ঘৰ-সংসাৰ-১১ (প্ৰদ্যুৎজ্যোতি শইকীয়া)

বিয়াৰ আগতে ভয় কৰিছিলো মালৈ আৰু ককাইদেউলৈ, তাকো মাৰ খোৱাৰ ভয়ত|বিয়া পতাৰ পাছত মাৰ কাণতলীয়া কেইটা শতকৰা হাৰ হিচাপে ৫০% মান কমিল যদিও শেষ হোৱা নাই|নহ’ব কিজানি আইমাতৃ জীৱিত অৱস্থাত,টিকিয়েও কেতিয়াবা নাখালেহে ৰক্ষা|অৱশ্যে মাৰ খোৱাৰ মজা এটাও নথকা নহয়|তাৰ পাছত বিয়া পতাৰ লগে লগে প্ৰথম ভয়ৰ কাৰণটো অধিকাৰ কৰি পেলালে গৃহমন্ত্ৰীয়ে|এইষাৰ শুনাৰ পাচতেই কিজানি বিবাহিত দুজনমানে ভাবিলেই চাগৈ “অ বোপাই কিয়নো লজ্জাজনক সঁচা কথাটো কৈছানো?নিজৰ মাজতে সুমোৱাই থ’ব পৰা নাই নেকি?”|ম‍ই এতিয়া তেওঁ লোকক কম “দোষ-দায় নধৰিব দেউ সকল|ঘৰত তেৰাৰ আগত ক’ব নোৱৰো যে,সেই গতিকে ইয়াতেই কৈছো আৰু”|বাৰু বাদ সেইবোৰ|

শ্ৰীমতীৰ পাছত ম‍ই ভয় কৰা বস্তুটো হ’ল সেই দীঘলকৈ কিলবিলাই চুচৰি যোৱাবিধ|যি বিধৰ খঙ উঠিলে যদি একামোৰ দিয়ে তেন্তে যম আহি হাজিৰ হ’বলৈ মাত্ৰ কেই মিনিট মানহে লাগে|মানে ম‍ই সাপৰ কথা কৈছো|চেহ,মৰিলো ম‍ই|কনদাই, মনদাই আৰু বৰদাই|তিনি তপাৰ নাম আকৌ, ৰাতিখন দীঘলৰ নাম ল’লো যে|তিনি টপা মোৰ দদাইদেউ কেইজনেই দেই|এতিয়া সিহঁতৰ বাপৰ সাধ্য নাই মোক কিবা কৰিবলৈ|হেঃ হেঃ হেঃ|উপায় নাই ডাক্তৰ হ’লেও| সেই জীৱ বিধেই এনেকুৱা|যাৰে তাৰে সৰু পানী চুৱাই দিব পাৰে|শ্ৰীমতীয়ে এইটো কথা খুব ভালকৈ জানে|মোৰ আকৌ শ্ৰীমতীয়ে সেই কৌটিকলীয়া জীয় দুবিধকহে ভয় কৰে|মানে পঁইতাচোৰা আৰু বতা নিগনী|কৰিবলগীয়া কথাও|কথাটো বহুত দিনলৈকে বুজ পোৱা নাছিলো|কাৰণ মোৰ কোৱাৰ্টাৰত সেইদুবিধ জীৱৰ উপদ্ৰৱ কম|ফেনাইলৰ প্ৰকোপত আহিব পৰা নাই তেৰা সবে ৰাজ্য জয়ৰ বাবে|কিন্তু শেষ ৰাতি ভিতৰি ভিতৰি যে প্ৰস্তুতি চলাই থাকে  শ্ৰীমতীৰ কাণ্ড এটাৰ পাছতহে গম পালো|এ্ৰদিন ৰাতি শ্ৰীমতীয়ে প্ৰায় ১২মান বজাত শোৱা কোঠাৰ পানী শেষ হোৱা বাবে ফিল্টাৰৰ পৰা পানী আনিবৰ বাবে পাকঘৰলৈ গ’ল|তাৰ পাছত পানী ভৰাই থাকোতেই দুঃসাহসী বতা নিগনী এটাই লগৰ এজনীক ইম্পেছ কৰাৰ ধাণ্ডাত সুঙা এটা মাৰি দিলেহি শ্ৰীমতীৰ ভৰিত|কাণ্ডটো দেখি শ্ৰীমতীৰ তালুৰ আগে জীৱ গ’ল|ইফালে চিঞৰিবও নোৱাৰে, মা আছে|আত্মৰক্ষাৰ স্বাৰ্থত দিলে গেছৰ টেবুলখনতে জাপ মাৰি উঠি দিলে সাত মহীয়া লেঠা থাকোঁতেই|ইপিনে বতা নিগনীয়েও জয়ৰ গোন্ধ পাই লগৰজনীক লৈ শ্ৰীমতীৰ টেবুলৰ তলতেই ডেটিং মাৰিবলৈ ল’লে|এনেই মৰিছো ৠষিৰ শাপত, তাতে আকৌ দিছে ধানৰ ভাপত|সেই সময়তে একদম ক্লাচিক এণ্ট্ৰি মাৰিলে পঁইতাচোৰাৰ এটা ঘোচখোৰ সঁজাতী দলে|ইফালে শ্ৰীমতীৰ অৱস্থা চাবলগীয়া হৈছে|ঘামি জামি শেষ|মাক মাতিবও নোৱাৰে| কাৰণ আমাৰ বিয়াৰ পাছতেই মায়ে হাতেৰে বতা নিগনী এটা ঢকা মাৰি মৰা দেখি টিকিয়ে অবাক লাগি চাইছিল| মায়ে টিকিক ভয় কৰা নেকি সোধাত তপৰাই নকৰো বুলি কোৱা কিজানি বেছিদিন হোৱাই নাই|সেয়ে গৄহমন্ত্ৰীয়ে একো কৰিব নোৱাৰি টেবুলৰ ওপৰতে ৰ’ল|সেই সময়তে ভুতৰ ওপৰত দানহ পৰাদি কাৰেণ্ট গুচি গ’ল|মাত্ৰ গেছৰ টেবুলখনতহে জোনাকৰ পোহৰ|শ্ৰীমতীয়ে শেষত টেবুলৰ ওপৰতে ৰাতিতো কটালে|ৰাতি পুৱা ম‍ই নাইট ডিউটিৰ পৰা আহি তেৰাক গে্ছৰ টেবুলৰ ওপৰতে দেৱালত আঁউজী টোপনি মাৰি থকা অৱস্থা্ত পালোহি|ইফালে বতা নিগনীটোৱে লগৰ জনীক ডাব্লল ইম্প্ৰেছ কৰো বুলি এইবাৰ মোলৈকো খেদা মাৰি আহিছিল|একে গৰকে তাৰ বৰ বেয়াকৈ ইহলীলা সম্বৰণ হ’ল|প্ৰথমে ভয়েই খাইছিলো টিকিক টেবুলৰ ওপৰত দেখি| পিছত গোতেই কাণ্ডটো শুনাতহে হাঁহিত ৰ’ব নোৱাৰা হ’লো|মায়ে ৰাতিপুৱাই ৰাতিপুৱাই অট্টহাস্য শুনি সুধিলে “কি হ’ল অ’ বৰ হাঁহি দেখোন, পাগল হ’লি নেকি দুইটা”|মাক কওঁনেকি সোধাত শ্ৰীমতী মুখতে হাত দি ধৰিলে|মাক কওঁ বুলি ভাবিছিলোহে,শ্ৰীমতীয়ে…..

মই আকৌ এতিয়া প্ৰায়ে পঁইতাচোৰা আৰু বতা নিগনী নিধন কৰি শ্ৰীমতীৰ আগত বীৰত্ব প্ৰকাশ কৰিয়েই থাকো|মাজে মাজে শ্ৰীমতীক পঁইতাচোৰা আৰু বতা নিগনীৰ লগত হোৱা কাণ্ডটো মাক শুনাই দিম বুলি আবেলি লাল চাহকাপ ব্লেকমেইলিং কৰি খাওঁ|বৰ সুবিধা হৈছে ৰাইজ|পিছে ভুলতো ভবা নাছিলো অতিশীঘ্ৰে ম‍ইও ফঁচিম বুলি|সেইদিনা আছিল শনিবাৰ|মই সন্ধিয়া আহি ঘৰ সোমাইছোহি প্ৰায় ৫.৩০ মানত|গান এটা গুন-গুনাই বেগটো থৈ পিছ ফালৰ বাথৰুমত সোমাবলৈ যাওঁতেই পিছ্দুৱাৰেদি চোতালত জোনৰ পোহৰত চিকমিকাই লৰচৰ কৰি থকা বস্তু এটা দৃষ্টিগোচৰ হ’ল|ইংৰাজী S টোৰ নিচিনাকৈ|মানে সেই দীঘলবিধেই|ঢোক কৰি ডিঙিৰ পৰা সেপ ঢোকাৰ শব্দ এটা বাহিৰ হ’ল|ইতিমধ্যে শ্ৰীমতী আহি হাজিৰ, তেওঁৰো অৱস্থা নাই ভয়ত|তথাপিও মোক ক’লে “মাৰিবা জানো মোৰ এই অৱস্থাত|আৰু তুমি দেখোন সাপ ভয়েই কৰা”|বুকুৰ তলৰ ফালে নিজৰ সাতমহীয়া অৱস্থাটোৰ ফালে চাই ক’লে|ৰাম ৰাম ইফালে মোৰ ফাট মেলা বসুমতী পাতালে লুকাওঁ অৱস্থা|শ্ৰীমতীয়ে মোক এই অৱস্থাটো খোচ মাৰিবলৈ নেৰিলে”তুমি মতা মানুহ,মাৰিব নালাগে”|মতা মানুহ শব্দতো অলপ জোৰকৰি কোৱা শুনিলো|হে হৰি এই অৱস্থাতো কামোৰ দিছে|ইতিমধ্যে ঘটনাস্থলীত আই মাতৃৰ প্ৰবেশ হাতত ঊলগুঁঠা সামগ্ৰী লৈ|মায়েতো দেখিয়েই ক’লে “কিহৰ মতা হৈছ হেৰৌ, বাপেৰে হোৱা হ’লে ইমান টাইম সেইটোৱে যমৰ নগৰ দেখি কোনোবা গাঁতত সোমালেগৈহেঁতেন”|মাৰ কথা শুনি শ্ৰীমতীৰ গহীন হাঁহিৰ লগতে মুৰ গৰম হোৱা কামোৰ “তুমি দেউতাৰ ল’ৰা হয় জানো?”|এইবাৰ দেউতাৰ কথা আহি যোৱাত বাৰণ্ডাত থোৱা বাঁহৰ লাঠীডাল লৈ আগবাঢ়ি গ’লো|শ্ৰীমতী টৰ্চ লৈ ৰেদি |মানে সাপ মৰা চাব|যিমানে দীঘলটোৰ ওচৰ চাপিছো সিমানে হাত কঁপিছে আৰু প্ৰায় সৰু পানী চুওঁ চুওঁ অৱস্থা|প্ৰায় লাহে লাহে গৈ ৮ ফুটমান ওচৰ পালোগৈ|জোনাকৰ পোহৰত এইডাল আৰু জিলিকিছে|বগা ক’লা|আও এইডাল দেখোন দেখোন একেবাৰে লৰচৰ নোহোৱা জাতৰ| মানে সখা সাপ চাগে|অন্ততঃ ম‍ই ওচৰ চাপি যোৱা দেখি পলাই যা বোপাই,গাখীৰ খোৱাম তোক|সাপটোক উদ্দেশ্যি মনতে ক’লো|পিছে তেৰা অলৰ অচৰ|সাপটোৰ ওচৰ চাপিছো মানে মোৰ তলৰ ফালে প্ৰায় যাওঁ যাওঁ অৱস্থা|শেষত ক’ৰ পৰানো বল আহিল জানো, দিলো সাপটোৰ সোঁমাজতে চাৰিবাৰ মান পূৰ্নহতীয়া মাৰ|আই ঔ কি সাপ অ’|কেটকুটেই নহ’ল|আৰু এমাৰ মৰাৰ পাচতেই শ্ৰীমতীয়ে টৰ্চ মাৰি মই মৰিয়াই থকা সাপটো দেখি খিলখিলাই হাঁহি দিলে|সাপটোলৈ চাওঁতে দেখিলো সাপৰ ঠাইত ৰাতিপু্ৱা কাম কৰা মানুহটোৰ ক’লা চিকচিকীয়া প্লাষ্টিকৰ চেণ্ডেলযোৰ|আমাৰ কোৱাৰ্টাৰৰ পুখুৰীটোত জোনৰ পোহৰ পৰি প্ৰতিফলিত হৈ চেণ্ডেলযোৰৰ ওপৰত পৰি ফিটাদুযোৰে Sৰ ৰুপ পাই চিকমিকাই আছে|মায়ে ভিতৰৰ পৰাই শুধিলে “মৰিলেনে?”|মই লাহেকৈ ক’লো “মৰিলে|কিন্তু ঢোৰা সাপহে”|এতিয়া শ্ৰীমতীক আবেলিৰ চাহ ম‍ই সদায় তৈয়াৰ কৰি খোৱাই আছো|নহ’লে মা আৰু ঘৰৰ সকলোটিৰে আগত মোৰ ৰস ৰচনা মেলিব….   ৰাইজ 🙁 ???

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments