ঘৰ সংসাৰ ১৭(প্ৰদ্যুত্‍ জ্যোতি শ‍ইকীয়া)

ঘৰ সংসাৰ ১৭(প্ৰদ্যুত্‍ জ্যোতি শ‍ইকীয়া)

“ৰুনজুন নূপূৰে মাতে… কি সাজে সাজে কুঁহি পাতে”|জুবিনৰ নতুন গানটোৰ আমেজ লৈ লৈ চেভ কৰি আছিলো ৰাতিপুৱা|পিছে মনটো আছে আকৌ যোৱা ৰাতি গৄহমন্ত্ৰীৰ পৰা লুকাই চুৰকৈ দিয়া “অসমীয়াত কথা বতৰা” গোটৰ “সাহিত্যৰ আদ্দা আৰু বালি ভাত” খোৱাৰ প্ৰস্তাৱ দিয়া পোষ্টটোতহে|কিনো হৈছে তাৰ পাছত|সেই বোৰ চিন্তাতে এবখলা কাটি ল’লোৱেই গালখনত|উফ বুলি কৈছিলোহে শ্ৰীমতীয়ে উধাতু খাই আহি “বিটাদিন” মলম অলপ লগাই দিলে|বেকগ্ৰাউণ্ড মিউজিকটোৰ লগত শ্ৰীমতীয়ে মোৰ গালত মলম সানি দিয়া দৄশ্যটো বৰ ৰোমান্টিক হৈছিল|গানটো বাজিয়েই আছিল, ৰুনজুন নূপূৰে বাজে…মন মোৰ বলিয়া কৰে…কুঁহু কুঁহু কুলিয়ে মাতে|টিকিক টান মাৰি ওচৰ চপাই গালত লাগি থকা ফ’ম অলপ সানি দিওঁ বুলি ভাবিছিলোহে, ইন দা মিন টাইম পোনাকনে সেই চিঞৰটো মাৰিলে|ওঁৱাও|মানে তাৰ খোৱাৰ টাইম হ’ল|ধেত তেৰি|গোটেই ৰোমান্টিক দৄশ্যটো পশু হ’ল|খং উঠিলেও একো কৰিব নোৱাৰি|পিছে তাৰ আমনিবোৰ এনেকোৱা সময়তহে হয়|পিছে পিকনিক খাবলৈ পাতি থকা কথাবোৰ তেৰাই গম পালে শেষ হ’ব|ভাগ্য ভাল যোৱাবাৰ ঘটি যোৱা ঘটনাৰ বাবে শ্ৰীমতীয়ে ফেচবুকত হাত দিয়া নাই|নহ’লে মলমটোৰ ঠাইত হাতত বেলনা মাৰিডালহে থাকিল হয়|

 

হস্পিতালতহে লেপটপ খুলোঁ|লুকাই চুৰকৈ|ঘৰত ফেচবুক বেণ্ড|গৄহমন্ত্ৰীৰ কাঢ়া অৰ্দাৰ|ফেচবুক মোৰ ঘৰত নচলিব|ইমান পৰিবৰ্ত্তন কিয় হয় মানুহবোৰৰ|ঠিকেই কৈছিল নেত্ৰ কাইটিয়ে “নাৰী চলনাময়ী”|আজিলৈকে শ্ৰীমতীকে ভালকৈ বুজিব পৰা নাই|পিছে ফেচবুকৰ অসমীয়াত কথা বতৰা গোটত মোৰ কথাই সহাঁৰি পালে|পিকনিক ঠিক হ’ল|স্থান হাতীশিলা|পিকনিকৰ চৌখিন শ্ৰীমতীয়ে গম পালে সান্দহ খোৱা বালি তল যাব|পোনাকনক লগত লৈ যাব নোৱাৰি|সৰু হৈ আছে|গতিকে মিছাৰ আশ্ৰয় লোৱাৰ বাহিৰে উপায় নাই|মাতি দিলো এষাৰ খুব লেনিয়াই “টিকি মোৰ মিটিঙ আছে গুৱাহাটীত, ১৮ তাৰিখে|যাব লাগিব|তুমি বৰুৱানীৰ ভনীয়েকক চাৰিদিন মানৰ বাবে আনি ল’বা”|প্ৰথমে ঠেন ঠেনাইছিল যদিও পাছলৈ মান্তি হ’ল|আগতে ঘুটুং পানী খাই সঁচা কথা ক’লে ঝাৰু পাইছিলো, এতিয়া লাদু|প্ৰথমবাৰৰ বাবে অনিল কাপুৰ অভিনীত “ন’ এন্ট্ৰী” চিনেমাখন চোৱাৰ সফলতা উপলব্ধি কৰিলো|মানে মিছা ক’লে পুৰষ্কাৰ পাবাই|বাকীবোৰত নহ’লেও শ্ৰীমতীৰ পৰা|ৰাইজ জানি লওক কথাষাৰ|কেতিয়াবা কামত আহিব|

 

চাওঁতে চাওঁতে ১৬ তাৰিখ আহি পালেহি|শ্ৰীমতীয়েও গুৱাহাটী যাত্ৰাৰ ১০০% লাভ উঠাবৰ বাবে শাৰীৰ ফৰমাইচৰ লগতে প্ৰায় ১০ ১৫ বিধমান কচমেটিকচৰ নামো লিখি দিলে|কিবা কিবি ঢেৰ|লগতে পোনকনৰ শপত খোৱাই ক’বলৈ নাপাহৰিলে “ন’ দ্ৰিঙ্কছ, ন’ চিগৰেটছ”|একেবাৰে সেই কেঁচাইখাইতী টাইপত| সকলো আদেশ শিৰোধাৰ্য্য কৰি লৈ বাছত উঠিলো|টিকিক অকলে এৰি থৈ আহি মনটো অলপ গোমা হ’ল|পিছে তুৰন্তে ফেচবুকৰ বন্ধুগনক লগ পোৱাৰ আশাত মন ভাল হৈ উঠিল|তামাম হ’ব আমাৰ পিকনিক|প্ৰ্খ্যাত লেখিকাও আহিব বোলে|শ্বিলঙত জাম লাগিল|মাজতে চাৰি বাৰ মান শ্ৰীমতীৰ ফ’ন|পোনাকনলৈও খুব মনত পৰিল|

 

পুৱা ১১ মান বজাত পালোগৈ গুৱাহাটী|প্ৰথমেই শ্ৰীমতীৰ ফৰমাইচ পুৰা কৰি শাৰী,চাদৰ,জীনচ ল’লো|মানে মেতমৰা বজাৰ|শ্ৰীমতীৰ ইচ্ছা অনুযায়ী নিজৰ কাৰণে এটা সেউজীয়া কুৰ্তা আৰু এটা “চামাৰ জীনচ”ৰ জেকেট|শ্ৰীমতীৰ ভনীয়েকৰৰ ঘৰত বস্তুসোপা আনল’দ কৰিলো|তাতো ফাঁকি এটা দি সন্ধ্যা ফেচবুক ব্ন্ধুগনক লগ কৰিলো পিচদিনাৰ প্লেনিঙৰ বাবে|সকলো ৰেদি|মাত্ৰ যাব লাগে| মানে ৰাইজ বাৰুকৈয়ে সাজু|

 

পিচদিনা পুৱাই গৈ হাতীশিলাত হাজিৰ|পিন্ধনত মোৰ শ্ৰীমতীৰ ফৰমাইচ মতে কিনা সেউজীয়া কুৰ্তা আৰু “চামাৰ জীনচ” জেকেট|সকলোকে লগ পাই আনন্দত আপোন পাহৰা হ’লো|শ্ৰীমতীৰ ফ’ন মাজে মাজে আহি থাকিল|মোৰ ৰেদিমেদ উত্তৰবোৰো দি থাকিলো “মিটিং ষ্টাৰ্ট হৈছে(ইফালে পিকনিকত পাচলি কটা আৰম্ভ কৰিছে বিভা বৌয়ে) ” “শৰ্ম্মা ছাৰে ভাষন দি আছে(সাহিত্যৰহে আদ্দা হৈছে)” ৰ’বা পাছত কৰি আছো, লাণ্স চলি আছে(ইফালে পিকনিকৰ খোৱা বোৱা হৈছে)|বাহানা মৰা আৰু মোৰ পিকনিক চলি থাকিল|শ্ৰীমতীক বুৰ্বক বনোৱাত ১১০% সফল হ’লো||তামাম পিকনিক এটা খালো|অগতানুগতি|পিকনিকৰ পাছত গণেশগুৰিৰ ভণ্টিৰ ৰৄমলৈ বুলি জাপ মাৰি উঠিলো চিটি বাছত|চানমাৰিৰ পৰা|প্ৰচণ্ড ভীৰ|খুণ্ডা খাটি খোৱাৰ মাজতে শ্ৰীমতীৰ ফ’ন আৰু হৈ যোৱা পিকনিকৰ কথাবোৰ ভাহি থাকিল মনত|নমাৰ সময়তো ততাতৈয়াকৈ নামিবলৈ লওঁতেই প্ৰচণ্ড খুণ্ডা এটা খালো বিবাহিত মানুহ এগৰাকীৰ স’তে|কোলাত কেঁচুৱা|মানুহগৰাকীৰ মুৰটো মোৰ বুকুত অলপ জোৰকৈয়েই লাগিল|খং উঠিছিল যদিও মানুহগৰাকীয়ে মুখ দাঙি দিয়াত খং পলাল|কাৰণ তেখেত মোৰ চিনাকি|মোৰ সমন্ধীয় ককাইদেউ, গুৱাহাটীত মেদিকেল ৰিপ্ৰেজেণ্টেটিভ কৰা মানৱদাৰ পত্নী|প্ৰয়োজনীয় কথা দুই এটা সুধি বিদায় দিলো|ভণ্টীৰ ঘৰ পাওঁহি মানে ৮টামানেই বাজিল|কাপোৰ কানিবোৰ খুলি সামৰি থ’লো|ঘৰতে গৈ ধুম|ভণ্টিক কষ্ট নিদিওঁ আৰু|

 

পুৱা ৭টা মানতেই পলালো বদৰপুৰলৈ|এদিন আগতেই|ইচ্ছাটো হ’ল শ্ৰীমতীয়ে কোৱা প্ৰত্যেকটো বস্তুৰ বজাৰ কৰি এদিন আগতেই ঘৰ সোমোৱা|সন্ধ্যা ৬মান বজাত ঘৰ সোমালোহি|শ্ৰীমতীৰ মুখত হাঁহি|অন্ততঃ জীৱনত প্ৰথমবাৰৰ বাবে হ’লেও যে ম‍ই আগতে ঘৰ সোমালো তাকো এদিন আগতে|শ্ৰীমতীয়ে বস্তুবোৰ এটা এটাকৈ উলিয়ালে|শেষত পিকনিকলৈ পিন্ধি যোৱা জেকেট আৰু পেন্ট-চাৰ্টযোৰ মেলি ক’লে “মোৰ পচন্দৰ কাপোৰ বুলি কিনিয়েই পিন্ধিব লাগেনে?ধুইয়েই দিওঁ দিয়া এই কেইটা”|জীনচৰ জেকেটতো চাই থাকোঁতেই সন্মুখভাগ দেখি থৰ লাগিল গৄহমন্ত্ৰী|চকু কেইটা সামান্য ……নহয়, বেচিকৈয়ে ডাঙৰ হ’ল|জেকেটতো মোৰ ফালে দাঙি ধৰাত দেখিলো বুকুৰ ওচৰৰ দুই নম্বৰ বুটামটোৰ ওচৰত এটা ৰঙা দাগ|মানে সেন্দুৰৰ|ধৰিব পাৰি|ভূতৰ ওপৰত দানহ পৰাদি বৰুৱানীৰ ভনীয়েকে ম’বাইলটো লৈ দৌৰি দৌৰি আহি শ্ৰীমতীক ম’বাইলটো দেখুৱালে|মোক উদ্দে্শ্যি উত্‍সাহিত

হৈ ক’লে “ককাইদেউ তুমি ইমান চালত থাকা বুলি জনাই নাছিলো|সেউজীয়া কুৰ্তা আৰু চামাৰ জীনচত বেছ শুৱাইছে|বৌ চোৱাচোন”|ম‍ই গৄহমন্ত্ৰীক কিবা কোৱাৰ আগতেই কেঁচাইখাইতী গোঁসানীৰ সেই চিৰাচৰিত চকুজুৰি দেখা পালো|শ্ৰীমতীয়ে একো নামাতি শুৱনি কোঠাত সোমাই প্ৰয়োজনতকৈ জোৰেৰে দৰ্জাখন শব্দ কৰি মাৰি দিলে|মোৰ সন্মুখত চিনেমাৰ ৰীলৰ দৰে ৰীয়েল লাইফটো ঘুৰিল|সাহিত্যৰ প্ৰতি আগ্ৰহ থকা বৰুৱানীৰ ভনীয়েকক অসমীয়াত কথা বতৰাৰ ভৰ্তি কৰি দিয়াৰ দিনটো…..গুৱাহাটীত চামাৰ জীনচ কিনাৰ দৄশ্য…..পিকনিকৰ মূহুৰ্ত্তবোৰ…..সেন্দুৰৰ ডাঙৰকৈ ফোঁট লোৱা মানৱদাৰ পত্নীয়ে মোৰ বুকুত মৰা খুণ্দাটো…..শ্ৰীমতীয়ে তাকে উদ্ধাৰ কৰাৰ দৄশ্য|ইফালে টি.ভিটোত চনী টিভিত দি থকা শ্ৰীমতীৰ পচন্দৰ “ঔঁম শান্তি ঔঁম”ৰ ডায়লগটো ডাঙৰ ভলিউমত বাজিছে|”এক চুটকি চিন্দুৰ কি কীমত তুম কিয়া জান’গে ৰমেশ বাবু?”|ৰমেশ বাবুয়ে জানিলে নে নাই নাজানো|ম‍ই হ’লে ভালকৈয়ে জানিলো|এতিয়া শাস্তি হিচাপে পোনাকনৰ টিকা ধুই আছো|সদায় 🙁

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments