ঘৰ-সংসাৰ – ১৬ (প্ৰদ্যুৎজ্যোতি শইকীয়া)

ঘৰ-সংসাৰ – ১৬ (প্ৰদ্যুৎজ্যোতি শইকীয়া)

“বুঢ়া বয়সত মানুহৰ পৰকতি লৰে।” কথাষাৰ একেবাৰেই সঁচা। আমাৰ ষ্টাফৰ মাজত দুই এজন নথকা নহয় তেনে। ধৰক আমাৰ ৰোগীৰ টিকট কটা ৰায় বাবুয়ে ওচৰতে বহি ৰেজিষ্টাৰ লিখা ডিভোৰ্চী মহিলা বেগম বাইদেউৰ লগত লাইন মাৰে। তিনিকুৰিৰ দেওনা পাৰ হওঁ হওঁ হোৱা, এটা নাতি পোৱা ফাৰ্মাচীষ্ট পাল বাবু আৰু মেট্ৰন আচাৰ্জী বাইদেউৰ দুপৰীয়াৰ ১ টা বজাৰ চাহৰ টাইমত মৰা চুপতিবোৰ, স্বামী বাহিৰত থকা চিষ্টাৰ বাবলিৰ অবৈধ প্ৰনয়, ইত্যাদি ইত্যাদি আদবয়সীয়া মানুহৰ কাহিনীবোৰ শুনি একেবাৰে কিবা লাগি যায়। ধেৎ তেৰি! নহয়, বৰ ভাল লাগে। এই খবৰবোৰেই সন্ধিয়া হস্পিতাল ক’ল’নীৰ আদ্দাত ৰজনজনাই থাকে। পিছে শুনিবলৈ বৰ ইচ্ছা থাকে যদিও নোৱাৰোঁ। কাৰণ সমাজে লগাই দিয়া এটা চিম্বলৰ কাৰণে ‘ষ্টেটাছ;। পিছে শ্ৰীমতীৰ বিয়নী মেলৰ পৰা দুই এটা উফৰি আহি মোৰ কাণতো পৰেহি| শুনি শুনি টোপনি যাওঁ।  আজিও সেই একে দশাই হ’ল। শ্ৰীমতীৰ বিয়নী মেলৰ পুৰাণ শুনি শুনি কেতিয়া টোপনি গ’লো নিজেই নাজানো।
এইকেইদিন ঘুনুকঘানাককৈ শুনিছোঁ বোলে নতুন ডাক্টৰ এজনী আহিছে। বিবাহিত নে অবিবাহিত জনা নাযায়। নতুনকৈ জ‍ইন কৰিছে। অন ডিউটী ডাক্টৰৰ ওচৰত। পিছদিনা মেডামে চিনাকি কৰি দিবলৈ মাতিলে। ফোন কৰি। গলো। গৈয়েই চকু কপালত উঠিল। মৌচুমী বৰুৱা। যোৰহাট মেডিকেল কলেজত একেলগে পঢ়া। বুকুখন কঁপি উঠিল। নকঁপিবই বা কিয়? বহুত ইতিহাস আছে তাইৰ লগত। মোতকৈ দুবছৰৰ ডাঙৰ মৌচুমী। দেখিছিলো প্ৰথম নামভৰ্তিৰ সময়ত। তাৰ পাছৰ পৰাই একেখন জিলাৰ বুলি একেলগে উঠা বহা। নবাগত আদৰণী সভাৰ দিনা তাইকে আৰু মোকে স্বামী-স্ত্ৰীৰ ভাও দিব দিলে ষ্টেজ ৰেগিঙত। দিলো। তাৰ পাছৰ পৰাই তেখেতে মোক নেৰাই হ’ল। প্ৰপ’জ কৰি মেলি শেষ। পিছে ম‍ইহে হা কোৱা নাছিলো। কাৰণ তাই মোতকৈ দুবছৰৰ ডাঙৰ। চলি থাকিল তেনেকৈয়ে চাৰিবছৰ। তাৰ মাজতে মোৰ জীৱনলৈ আহিল টিকি। ম‍ই বিচৰা জীৱন লগৰী। সেই বাবে মৌচুমী উপাখ্যানখন সেই ভাগেই ৰ’ল। চাকৰি পোৱাৰ পাছত একেবাৰে মন দাপোনৰ পৰা আঁতৰিয়েই গ’ল। পিছে ভূতৰ ওপৰত দানহ পৰাদি ওলালহি আকৌ মোৰ সহকৰ্মী হৈ। এনে লাগিল যেন ম‍ই পৄথিৱী, টিকি, চন্দ্ৰ আৰু মৌচুমী হেলিৰ ধুমকেতু। সুধি পুছি গম পালো তেৰা এতিয়াও অবিবাহিত। ৰক্ষা কৰা প্ৰভু। আই মাতৃয়ে যদি আকৌ কলেজীয়া দিনৰ ৰূপ লয় তেন্তে মোৰ জীৱনত যে চুনামী আহিব সেইটো খাটাং। কাৰণ ম‍ই এতিয়া সেই কলেজীয়া হিৰ’টো হৈ থকা নাই। ম‍ই মোৰ “ঘৰ-সংসাৰ”ৰ দুৰ্ভগীয়া নায়কহে। কোৱাৰ্টাৰলৈ মাতি নিবলৈ সংকোচ হ’ল। কিজানি টিকিয়ে ধৰা পেলাই দিয়ে। পিছে মৌচুমী নিজেই ওলাল। বাধা দিয়াৰো সুবিধা নাপালো। ঘৰঘৰাই সোমাই গ’ল। অ’ ৰাম শেনৰ এজাত। পিছে ধুনীয়াকৈ কথা বতৰা পাতি যোৱাৰ সময়ত দুৱাৰ মুখত গৈ পেটত খোচ এটা মাৰি কৈ গ’ল, “বৰ ধুনীয়া ৱাইফ দেই তোমাৰ।” মোৰ চিন্তাৰ বাবে বা সঁচাকৈয়ে নাজানো। কিন্তু খোঁচটোৰ আঁৰত কিবা এটা সোমাই থকা যেন লাগিল। পোনাকনেও কিবা এটা উমান পালে যেন পালো। সিও ভেঁ ভেঁ কৈ মুখখন মেলি দিলে।
মৌচুমীয়ে আমাৰ বিপৰীত দিশত থকা কোৱাৰ্টাৰটো পালে। ৰেছিডেন্সিয়েল ডক্টৰ হিচাপে থাকিব তাৰ মানে। অকলে থাকে। সাহসটো আগৰদৰেই আছে। আচাৰ-ব্যৱহাৰ আগৰ নিচিনা নকৰিলেই ৰক্ষা। পিছে মোৰ কপালখন এনেও ফুটা। এইবাৰ একেবাৰেই ফুটি থাকিব যেন পালো। মানে মৌচুমীয়ে আকৌ সেই আগৰ দৰেই ব্যৱহাৰ কৰিব ধৰিলে। এই ধৰক ম‍ই ৰোগী চাই থাকিলে মোৰ ৰুমত আহি এনেই একঘণ্টামান থাকি গ’ল। পুৰণা কথাবোৰ অলপ জোৰ দি ক’লে। ব্ৰেকত চাহ খাওঁতে তাইৰ চাহ কাপ এমাহৰ ভিতৰত দুই তিনিবাৰ মোৰ গাত পৰা হ’ল। ছ’ৰী ছ’ৰী বুলি কৈ ৰুমালখনেৰে ছাৰ্টত লাগি থকা চাহ মোচা হ’ল। আচলতে উদ্দেশ্য বেলেগ। তাৰ মাজতে আকৌ ম‍ই আগফালে বহি পেপাৰ পঢ়ি থাকিলেহে তাইৰ ছাদত কাপোৰ মেলিবৰ হয়। তাকো তিতা চুলি মেলি মোৰ ফালে চাই চাই। চাৱনিবোৰ এনেকুৱা হয় যে তাই চালেই বেক-গ্ৰাউণ্ডত “দা ডাৰ্টি পিকচাৰ” চিনেমাখনৰ “ও লা লা ও লা লা” গানটো বিগ ভলিউমত বাজি থকাৰ নিচিনা লাগে। ম‍ই মেডামৰ আগত পাৰ্ফৰ্মেন্স ৰিপ’ৰ্ট জমা দিবলৈ গ’লে তাইও আবদাৰ কৰা হ’ল তাইৰখন মোৰ হাততে দিবলৈ। বজাৰলৈ গ’লেও মোৰ গাড়ীত তাই যোৱা হ’ল। আৰু দুৰ্ভাগ্য ক্ৰমে ফিল্ড ভিজিট কৰোঁতেও তাই আৰু মোৰ একেলগে পৰা হ’ল। মানে সকলো ফালৰ পৰা চেপি আনিবলৈ ধৰিলে। ভাগ্য ভাল যে ইজ্জতটো বাচি আছে। টিকিক যদি বিয়া কৰাই নানিলোহেঁতেন তেতিয়া হ’লে ইমান দিনলৈকে মোৰ… বুজিছেই চাগৈ ৰাইজে! কিনো কম আৰু! ম‍ই জানি বুজিও নেদেখাৰ ভাও ধৰা হওঁ। তথাপিও কেঁৰাকৈ চকু এটা দিবলৈ নেৰিলো। ল’ৰাবোৰৰ পুৰণি অভ্যাস। কিন্তু চকু দিয়াটো‍ও যে মহাপাপ সেইটো হ’লে জানো।

ইমানখিনিলৈকে ঠিকেই আছিল। একদম ফাটাফাটি। কিন্তু কেৰোণটো লাগিল পোনাকণৰ জ্বৰ হোৱাৰ দিনাহে। প্ৰচণ্ড জ্বৰ তাৰ। কান্দিছে। নাকৰ পানী মুখৰ পানী একাকাৰ। শ্ৰীমতীৰ চকুত ভয়ৰ লগতে দুটাপাল মান চকুপানী। আজি প্ৰথম মোলৈ ভয় কৰা যেন পালো। তাক দৰৱ পাতি যতনাই দি হস্পিটাললৈ ওলালো। পিছে এক ঘণ্টাৰ পাছতেই শ্ৰীমতী গৈ ওলালগৈ হস্পিতাল। বোলে পোনাকনৰ জ্বৰ বেছি হৈছে। উধাতু খাই ঘৰ পালোহি। দেখিলো মৌচুমীয়ে আথে বেথে পোনাকনক লৈ পেৰাচিটেমলৰ দ’জ এটা দি আছে। ম‍য়ো ততাতৈয়াকৈ কোল্ড স্প’ঞ্জিং কৰাৰ ব্যৱস্থা কৰিলো। আধাঘণ্টামান পাছত জ্বৰ এৰিলত পোনাকন শুলে। মৌচুমী যাবলৈ ওলাল। পিছে শ্ৰীমতীয়ে চাহ খাবলৈ জোৰকৈ ধৰাত বহিল। শ্ৰীমতীয়ে আকৌ মৌচুমীৰ প্ৰশংসা কৰিবলৈ নেৰিলে “আপুনি নোহোৱা হ’লে আজি আমি যে কি কৰিলোহেঁতেন!” মৌচুমীয়েও লেনিয়াই ক’লে, “ম‍ই আপোনালোকৰ ঘৰৰে বুলি ধৰিবচোন।” ম‍ই ভাবিলো মনতে- “এদেও দুদেও লুটি নিয়াৰ চেও।” মৌচুমীয়ে ভাৱনাৰ মাজতে জপটিয়াই ধৰিলে, “কিবা কৈছিলা নেকি?” মাজতে মৌচুমী এপাক শ্ৰীমতীৰ চাহ কৰা চাবলৈ ভিতৰলৈ উঠি গ’ল। সেইটো সময়তে পোনাকনে সেই বেয়া কামফেৰা কৰিলে। টিকিক চিঞৰিলো, “কাপোৰ আনাচোন।” শ্ৰীমতীৰ সলনি কাপোৰ লৈ উধাতু খাই দৌৰি আহিল মৌচুমীহে। আগৰেপৰা পানী পৰি পিছল হৈ থকা টাইলছত মৌচুমী পিছলি গ’ল। মূৰটো দুফাল হ’লেইহেঁতেন যদিহে ম‍ই অনিচ্ছাস্বত্বেও চিনেমাৰ নায়কৰ ষ্টাইলত তাইক নধৰিলোহেঁতেন। পিছে মোতকৈ শকত মৌচুমীক চম্ভালিব নোৱাৰি পৰিলো দুইটা আমাৰ চোফাখনতে। ম‍ই তলত মৌচুমী ওপৰত। এনেহেন সুন্দৰ সুযোগ এটা মৌচুমী বৰুৱাই অপচয় কৰিবনে? “থেংকছ” বুলি কৈ দিলে এটা চুমা কপালতে। লগে লগে এটা শব্দ শুনিলো “থাঁচ্‌।” ঘুৰি চাই দেখো শ্ৰীমতী আমাৰ ফালে চাই স্থিৰ হৈ ৰৈ আছে পাকঘৰৰ দুৱাৰমুখত। তলত ভঙা কাপ কেইটাৰ লগতে গৰম চাহ ধোঁৱাই আছে। লগতে ট্ৰেখন। ম‍ই বৰ কষ্টেৰে সেপ এটা ঢুকিলো। ডিঙিত অলপ ডাঙৰকৈয়ে শব্দ এটা হ’ল “ঘুটুক”…..

“ঘুটুক” শব্দটোৰ পাছতেই চকু মেল খাই গ’ল। বহি পৰিলো। গোটেইখন আন্ধাৰ। মৌচুমী ক’ত? টিকি? দেখিলো কেঙমেঙকৈ শ্ৰীমতী উঠি বহিলে। মোৰ হাতত ধৰি সুধিলে, “সাৰ পাই একেবাৰে বহি দিলা যে? কিবা সমাজিক দেখিছিলা নেকি?” টিকিয়ে আকৌ সপোন দেখাটো সমাজিক দেখা বুলি কৈ ভাল পায়। অঁ বুলি কৈ পানী এগিলাচ ঘোঁট ঘোঁটকৈ পিলো। মানে ভাগ্য ভাল। সপোনহে। আকৌ কাপোৰ লৈ শুই গ’লো। টিকিয়ে ক’লে “তুমি বেছি কষ্ট কৰিছা। অলপ ৰেষ্ট লোৱা ভাল। ঘৰৰ পৰাই আহোঁ নহ’লে ব’লা।” ‘চিন্তা কৰোঁচোন’ বুলি কৈ টোপনিক আমন্ত্ৰণ কৰিলো। পিছে সমাজিকটো বাস্তৱত নহ’লেই হ’ল আৰু …. পিছে ৰাইজ “য’তে ৰাতি হয় ত’তে বাঘৰ ভয়।” “ঘৰ-সংসাৰে” মোক জুৰুলা কৰিহে এৰিব যেন পাঁও।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments