীমতীয়ে যদি কেনেবাকৈ অলপো গম পায় তেন্তে মোৰ কি অৱস্থা হ’ব সেইটো ম‍ই আৰু বেলনা মাৰি কেইডালেহে জানো।শ্ৰীমতীয়ে ইফালে গুনগুনাই আবৃত্তি কৰি আছে “প্ৰটি টোপাল ফটি……”।”নিজৰ সৄষ্টিক নিজেই ভয় কৰোঁ ম‍ই” বুলি কোনোবা মহাপুৰুষ টাইপৰ লিখক এজনে কোৱা মনত আছিল মোৰ। বিশ্বাস কৰা নাছিলো। আজি নিজৰ ক্ষেত্ৰত পাইহে বুজিছো। কি দুখত চাগৈ সেইজনাই এই বাক্যশাৰী কৈছিল। দেহি ঐ। শ্ৰীমতীয়ে কৈ উঠিল “মোৰ কাৰণে লিখিছা ন’? ম‍ই যে এবাৰ চিনেমা চাব নাযাওঁ বুলি কৈছিলো তোমাক যোৰহাটত থাকোঁতে।তুমি যে ৰাতিলৈ গেলাসোপা খাই মোক কৈছিলা, মদ খাই লিভাৰ শেষ কৰি দিম বুলি।সেইটো ঘটনাৰ ওপৰত লিখিছা ন’ ? খুব ভাল লাগিছে”। ম‍ইও মিচিকিয়াই হয়বোধকভাৱে মুৰটো দুপিয়াই দি মনে মনে ভাবিলো। মানুহে কয়, ওলোটা বুজিলি ৰাম হ’ল। মোৰ ক্ষেত্ৰত আকৌ ওলোটা বুজিলি ভাল হ’ল। পিছে কিমান দিননো হালধীয়া হোৱা চকু আৰু শৰীৰ গৃহমন্ত্ৰ্ৰীৰ পৰা বচাই ৰাখিম। হমমম।

চাৰিদিনমান ঠিকেই গ’ল।গাত জ্বৰ আৰু দুৰ্বলতা।বহুত কষ্ট কৰি শ্ৰীমতীৰ পৰা বাচি আছো।গম পোৱা নাই এতিয়ালৈকে।ঔষধ খাইছো বাথৰুমত।পোনাকনৰ পৰাও আঁতৰি আছো।পিছে পয়মালটো লাগিল পোনাকনক লৈ।ম‍ই সাজি কাচি উলাইছো পুৱাই হস্পিতাললৈ বুলি।এনেতে শ্ৰীমতীয়ে পোনাকনক কোঁচত দি ক’লে “দুইমিনিট লোৱাচোন।ম‍ই ফতকৰে বাথৰুমৰ পৰা আহোঁ।”শ্ৰীমতীও কৰ’বাত যাব চাগৈ ওচৰে পাঁজৰে।এইখিনি সময়তে পোনাকনে দিলে বেয়া কামটো কৰি।হাতখন অলপ ভিজা ভিজা হওঁতেহে গম পালো।শ্ৰীমতীয়ে আহিয়েই পোনাকনক ডবিয়াই উঠিল “জেমছ, বৰ দুষ্ট হৈছা তুমি।দেউতাৰ গাতে চু কৰি দিলা”।পোনাকনক চোফাত বহুৱাই মোৰ চাৰ্টৰ বুটাম খুলি খুলি ক’লে “আৰে, আপোনাৰ গাতো গৰম দেখোন।চকু দুটা হালধীয়া দেখোন।চাওঁ”।ম‍ই চকু মিলাব বিছৰা নাই।এইবাৰ শ্ৰীমতী তত্‍পৰ হৈ উঠিল।চোলাটো খোলাৰ পাচত গোটেই গাতো অলপ হালধীয়া হালধীয়া দেখি চিত্‍কাৰ কৰি উঠিল “অহ হ’ এতিয়াহে বুজিছো।ব‍ইল খোৱাৰ ৰহস্য।মোৰ লগত ৰাতি একেলগে নোহোৱাৰ ৰহস্য।ৰাতি খোৱাৰ পাছত বাথৰুমলৈ সদায় পানী বটল কিয় নিয়ে? হে ভগৱান সেই মুতনীসোপা খাই খাই তোমাৰ এয়া হ’ল। হ’ব‍ই। আৰু হ’ব। হওক। তুমি মৰিলে মোৰ কি যায়? জেমছৰ কি যায়?”।হুক হুকাই কান্দি উঠিল টিকি।মোৰ চকুও সেমেকি গ’ল।ভাবিছিলো বেলনা মাৰি পাম।পিছে পালো চকুপানীহে।পাছৰ ঘটনা ৰাইজৰ সহজেই অনুমেয়।ফ’ন গ’ল ঘৰলৈ।মা আহিল।শ্ৰীমতীৰ ঘৰৰ পৰা চিৰাচৰিতভাৱে অসমীয়া দৰৱ আহিল।কেঁহা, তিতা জ্বলা ঔষধসোপা খাব লগা হ’ল।লগতে মোৰ এল’পেথিক চিকিত্‍সাও চলিল।সম্পূৰ্ন এমাহৰ মুৰত ভাল পাই উঠিলো।তাৰ মাজতে শ্ৰীমতীৰ ককৰ্থনা, ভত্‍সনা।কথাই কথাই কাণ ঘোলা কৰা গালি “মদাহী ক’ৰবাৰ।সেই গেলাসোপা খায়েই এই অৱস্থা।লগৰ কেইটাও কম নহয় নহয়।এটা আছে ধ্ৰুৱ নে চুব? গাহৰিৰ দৰে চেহেৰা।নিজেতো বিয়া বাৰু কৰোৱা নাইয়েই।মাজে মাজে শুনো নহয় ফ’নত কথা পতা।গেলাসোপা খাব নোৱাৰিব বুলিয়েই হেনো বিয়া পতা নাই।হোঃ।আহক এইবাৰ।আৰু এটা আছে পঙ্কজ নে তঙ্কজ? ৰাতিখন কিবা কিবি চম্পাগনী তম্পাগনী চিঞৰি থাকে লেপটপত। ম‍ই যেনিবা বুজিহে নাপাওঁ।হোঃ।কাম নাই সেইমখাৰ।এবাৰটো কিবা সম্পাদক পাতিলে কিহবাৰ(ইফালে সাহিত্য.অৰ্গৰ শ্ৰীমতী নিয়মীয়া পাঠক)।আহক এইবাৰ মোৰ ঘৰলৈ চাই ল’ম”।সময় সুবিধা পালেই উৰহৰ খঙ ভগা ঢাৰিত জাৰিয়েই থাকে শ্ৰীমতীয়ে।ম‍ইও নৰীয়া গাৰে শুনি আছো।মাত মাতিব নোৱাৰো।ম‍ই এতিয়া ভিজা মেকুৰী।ইফালে নৰীয়া গাতে মোৰ গালত মাৰ পূৰ্নহতীয়া দুইচৰ।সিফালে ককাইদেউৰ গালি।ভাগ্য যেনিবা সি কথাটো বুজাই কোৱাত বুজিলে যে এইটো মদৰ কাৰণে হোৱা নাই।ভাইৰাচৰ কাৰণেহে হৈছে।পিছে আমাৰ আইমাতৃ আৰু গৃহমন্ত্ৰীক বুজাই কোনে ? বাৰু যিকি নহওক ভাল হৈ উঠিলো লাহে লাহে।ভালকৈ টনকিয়াল হ’বলৈ ডেৰ মাহ মানেই লাগিল।
দুমাহমানৰ মুৰত ওলালো গাড়ীখন লৈ ওচৰৰে প্ৰফেছৰ পেগুদাৰ ঘৰলৈ। শ্ৰীমতী লগত। এৰি নিদিয়ে আজি কালি।পোনাকনক মাক গটালোঁ।পেগুদা আৰু বৌয়ে আদৰ-সাদৰকৈ আমাক ভিতৰলৈ মাতি নিলে।বহুত দিনৰ মুৰত পাই আমাক নেৰাই হ’ল পেগুদাই।শ্ৰীমতীক বৌয়ে নি ভিতৰ সোমোৱালেগৈ।ভিতৰলৈ যোৱাৰ আগতে পেগুদাৰ চিগাৰেটৰ ছাই পেলোৱা ছাইদানীটোলৈ এবাৰ আৰু এবাৰ মোলৈ কেঁয়াকৈ চাবলৈ নাপাহৰিলে।অঘোষিত বক্তব্যটো বুজি পালো “চিগাৰেট একসোপাও যদি খোৱা তেন্তে ঘৰলৈ গৈ বেলনা মাৰিডাল তোমাৰ মুৰতে ভাঙিম”।লগালগ মোৰ সাহিত্য.অৰ্গৰ সম্পাদক হওঁতে ৰাতি এদিন ২ টালৈকে কাম কৰি থাকোঁতে মোৰ গালৈ গৃহমন্ত্ৰীয়ে প্লাষ্টিকৰ চকীখন মাৰি দিয়া ঘটনাটোলৈ মনত পৰিল।এইবাৰ যে আকৌ মোৰ মুৰত বেলনা মাৰি নেমাৰিব তাৰ কোনো মানে নাই।অৱশ্যে ম‍ই চিগাৰেট বাদ দিছোঁ।
কথাই কথাই পেগুদাৰ লগত “আলি-আই-লৃগাং”ৰ কথা ওলাল।পাতিব হেনো বদৰপুৰত।ম‍ই হেনো স্পেচিয়েল ইনভাইটী।সুধিলো “কিয়?”।”আৰে শ‍ইকীয়া বাবু।ঐনিতমৰ সুৰ কোনে দিব বাঁহীত আপুনি নাথাকিলে ? ঢোল কোনে বজাব ? আপুনি নহ’লে মজাই শেষ।শ্ৰীমতীয়ে পাকঘৰৰ পৰা সাউতকৈ ওলাই আহি মাত দিলে “হেৰি নহয় ককাইদেউ, তেখেতৰ গা মুৰ বৰ ভাল নহয়।নোৱাৰিব নেকি?”।কৈয়েই মোৰ ফালে চালে শ্ৰীমতীয়ে ঘোপাকৈ।মানে “নোকোৱা কিয় নোৱাৰো বুলি?”।কথাষাৰ ধৰিব পাৰি খপজপাই কৈ উঠিলো “হয় পেগুদা।তাই ঠিকেই কৈছে।গা ভাল নহয়।নোৱাৰিম”।পেগুদা জকজকাই উঠিল।ইমান দিনৰ পৰা তোমাৰ কাৰণেই বৌয়েৰাই আপং তৈয়াৰ কৰি ৰাখিছে।এতিয়া বেমাৰ বুলি না কৰিলে হ’বনে? নহ’ব।ন’ অবজেকছন।”শ্ৰীমতীয়ে ক’লে “হেৰা নোকোৱা কিয় ? কি বেমাৰ হৈছিল তোমাৰ।কোৱা আকৌ কি খায় কি বেমাৰ হৈছিল তোমাৰ।লাজ লাগিছে নেকি এতিয়া।ককাইদেউ ম‍ই কৈছো শুনক।এইজনাই সেই গেলাসোপা খাই খাই জণ্ডীছ কৰিলে।সেয়েহে মানা কৰিছো আলি-আই-লৃগাং খাবলৈ। নহ’লে ম‍ইও গ’লো হয়।” পেগুদাই মুখনি মাৰি ক’লে শ্ৰীমতীক উদ্দেশ্যি “দুইজন আহিবা।শ‍ইকীয়াৰ বাঁহী নহ’লে নচলিব।আপং খাব নালাগে বাৰু।” শ্ৰীমতীয়ে থেৰোগেৰোঁকৈ সন্মতি দিলে।খোৱা বোৱা কৰি আহিলো ঘৰলৈ।শ্ৰীমতীয়ে পিছে মাক লগাবলৈ নেৰিলে “জানে মা, এওঁ পেগুদাৰ ঘৰত আপং খা….”।কান বন্ধ কৰি টোপনি যোৱাত গুৰুত্ব দিলো।
আলি-আই-লৃগাঙৰ নিৰ্দিষ্ট দিনটো আহিল।তাৰ আগৰ দিনা মা গ’ল ঘৰলৈ।সাজি কাঁচি ওলালো দুয়ো।শ্ৰীমতীৰ গাত মিছিংৰ পৰম্পৰাগত সাজ।অপূৰ্ব লাগিছে আজি টিকিক।যেন স্বৰ্গৰ অপেশ্বৰীহে।জাতিত মিছিং মিছেছ মাহাতিও ওলাল আমাৰ লগতে।হাজবেণ্ড নাযায়।ডিউটি আছে।গাড়ীত বহাৰ অলপ পাছতে ম‍ই নিজৰ চুলিখিনি চোৱাৰ কাৰণে গাড়ীৰ বেক ভিউ গ্লাছখন অলপ লৰাই চৰাই দিলো।লগতে পাছৰ চিটত বহা মিছেছ মাহাতিক চাবলৈ নেপাহৰিলো। পিছে হঠাত্‍ মৰা শ্ৰীমতীৰ গল খেকাৰিটোৱে যেন কৈ দিলে “আগলৈ চোৱা বোপা।কিনাৰত ম‍ই তোমাৰ গৃহমন্ত্ৰী বহি আছো।” বদৰপুৰৰ ব্ৰীজৰ কাষতে আয়োজন কৰা লৃগাঙৰ ঠাই পালোগৈ পাঁচ মিনিটতে।আমাৰ আগতেই অতিথিসকলে স্থান অধিকাৰ কৰিলেই।অতিথিৰ ভিতৰত আছিল কৰিমগঞ্জ,হাইলাকান্দি আৰু কাছাৰৰ ডি.এছ.পি।সন্মুখত আপং।মনে মনে ভাবিলো “হে হৰি এই বেমাৰটিনো কিয় দিলা?” পিছে বেমাৰ নহ’লেও শ্ৰীমতী থকা অৱস্থাত খাব নোৱাৰি।পাৰ্টি আৰম্ভ হ’ল।শ্ৰীমতীৰ শেন চকু চলি থাকিল মোৰ ওপৰত।লগতে কাম কৰা ছোৱালীজনীলৈ ফ’ন কৰি পোনাকনৰো খবৰ লৈ থাকিল।নাচ গান চলিল।শ্ৰীমতীয়েও এপাক নাচিলে মোৰ বাঁহীৰ সুৰত।ভাল লাগিল।এই বিলাকৰ মাজতে পেগুদা আৰু ডি.এছ.পি ইফটিকাৰে লগ ধৰিলে মোক “বলক চিগাৰেট খাই আহোঁ নদীৰ গড়াৰ তলত।” ম‍ই ক’লো “চিগাৰেট নাখাওঁ।কিন্তু একম্পেনী দিম বলক।” নামি গ’লো তললৈ।চাৰি মিনিটমান পাছতেই ফ’ন আহিল মোৰ।নিৰ্ধাৰিত্ভাৱে শ্ৰীমতীৰ।চিঞৰি উঠিল গৃহমন্ত্ৰীয়ে “ইয়াত খাব নোৱাৰি তলত নামি গৈ চিগাৰেট খাইছা ? নাই দেখা বুলি ভাবিছা টিকলৌ কাই? ওপৰলৈ চোৱা।” চালো।গড়াৰ ওপৰত মোৰ পাছফালে শ্ৰীমতীয়ে মোলৈকে ত তকৈ চাই আছে। ধোঁৱা ওলাই থকা দেখি নিশ্চয় ম‍ই চিগাৰেট খোৱা বুলিয়েই ভাবিছে নিশ্চয়।মোৰ কপাল নহয় এইখন, এইখন চোতাল।খালেও বিপদ নাখালেও বিপদ।ওপৰলৈ অহাৰ লগে লগেই শ্ৰীমতীয়ে গোটেই গাতো আৰু মুখখন গোন্ধি  চালে। মুখত গোন্ধ নাপালে যদিও চাৰ্টত চিগাৰেটৰ গোন্ধ পাই কিবা এটা সন্দেহ সন্দেহ ভাৱত থাকিল।ঘৰলৈ বুলি আহিলো লৃগাঙ শেষ কৰি।

আহি পায়েই লৃগাঙত খোৱা আধাসিজা পুৰাঙৰ কাৰণেই নে মোৰ অপছন্দৰ এটা তৰকাৰী খোৱাৰ কাৰণেই নাজানো, হঠাত্‍ মোৰ বমিৰ ভাৱ হ’ল। বমি কৰি দিলো চোফাখনৰ ওচৰতে। শ্ৰীমতীয়ে আচৰিত হৈ চাই থাকিল।পিছে আচৰিত হৈ থকা মুখখনি হঠাত্‍ খঙলৈ ৰুপান্তৰিত হ’ল।মোক পানী আনি দিয়াৰ সলনি জেমছক চোফাতে এৰি দৰ্জা বন্ধ কৰি আগৰ দৰে শোৱা কোঠাত সোমাল।বুজি পালো।ম‍ই মদ খাই বমি কৰিছে বুলি ভাবিলে।একোৱেই ক’বলৈ নাপালো।”অবুজনক বুজুৱা ঢেৰুৱা ঠাৰি সিজোৱা” একেই।পিছে আজি শ্ৰীমতীৰ চকুত অলপ বেলেগ ভাৱ এটা দেখিলো। বমি কৰা মুখ নুধুৱাকৈয়েই শোৱনি কোঠাৰ দৰ্জাত ঢকিয়াই উঠিলো “টিকি ম‍ই একো নাই খোৱা অ’।প্লীজ বিলিভ মি।” শ্ৰীমতীয়ে কান্দি কান্দি কৈ উঠিল “গম পাইছো ম‍ই সকলো।তললৈ কিয় নামি গৈছিলা ? ছুইংগাম কিয় চোবাই আছিলা তেতিয়া।সব বুজিছো ম‍ই।নাথাকোঁ জীয়াই।মৰি যাম” হুক হুকাই আকৌ এবাৰ কান্দি উঠিল টিকিয়ে। ভয়েই লাগিল। ম‍ইও টিকি টিকি  বুলি কৈ বহুতবাৰ মাতি ভাগৰি পৰিলো।ইফালে চিঞৰ বাখৰত পোনাকনেও সাৰ পাই কান্দি উঠিল।মুখখন ধুই আহিলো বাথৰুমত।পোনাকনক ল’লো।আকৌ এবাৰ শ্ৰীমতীক মাতিলো “টিকি দৰ্জা খোলা।পোনাকনে কান্দিছে।” সাৰ সুৰ নাই।কেইবাবাৰো মাতি হায়ৰান হ’লো।লগতে ভয়ো খালো।আকৌ কেইবাবাৰো মতাৰ পাচত একো সাৰ সিকতি নোপোৱা দেখি আৰু বেছি ভয় সোমাল।আগৰ কেইবাৰ কিবা উখোনা উখনি লাগিলেও শ্ৰীমতীয়ে ভোৰ ভোৰাই মাত দি থাকে।ধৈৰ্য্যৰ বান্ধ খোল খালে। চাৱনিটো‍ও অলপ আচৰিত আছিল এইবাৰ। দুৰ্বল দেহাৰে খুন্দিয়াই দৰ্জাখন খুলি পেলালো। দেখো শ্ৰীমতী বিচনাখনত শুই আছে শান্ত ভাৱে।ওচৰলৈ গৈ দেখো উশাহ-নিশাহ চলি আছে।কিন্তু মৰাৰ দৰে পৰি আছে।বহুত বাৰ মাতোতেও সাৰ নাপালে শ্ৰীমতীয়ে। ভয় খালো। প্ৰেছাৰ,পালছ সকলোবোৰ পৰীক্ষা কৰি দেখোঁ সকলোবোৰ নিয়মিত অৱস্থাতে আছে। তথাপিও সাৰ নোপোৱা দেখি ভয়তে কাষৰে কোৱাটাৰত থকা মেদিচিন বিশেষজ্ঞ ডা০ জিয়াউৰ কৰিম বৰ ভূঁঞাক মাতি আনিলো। জিয়াউৰদাইও সকলোবোৰ নৰ্মেল আছে বুলি কৈ ক’লে “চিদেটিভ লোৱা যেন লাগিছে।” নৰ্মেল বুলি কোৱাতহে শান্তি আহিল।যদিও নিজেই ডাক্টৰ , নিজৰ মানুহৰ ক্ষেত্ৰত কিবা হ’লে ভূ হেৰাই নিজৰেই। চিদেটিভ লোৱা কথাটো শুনিয়েই গা চেবালে। নিজেও এবাৰ সন্দেহ কৰিছিলো ডাক্তৰী জ্ঞানৰ ফালৰ পৰা। জিয়াউৰদা যোৱাৰ পাচতে শোৱনি কোঠাৰ ঔষধ থোৱা বাকছটো খুচৰি চাই দেখো নিদ্ৰা অহাৰ কাৰণে খোৱা ঔষধ বিধৰ বাকচ খোলা আৰু এটা শাৰীৰ ঔষধ খালী।বিছনাৰ ওচৰে পাজৰে খুচৰোতেই পালো নিদ্ৰা অহা ঔষধৰ পৰি থকা দহটা টেবলেটৰ শাৰীটো পালো।দহোটাৰ দহোটাই খালী।মানে খাই দিছে টিকিয়ে।নিশ্চিত হ’লো।১০-১৫ মিনিটৰ পিছে পিছে প্ৰেছাৰ, পালছ,হাৰ্ট বিট সকলোবোৰ চাই থাকিলো।এম্বুলেণ্সো সাজু কৰি ৰাখিলো।প্ৰয়োজনীয় কৰিব লগীয়া খিনি নিজেই কৰিলো নাৰ্ছ এগৰাকীৰ সহায়ত।পাচদিনা শ্ৰীমতীয়ে এঘাৰটামান বজাত সাৰ পালে শ্ৰীমতীয়ে।সাৰ পাইয়ে মোৰ হাত খন খামুচি ধৰিলে।চিলমিল টোপনি আহিছিল মোৰ।কাষত পোনাকনক লৈ কাম কৰা ছোৱালীজনী। মোৰ হাতখন খামুচি ধৰাত সাৰ পালো।শ্ৰীমতীলৈ চাই মিচিকিয়াই উঠিলো চকুপানীৰ মাজতে।তাৰ পাচত শ্ৰীমতীৰ ফাললৈ দেখোৱাই ডাঙি ধৰিলো ঔষধৰ বাকচটো।হাঁহি উঠিল টিকিয়েও বাকচটো দেখি। লিখা আছিল তাত “অসম চৰকাৰৰ যোগান, বিক্ৰীৰ বাবে নহয়।”ধন্যবাদ অসম চৰকাৰ ঔষধৰ চোক কমাই তৈয়াৰ কৰি ভেজাল ঔষধ চাপ্লাই দিয়াৰ বাবে। নহ’লে টিকিক হয়তো ঘূৰাই নাপালোহেঁতন।

(আগলৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments