ঘৰ-সংসাৰ-১২ (প্ৰদ্যুৎজ্যোতি শইকীয়া)

 

এই কেইদিন আমাৰ বদৰপুৰত তামাম বৰষুণ| আমাৰ পিছফালৰ পুখুৰীটোৰ পাৰত ভেকুলীমখাৰ টোৰটোৰকৈ RA-ONE চিনেমাত গোৱা “একন”ৰ ক্ৰিমিনেল গানটোৰ  কৃপাতেই হওক বা আইমাতৃয়ে বিছনাত পৰাৰ সময়ত গেলা গৰমৰ কাৰণে বৰুণ দেৱতাক কৰা আবাহনৰ কাৰণেই হওক|মুঠতে মুষলধাৰ বৰষুণ এজাক হব‍ই হ’ব|কেনিও ওলাব নোৱাৰি তেতিয়া|সেই সুযোগতে হস্পিতালত ৰোগী নোহোৱাৰ চলেৰে শ্ৰীমতীৰ হাতেৰে গৰম গৰম পকৰিৰে সৈতে সাউতকৈ চাহ একাপ খাই যাওঁহি|এই বৰষুণৰ বতৰতে আমাৰ কাষতে থকা বি.পি.এমৰ পৰিয়ালৰ কমাণ্ডাৰ-ইন-চীফ, প্লাটুনটোৰ সৈতে ওলায়হি,মানে শ্ৰীমতী বৰানী তেখেতৰ চাৰিটা চানা-পোনাৰ সৈতে|ইফালে গোটেই চাৰিটা উত্‍পাতাসুৰৰ বংশধৰ|আহিয়েই পাকঘৰত সোমাই লংকা কাণ্ড আৰম্ভ কৰে|আগতে শ্ৰীমতীয়ে হকাবাধা কৰিলেও এইবাৰ শৰীৰে নকয়|মানে ৮ মাহৰ লেঠা|গতিকে আজি কিহে পায় সেই জম্ভাসুৰৰ দলটোক|৯ বছৰীয়া ডাঙৰটোৱে নেতৃত্ব দি গোটেই বিস্কুট,পকৰি,ফলমূল শেষ কৰিলে| শেষৰ দুটাই শৰীৰৰ হালধীয়াখিনি আধাকেজি মানকৈ  থৈয়ো গ’ল| মানে ডেৰ কেজিমান হাগি থৈ গ’ল চোতালত কিনকিনীয়া বৰষুণৰ মাজতে|আইমাতৃয়ে বকি বকি ধাৰ নথকা কোৰখনেৰে পেলালে আমাৰ একমাত্ৰ ডাষ্টবিন হিচাপে ব্যবহৃত পিছফালে থকা পুখুৰীটোলৈ|শ্ৰীমতীৰ ওফোন্দা গাল দুখন দেখিয়েই গম পাছিলো একো নোকোৱাকৈ|চুপচাপ সোমাই ভৰিহাত ধুই নিজেই চাহকাপ তৈয়াৰ কৰি খালো|কঁদোৰ গাঁতত হাত নুসুমুৱাটোৱেই বুদ্ধিমানৰ কাম|

ৰাতিলৈ দৈ‌ৱৰ দুৰ্বিপাকত পৰি পুৰণি চোলা এটা পিন্ধাৰ বাবে উঠিল খজুৱতি মানে এলাৰ্জী|১২ মান বজাত খজুৱতিত তত নাপায় শ্ৰীমতীক ক’লো “মাৰ টেবুলটে লেভ’চিন-এম(মানে লেভ’চেট্ৰিজিন টেবলেট) বুলি লিখা এটা টেবলেট আছে লৈ আঁহা”|আনি দিয়াৰ লগে লগে খাই দিলো থপিয়াই শ্ৰী মতীৰ হাতৰ পৰা|খজুৱতি নকমিল, কিন্তু আধা ঘণ্টা মানৰ পাছৰ পৰা ১৫ মিনিট মুৰে মুৰে মু্ত্ৰ বিসৰ্জনৰ প্ৰক্ৰিয়া আৰম্ভ হ’বলৈ ধৰিলে|ইফালে বাথৰুমত পানীও নাই|পাছফালৰ পুখুৰীটোৰ পাৰতে….|পুখুৰীৰ পাৰলৈ অহা যোৱা কৰি কৰি ৰাতি পুৱাল|অহা যোৱাৰ প্ৰ্কোপত পাহৰিয়েই গ’লো যে মোৰ এলাৰ্জী হৈছিল|শ্ৰীমতীয়ে ভুলতে বেলেগ ঔষধ দিয়া নাইতো?নহ’লে এলাৰ্জীৰ টেবলে্টৰ নতুন চাইদ এফেক্ত নহয়্তো?ডাক্তৰী মন সন্দিহান হ’ল|মনটো গোন্ধাই আছিলেই|ৰাতিপুৱা মায়ে কথা এষাৰ কোৱাত সকলো পৰিষ্কাৰ হ’ল|”অকনি অ’ ৰাতি এলাৰ্জীৰ টেবলেট বুলি ভুলতে ৰাতি পুৱা খোৱা টেবলেটতো খুলি পেলাইছিলো|পাচত বাকলি চটা দেখিহে|এলাৰ্জীৰ টেবলে্টতো খাই সেই বাকলিচটাতে সুমুৱাই থৈছিলো ৰাতিপুৱা খাবলগীয়াটো|পিছে এতিয়া বিচাৰি পোৱা নাই দেখোন?বিচাৰি দেচোন”|গোটেই ৰাতি অহা যোৱা কৰাৰ ৰহস্য এতিয়াহে ফাদিল হৈছে|মানে শ্ৰীমতীয়ে ৰাতি মোক দিয়া এলাৰ্জীৰ টেবলেটতো মায়ে ৰাতিপুৱা খোৱা লেচিক্স টেবলেটহে আছিল|ক’তে মৰো?

আমাৰ গৄহমন্ত্ৰীৰ আকৌ এই এল’পেথিক ঔষধত আস্থা নাই|কিবা হ’লেই মাক আৰু শাহু মাতৄৰ পৰামৰ্শ মতে পটাত পিহি বনদৰৱহে খায়|কাৰবাৰটো বৰ ভাল নহয় যদিও ম‍ইও মাজে মাজে তেখেতক ইম্প্ৰেছ কৰাৰ স্বাৰ্থক কেহা জ্বলাবোৰ টানি থাকিব লাগে|হওক তেও এইবোৰৰ মাজতে মৰম চেনেহবোৰ অটুট আছে|এবাৰতো তেখেতে মোক চিৰতা খোৱাই দিছিল|পটাত পিহি|কি যে অকটা তিতা|মৰমবোৰৰ কথা মনত পৰিলেও মানুহে চিৰতা খাব নোৱাৰে দেই|পিছে অমুকাক খাবলৈ দি শ্ৰীমতীয়ে যিটো চাৱনিৰে চাই আছিল|একেবাৰে শাৰদীয় মহিষমৰ্দিনী ৰূপ|একো চাবলৈ নহ’ল|মাৰি দিছিলো একে চিপতে শেষ কৰি|পিছে তাৰ পাছত যি অৱস্থা হৈছিল ভুক্তভুগীয়েহে জানে|

 

আমাৰ এখেতৰ আকৌ বৰ সুন্দৰ চখ এটা আছে, মানে তামাম ৰোমণ্টিক চখ|বৰষুণ দিলেই হ’ল, আধা ঘণ্টামান তিতিব’লে দিব‍ই লাগিব|পিছে এইবাৰ নেচেল|মানে তেৰাৰ ৮ মাহ ৰানিং যে|মোৰ কঠোৰ নিৰ্দেশ|বৰষুণত ভিজা নহ’ব|কামৰ পৰা আহি দেখো গৄহমন্ত্ৰীয়ে চিপচিপীয়া খিড়িকীৰে বৰষুণ জাকলৈ চাই আনমনা হৈ বহি আছে|বেয়াই লাগি গ’ল|নাই আৰু নোৱাৰি|শ্ৰীমতীৰ সপোন ম‍ইয়ে পুৰণ কৰো বুলি নিজকে চিপচিপীয়া বৰষুণ জাকত তিয়াই পেলালো তেখেতৰ আগত|শ্ৰীমতীৰ মলিন মুখখন উজ্জ্বল হৈ উঠিল|কৰিঅ’গ্ৰাফীৰ ডাইৰেকচন কৰাৰ দৰে মোকো ভিতৰৰ পৰাই উল্লাসিত হৈ কৈ থাকিল “এনেকৈ হাত দুখন মেলাচোন,এনেকৈ ওপৰলৈ চোৱাচোন”|মানে বৰষুণ জাক উপভোগ কৰাইছে|পিছে মোৰ ভয় লাগিল সৰুকালৰ পুৰণি এজমাটোলৈহে(হাঁপানী বা ডিঙি বজা ৰোগ)|কিজানি চাঞ্চ পাই হেঁচা মাৰি ধৰে|সেই কাৰণে বৰষুণৰ পৰা প্ৰায়ে তিনিহাতমান দূৰৈত থাকো|তিতি শেষ হোৱাৰ পাচত শ্ৰীমতীয়েই মুৰ টুকি দিলে|মায়ে দেখি চিঞৰি ক’লে “বোপাই ৰাতিলৈ ডি্ঙি বাজিলে গম পাবি”|শ্ৰীমতীয়ে মাক সুধি সুধি আচল কথা উলিয়ালে|মানে গোটেই দিটেইলছত|মাৰ কথাও আধা ফলিয়ালে,ৰাতিলৈ জ্বৰ|ভাগ্য যেনিবা সেই পুৰণি ৰোগফেৰা নহ’ল|পিছে শ্ৰীমতীৰ চিন্তাক্লিষ্ট মুখখনি দেখি বেজাৰেই লাগিল|পিছদিনা আবেলি জ্বৰীয়া গাৰে অফিচৰ পৰা অহাৰ পাছত গৄহমন্ত্ৰীৰ উজ্জ্বল চেহেৰা দেখিয়েই গম পালো আজি কিবা এবিধ বনদৰৱ ফ’ন যোগে আহিছে|মানে আকৌ বনদৰৱৰ অত্যাচাৰ|হয় মোৰ ধাৰণাই ১১০% শুদ্ধ|নে…..হী…..|পিছে শ্ৰীমতীৰ নাচোৰবান্দা অভ্যাসৰ আগত হাৰ মানি খাই দিলো ক’লা ক’লা মাছৰ পিতিকাৰ দৰে শ্ৰীমতীৰ আমোঘ অস্ত্ৰবিধ|বমি মানে গোটেই পেটৰ নাড়ী-ভুৰ ডাং খাই আহিব খুজিছিল বিদ্ৰোহ কৰি|বহুত কষ্ট কৰি ভাৰত চৰকাৰে আন্নাজীক ঠাণ্ডা কৰাৰ দৰে ঠাণ্ডা কৰিলো|কি খোৱালে অ’ চিৰতাতকৈ বেছি তিতা দেখোন|শ্ৰীমতীক সুধিলো কি খোৱালানো? নকয় তেৰাই|বাহিৰ কৰিলো দৰৱৰ ৰেচিপিটো বৰ কষ্ট কৰি|পিছে ৰাইজ নজনা হ’লেই ভাল আছিল নেকি?কি খোৱালে জানে? আমাৰ পাছফালৰ পুখুৰীটোত থকা লালুকী পোৱালিৰ পিতিকা|হাঁপানীৰ মহৌষধ হেনো|কথাষাৰ শুনি চিধাই লৰ ধৰিলো বাথৰুমলৈ|দৌৰি যাওঁতে মনত পৰি গ’ল পুখুৰীটোত পেলোৱা বৰানীৰ উত্‍পাতাসুৰ কেইটাৰ ডেৰ কেজি ওজনৰ হালধীয়াখিনিলৈ…..ৰাতি পুখুৰীত ম‍ই কৰা মূত্ৰ বিসৰ্জন..ভেকুলীৰ সমদল গীতকেইটা….:(|ৰাইজ আৰু কিমান সহিব লাগিল বাৰু? ও….ৱা…..ক|

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments