ঘৰ-সংসাৰ -১৫(-প্ৰদ্যুৎ শইকীয়া)

“ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি।” এই কথা শাৰী মোৰ ক্ষেত্ৰত ষোল্ল অনা খাটে। বিয়াৰ এবছৰমানলৈকে ঠিকেই আছিল। সৰু সংসাৰ, সুখী সংসাৰ। তাৰ পাছত জেম্‌ছ ওৰফে মিনটিলৌ ওৰফে মোৰ পোনাকনৰ জন্ম। এইখিনিলৈকে “ঘৰ-সংসাৰ” খেলিমেলিকৈ ঠিকেই গৈ আছিল। পিছে শ্ৰীমতীয়ে ফেচবুক খোলাৰ পাছৰপৰাহে লাগিল গণ্ডগোল। হোঃ! সেই যে সন্ধ্যাৰাগিনী শ‍ইকীয়া, মানে মোৰ শ্ৰীমতীয়ে ফেচবুক একাউণ্ট খুলি মোৰ লগত লুকাভাকু খেলিলে! সেই ফেচবুকেই এতিয়া মোৰ ঘৰ সংসাৰত অনিয়মৰ সৄষ্টি কৰিছে। অনিয়ম মানে সাংঘাতিক অনিয়ম। মোৰ ওপৰত এনেয়ে হস্পিতালৰ কামৰ বোজা, তাৰ উপৰি কেতিয়াবা ভাত মুঠিও ৰান্ধিব লাগে ঘৰত। গৃহমন্ত্ৰী সেই সময়ত ফেচবুক লৈ ব্যস্ত থাকে। শ্ৰীমতীয়ে সেই ফেচবুক খোলাৰ কিছুদিন পাছতেই মোৰ লেপটপটোৰ ওপৰত বিজয় সাব্যস্ত কৰি; নহয়, বলপূৰ্বক মোৰ পৰা কাঢ়ি নিজৰ দখললৈ নিলে। তাৰ পাছত আৰু ম‍ই লেপটপ নোপোৱাই হ’লো। সেই কাৰণেই আজি-কালি ম‍ই অ.ক.ব গোটত অনিয়মীয়া। শ্ৰীমতীক কৈ চাইছিলো আমাৰ গোটৰ কথা। পিছে চকু ফুৰাই এষাৰ কৈয়েই সামৰি থ’লে। “চুপাৰ বোৰিং!” পিছে তেখেতে এইফাকি নিজৰ মনৰ পৰা কোৱা নহয় বুলি পাছতহে গম পালো। সেই ফেচবুক খোলাৰ পাছত আৰু ৰক্ষা নাই। এই কিবা বোলে “কথা নপতাকৈ থাকিব নোৱাৰো” গোট এটাত গোটেই দিন লাগি থাকে। আৰু এটা কিবা খুলিছে কিবা “বোৱাৰী চুপতি” বুলি। ৰাতি পুৱাৰ পৰাই সেই চুপতি আৰম্ভ। তুমি দুখে ভাগৰে কামৰ পৰা আহিবা, মহাৰাণীয়ে আৰম্ভ কৰিব “বোৱাৰী চুপতিৰ” কথাবোৰ। “আজি পৰীৰাণী শৰ্মাই বোলে এইটোহে পোষ্ট কৰিলে,” “কিমান জমনি!” ম‍ই মনতে ভাবো পৰীৰাণী শৰ্মা নহয়, পৰৰ নাৰী শৰ্মা্হে! খিক্‌ খিক্‌। পিছে দেখুৱাই হাঁহিব নোৱাৰি। কিযে হ’ব মোৰ! আকৌ ক’ব নীলাঞ্জনা তামাঙে আজি যিখনহে চিঠি লিখিলে, বৰ হৃদয় বিদাৰক। ম‍ই বোলো নীলাঞ্জনা নহয়, নিতৌ লাঞ্চনা খোৱা তামাং। হেঃ হেঃ হেঃ! পিছে দেখুৱাই হাঁহিবও নোৱাৰি নহয়! গৄহ-হিংসা আইন আছে, এবাৰটো কৈয়েই থৈছে শ্ৰীমতীয়ে। (আৰু এগৰাকীৰ কথাও শুনি আছো। কিবা হেনো বিভা আচাও। এই দুই তিনিগৰাকীয়ে লগলাগি মোৰ শ্ৰীমতীৰ মাথাই চেঞ্জ কৰি দিলে। শ্ৰীমতীক কৈছিলো বোলো মোৰ উপাৰ্জ্জন অলপ কম হৈছে। এনেও গাঁৱলীয়া ডাক্তৰ। গতিকে আমাৰ হিমন্ত বিশ্ব ছাৰৰ টেট্‌টোকে দিয়া। মাষ্টাৰ ডিগ্ৰীও আছে। জালখনটো(NET) ফালিব নোৱাৰিলাই, গতিকে মাষ্টৰীতে ধৰা। পিছে “বোৱাৰী চুপতি”ৰ পৰা আদেশ আহিল—”টেটত একো নাই। বেলেগ কিবা এটা চোৱা।” চাওঁক ৰাইজ, মোৰ সোণৰ সপোনত ঢালিলে পানী এই “বোৱাৰী চুপতি”ৰ মহাৰাণী কেইগৰাকীয়ে। পিছে মোৰ এই ওলোটা বুজা গৃহমন্ত্ৰীক বুজাই কোনে! পিছে গৃহমন্ত্ৰীয়ে মোৰ অভাৱ অনুভৱ কৰিলে সেইদিনা, যিদিনা বৰ্তমান পৰিস্থিতিৰ স’তে মোকাবিলা কৰিব লগা হ’ল। মানে ৰাতি ম‍ই ট্ৰেইনিঙৰ কাৰণে কৰিমগঞ্জ সদৰত থাকিব লগা হ’ল। সেইদিনা মোৰ গৃহমন্ত্ৰীয়ে কোৱাৰ্টাৰত অকলেই থাকিবলগীয়া হ’ল। ভূতৰ প্ৰতি অদ্ভূত ভয় থকা শ্ৰীমতীয়ে মূত্ৰ বিসৰ্জন কৰিবলৈও অকলে নাযায়। ফেচবুককে সাৰথি কৰি ৰাতিটো কটাম বুলি ভাবিছিলে তেৰাই। পিছে ম‍ই আগতেও কৈছো আপোনালোকক, “ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি।” ফেচবুকৰ লগৰ মহাৰাণীসকলেও ভূতলৈ ভয় কৰে হেনো। ইফালে য’তে ৰাতি হয় তাতে বাঘৰ ভয়। শ্ৰীমতীৰো সেইটোৱেই হ’ল। মূষলধাৰ বৰষুণৰ বাবে লোড্‌ ছেডিং আৰু ফেচবুকৰ “বোৱাৰী চুপতি”ত লাগি থাকোতে মোবাইলৰ চাৰ্জো দিবলৈ পাহৰিলে। গতিকে মোলৈ ফোন কৰিবও নোৱাৰে। বাহিৰত থকা বাথৰুমলৈ ৰাতি অকলে যাবও নোৱাৰে। লগত পোনাকনৰ সমস্যাটোও আছে। সেয়ে ২ নম্বৰটোৰ কাৰণে গোটেই ৰাতি যাব নোৱাৰিলে। গতিকে ৰাতি শোৱনী কোঠাৰ ভিতৰতে …….. ৰাতিপুৱা মহাৰাণী শুই উঠাৰ আগতেই আহি পালো। উৎকট গোন্ধ এটা পালো ঘৰত সোমায়েই। ৰুমৰ ভিতৰত পলিথিনৰ টোপোলাৰ ভিতৰত হালধীয়া খিনি আৱিষ্কাৰ কৰিহে গোটেইখিনি গম পালো। প্ৰথমেতো পোনাকনৰ পেণ্টৰ পিছফালে হালধীয়া দেখি তাৰ বুলি্য়ে ভাবিছিলো। পাছত পলিথিনৰ মাজত হালধীয়াখিনি দেখিহে! মানে ৰাতি মাকে তলত আৰু পুতেকে শুই শুই ওপৰৰ বিছনাত। হাঁহি উঠিছিল যদিও তেহেলৈ হাঁহি সামৰি সুধিলো, “তোমাৰ সেই নিতৌ লাঞ্চনা খোৱা তামাঙ আৰু পৰৰ নাৰী শৰ্মায়ে কিবা হেল্প কৰিলে জানো? তেতিয়া শ্ৰীমতীয়ে কি বুলি উত্তৰ দিলে জানে ৰাইজ? বোলে পলিথিনত কাম ফেৰা কৰাৰ আইডিয়াটো ফেচবুক চাটিঙত তেওঁলোকেই দিছিল। হে হৰি কৃপাময়! ক’তে মৰো! এনেকুৱা আইডিয়াও দিয়েনে? কি যে হ’ব এই ‘বোৱাৰী চুপতি’ৰ বোৱাৰী কেইগৰাকীৰ! পিছে শ্ৰীমতীয়ে আকৌ ভেকাহি মাৰি কি ক’লে জানে? “ৰাতি বাহিৰলৈ কেনেকৈ যাম! ভিতৰতে বাথৰুমৰ ব্যবস্থা কৰিব নোৱাৰা যদি কিহৰ মতা? নিজৰ কেতিয়াবা ইমাৰ্জেন্সি হ’লে গম পাবা ৰ’বা।”

শ্ৰীমতীৰ এই ফেচবুক প্ৰীতি ইমানেই বাঢ়িব ধৰিলে যে পোনাকনৰ ফালেও লাহে লাহে পিঠি দিয়া হ’ল। ম‍য়ো কিবা ‘টলাৰেট’ কৰি থকাৰ নিচিনা হৈছে। মাও ঘৰলৈ গ’ল। দেউতাৰ অসুখৰ বাবে। ইফালে ঠাণ্ডাও বাঢ়ি আহিবলৈ ধৰিছে। এদিন সন্ধিয়া হস্পিতালৰ পৰা আহি দেখো শ্ৰীমতী সেইখিনি সময়লৈকে “বোৱাৰী চুপতি”তে ব্যস্ত। মোজাযোৰ খুলি খুলি ক’লো, “টিকি, এৰা সেইবোৰ, পকৰী খাবৰ মন গৈছে বনোৱাচোন।” শ্ৰীমতীয়ে তপৰাই উত্তৰ দিলে, “জেম্‌চক চোৱা, ম‍ই এতিয়াই বনাই দিম।” জেম্‌চৰ ফালে চালো। নিশ্চিন্তে শুই আছে। শুবতো, সৰুতে ম‍ই কিমান ঠাণ্ডা আছিলো!! ম‍য়ো ক’লো, “ই দেখোন শুই আছে।” উত্তৰ আহিল—”কেতিয়া উঠিব গেৰাণ্টী দিব পাৰিবা জানো? যোৱা মোৰ কাৰণেও চাহ একাপ বনাবা।” ওলোটাই মোৰ ওপৰতে পৰিল। খঙতে পাকঘৰত সোমাই বেচন উলিয়াই লাগি গ’লো পকৰী বনোৱাত। অনভিজ্ঞ হাত। কি হ’ল নাজানো। শ্ৰীমতীয়ে এটা মুখত দিয়েই ওকলিয়াই দিলে। ম‍ই পিছে লাল চাহৰ লগত গোটেইসোপাকে খালো। ভাত খোৱা নহ’ল। বিছনাত কেতিয়া নাক ঘোৰ-ঘোৰাবালৈ আৰম্ভ কৰিলো গমেই নাপালো। দুটামান বজাত সাৰ পাই দেখো শ্ৰীমতী এতিয়াও “বোৱাৰী চুপতি”তে। কিনো পাইছা সোধাত ক’লে, “শৰ্মা বাইদেৱে নতুন কিতাপ এখন লিখিছে ‘নিজৰ পতিক হাতৰ মুঠিত ৰাখোঁ আহক’ বুলি। তাকে আলোচনা কৰি আছো। অৰ্ডাৰো দিছো এখন।” ম‍ই বুজিলো এই ‘বোৱাৰী চুপতি’য়ে মোক ডুবাব। নিশ্চিত বিপদৰ পৰা হাত সৰাৰ উপায় বিচাৰি বিছনাত আকৌ দীঘল দিলো। দীঘল হুমুনিয়াহ এটাৰ সৈতে।

আগদিনা গৰম পকৰী খোৱাৰ মজা ওলাল পাছদিনা। ৰোগী চাই থকাৰ মাজতেই। হ্ঠাৎ পেটত গাজনি ঢেৰেকনিৰে পায়ুৰ ফালে এজাক হালধীয়া বৰষুণ নমাই আনিব খুজিলে। প্ৰত্যেকটো ঢেৰেকনিত অনুভৱ কৰিলো এটা বকাসুৰ হেন ডাঙৰ বিষ। হে মা কালী! ক’লৈ যাওঁ কি কৰো লাগিল। আগদিনাৰ বৰষুণৰ বাবে কাৰেণ্ট নাই। কাৰেণ্ট নাই বাবে হস্পিতালত পানী নাই। ৰোগী তাতে এৰি একেদৌৰে ঘৰ পালো। চোলা-পেণ্ট খুলি চকুমুদি বহি দিলো ক’ম’ডৰ ওপৰত। বাহিৰত টিকি। কাট মাৰি সুধিলে, “কি হৈছে? ইমান ঘেৰেঘেৰোৱা শব্দ যে? ডাইৰেক্ট হৈ গৈছে নেকি?” মোৰ মুখৰ পৰা হাগি পোৱা সুখৰ আবেগত উত্তৰ ওলাল, “নক’বা আৰু, ঢেৰঢেৰাই গৈছে।” বাথৰুমৰ পৰা ওলোৱাৰ পাছত মোলৈ চাই শ্ৰীমতীয়ে হাঁহি ৰখাব নোৱাৰা হ’ল। কি বা হ’ল? পাছত নিজৰ ফালে চাই দেখো ডিঙিত ওলমি আছে মোৰ ষ্টেথ’স্ক’পডাল। মানে ষ্টেথ’ডাল থ’বলৈকে পাহৰিলো। L

দিনবোৰ বাগৰি গ’ল। মোৰ মা ঘৰলৈ যোৱাৰ মাহেক হ’ল। সোমবাৰৰ দিনা হঠাত্‍ ৰাতি দুই বজালৈকে ম‍ই হস্পিতালৰ ডিউটি কৰিব লগাত পৰিলো। যদিও মোৰ ডিউটি নাছিল। গৃহমন্ত্ৰীক কাঢ়া অৰ্ডাৰ দিলো “বোৱাৰী চুপতি” বন্ধ। জেম্‌চক চাবা। ম‍ই দুই বজালৈকে ডিউটিত থাকিম। দুই বজালৈকে ডিউটি কৰি আহি ঘৰৰ বাহিৰৰ পৰাই পোনাকনৰ কান্দোনৰ সুৰ শুনিবলৈ পালো। কি হৈছে বুলি চাওঁতে দেখো শ্ৰীমতী আকৌ সেই “বোৱাৰী চুপতি”ত ব্যস্ত। ইফালে পোনাকনক শোৱাই ৰখা ঝুলনাখনতে পোনাকন গুৱে-মুতে কান্দি একাকাৰ। খঙে মুৰৰ চুলি পাৰ হৈ গ’ল। অলপ টানকৈ কৈ থাকোতে শ্ৰীমতীৰ খহটা উত্তৰবোৰে খঙটো উঠাই দিলে। টানি একচৰ দিওঁ বুলি হাতখন ডাঙিছিলোহে, ইফালে গৃহমন্ত্ৰীৰ গংগা, যমুনা আৰু সৰস্বতী বাগৰি গৈ বংগোপসাগৰত পৰি চুনামীৰ সৃষ্টি কৰিলেই। প্ৰিয়জনৰ চকুত লোতক দেখি খঙ সামৰি চকুপানী মচি দিবলৈ লওঁতেই উচাট্‌ মাৰি শোৱনি কোঠাৰ দৰ্জ্জা মাৰি সোমাল যি সোমালেই আৰু, কাতৰ হৈ মাতিলতো নোলাল। লাভৰ মুৰত ম‍ই পোনাকনক নচুৱাই নচুৱাই আলহী বহা চোফাতে ৰাত্ৰি যাপন কৰিব লগা হ’ল।

ৰাতিপুৱা খকা মকাকৈ সাৰ পাই দেখোঁ আমাৰ শোৱনি কোঠাৰ দুৱাৰ খোলা। মানে মহাৰাণীৰ ভেম ভাগিল। লেপটপটো মোৰ বেগৰ ভিতৰত। যাহওঁক ভুলটো যে বুজি পালে টিকিয়ে! পিছে অলপ পাছতেই মোৰ ভুল ভাগিল, যেতিয়া ম‍ই শ্ৰীমতীক সমস্ত ঘৰ চলাথ কৰিও নাপালো। ফ’ন ন’ট ৰিচেবল। হে হৰি! ক’লৈ গ’ল? শোৱনি কোঠাৰ বিছনাত আমাৰ শৰ্মা ডাঙৰীয়ানীৰ ‘নিজৰ পতিক হাতৰ মুঠিত ৰাখোঁ আহক’খন দেখিয়েই বুজিবলৈ বাকী নাথাকিল। মানে আকৌ আগৰবাৰৰ নিচিনাকৈ ঘৰলৈ ঢাপলি মেলিলে। শ্ৰীমতী আঁতৰি যোৱাৰ দুখত, নে ভাত ৰান্ধিব লাগিব সেইটো ভাবি, নে পোনাকনক কি খুৱাম সেইটো ভাবি নাজানো, মুঠতে মোৰ মূৰ ঘুৰালে। খুব বেয়াকৈ। পোনাকনক কি খুৱাওঁ তাৰ চিন্তাই মাথা ঘোলা কৰিলে মোৰ। দুই ঘণ্টামানৰ পাছত কলিং বেলৰ শব্দ শুনি দৰ্জা খুলিলো। সম্মুখত শ্ৰীমতী। কাষত শ্ৰীমতীৰ মাক। শ্ৰীমতীক দেখি আপোনা আপুনি মুখৰ পৰা ওলাল “তুমিতো কালি মোৰ ওপৰত খ…….” বাক্যটো সম্পুৰ্ণ কৰিবলৈ নাপালোৱেই, শ্ৰীমতীয়ে মুখৰ পৰা কাঢ়ি নি ক’লে, “অ’ কালি ৰাতি যে তোমাক কৈছিলো মা আহিব বুলি। তুমি শুই থকা দেখি ম‍য়েই লৈ আহিলোগৈ মাক।” এই বুলি বেঁকা হাঁহি এটা মাৰি মোৰ কাষেৰে পাৰ হৈ গ’ল শ্ৰীমতী। মোৰ মেলা মুখ মেলাতেই ৰ’ল। হে হৰি মাইকী মানুহৰ মহিমা কোনেও নুবুজে। ৰাইজ চৰটো নামাৰি ভুল কৰিলো নেকি বাৰু? বাৰু সেয়া যি কি নহওক। ৰাতিলৈ গৃহমন্ত্ৰীয়ে মোৰ পৰা লেপটপটো খুজি “বোৱাৰী চুপতি” আৰু “কথা নপতাকৈ থাকিব নোৱাৰো” গ্ৰুপৰ ‘লিভ গ্ৰুপ’ অপছনটোত ক্লিক কৰিলে। ৰাইজ……

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক