‘ঘৰ-সংসাৰ’ – ১৩ (প্ৰদ্যুৎজ্যোতি শইকীয়া)

‘ঘৰ-সংসাৰ’ – ১৩

–      প্ৰদ্যুৎজ্যোতি শইকীয়া

কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল |সেই ফাঁকি বচন মোৰ শ্ৰীমতীৰ লগত খাপ খোৱাব পৰা হ’লেতো কথাই নাছিল |সুখৰ ভাত এসাঁজ খালোহেঁতেন |পিছে শ্ৰীমতীৰ যিহে কথা-বতৰা আৰু কালী গোসাঁনী টাইপৰ চাৱনি কিছুমান দিয়ে, ম‍ই চকুলৈও চাব নোৱাৰোঁ |কিন্তু সেই মহা প্ৰতাপী মহাৰাণী বৰ বেয়াকৈ ধৰাশায়ী হ’ল পৰিস্থিতিৰ হাতত |দেখি বেয়া লাগিছিল যদিও ভালেই পালোঁ |মানে মনে মনে |দেখুৱাই দিলেতো কথাই শেষ হ’লহেঁতেন |ৰাইজে চাগৈ ভাবিছে কি বা হ’ল মোৰ শ্ৰীমতীৰ |চাচপেণ্স নাৰাখোঁ |কৈ দিছোঁ শুনক, …….ৰ’ব, মুখত গুৱা এখন ভৰাই লওক |এনেও আপোনালোকে মোৰ “ঘৰ-সংসাৰ”ৰ অৱস্থা দেখি হাঁহিয়েই থাকে | গুৱাখন সোমোৱাই ল’লে হাঁহিব নোৱাৰিব বাপ্পেকে |হাঁহিলেই গোটেই পিকেৰে ভৰ্তি হৈ যাব আপোনাৰ কাপোৰ-কানি |হেঃ হেঃ হেঃ |কিনো ফটা লেকচাৰ মাৰি থাকিম আৰু |কাহিনীলৈ যাওঁ আহক………..

মানে শ্ৰীমতীক ম‍ই বিয়া কৰাই, নহয় পলুৱাই অনাৰ পাছৰ পৰা বহুত চেষ্টা কৰিছোঁ চিলেটী শিকাবৰ বাবে |পিছে নাই তেওঁ চিলেটী শিকাৰ নামেই নলয় |ম‍ইও আজিকালি শিকাবলৈ বাদ দিছোঁ |অবুজনক বুজোৱা আৰু ঢেৰুৱা ঠাৰি সিজোৱা একেই কথা |এইকেইদিন আমাৰ মহাৰাণীৰ তামাম আৰাম হৈছে |মানে ১০মাহত ভৰি দিলে যে দুদিন আগতে, মানে দূৰ্গা পূজাৰ সপ্তমীৰ দিনা |গতিকে মায়ে শ্ৰীমতীৰ সমষ্ট কাম নিজৰ মূৰত লৈ বৰ বোৱাৰীয়েকক আজৰি কৰি দিছে |হোঃ, গৄহমন্ত্ৰীয়েও চাঞ্চ পাই ভৰিৰ ওপৰত ভৰি তুলি ‘ষ্টাৰ প্লাস্’ ত “बड़े अच्चे लगते हो” নে কিবা এখন উপভোগ কৰি আছে, কাজু গলিয়াই গলিয়াই |ম‍ইও হস্পিতেলৰ পৰা আহি ওচৰতে বহি একেবাৰে দৰকাৰী কথাটোৰে আৰম্ভনি কৰিলোঁ |মানে আমাৰ মাজলৈ আহিবলগীয়াজনক কেনেকৈ অনা যায় তাৰ বিষয়ে |শ্ৰীমতীয়ে ডাইৰেক্ট কৈয়ে দিলে “ম‍ই সেই পেইন্ টেইন‌ সহিব নোৱাৰোঁ আৰু তুমি যে “আশা কৰ্মী” বোৰৰ লগত চেম্বাৰত প্ৰেগনেণ্ট কেছ্ চালে কিবা ‘টু ফিংগাৰ- থ্ৰী ফিংগাৰ’ কৈ থাকা ম‍ই কিবা নাজানো বুলি ভাবিছা নেকি ?গতিকে ডাইৰেক্ট চিজাৰিয়ান | ‘ফুল এণ্ড ফাইনেল’” |শ্ৰীমতীয়ে মোক কোৱাৰ চাঞ্চ নিদি একেবাৰে ডিফেঞ্চৰ পৰা বলটো নি মিড ফিল্ডাৰক চেৰ পেলাই মোৰ ডিফেঞ্চ ভাঙি কৰ্নাৰৰ পৰা তীব্ৰ শ্বট এটা মাৰি গ’ল কৰি দিলে |অৱশ্যে ম‍ইও কম নহয়, এমাহ আগতেই শিলচৰত চিজাৰিয়ানৰ বাবে সকলো ফিটিং কৰি থৈছোঁ |মোৰ পোনাকণক আদৰিবৰ বাবে |শ্ৰীমতীয়ে ভয় কৰে বুলিহে কোৱা নাছিলোঁ |এতিয়া দেখিছোঁ তেওঁ এখোপ চৰা |মোৰ বসন্তীখন মানে চেভ্ৰলেট বিটখনো চেক আপ এটা কৰোৱাই থৈছোঁ |একেবাৰে সাজু যুদ্ধলৈ |ডবা-শংখ বাজিলেই হ’ল |যুঁজত জপিয়াই পৰিম |

আজি দশমী, হস্পিতেলৰ  কামবোৰ কৰি থাকোঁতেই চিন্তা কৰিলোঁ |পূজাখন অকলেই চাই আহিম গৈ |শ্ৰীমতীকতো নিব নোৱাৰি এই অৱস্থাত |ততাতৈয়াকৈ কামবোৰ শেষ কৰি ঢাপলি মেলিলোঁ ঘৰলৈ |গাটো ধুই ওলাই যাম আৰু শ্ৰীমতীৰ কাৰণে কিবা এটা ল’ম |ঘৰ আহি পাই দেখোঁ শ্ৰীমতী দেখোন শেনৰ এজাত |সাজি কাচি ৰেদি |অ’ মোৰ আই, ক’তে মৰোঁ |এই অৱস্থাত কোনোবাই পূজা চাবলৈ যায়নে ?মায়েও ক’লে নালাগে যাব |নাই নামানে |ম‍ই ক’লোঁ চিলেটীতে “সকাল থাকিয়া বেদনা মাৰে নিচ পেট’ চিমচিমাইয়া, এখন পূজাত যাই |মৰাৰ লাগি যাইতাই নি ?” হয়ো হয় |ৰাতিপুৱাৰ পৰা তলপেটত কিবা এটা বিষাই আছে বিষাই আছে কৈ আছে |পোনাকণৰ হাৰ্ট চাউণ্ড পিছে থিকেই আছে |মানে মনৰ সন্তুষ্টিৰ কাৰণে মাজে মাজে ম‍ই চাই থাকোঁ তাৰ গতিবিধি |শ্ৰীমতীয়ে লগে লগে উভতি ধৰিলে “চিলেটীত গালি নাপাৰিবা কিন্তু কৈ থ’লোঁ |ভালে ভালে মুখ হাত ধুই কাপোৰ পিন্ধি ব’লা |গোসাঁনীক সেৱা এটা কৰিয়েই উভতি আহিম” |গোসাঁনীক সেৱা কৰে, হোঃ নিজেই গোসাঁনীতকৈ কম নেকি ?মনে মনে নিজকে ক’লোঁ ।

অনিচ্ছা সত্বেও ওলালোঁ পূজালৈ বুলি |বদৰপুৰত দ্বিতীয় বাৰ পূজা চাবলৈ ওলালোঁ শ্ৰীমতীৰ লগত |যিহে ৰাস্তা বদৰপুৰৰ |প্ৰথমবাৰ আহোঁতে বদৰপুৰ-কৰিমগঞ্জ ৪৪নং ৰাষ্ট্ৰীয় ঘাই পথটোক আমাৰ মথাউৰিটো বুলি ভাবিছিলোঁ |হে হৰি, শ্ৰীমতীক ভালে কুশলে ৰাখিবা আৰু |থেকেচনিত কিবা এটা অঘটন নহ’লেই ৰক্ষা |টাউন পাই দেখোঁ আধা ৰাস্তাৰ পৰা গাড়ী যাবলৈ দিয়া নাই |খা বাপ্পেকে ভীমকলটো এতিয়া |শ্ৰীমতীক লাহেকৈ কাষতে লৈ হাতত ধৰি লাহে লাহে পূজা মণ্ডপৰ ফালে আহিলোঁ |গৄহমন্ত্ৰীয়ে সেৱা ভাগি সম্পন্ন কৰিলে থিয় হৈয়েই |তাৰ পাছত ওলাই আহিলোঁ লাহে লাহে ভীৰৰ পৰা |হওক তেও একো যে নহ’ল তেৰাৰ | ম‍ইতো ভয়েই খাইছিলোঁ |পিছে ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি |ঘৰলৈ বুলি গাড়ীত উঠাৰ পাছতেই শ্ৰীমতীয়ে অনুভৱ কৰিলে এটা তীব্ৰ বিষ তল পেটত |মোৰ বুজিবলৈ বাকী নাথাকিল আৰু |টিকিক চিটত লাহেকৈ বহুৱাই এখন হাত খামুচি ধৰি এখন হাতেৰে ড্ৰাইভ্ কৰিলোঁ ঘৰলৈ বুলি |ঘৰলৈ যাব নালাগিছ্ল যদিও গ’লোঁ |টিকি এইবাৰ গাড়ীৰ পৰা উঠিবকে নোৱাৰিলে |কি কৰোঁ কি নকৰোঁ লাগিল |মেইনটেনেন্সত থকা বাবে ১০৮ৰ চাবিনা(চাবিনাক সকলোৰে মনত আছে চাগৈ) ফ্ৰী আছিল | তাইক ফোন কৰিলোঁ |ড্ৰাইভাৰ আহাদক লৈ তাই আহিল লৰালৰিকৈ |আহিয়েই ক’লে সি “আজি দশমী, শিলচৰত সাধাৰণ গাড়ী সোমোৱাব নিদিয়ে | এম্বুলেন্সহে দিব |” অন্ ডিউটিত থকা নাৰ্ছ মনলতা হাজৰিকাই এবাৰ চেক্ কৰি ক’লে “১ ফিংগাৰ” |টাইম্ আছে হাতত |হস্পিতেলৰ এম্বুলেন্স খবৰ কৰি নাপালোঁ |ড্ৰাইভাৰ ছুটীত |চাবি লৈ গৈছে |সৰ্বনাশ ! অৱশ্যে অলপ সকাহ পালোঁ তেতিয়াহে, যেতিয়া আহাদে ফোন কৰি মেজিক(এম্বুলেন্স) এখন আনিলে |ইফালে শ্ৰীমতীৰ অৱস্থা কাহিল |মোক এৰি দিব খোজা নাই |হাতখন যি ধৰিলে, এৰি দিয়াই নাই |মা, চাবিনা আৰু টিকিক পাছৰ চিটত দি আহাদক ড্ৰাইভ কৰিবলৈ দিলোঁ |ম‍ই আহাদৰ কাষত |আৰম্ভ হ’ল আমাৰ শিলচৰ মুখী যাত্ৰা |ভঙা ৰাস্তাৰে হৰ্ণ বজাই আগাবাঢ়িলোঁ |মাজে মাজে শ্ৰীমতীৰ দুই এটা কেঁকনি ভৰা চিঞৰ |মনটো কিবা ভয় ভাবেৰে আগুৰি ধৰিলে |১৩০০ৰ ওপৰত ডেলীভাৰী কৰোৱা মোৰ ডাক্তৰী মনটো কিবা অজান আশংকাত ডুবিল |নিজৰ হোৱা বাবে আজি প্ৰথম বাৰৰ বাবে বুজিলোঁ কিমান কষ্ট আৰু ভয় থাকে ডেলীভাৰী কেছবিলাকৰ ঘৰৰ মানুহ বিলাকৰ |হে ভগৱান, দুই ঘণ্টা সময়ৰ ঠাইত চাৰে তিনি ঘণ্টা ল’লে শিলচৰ পোৱাৰ বাবে, কাৰণ পূজাৰ বতৰ |পিছে লাষ্টৰ ১০ কিঃমিঃ আমি বেলেগ এটা ৰাস্তাৰে যাব লগা হ’ল |মেইন্ লাইনত ন’ এণ্ট্ৰী |আগবাঢ়িলোঁ |পিছে আগবাঢ়িব নোৱাৰিলোঁ দুই কিঃ মিঃ মান গৈ |গাড়ীৰ এটা লম্বা লাইন |হে ভগৱান, কি কৰা যায় এতিয়া |ইপিনে শ্ৰীমতীৰ চিঞৰ-বাখৰো বাঢ়ি আহিছে |এটা সময়ত গাড়ী আগনবঢ়া হ’ল |ফচি গ’লোঁ ট্ৰেফিক জামত |ভগৱানৰ নাম নোলোৱা মোৰ মুখেদি ১০বাৰ মান ভগৱানৰ নাম বাহিৰ হ’ল |ইপিনে ককাইদেউ আৰু শ্ৰীমতীৰ ঘৰৰ পৰা ফোনৰ ওপৰত ফোন |দেউতাক লগত লৈ ককাইদেউ ফ্লাইটত আহিব হেনো ৰাতিপুৱা |চাবিনাক ক’লোঁ “চাবিনা, চেক্ কৰাচোন এবাৰ টিকিক” |ম‍ই আৰু আহাদ নামি গ্লাছ উঠাই দিলোঁ |চাবিনাই চেক্ কৰি ক’লে “থ্ৰী ফিংগাৰ লুজ” |ক’ত মৰ মৰ এতিয়া ।বেছি দেৰি নায়েই |আহাদক ক’লোঁ |কাটি-কুটি নিব পাৰি নেকি চোৱাচোন |আহাদে আপ্ৰাণ চেষ্টা কৰি এক কিঃ মিঃ মান নিলে |আৰু নোৱাৰিলে |ইপিনে শ্ৰীমতীৰ গগন ফলা চিঞৰ আৰম্ভ হ’ল |শ্ৰীমতীৰ ফালে চাওঁতে দেখিলোঁ,আউলী- বাউলী চুলিৰে ঘামেৰে তিতি যোৱা মোৰ টিকিজনীৰ তেনেই অৱস্থা কাহিল হৈ গৈছে |ম‍ই আগন্তুক কি কৰিব লাগিব প্লেন কৰিয়েই পেলালোঁ |ম‍ই নামি গৈ কাষৰ মানুহ বোৰক সুধি ফাৰ্মাচী থকা মানুহ এঘৰৰ পৰা কিছু প্ৰয়োজনীয় বস্তু লৈ আহিলোঁ |লগতে আনিলোঁ কাপোৰ মেলা ক্লিপ্ আৰু গৰম পানী |বাকী সৰহ সংখ্যক প্ৰয়োজনীয় বস্তুৱেই নাপালোঁ |আহি দেখোঁ চাবিনাই মা থকাৰ বাবে অলপ আমনি পাইছে |মাক কথাটো ক’লোঁ কাণে কাণে |মায়ে ওলোটাই ভেকাহি এটা মাৰি ক’লে “তোৰ জন্ম ঘৰতেই হৈছিল বোপাই, আধা বাহিৰ হওঁতেই হাতখনত ধৰি ম‍ইয়ে টানি বাহিৰ কৰিছিলোঁ তোক |চাবিনাক ক’ তাই কামত লাগক, ম‍ই সহায় কৰিম” |চাবিনাই সকাহ পালে |

আহাদে উৱাদিহ নাপাই চিলেটীতে টিকিক প্ৰবোধ দিছে “মেডাম আংগাজ কৰককোৱা, আংগাজ কৰ’ আংগাজ কৰ’(সহ্য কৰক, সহ্য কৰক)” |কোনো দিন চিলেটী নোকোৱা মোৰ শ্ৰীমতীয়ে খঙতে আহাদক চিলেটীতে গালি দিলে “ধুৰ বেটা, কিটা আংগাজ কৰতাম, আমাৰ নিচে দিয়া বাহিৰ হৈয়া যাই” |মোৰ কপালত পানী লোৱা অৱস্থা |হে হৰি, হাঁহিমনে কান্দিমেই একো বুজা নাই |ম‍ই আৰু আহাদ গাড়ীৰ বাহিৰত উচপিচাবলৈ লাগিলোঁ |মনত পৰিল হস্পিতেলৰ প্ৰসৱ-কোঠাৰ বাহিৰত উচপিচাই থকা বাপেকবোৰৰ মুখবোৰ |অলপ দেৰিৰ পাছত শুনিলোঁ সেই পৰম আকাংশিত চিঞৰটো |পোনাকণটোৰ কান্দোনৰ |চাবিনাই মোৰ হেল্প বিচাৰিলে |সকলো কাম সমাধা কৰিলোঁ এটা এটাকৈ |কাপোৰ মেলা ক্লিপ দুটা দি ক্লেম্প কৰিলোঁ |ভাগ্য মায়ে লগত কিছু বগা শুকান গৰম পানীত উতলাই থোৱা কাপোৰ আনিছিল |শ্ৰীমতীলৈ চালোঁ |লাহেকৈ চকুহাল মেলি শেঁতা হাঁহি এটা মাৰিলে |পোনাকণক মাৰ কোলাত গতাই দিওঁ মানে ৰাতি ১ টামান বাজিল |পিছে বিপদে সহজে লগ নেৰে |চাবিনাই ক’লে “ছাৰ ব্লিদিং” |চক খাই উঠিলোঁ |কাৰণ এইটো এটা প্ৰধান কাৰণ প্ৰসূতিৰ মৃত্যুৰ |ঔষধৰ দোকানৰ পৰা অনা সীমিত চেলাইন আৰু মেদিচিনেৰে কাম চলাই দিলোঁ |ভগৱানে সহায় কৰিলে সেইখিনি সময়তে ।জাম ভাঙিল |৫ মিনিটতে হস্পিতেল পালোঁ |তাৰ আগতে আমাৰ গাড়ীৰ ওচৰে পাজৰে থকা দুজনমান মানুহে মোক বাপেক হোৱাৰ বাবে অভিনন্দন জনালে |হস্পিতেলত টিকিক প্ৰসৱ-কোঠাত দুই ঘণ্টামান ৰাখি কেবিনত দিলে |টিকিক সুস্থ দেখিহে শান্তি হ’ল |

পুৱালৈ দেউতা পালেহি ককাইদেউৰ স’তে |সৰুৰে পৰা মানসিক বাধাগ্ৰস্ততা থকা দেউতাই কণমানিটোলৈ আঙুলিয়াই সুধিলে “এ এ এ এ টু কা লআ অ’(দেউতা খোনা, ৰ আৰু ল টোত অসুবিধা হয়)?” |মোৰ চকুপানী ওলাই গ’ল |তথাপিও ক’লোঁ “মোৰ দেউতা”| তেতিয়া দেউতাই কোলাত লৈ মৰম কৰি ক’লে “অকণ”| মোক দেউতাই সৰুকণ বুলি মাতে |সেয়ে অকণ বুলি ক’লে চাগৈ |বুজি নাপালোঁ যদিও কণমানিটোৰ ঘৰত মতা নাম দেউতাই দিয়াটোৱেই থাকিল | “অকণ” | মোৰ পোনাকণ ভূমিষ্ঠ, নৌকাষ্ঠ, হস্পিতেলাষ্ঠ এইবোৰ একো নহৈ মেজিকাষ্ঠহে হ’ল |দুদিন পাছত কোৱাৰ্টাৰলৈ আহিলোঁ |আকৌ মাজে মাজে শ্ৰীমতীৰ কেঁচাইখাইতীৰ দৰে চাৱনিবোৰ আৰম্ভ হ’ল লাহে লাহে |চলি থাকিল ঘৰ-সংসাৰৰ খুট-খাটবোৰ | পিছে ৰাইজ ম‍ই বাপেকী হ’লোঁ দেই |

‘ঘৰ-সংসাৰ’ – ১৪

 

এতিয়া মাত্ৰ চুইচাইদ কৰিবলৈহে বাকী ৰৈছে |এই যে বাপেক হ’লোঁ ইমান সৰুতে |এতিয়াহে বুজিছোঁ ম‍ই, বাপেক হোৱাৰ যন্ত্ৰণা কিমান |ৰাতি ৩ টা বজাত যেতিয়া ল’ৰাই কান্দে তেতিয়াহে গম পোৱা যায় “ঘৰ-সংসাৰ” কৰা কিমান মিঠা | আমাৰ আকৌ মহাৰাণীৰ তামাম আৰাম |ৰাতি পোনাকণে কেতিয়াবা হাউ হাউকৈ ভোকত কান্দে |ইফালে খবৰেই নাই |কান্দিছে কান্দি থাওক |কি আহে যায় |তেওঁ নাক ঘোৰ-ঘোৰাই টোপনিত |তেতিয়া ম‍ইহে মৰোঁ |কোলাত লৈ নিচুকনি গীত গাওঁতে গাওঁতে গলা ফাটে |পিছে ১৫ দিনীয়াটোৱে ক’ৰবাৰ নিচুকনি গীত শুনি টোপনি যাব নেকি ?মোৰ খুহুতীয়া বৰপিতাই এজনে আকৌ পোনাকণৰ নামটো দিছে “মিনটিলৌ” |ঠিকেই দিছে |এই খটাসুৰৰ বংশধৰে আমাৰ “ঘৰ-সংসাৰ”ত কিমান ধিন দাও খিত তাও কৰে তাৰ হিচাব নহ’ব যেন পাইছোঁ |ইফালে শুৱাওঁতে ৰাতি পুৱাই যায় | ৬ টামান বজাত নিজে শুবলৈ লওঁ |পিছে ৭ টামান বজাত চেম্বাৰত টোকৰ পৰে “ছাৰ, ছাৰ..এক্টা ৰোগী লৈয়া আইছিলাম, ভিজিট দিমো ছাৰ, প্ৰাইভেট দেখিয়া দেইন” | আগতে প‍ইচা দিম বুলি কৈ ল’ব |এনেকৈ কৈ যেন ম‍ই কেবল প‍ইচা ল’বলৈ হোল-চেল দোকান এখন খুলি বহি আছোঁ |সেই খিনি সময়তে আমাৰ গৄহমন্ত্ৰী সাৰ পায় |মোক ঠেলা এটা মাৰি কয়, “যোৱা ৰাতি টোপনি অহা নাই, জেমচে(পোনাকণক টিকিয়ে জেমচ বুলি মাতে) দিগদাৰী দিলে” |তাকো মায়ে শুনাকৈ |মায়ে শুনি ক’ব “মাজনীক শুবলৈ দেচোন, তহঁত মতাবোৰে মাইকী মানুহৰ কথা অকণো নাভাব দেই | অকণে কিমান আমনি কৰিছে ম‍ই গম পাইছোঁ নহয়, ৰাতি কন্দা শুনিছোঁ | যা, ৰোগীজনক চাই পঠাই দে |নহ’লে চিঞৰি থাকিব” |সেইয়া, সেইয়া দেখিলে ৰাইজ |কিমান গেজু খেলিলে শ্ৰীমতীয়ে |ৰাতিটো ম‍ই জাগি থাকিলোঁ |এতিয়া মোকেই ফঁচালে |ইফালে গাৰুৰ তলত শ্ৰীমতীৰ শব্দ নোহোৱা প্ৰাণখোলা হাঁহি | ভোৰভোৰাই পেচেণ্টটো পঠাই আহি আকৌ শুবলৈ লওঁতেই শ্ৰীমতীয়ে মন ভাল লগাবলৈ চিকুট কেইটামান দিয়ে |বাহিৰত খং কৰি দেখুৱালেও শ্ৰীমতীৰ মৰমবোৰ ভালেই লাগে | এনেকৈ আমাৰ “ঘৰ-সংসাৰ” ঠিকেই আছিল, অসমীয়া গাঁওখনলৈ নোযোৱালৈকে |এই যে অলপদিন আগতে এখন গাঁৱৰ কথা লিখিছিলোঁ অসমীয়াত কথা-বতৰাত | “গড়েৰ ভিতৰ” নামৰ গাঁওখন | সেইখনৰেই কথা কৈছোঁ |যোৱাটোৱেই কাল হ’ল |

মায়ে চিঞৰি আছে |সুদি পাতিব লাগে (ম‍ই কৰ্মফেৰাৰ নামটো ভালকৈ নাজানো, মানে পোনাকণক বাজলৈ আনিবৰ বাবে পতা অনুষ্ঠানটো) | গতিকে ইয়াৰ স্থানীয় অসমীয়া মানুহকে মাতি কোৱাৰ্টাৰতে নিয়মটো কৰি পেলা |ম‍ইয়ো ভাবিলোঁ কথাটো বেয়া নহয় |পিছে মানুহ মাতিবলৈ নিজেই যাব লাগিব |দেওবাৰে ওলালোঁ বসন্তীখন লৈ গাঁও খনলৈ বুলি |এঘণ্টাৰ মূৰত গৈ পালোঁ |মোক দেখিয়েই ৰাইজৰ উলাহে নধৰা হ’ল |প্ৰথম চাকৰিলৈ আহোঁতে এইবোৰতেই পিটপিটাই ফুৰি সাঁজৰ জুতি লৈ ফুৰিছিলোঁ |প্ৰথম ঘৰ শংকৰীয়া মানুহ |নিমন্ত্ৰণৰ তামোল-পাণ দি চাহ-তাহ খাই দ্বিতীয় ঘৰত সোমালোঁ |যিমান পাৰোঁ সোনকালে যাব পাৰিলে ভাল |পিছে সোমায়েই আচৰিত হোৱাৰ পাল |কাৰণ ঘৰৰ মূল মানুহজনীৰ দুই নম্বৰ সন্তানৰ প্ৰসৱ দেখোন মোৰ হাততেই হৈছিল |তাকো বৰাক উপত্যকাত মোৰ প্ৰথমটো অসমীয়া মানুহৰ ডেলীভাৰী |মনত থকাৰেই কথা |কিন্তু বৰগোলৰ(মোৰ হস্পিতালৰ ওচৰৰ গাঁও)পৰা তেখেত এইখিনি কেনেকৈ পালেহি সেইটোহে আচৰিত | পিছে আচৰিত হ’বলৈ একো নাই, কাৰণ সন্তান প্ৰসৱৰ কাৰণে মাকৰ ঘৰত আছিলগৈ |মানে বৰগোলত |এতিয়া পতিৰ ঘৰত |উৰহী গছৰ উৰ বিচাৰোঁ মানে সেই ফালে হায়ৈ বিয়ৈ কৰি শেষ |যেনিবা সাক্ষাৎ ঈশ্বৰকহে দেখিলে |মোক পাই নথৈ আনন্দিত হৈছে |তাৰ ডাইৰেক্ট এফেক্ট যে পেটে সহ্য কৰিব লাগিব সেইটো খাটাং |পেটটোৰ ফালে চাই চাই মনতে ক’লোঁ “বোপাই, সত্যাগ্ৰহ নকৰিবা দেই, যি দিব সেইটো সুমুৱাই যাবা” |মূল মানুহজনে আহি এইবাৰ একেবাৰে ভিতৰলৈকে মাতি নিলে |ম‍ই বোলো খেল ডাঠ |হাজাৰ বাৰ নাখাওঁ বুলি ক’লোঁ |লাভ নাই, খাব লাগিব‍ই |বহিলোঁ, প্ৰথমে সেৱা এটা ফুলাম গামোচা এখনেৰে সৈতে |কৄষ্ণ কৄষ্ণ, কি হৈছে এইবোৰ মোৰ লগত |ইমান ডেকা মানুহকনো সেৱা কৰেনে ।তাৰ পাছত দেখিলোঁ ঠাইখন মচি হাতীখুজীয়া বাটিত আগলতী কলাপাতেৰে ঢাকি আনিছে |আনোঁতেই মলমলাই আহিছে |বুজিবলৈ বাকী নাথাকিল পকা সাঁজ সেই বাটি |মোৰ আগত থৈ ক’লে “খাওক আপুনি বিয়া পতাৰ আগতে ইয়াত বহুত বাৰ খাইছে আমি জানো |সেয়ে চাহৰ সলনি ৰসকণকে আগবঢ়ালোঁ” |চকুৰ আগত ফ্লেচ বেকৰ দৰে শ্ৰীমতীৰ লগত মদ খোৱাৰ বাবে হোৱা মহাৰণৰ এপিচ’দ কেইটা চাট চাটকৈ পাৰ হৈ গ’ল |একেবাৰে আৰম্ভণিৰ ৰাজদীপৰ কাণ্ডটোৰ পৰা |শেষত পোনাকণৰ সৈতে টিকিৰ কালী গোঁসানীৰ অৱতাৰটো |উঠিয়েই যাওঁগৈ নেকি ?এপাকত ভাবিলোঁ |নাই, পুৰণি হোষ্টেলীয়া মনটোৱে বাৰে বাৰে কৈ থাকিল, “নুঠিবি মূৰ্খ, আৰু ক’ত চাণ্স পাবি, খাই ল’, এবাটিহে খাবি একো নহয় |পেটৰ কাৰণেও ভাল” |সাত পাছ নুগুনি পোনাকণৰ সৈতে মাক ৰৈ থকা মনৰ ভিতৰৰ ছবি খনৰ মেইন চুইচটো অফ কৰি মধ্যমা আঙুলিৰে দুটোপাল পকা সাঁজ মাটিত পেলাই টানি দিলোঁ লাহে লাহে গোটেই বাটি |সোণত সুৱগা চৰাইছে হাঁহৰ মাংসৰ আঞ্জা খনে |শেষ হ’লত আৰু এবাটি |আকৌ মানা কৰা সত্বেও |লগত ক’বলৈ নাপাহৰিলে, “ডেকা মানুহ, টানি দিয়ক” | টানিলোঁ |

আৰু মানুহ নিমন্ত্ৰণ কৰিবলৈ থকাৰ দোহাই দি ওলালোঁ কোনোমতে |ইফালে গুলাপীয়া নিচা হৈছে | মানুহ সকলোকে নিমন্ত্ৰণ দি ঘৰলৈ বুলি ষ্টিয়াৰিং ঘুৰালোঁ যদিও ঘৰলৈ নগৈ বৰাক নদীৰ পাৰতে ৰ’লোঁ |গোন্ধ  যাওক |মুখখনো ধুই পেলালোঁ |পুদিনহাৰা দুটাও খালোঁ |কাম নিসিজিলে |সাঁজৰ গোন্ধনো ইমান সোনকালে যায় নেকি ?চেহ, কেইমাহমান আগতে দেৱব্ৰত ককাইদেউয়ে কিটিপ এটা শিকাই দিম বুলি কৈছিলে |লৈ থোৱা হ’লে ভাল আছিল |এতিয়া পস্তাইছোঁ |ৰূমলৈ গৈয়েই গৃহমন্ত্ৰীৰ মুখামুখি নহৈ বাথৰুমত সোমাই আধা ঘণ্টা মান মুখ ধুলোঁ |নাই নাযায় |ইপিনে শ্ৰীমতীয়ে চাহ খাবৰ বাবে মাতি আছে |হঠাৎ ফোনটো অহাতহে সকাহ পালোঁ |বাথৰুমৰ পৰা ওলাই ডাইৰেক্ট ফোনটো ধৰিলোঁ | ধ্ৰুৱৰ ফোন |সি দুষাৰ মান কৈ কাটিলে যদিও ম‍ই পেচেণ্টৰ লগত কথা পতাৰ ভাও ধৰি ক’লোঁ, “অ, ম‍ই গৈ আছোঁ, ইমাৰজেণ্সী ৰূমত ৰাখক” | শ্ৰীমতীয়ে সুধিলে পাকঘৰৰ পৰাই, “ডিউটি নাই ক’ত যায় হে” | চিনাকি ৰোগী বুলি কৈ ওলাই আহিলোঁ |উফ্ ভগৱান ৰক্ষা | হস্পিটেলত লগৰ ডাক্তৰ শুভজিৎ দাসৰ লগত দুই ঘণ্টা গল্প মাৰি কটালোঁ |গোন্ধ নাইকিয়া হোৱাত ঘৰত সোমালোঁ যদিও ডাইৰেক্ট বাথৰুমত গা ধুবলৈহে সোমালোঁ |শ্ৰীমতীয়ে এইবাৰ কামোৰ দিলে, “কি ডাক্তৰ বাবু “ডাস্ত(ডায়েৰীয়া)” নেকি” ? ম‍ইহে গম পাইছোঁ কি চলিছে মহাৰাণী |তুমিতো গম পালে কন্সিদাৰ নকৰা |মুখৰ ভিতৰতে ভোৰ-ভোৰালোঁ |গা-পা ধুই, ভাত-পানী খাই পোনাকণক ৰাখিলোঁ অলপ দেৰি | টিকিয়ে বাচন ধুৱে মানে |তাৰ পাছত বিচনাত |হে হৰি, ভাল বচালা দেই |

সেই দিনা বাচি গ’লোঁ |পিছে ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি |নিৰ্দিষ্ট দিনটোত পোনাকণক বাজলৈ অনা অনুষ্ঠান আৰম্ভ হ’ল |নিমন্ত্ৰিত অতিথি সকল আহিছে, ম‍ই বহোৱা-মেলা কৰিছোঁ | নাম আৰম্ভ হোৱা নাই |হঠাৎ খবৰ পালোঁ যে অন ডিউটিত থকা ডাক্টৰ বেহুছ হৈ যোৱা বাবে একমাত্ৰ ৰেছিদেন্চিয়েল ডাক্টৰ হিচাপে ম‍ই ডিউটিত যাব লাগে |মেডামৰ আদেশ |অনুষ্ঠান এটা ঘৰত পাতিছোঁ বুলি জনা সত্বেও মেডামৰ এই হুকুম |ভোৰভোৰাই ধূতি খুলি ডিউটিলৈ ওলালোঁ |শ্ৰীমতীয়ে আশ্বাস দিলে, “আমি পাৰিম, যাওক আপুনি” | হস্পিটেলত কেচত লাগি থাকোঁতে সন্ধিয়া কেতিয়া হ’ল গমেই নাপালোঁ |আহি পাই দেখোঁ সুদিত এতিয়া মুহুদী খনো বাকী নাই |টিকি টিকিকৈ চিঞৰি ভিতৰ সোমালোঁ যদিও মাত নাই |কি বা হ’ল ?মা মা কৰি চিঞৰিবলৈ লওঁতেই কাণতলীয়া এটা পৰিল |সেইটো বা কিয় একো বুজি নাপালোঁ |টিকিয়ে কালী গোঁসানীৰ ৰূপ লৈ শোৱা কোঠাৰ পৰা বাহিৰ হৈ আহিল |আহিয়ে খোৱা টেবুললৈ চকু দিলে |ম‍ইও দেখি চিত্‍কাৰ কৰিবলৈহে বাকী |এটা সাঁজৰ বটল |নিজেতো ডেকা কালত খাইছাই মুতনী সোপা |জেমছৰ সুদি সেইকণ মুখত দি পাতিবলৈ আহিছে |ডাক্টৰ হেনো |বুজি পালোঁ, কাণ্ডটো কি হৈছে |ম‍ই সাঁজখাই অহা ঘৰৰ মানুহ গৰাকী আহিছিল আৰু আহোম মানুহ কাৰণে সুদিবুলি ভাবি মুখত দিবলৈ সাঁজ অকণমান…..লগতে ম‍ই তালৈ যাওঁতে কি কি কৰিছোঁ তাৰ গুণানুকীৰ্তন….লগতে প্ৰথম চাকৰিত জ‍ইন কৰাৰ পাছত তালৈ গৈ কৰা গলাধঃকৰণৰ কাণ্ডবোৰ….| ৰাইজ এতিয়া শুবলৈ নাপাওঁ গোটেই ৰাতি, পোনাটিক চাব লাগে |শ্ৰীমতী শুৱে, লগতে ৰাতিপুৱাৰ চাহো কৰিছোঁ |লগতে পোনাকণৰ মূৰত ধৰি শপত এটা ফ্ৰী……:(ৰাইজ সেইদিনা ৰাতি টিকিৰ গংগা,যমুনা আৰু সৰস্বতীক বংগোপসাগৰ্ত হোৱাত বাধা দিওঁতে কিমান কষ্ট কৰিব লগা হ’ল ম‍ইহে জানো 🙁 ।)

 

ক্ৰমশঃ…….

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক