প্ৰদ্যুতজ্যোতি শ‍ইকীয়াৰ ঘৰ-সংসাৰ (১)


ঘৰ-সংসাৰ ১



ৰাতিপুৱা শুই উঠিয়েই ব্ৰাচদাল মুখত ভৰাই ৰাতি নতুনকৈ শুনা “মাৰ্দাৰ ২”ৰ গানতো গুন গুনাই স্নানাগাৰৰ ফালে আগবাঢ়িছো|”দিল ৰুক যা জাৰা..ফিৰ ছে মোহাব্বত কৰনে চলা তো…….|গৄহমন্ত্ৰী কিনাৰেদি যাওঁতে কেঁচাইখাইতী গোঁসানী টাইপৰ চাৱনি এটা মাৰি গ’ল|কাৰণটো ফত্কৰে ধৰি পেলালো,মানে যোৱাৰাতি গান গোৱাৰ অনুৰোধ ৰহ্মা নকৰাৰ প্ৰতিফল|আমি দুয়ো নতুনকৈ বিবা…হিত,মোৰ ঘৰৰ অমতত|গন্ধৰ্ব বিবাহ,তিনি মাহ হৈছে|বন্ধু-বান্ধৱ সকলকো কোৱা নাই|

কালি ৰাতি শুৱাৰ আগত অহা ফ’ন এটাৰ পাছৰ পৰা মনটো পিৰপিৰাই আছে|ৰাজদীপে কৰিছিল|”কালিলৈ আহি যা বিয়েৰ খাম মা কালী ধাবাত”|বিয়া পতাৰ পাছ্ত কেতিয়াও গলাধঃকৰণ কৰা নাই|গৄহমন্ত্ৰীয়ে আগতে গম পালেও, বিয়াৰ পাছত নহ’ব বুলি আইন পাছ কৰি থৈছে|পিছে আইন পাছ কৰিলে কি হ’ব? হোষ্টেলীয়া বন্ধু কেইজনৰ আবেদনটো উপেহ্মা কৰিব নোৱাৰি|কিমান ৰেকৰ্ড ভাঙিলো গঢ়িলো হোষ্টেলৰ চাদত “ৰং দে বসন্তী”ৰ লেখীয়াকৈ|ফ’নটো অহাৰ বেলিকা শ্ৰীমতীৰ মুখখনি এবাৰ আগলৈ আহিছিল যদিও লুভীয়া মনটোৰ কথা ভাবি সাত-পাঁচ নুগুনি সন্মতি দিলো ৰাজদীপক যাম বুলি|মনতে ভাবিলো অকনমান খালেনো শ্ৰীমতীয়ে কেনেকৈ গম পাব হিঃ হিঃ, দুষ্ট মনতোৱে হাঁহি উঠিল|ততাতৈয়াকৈ গা পা ধুই চিকিত্‍সালয়ত ৰোগী চাই শেষ কৰি গাড়ীখনত উঠি “য়ে দোষ্টি হম নেহী তোৰেংগে” লগাই দিলো|মনতো বৰ ভাল লাগিল,কিমান দিনৰ পাছত যে ইহঁত কেইটাক লগ পাম|মা কালী ধাবা পালোগৈ এক ঘণ্টাৰ ভিতৰতে|ইহঁত কেইটা মানে ৰাজদীপ,ত্ৰিদিৱ,ধ্ৰুৱ আৰু ৰামাই মোলৈকে বাট চাই আছিল|পাঁচোটাই পাঁচটা বিয়েৰ ফত্কৰে শেষ কৰিলো|তাৰ মাজত দুবাৰ শ্ৰীমতীৰ ফ’ন|বাহানা এৰিলো,এঘৰত ৰোগী চাব আহিলো অলপ দেৰি হ’ব|ইহঁতৰ আগত ক’লো ভণ্টি আহি আছেহি মাৰ লগত|অলপ পাছতে ম‍ই উঠিব খুজিলোঁ|ইহঁতে ভেকাহি মাৰি গোতেই কেইটাই চিঞৰি উঠিল” ঘৈনীয়েৰক এৰি থৈ আহিছ নেকি **?”| আকৌ এবাৰ সৰু পানী চোৱাৰ চলেৰে ম’বাইলটো উলিয়াই দেখু তিনিটা মিছ কল|ফ’ন কৰিলো,এইবাৰ মোৰ গাড়ী পাম্পচাৰ হ’ল|আকৌ আহি ইহঁতৰ লগত যোগ দিলো|খোৱা পৰ্ব শেষ হোৱাত ৰাজদীপে গাড়ীলৈকে মোৰ বেগটো নিজেই ডাঙি আগবঢ়াই থৈ গ’লহি|মনটো কিবা লগৰ কেইটাৰ কাৰণে হোষ্টেলীয়া আবেগত উথলি উঠিল|ঘৰ আহি পোৱাৰ আগতে গোন্ধ নাইকিয়া কৰিবৰ কাৰণে “পুদিন হাৰা” এটা খাই, মিঠাপট্টি পান এখন মুখত ভৰাই ল’লো|শ্ৰীমতীৰ কাৰণে মিঠা পান এখন আৰু চকলেট লব’লৈও নাপাহৰিলো|ঘৰ আহি পাই শ্ৰীমতীৰ ফুলালুচি যেন মুখখন হাঁহিমুখীয়া কৰিবলৈ অকনমান সময় লাগিল যদিও কামটো সমাধা কৰিলো|ধন্যবাদ ভগৱান গোন্ধ যে নাপালে,উহঃ ৰহ্মা, হেঃ হেঃ|ভাত পানী খাই শ্ৰীমতীক উপযাচি বাঁহীত সুৰ এটিও শুনালোঁ|তাৰ পাছত নিদ্ৰাদেৱীয়ে কেতিয়া টানি নিলে মনত নাই|পুৱা শুই উঠি দেখো শ্ৰীমতী বিছনাত নাই|সমস্ত চলাথ কৰি মেজৰ ওপৰত টোকা এটি পালো|এটাই মাথোঁ বাক্য লিখা আছে “ডিভোৰ্চ পেপাৰখন লৈ আহিবা,মদাহী”| চকুৱে ধোঁৱাকোৱা দেখিলোঁ|কেনেকৈ গম পালে? শুৱালৈকেটো ঠিকেই আছিল|অণ্ঠকণ্ঠ শুকাই গ’ল|পানী এধোক খাওঁ বুলি পাকঘৰলৈ যাওঁতে বিয়েৰৰ বটল এটা খোৱা মেজত দেখা পালো|হঠাত্‍ চব মোৰ মনত পৰিষ্কাৰ হৈ গ’ল|ম‍ই সৰুপানী চুব যাওঁতে কি হৈছিল..কিয় বেগটো ৰাজদীপে নিজেই লৈ আহিছিল|শ্ৰীমতীয়ে পুৱাই বেগ আজৰি কৰোঁতে….

***********

 

 

ঘৰ সংসাৰ-২

যোৱাবাৰ যে গৄহমন্ত্ৰী গৈছিল, নাহিব‍ই বুলি ভাবিছিলোঁ|ম‍ই ভাবিছিলোঁ মাকৰ ঘৰলৈ যাব|হোঃ আজিকালিৰ ছোৱালী|চিধাই মোৰ মাৰ ঘৰ পালেগৈ|পিছদিনা ঘৰৰ পৰা ফ’নৰ উত্‍পাতত শান্তি নাপালো|ম‍ইও লৰ ধৰিলো শিৱসাগৰ অভিমুখী বাছত|বাছৰ পৰা নমাৰ পাছতেই ককাইদেউৰ কানতলীয়া্টোৰ শব্দতো সম্পূৰ্ন মাৰ নাযাওঁতেই বাৰান্দাৰ উচৰত মাৰ আৰু এটা পৰিল|ডাক্তৰৰ লাজ ক’ৰবাত থাকিল|কিয় মাৰিলে নোকোৱাকৈ সবেই গম পালে নিশ্চয় ? অৱশ্যে ককাইদেউৰ চৰটোত অলপ আক্ৰোশ সোমাই থকা যেন ভাব হ’ল,মানে সি বিয়া পতা নাইতো|বাৰান্দাৰ কিনাৰৰ কোঠাটোৰ পৰা খুকখুকীয়া হাঁহি এটি কানত পৰিল|বুজি পালো কাৰ হাঁহি|ঘৰত মানুহৰ ভিৰ, দদাইদেউ তিনিজন,খুড়ী তিনিজনী,তিনিজনী পেহী পেহা তিনিজনৰ সৈতে|ওচৰৰ মানুহবোৰতো আছেই|মোৰ ফাটমেলা বসুমতী পাতালে লুকাঁও অৱ্স্থা|মাৰ পৰিৱৰ্তন দেখি আচৰিত হ’লো!এইজনী মায়েই মোক দুদিন আগলৈকে শ্ৰীমতীৰ লগত বিয়া পতাত বাধা নিষেধ কৰিছিলনে?এতিয়া দেখিছোঁ বোৱাৰীৰ গুনানুকীৰ্তন|জোনবাইৰ নেত্ৰকাইৰ সংলাপটোলৈ মনত পৰিল “নাৰী ছলনাময়ী”|ঘৰত আহি আকৌ বুঢ়া বিয়াৰ সন্মুখীন হ’ব লগা হ’ল|হ’লো|ইমান সময়লৈকে শ্ৰীমতীৰ লগত ভালকৈ দেখাই হোৱা নাই|ৰাতি সব দিহাদিহি গ’ল|ককাইদেউৰ কোঠালীতে আমি মানে বুঢ়া নৱ দম্পতী শুব লগা হ’ল|আচল কুৰুক্ষেত্ৰখন যে তাতহে হ’ব ম‍ই আগতেই জানিছিলোৱেই|মাজতে গাৰু এটা দি শ্ৰীমতীয়ে দেৱালৰ ফালে নাৱিকে মেপ চোৱাৰ দৰে একেথৰে চাই আছে|ম‍ই গম পাইছোৱেই আগন্তুক যিকোনো সময়্ত ধুমুহা গাজনিৰে এজাক দোপাল পিটা বৰষুন আহিব পাৰে|ম‍ই সৰুকৈ মাত এষাৰ লগালো”শুলা নেকি টিকি?(টিকি মোৰ শ্ৰীমতীৰ ম‍ই মৰমত মতা নাম)”|উত্তৰ আশা কৰা ধৰণৰে আহিল”চৰমো নাই ডাক্তৰ হৈ মুতনী সোপা খাবলৈ”|পিছে লাহে লাহে জনোৱাৰ আগতে ঘৰৰ লগত যে ভাল হ’লো সেইটো কথা কৈ মনটো ভুলালো|পিছে কি হ’ব?ভুলাই থাকোতে ভুলতে কৈ পেলালো”তুমি যে ভণ্টিৰ বিয়াৰ কাৰণে নতুন সোণৰ ছেট এটা লাগে বুলি কৈছিলা নোলোৱা নেকি?”কথাটো শুনাৰ পাছতে শ্ৰীমতীৰ মুখৰ উজ্জলতা পুনৰ  ঘুৰি আহিল আৰু পছন্দৰ ডিজাইন কেইটাৰ কথা কৈয়ে পেলালে|মোৰ এনেকুৱা লাগিল যেন বুকুত কোনোবাই যাঠী এদালহে ভৰাই দিলে|মোৰ টকাৰ বেঙ্কৰ জমা ২ লাখ টকাৰ পাঁচোটা শূন্য বতাহতে খহি পৰা দেখিলো মানে ২ টোহে ৰ’ল|বাৰু যাহওক|সমস্যাটো যে সমাধান হ’ল|কেতিয়াকৈ কোৱাৰ্টাৰলৈ যাবা বুলি সুধিবলৈ লওঁতেই,নাকৰ ঘৰঘৰনি এটা শুনিলোঁ|মানে তেখেত ছাগৈ সপোনত নতুন সোনৰ ছেটতো পিন্ধি ভনীয়েকৰ বিয়াৰ ৰভাতলীত আছেগৈ|টিকিৰ নিষ্পাপ মুখখনলৈ চাই কাণ্ডটোৰ কাৰণে নিজৰ গাতে দুখ দুখ লাগিল|মনে মনে শপতো খালো,মা আৰু ককাইদেউৰ কানতলীয়া দুটালৈও মনত পৰি মনতো কোঁচ খাই আহিল,হয় সংসাৰ কৰিলো যেতিয়া নাখাওঁ আৰু|লাহে লাহে নিদ্ৰা দেৱীয়ে চোঁচৰাই লৈ গ’ল মোক|ৰাতিপুৱা শুই উঠিয়েই মুখ সাত ধুই লগৰ সকলোকে ফ’ন কৰি জনালোঁ|শ্ৰীমতীয়ে সেই সময়তে চাহ একাপ দি গ’লহি|চাহ কাপ দিওঁতেই টান মাৰি আনি অকনমান মৰম কৰিব খোঁজোতেই থেলা মাৰি থৈ মৰমৰ খোঁচ এটা মাৰিবলৈ নাপাহৰিলে “ককাইদেউ আছে, মদাহী”|গাটো বেজবেজাই গ’ল|ৰাজদীপ, তোক পুৱা হ’লে|খংতে তালৈ খবৰো দিয়া নাই|পেপাৰখন সামৰি পদুলিলৈ বুলি উলাই গ’লো|কেটলী এটা লৈ আমাৰ গোলাপী বৰমাক দেখা পালো|পুৰনি কথা এটা হঠাত্‍ মনত পৰি গ’ল|আগতে মোক গোলাপী বৰমাহঁতৰ ঘৰৰ পৰা গাখীৰ আনিবলৈ পথায়, টকা বাৰটা হাতত দি, ১ লিটাৰ পাওঁ,কিন্তু ম‍ই আধা ৰাস্তাতে একপোৱা মান খাই দিওঁ কেটলীৰ মুখেদি|বৰমাই সেইটো ধৰা পেলাইছিল|মনত পৰি হাঁহি উঠিল|এতিয়া আমাৰ ঘৰৰ লগত অহা যোৱা নাই বুলি শুনিছোঁ|মোৰ লগত ভাল কাৰণে মাত দিলোঁ “বৰমা ভালনে?”|বৰমাই ক’লে”কতনো ভাল হ’ব বোপাই জীয়াই আছো আৰু”|কেটলীটো দেখুৱাই ক’লে “খাৱ নেকি?”|মোৰো আগৰ দুষ্টামীটো এবাৰ কৰিবৰ মন গ’ল|মাৰি দিলো এক পোৱা মান কেঁছা গাখীৰ|পিছে ভাল নাপালো,বিয়েৰ খোৱা মুখ, ক’ত গাখীৰ ভাল পাম| বৰমাক বিদায় দিলো|অকটা অকট লগাৰ বাবে তামোল এখন মুখত ভৰাই দিলো|শ্ৰীমতীয়ে শয়ন কক্ষৰ পৰা ওলাই সেই পুৰণি কেঁচাইখাইতী গোঁসানী টাইপৰ চাৱনিটো মাৰি গ’ল|বুজি নাপালো|গাটো তিয়াই লওঁ বুলি পুখুৰীত জাপ দিলো|গাটো ধুই আহি ভিতৰত কাপোৰখন সলাবলৈ পালো কি নাপালো,পিছ্ফালৰ পৰা হালোৱা এচাৰি ডালেৰে মায়ে চাতৌপ চাতৌপ দিব ধৰিলে,লগতে চৰ ও কিল|এক কে চাথ দো ফ্ৰী|সিটো কোঠাৰ পৰা শ্ৰীমতীৰ কান্দোনভৰা এটা বাক্য কানত পৰিল “কি যে মানুহ পা’লো ঐ পদুলি মুখতে মদ খাই”|মাক গাখীৰ বুলি কওঁতেই আৰু একচৰ দি ক’লে “মোক শিকাব নাহিবি,সেইজনীয়ে আজি তিনিবছৰ ধৰি গেলাটুপি বেছি আছে”|চৰ ভুকুৰ মাজতে সব পৰিষ্কাৰ হ’ল, গোলাপী বৰমা আমাৰ ঘৰলৈ নহাৰ কাৰন…পদূলি আৰু আমাৰ শুৱা কোঠাৰ খিৰিকি…শ্ৰীমতীৰ কেঁচাইখাইতী গোঁসানীৰ দৰে চাৱনি…গাখীৰৰ বগা ৰং… গাখীৰ খোৱাৰ পাছত তামোল..লগে লগে গা ধোৱা….|হায় মোৰ কপাল|

*********

 

ঘৰ-সংসাৰ ৩

 

সেই যে গৄহমন্ত্ৰীয়ে ভুল ভবাৰ কাৰণে মাৰ পৰা পুৱাই পুৱাই মাৰ কেইচাত খালো, গৄহমন্ত্ৰীক ঘৰত থৈ আহিবৰ মন গৈছিল|পিছে মোৰ মনটো পলকতে সলনি হ’ল যেতিয়া দুপৰীয়া মৰম লগাকৈ মাত এষাৰ পালো “হেৰি আপোনাৰ পচন্দৰ টেঙা জোল ৰান্ধিছে মায়ে আহক ভাত খাওকহি”|প্ৰথমতে মনৰ ভিতৰতে ভেকাহি মাৰি উঠিলো “ৰাতিপুৱাই বিনা কাৰনতে মাৰ খুৱালে, এতিয়া শাহুৱেক আৰু বোৱাৰীয়েক মিলি ভাত খুৱাব| হোঃ”|বেচি দেৰি নোযোৱা দেখি গৄহমন্ত্ৰী ওলাই আহি ক’লে “আপুনি নাখালে ম‍ইও নাখাও”|মনে মনে ক’লো নিজকে “কলেজীয়া ফৰ্মূলা বাদ দিয়া,বুঢ়া হ’লো|নতুন কিবা বিছাৰা,হোঃ”|অলপ সময় থকাৰ পাছত গৄহমন্ত্ৰ্ৰীৰ ফালে চাঁওতে দেখিলো তেঁও ইতিমধ্যে বক্ষ্মাস্ত্ৰ এৰিলেই|মানে ঘৰ সংসাৰৰ খুত-খাত বিলাকৰ সামৰণী গৄহমন্ত্ৰী বিলাকে মাৰিব বিছাৰিলে এইবিধ প্ৰয়োগ কৰে|বুজিছেই চাগৈ মোৰ দৰে ভুক্তভোগী সকলে|মানে সেই ম‍ই গংগা যমুনা নাম দিয়া অশ্ৰুদুধাৰি ওলাই, নাকৰ পৰা ওলোৱা আৰু এটি ধাৰা সৰস্বতীৰ লগত মিলি মেঘনা নাম লৈ মুখ নামৰ বংগোপ সাগৰ পালেগৈ ইতিমধ্যে|ভেবা লাগি চাই ভাবিলো দেবব্ৰত ককাইদেউয়ে এই পৰিস্থিতি বিলাক কেনেকৈ চম্ভালিছিল বাৰু|এশবাৰ প্ৰনাম দেই আপোনাক|ম‍ইও ততাতৈয়াকৈ নায়কৰ ভূমিকা পালন কৰি গৄহমন্ত্ৰীৰ চকুপানী মচি পেলালো আৰু ভাতৰ মজিয়ালৈ লৈ গ’লো|ভাত খাই থাকোতেই ককাইদেউয়ে ক’লে”তহঁতি যি কৰিলি কৰিলি এতিয়া ভালকৈ খায় বৈ থাক, আৰু ঘৰৰ পৰাই হনিমুনলৈ যা| পলোৱাই অনা বাবে চাগৈ যাব‍ই পৰা নাই”|লগালগ চৰচৰণি এটা খোৱা যেন পালো|ই হনিমুনৰ কথা কেনেকৈ কব পাৰিলে|শিৱসাগৰ টাউনলৈকে কিজানি জীৱনত ৪ বা  ৫ বাৰ মানহে গৈছে|শ্ৰীমতীৰ মুখলৈ চাওঁতে লাজ লাজ ভাৱ এটা দেখা পালো|মুখৰ ভাত চিটিকি পৰিল হাঁহিত,যেতিয়া মায়ে ক’লে”অ হ‍ইতো পুতু ইহঁতি মোমায়েকৰ ঘৰলৈকো বহুত দিন যোৱা নাই,একেদিনাই ঘুৰিয়ে আহিবি হনিমুন ও হৈ যাব”|মাৰ সৰলতাত মুগ্ধও হ’লো|দিনৰ ভাগতে ম‍ই আৰু শ্ৰীমতী আমাৰ পছন্দৰ হনিমুনৰ ঠাই বিলাকৰ কথা পাতি আছিলো, ককাইদেউক ক’লো আমি কুলু মানালি যাম|কালিলৈ ম‍ই টাউনৰ পৰা টিকট কাটি আনিম|ৰাতিলৈ ককাইদেউয়ে দুটা বিমানৰ টিকট আনি হাতত দিলে|আচৰিত হ’লো|ক’ত পালি সুধোতে ক’লে “গাঁৱতে অৰুনোদয় কেন্দ্ৰ আৰু বেঙ্ক হোৱা একসপ্তাহ হৈছে”|বুজিলো অনলাইন টিকট বুকিং আৰু নেট বেঙ্কিংৰ সুবিধা|লাজ পালো|মানে মোৰ ককাইটো সেই আগৰ ককাইটো হৈ নাই|মনত পৰিল মোক গছৰ পৰা পকা জামুক,আম,পনিয়ল পাৰি দিয়াৰ দৄশ্য|সৰুতে হাতত দিছিল ফল, কলেজত থাকোতে টকা আৰু এতিয়া হনিমুনৰ টিকট|ছিঃ নিজৰ ওপৰতে লাজ লাগিল|ম‍ইহে তাৰ কাৰণে একো কৰিব পৰা নাই|ৰাতি শুই থাকোঁতে শ্ৰীমতীয়ে ক’লে তোমাৰ ককাইদেউ বৰ ভাল|বুকুখন এহাত ফুলি গ’ল|মনতে শ্ৰীমতীলৈ মৰম এটা জাগিল|বেচেৰী নিজৰ ঘৰৰ মানুহবোৰৰ কথা এবাৰো মনত অনা নাই|

পিছ্দিনাই এয়াৰ ইণ্ডিয়াৰ বিমানেৰে হিমাচল প্ৰদেশ পালোগৈ|প্ৰথমদিনা নুঘুৰিলো|হোটেলতে জিৰনী লৈ কটালো|দ্বিতীয় দিনা বহুত ফুৰিলো টাউনত|পিছ্দিনা কুলু মনালি পালোগৈ|দিনৰ দিনটো মানালিৰ সৌন্দৰ্য্যত ভুল গৈ থাকিলো|গধূলি সময়ত যেতিয়া হোটেললৈ উভতি আহোঁ|বাটতে সুৰাৰ দোকানখন দেখি মনটো পিৰ পিৰাই উঠিছিল যদিও মায়ে দিয়া কেঁচা মাৰ কেইটা আৰু পত্নীৰ গাত ধৰি খোৱা শপতৰ কাৰনে আশা পৰিত্যাগ কৰিলো|হোটেলত আহি মুখ হাত ধুই বহিছোঁহে,শ্ৰীমতীৰ এটা কথাত উচপ খোৱাই নহয়, গাৰ নোমও শিঁয়ৰি উঠিল|মানে অবিস্বাশ্য| গৄহমন্ত্ৰীয়ে  ৫০০ টকীয়া এটা হাতত দি ক’লে “যোৱা ভাল ব্ৰেণ্ডৰ হুইস্কী এটা লৈ আহা”|প্ৰথমে পাগল হ’ল বুলি ভাবিছিলো|পিছে নিজকে চিকুটি চাই গম পালো, নহয়|তুমি বুলি মাত দিওঁতেই গম পালো,কথাটো সঁচা|লগালগ মোৰ মনটো সাতখন আঠখন কৰি উঠিল|সময় অপব্যয় নকৰি লৈ আনিলোঁ এটা “ক’লা কুকুৰ” ৩৭৫ মিঃলিঃৰ|ইতিমধ্যে শ্ৰীমতীয়ে কুকুৰাৰ মাংস আনি থৈ ৰেদি|দুয়োজনে খোৱাত লাগিলো|শ্ৰীমতীয়ে আধামান চিঙে মানে মোৰ দুপেগ শেষ|নানাটা কথা ওলাল|মাজতে(আচলতে নিচাতে) শ্ৰ্ৰীমতীয়ে ব’ল ডাণ্স নাচিও দেখোৱালে মোক|কি নাচিলে নাজানো,হাত চাপৰি যে মাৰিছিলো সেইটোহে মনত আছে|আৰু অলপ খোৱাৰ পাছত শ্ৰীমতী ঢলি পৰিল|ম‍ই লাহেকৈ ডাঙি নি বিচনাত শুৱালো|শ্ৰ্ৰীমতীয়ে আধাফুটা মাতেৰে ক’লে”তোমাৰ লুঙী ৰুঙা বেগটোত আছে”|সেই বুলি কৈ শুই পৰিল|ম‍ই যেনে তেনে লুঙীখন উলিয়াই পিন্ধি কিনাৰতে থকা আমাৰ লগত গুৱাহাটীৰ পৰা একেলগে অহা বৰুৱা উপাধিধাৰী তেজপুৰীয়া পৰিয়ালটোক শুভৰাত্ৰি ক‍ই আহিলো|দুটা এটা কথাও পাতিলো|কথা পাতি থাকোতে তেখেতৰ শ্ৰীমতীয়ে মাজে মাজে তললৈ আৰু মোলৈ ঘোপাকৈ চাওঁতে কিবা কিবা লাগি গৈছিল|বাৰু যাহওক শ্ৰীমতীৰ কাৰণে হনিমুনটো উপভোগ্য‍ হ’ল|শ্ৰীমতীক জগাবৰ মন গৈছিল যদিও কেঁচাই খাইতী গোসাঁনীৰ দৰে চাৱনীৰ কথা মনত পৰি সেই ফেৰ শুভ কামৰ পৰা বিৰত থাকিলো|লাহে লাহে টোপনিৰ কোলাত ধলি পৰিলো|ৰাতিপুৱা টোপনি ভাঙিল শ্ৰীমতীৰ অট্টহাস্যত|চকু মোহাৰি দেখো শ্ৰীমতীয়ে মোৰফালে চাই হাঁহি আছে পাগলৰ নিছিনাকৈ একো বুজা নাছিলোঁ|শ্ৰীমতীয়ে মোৰ লুঙীখনৰ আগটো ডাঙি দিয়াতহে মোৰ চকু কপালত উঠিল|আৰু লাজত আকৌ কাপোৰ লৈ শুই থাকিবৰ মন গ’ল|মানে কালি নিচাত ৰঙা বেগটোৰ পৰা শ্ৰীমতীৰ ফুল থকা মেখেলা খনকে পিন্ধি….তেজ্পুৰৰ পৰিয়ালটোৰ আগত….বৰুৱানীয়ে মোলৈ ঘোপাকৈ চোৱাৰ ৰহস্য..চব ফাদিল হ’ল…|ফাট মেলা বসুমতী পাতালে লুকাওঁ|

***************

 

ঘৰ-সংসাৰ ৪

 

হনিমুনৰ পৰা চিধাই চৰকাৰী বাসভৱনলৈ|শ্ৰীমতী সহিতে|বিচনাপাতি জাৰি জোকাৰি থিক থাক কৰোঁতে এদিন গ’লগৈ|দিনবোৰ সুখে সন্তোষেই গৈ আছিল|পিছে
মোৰ ওপৰত ৪৪০ ধাৰা লগাই থৈছে গৄহমন্ত্ৰীয়ে|মানে এবাৰ সাপে খুঁটিলে কেঁচুলৈকো ভয় যে শ্ৰীমতীৰ তেনেকুৱাই হৈছে,ভয় সোমাইছে মনত কিজানি নজনাকৈ সেইটুপি ধৰোঁ|সেয়ে কাঢ়া অৰ্ডাৰ, ৰাতি “ডিউতি” নাথাকিলে ৮ বজাৰ আগতেই গৄহ প্ৰ্ৱেশ কৰিব লাগিব|অন্যথা বিহিত ব্যৱস্থা লোৱা হ’ব|প্ৰ্তিবাদ হিচাপে দুদিন লঘোন দিব বিছাৰিছিলোঁ, পিছে ফল নধৰিল| মায়ে চেনেহৰ বোৱাৰীয়েকক “টিপছ” দি পঠিয়াই দিছে|ভাত নাখালে একো নকবা, “গেষ্ট্ৰিক” আছে নিজেই ৰাতি উঠি খাব|সব থিকেই চলি আছিল, কেৰোনটো লাগিল দেওবাৰৰ দিনা পুৱা, মানে ম‍ই বজাৰ যোৱাৰ সময়্ত|ঘৰ চাফা কৰোঁতে মোৰ সৰু স্কুলীয়া দিনৰ টিনৰ বাকচটোৰ পৰা গৄহমন্ত্ৰীয়ে এনে এটা বস্তু আৱিষ্কাৰ কৰিলে, তেওঁৰ মতে কলম্বাছে আমেৰিকা আৰু আৰ্কিমিদিছে প্লাৱিতাৰ সূত্ৰ আৱিষ্কাৰ কৰোঁতেও ইমান ফুৰ্তি পোৱা নাছিল|ভিতৰি ভিতৰি যে খংটো ভৰ্তি হৈ আছে সেইটো হ’লে কোৱা নাই| মানে অষ্টম শ্ৰেনীত থাকোঁতে এজনীয়ে প্ৰেম-পত্ৰ এখন দিছিল, ছাৰৰ বেতৰ কোবত প্ৰেম নহ’ল যদিও জীৱনৰ প্ৰথম প্ৰেম-পত্ৰ খনি সযতনে সাঁচি থৈছিলো, সংগোপনে|চিঠি দিয়া গৰাকী দশম শ্ৰেনীতে পলাই গ’ল বুলি শুনিছিলোঁ, পিছে স্মৄতি হওক বুলি থৈছিলো সেই খনি| সেইখনকে শ্ৰীমতীয়ে পাই প্ৰথমে মোৰ আগত পঢ়িলে, ম‍ই হোলা ভাই মোলা শুনি আছোঁ মনে মনে|”no comment no like” ভাৱত আছোঁ facebookr দৰে|পিছে লাহে লাহে গৄহমন্ত্ৰীৰ খংটো ধৰিব পাৰিলো তেতিয়াহে, যেতিয়া চাহ কাপ দিওঁতে চাহৰ কাপটোৰ পৰা অলপ চাহ বাগৰি পৰিল থেকেচাৰ কোবত, গা ধুই আহোঁতে অযথা জোৰকৈ কাপোৰখন জোকাৰি ডাঁৰত দিয়া, দৰ্জাখন লগাওতে ধমকৈ শব্দ এটা হ’ল, বিচনাখন পাৰোঁতে মোৰ টকাৰ বেগ আৰু ঘড়ী মজিয়াত পৰি যোৱা ইত্যাদি ইত্যাদি…|ভাত খাওঁতেও নিস্তবদ্ধতা|pin drop silence|গম পালো হাৰিয়ানাত হোৱা হাৰিকেন বতাহৰ দৰে কিবা এজাক আহিব এতিয়া, গুজৰি গোমৰি আছে|ম‍ইও কথা এষাৰ ডাঙৰকৈ শুনালোঁ “সংসাৰত আৰু সুখ নাই, ২০ বছৰ পুৰনা কথা এটাতো কাৰোবাৰ মুখ ফুলা লুচি হয়|যাওঁ চেম্বাৰ যাওঁ”|কথাষাৰ কৈয়েই উত্তৰলৈ বাট নাচায় গাড়ী ষ্টাৰ্ট দিলো|আনকালে দেওবাৰে ৰোগী নাচাওঁ,কিন্তু আজি চাম বুলি উলাই আহিলো|গাড়ী ফুল স্পীদ দৌৰাই দিলোঁ চেম্বাৰ অভিমুখে|বাটতে ম’বাইলত শ্ৰীমতীৰ মেছেজ এটা পালোঁ|”পলৰীয়া ককাই, stetho দাল ঘৰতে এৰি থৈ গ’ল ঘুৰি আহক”|শেনটো যেন হৈ গৈছিলোঁ, ফেচাটোযেন হৈ ঘুৰি আহিলোঁ|শ্ৰীমতীক আগধৰি মাতিলে ইগ’ত লাগে, মাতিবৰো মন গৈছে ছেঃ কি কৰা যায়|ওঁঠ কামুৰি বহি ৰ’লো পেপাৰখন আগত লৈ|সেই সময়তে শ্ৰীমতীয়ে আহি মাত দিলে, “হেৰি শুনকচোন আমাৰ যে শিলচৰত কাম কৰা বাদলদা….”| শ্ৰীমতীৰ আকৌ মোমায়েকৰ কিবা লগাভগা হয় বাদল বুলি গীটাৰ বজোৱা ল’ৰাটো, শিলচৰতে থাকে প্ৰাইভেট কোম্পানীৰ কামত আমাৰ বদৰপুৰ টাউনলৈ আহিয়েই থাকে|প্ৰায়েই পাওঁ|ম‍ই এনেও শ্ৰীমতীক মাতিম মাতিম কৈয়েই আছিলোঁ|চেলু পাই শ্ৰীমতীক শেষ কৰিবলৈ নিদিলোৱেই বাদল বুলি কৈছিলেহে, মুখৰ পৰা পিছৰখিনি কাঢ়ি আনি ফৰ-ফৰাই কৈয়েই পেলালো “অঁ অঁ আমাৰ বাদল যে, অ তোমাক কোৱাই নাই নহয় আজি তাক বজাৰতে লগ পালো নহয় তোমাৰ কথা শুধিছিল, আহিব হেনো এদিন থকাকৈ”|বজাৰত পালো বুলি মিছাকৈয়ে ক’লো|হাউচফুল চিনেমা খনৰ এটা ডায়্ল’গ মনত পৰিল “জিচ ঝুথ চে কিসি কি ঘৰ বসতা হে ওৱ ঝুথ, ঝুথ্ নেহি হোতা”|পিছে শ্ৰীমতীৰ মুখত খংৰ ভাৱ দেখিলোঁ|শ্ৰীমতীয়ে লাহেকৈ আজিৰ পেপাৰখনৰ তৄতীয় পৄষ্ঠাটো ডাঙি ধৰিলে|ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছে “অসমৰ সন্তান বাদল নাথৰ আজি জাৰ্মানীত ৰক কনচাৰ্ট”|মোৰ আকৌ সেই অৱস্থাই হ’ল… আগৰদৰেই…. ফাট মেলা বসুমতী পাতালে লুকাওঁ|হায় মোৰ কপাল| নহয় অ পাঠক ৰাইজ,এইখন কপাল নহয়| এইখন চোতাল|

********************

 

ঘৰ-সংসাৰ ৫

 

ৰাতিপুৱা শুই উঠিয়েই কথাকেইষাৰ মান গাত লগাকৈ শুনা পালো গৄহমন্ত্ৰ্ৰীৰ পৰা|গাটো বেজবেজাই গ’ল|শ্ৰীমতীয়ে ক’লে দিনে ৰাতিয়ে যে সেই ফেচ’বুক নে তেচবুক সেইখন মেলি বহি থাকে কি পাইছেনো?তাৰ সলনি যদি আগফালে খালীঠাই টুকুৰাত বেঙেনা দুজোপা মানকে লগালেহেতেঁন বৰ ভাল হ’লহেতেঁন|খোচ মৰা কথাকেইষাৰত অলপ গাত লাগিল|শ্ৰীমতীক ক’লো এনেই এইখন মেলি বহি থকা নাই, গল্প লিখিছোঁ|অসমীযাত কথা বতৰাত দিছোঁ, ৰাইজে পঢ়িছে,দেউসকলে ভালো পাইছে|উত্তৰটো অলপ তেৰাকৈ আহিল “আমিও পঢ়িছোঁ, বৰ ভাল লাগিছে ন’? নিজৰ সংসাৰৰ কথা আনৰ আগত গায় হোঃ(সেই যে মুখখন বেকাঁ কৰি ছোৱালীয়ে মৰা হোঃ দেই ৰাইজ)”|পাচলি কাটি কাটি ৰাতিপুৱাই মোক বচন শুনালেই|খঙতে লেপটপ বন্ধকৰি ভাত কেইটা মুখত গুজি উলাই আহিলো হস্পিতাললৈ|ৰাতি ঘৰ গৈ পাওঁ মানে ৮.৩০ হ’ল,শ্ৰ্ৰীমতীৰ পোন্দোৱা চাৱনি|বুজি পালো ৪৪০ ধাৰাৰ আইন ভংগৰ বাবে এই চাৱনি|বাৰু যাহওক, “মেনেজ” কৰোঁতেই ভালেখিনি সময় গ’ল|পুৱা অসমীয়াত কথা বতৰাত দিয়া গল্পটো কেনেকোৱা বা পালে ৰাইজে তাকে জানিবলৈ লেপটপ খুলিলো|খুলি দেখোঁ, বাৰ্তা ভৰাঁলত বাৰ্তা এটা পৰি আছে|খুলি চাই দেখো ৰীতা বাইদেউৰ আধাৰশিলা আৰু সাহিত্য.অৰ্গৰ উন্মোচনী অনুষ্ঠানৰ নিমন্ত্ৰন,পঙ্কজদাই দিছে|উলাহতে হোষ্টেলীয়া জীৱনত মৰা “বেক দ্ৰাইভ” এটা মাৰিব মন গৈছিল যদিও ৰাজহাড়ৰ বিষটোৰ কথা মনত পৰাত থমকি ৰ’লো| আহক এতিয়া শ্ৰীমতী দেখোঁৱাই দিম বাপ্পেকে,আলেকজেণ্ডাৰে বিশ্ব জয় কৰাৰ ভাৱত বিচনাত হেলান দি ৰ’লো|শোৱা কোঠালৈ সোমাই আহিল শ্ৰীমতী|মোৰ মুখত বিজয়ৰ ভাৱ দেখি তেওঁ গম পালেই আজি যে তেখেতৰ পতন নিশ্চিত|শ্ৰীমতীয়ে বহুত কাবৌ কৰিলে, নক’লো|কাৰণ আছে|শ্ৰীমতীৰ দুৰ্বলতা হ’ল মোৰ ভাল কথা জনাটো|বিয়াৰ পাছত প্ৰায় অ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments