ঘৰ-সংসাৰ ১০ (প্ৰদ্যুত জ্যোতি শইকীয়া)

মোৰ আকৌ শ্ৰীমতীৰ ঘৰৰ মানুহৰ লগত বৰ মিলামিছা হোৱা নাছিল|তাতে শ্ৰীমতীৰ বাপেক ৰঙা টুপীৰ ডিপাৰ্টমেণ্টৰ মানুহ|বিয়া পতাৰ পাছত মিতিৰ হোৱাই নাই|মাজতে শুনিছিলো বোলে শ্ৰীমতীৰ বাপেকে বোলে এখেতক ত্যাজ পুত্ৰী ঘোষনা কৰিবলৈ লৈছিল|মিতিৰ হোৱাৰ নামেই নলয়|মাজতে মোৰ ককাইদেউৱে সম্পৰ্ক স্থাপনৰ চেষ্টা কৰিছিল যদিও কোনো গুৰুত্ব নিদিলে হিটলাৰে, মানে বাপেকে|মই্ হিটলাৰ বুলি ক’লে শ্ৰী মতীয়ে বেয়া পাই যদিও মইত কৈ ভাল পাওঁ|পিছে এইবাৰ হাইঠা মাটিত নামিল|শ্ৰীমতীৰ ৬ মাহৰ লেঠাৰ খবৰ পাই মোৰ শহুৰ আৰু শাহু দুইও দৌৰি আহিল|মানে নাতি হোৱালৈ নৰ’লেই |হেজাৰ হলেও ঘৰৰ একমাত্ৰ ছোৱালী|মনতে পেটে পেটে ভাল পালেও কৃত্ৰিম খঙটো অকনমান দেখুৱাবলৈ নেৰিলো|মোৰ মাৰো উলাহ কুলাই পাচিয়ে নধৰা হ’ল|লাভৰ মূৰত মইৱ নিজে ৰোগী চোৱা বিচনাত শুব লগা হ’ল, চাৰি মিটাৰমান দীঘল আঠুৱাৰ ৰচী টানি|মনৰ মাজতে বুঢ়া বুঢ়ীক গালি পাৰি পাৰি টোপনি যাওঁ|ইফালে মোৰ মা,শহুৰ আৰু শাহুৰ উত্পাততত শ্ৰীমতীৰ কাষ চাপিব নোৱাৰা হ’লো মইও|দিনটো হস্পিতালতে ব্যস্ত থাকো|ৰাতি আহি মাত্ৰ শুৱাৰ সময়ত আঠুৱা তৰিবলৈ আহোতে শ্ৰীমতীক লগ পাওঁ|অকনমান মৰম কৰিবলৈ লওঁতেই মাৰ মাতষাৰ আহি কানত পৰে|টিকি ,অ টিকি,মাজনী ক’ত আছানো?মোৰ তামোলখন ক’ত?মিঠা আবেশত ডুব যাব লওঁতেই সেই চিঞৰ আহি যায়|হে প্ৰভু এই বুঢ়া বুঢ়ী বোৰক মাৰি নিনিয়া কিয়? আৰু নুবুজে কোনেও|

ৰাতিপুৱা সোনকালে উঠি আকৌ এবাৰ চেষ্টা এটা চলাই চাওঁ কিজানি লুকাই চুৰকৈ চুমা এটা দিব পৰা যায়েই|পিছে নাই, কামফেৰা হৈ নুঠে| বালিৰ গাঁতত পৰা পৰুৱাৰ দৰে মোৰ প্ৰত্যেকটো চেষ্টাই বিফল হ্য়,ইফালে ৯ বজাত হস্পিতাললৈ যাবৰে হয়,নহ’লে আকৌ ৰোগীমখাই হা ডাক্তৰ হা ডাক্তৰ বুলি চিঞৰে|ইফালে মাক পাই ৰিটায়াৰ হোৱা শহুৰ শাহুৰে ঘৰলৈ যোৱাৰ নামেই নোলোৱা হ’ল|হায় মোৰ বিবাহিত জীৱন|নৰক হৈ গৈছে| দেওবাৰ আজি|ভাবিলো বহুত দিনৰ মুৰত আজি গৃহমন্ত্ৰীৰ লগত অলপ হেপাহ পলুৱাই কথা পাতিম|পিছে ভিলেইন ৰূপী তিনি বুঢ়া বুঢ়ী তাতো উপস্থিত|হে হৰি|কথা চহকী শাহুৱে কবলৈ আৰম্ভ‍ কৰিলে “আমাৰ আকৌ বৰ বিশ্বাসী বাবা এজন আছে”|নাম হেনো নিৰানন্দ কৰ্মকাৰ বাবা|বাবাৰ হিষ্ট্ৰীও আজৱ ধৰণৰ|কলিকতাৰ অৰিজিনেল বোলে|থাকে যোৰহাটত| বয়স চাৰি কুৰি পোন্ধৰ মান হৈছে|প্ৰথমে বোলে ভেটেৰনাৰী ডাক্তৰ শিকিছিল,তাৰ পাছত মানুহৰ ডাক্তৰী শিকিলে কোনোবা RMP এজনৰ তলত|পিছত ভগৱান শিৱৰ প্ৰতি আকৰ্ষিত হৈ ধ্যান কৰি মোক্ষ লাভ কৰে|এতিয়া হেনো সকলো ধৰনৰ ৰোগৰ মন্ত্ৰপুত চিকিত্সাআ দিয়ে|ইন্জেকচনো দিয়ে হেনো|শুনি চকু কপালত উঠিল|বাবা cum ভেটেৰনাৰী ডাক্তৰ cum মানুহৰ ডাক্তৰ|3 in 1 পেকেজ|কি যে হ’ল দুনীয়াই খনত|মানে একেজনৰ ওচৰতে ধৰ্ম-কৰ্ম-চিকিত্সা তাকো মানুহ,গৰু,পক্ষী সকলোৰে|তাৰ পাছৰ কথাষাৰ শুনি লুটি খাই পৰিলোহেতেঁন যদিহে টিকিয়ে নধৰিলেহেতেন|শাহুৱে ক’লে” আমাৰ এইৰ জন্ম তেওঁৰ হাততেই বুলি ক’ব পাৰি|তেওঁৰ ইনজেকচন লৈয়েইতো ভালকৈ জন্ম দিছিলো মইৰ তাইক|ডাক্তৰেতো চিজাৰিয়ান বুলি চিঞৰিছিলেই|সেইবাবে আমি এইকো বাবাৰ দৰ্শন দিয়াব বিছাৰিছো”|অ’ মানে কথাৰ গুৰি কৰ’বাত|এতিয়া গৄহমন্ত্ৰীক এই অৱস্থাত যোৰহাটলৈ|পোনচাটেই না কৰিলো|শহুৰ শাহুৱে আকোঁৰগোজকৈ ধৰিছিলেই|মাৰ মনটো অলপ উন্নত বাবে মাৰ হস্তক্ষেপত যেনিবা সেই যাত্ৰালৈ ৰক্ষা পৰিল টিকি মহোদয়া|যাবলৈ নিদিয়াৰ বাবে নিজেই গৈ শৰাই দি কিবা দিলে লৈ আনিব বোলে শাহুৱে|মানে বাবাই চাই মেলি কিবা ঔষধৰ নিদান দিবও পাৰে|শাহুৱে কোৱা মতে এটা ইনজেকচন দিছিল তেওঁক টিকি গৰ্ভত থাকোতে|আজি কালি চকুৰ পাৱাৰ (“আৰু লগতে মগজৰো পাৱাৰ” মইন মনতে ভাবিলো) কমা বাবে মানুহক দেখা নিদিয়ে বাবাই|খাচ মানুহক তাকো শকত ভিজিট দিলেহে দেখা দিয়ে হেনো|বাবাৰ ঘৰৰ মানুহে বেছিকৈ দেখা দিবলৈ নিদিয়ে হেনো| পিছৰটো দেওবাৰত যাবলৈ ওলাল মাৰ বিয়ৈ বিয়নী|মোৰ মনত তলে তলে ফুৰ্তি লাগিলেই|যোৱাৰ আগত টিকিক ক’বলৈ নাপাহৰিলে “আমি বাবাৰ ওচৰলৈ যাম আৰু যি পাম তাকে তোলৈ পঠাই দিম|বিধি মতে যি দিয়ে লবি আৰু পিন্ধিবলৈ দিলে পিন্ধিবি”|টিকিয়ে সেৱা সত্কােৰ কৰি বিদায় দিলে মাক বাপেকক|sorry, মোৰো মা দেউতা|যোৱাৰ লগে লগে আমাৰ গৄহমন্ত্ৰীৰ সেই পুৰণি গংগা,যমুনা আৰু সৰস্বতী নদীবান্ধ ভাঙি বোৱা দি ববলৈ ধৰিলে|মুখৰৄপী বংগোপ সাগৰত জোৱাৰ-ভাটাৰ খলকনি উঠিল|বহুত দেৰিৰ মুৰত শান্ত হ’ল গৄহমন্ত্ৰী,তেতিয়াহে তেখেতৰ অনুভৱ হ’ল অমুকা এই খন জগততে আছে|মানে মাক বাপেকক পাই মোলৈকো পিঠি দিছিল মানে :(| একসপ্তাহমানৰ পাছত মোৰ কামৰ ঠাইৰ ঠিকনা দিয়া শুনিলো টিকিক ফোনত|মানে বাবাজীয়ে কিবা নিদান দিছে তাৰমানে|মোৰ হাঁহিয়েই উঠিল|মনে মনে নিজকে ক’লো “বোপাই, তোমাৰ ডাক্তৰগিৰি ঘৰত নাখাটে”|পিছে সেই বুঢ়া বুঢ়ী মখাক বুজাই কোনে|শাহুৰ আগত কওঁতে কৈছিল “ভগৱানৰ বাহিৰে কোনোবাই মৰাক জীয়া কৰি পাইছানে?”|মানে গৰুৰ আগত টোকাৰী বায় শিং জোকাৰী ঘাঁহ খায়|হস্পিতালত বহি থাকোতেই মোক ডাকোৱালে কাগজ দি গ’ল|চকীদাৰৰ হতুৱাই বস্তুটো অনালো|লোভ সামৰিব নোৱাৰি কি নিদান দিছে চাওঁ বুলি খুলি পেলালো|এডাল তাবিজ আৰু কাগজ এখনেৰে সৈতে এটা ইনজেকচন ওলাল|কাগজ টুকুৰাত লিখা আছে “কমৰত লব”|এনেওতো লবলৈ নিদিওঁয়েই,তথাপিও কি ইনজেকচন দিছে চাও বুলি নামটো পঢ়ি কিহত ব্যবহাৰ কৰা ইনজেকচন বুজি নাপালো|মোৰ ডাক্তৰী জ্ঞানে ঢুকি নোপোৱা নাম|লগে লগে ফাৰ্মাচীৰ ল’ৰাটোক মাতি চাব দিয়াত হাঁহি হাঁহি ক’লে “ছাৰ আপনি গৰুৰ ডাক্তৰী কোন দিন থাকিয়া ষ্টাৰ্ট কৰছই ন?”|হে ভগৱান মানে গৰুৰ বেজী|মুখখন এহাত মান মেল খাই গ’ল|?শ্ৰীমতীক ফোনত সকলো লোৱা হৈ গ’ল বুলি কবলৈ দি দুই কুল বচাই ৰাখিলো, লগতে বাবাকো|বাবাক কিয় ঘৰৰ মানুহে মানুহৰ আগত দেখা দিবলৈ নিদিয়া হ’ল বুজি পালো|পিছে কেতিয়াবা কেতিয়াবা ভাবো, মইৱ নজনাকৈ শ্ৰীমতীয়ে এইটো বেজী লোৱা হ’লে গৰ্ভত থকা পোনাকনৰ কি অৱস্থা হ’লহেতেন বাৰু ৰাইজ? 🙁

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments