ঘৰ-সংসাৰ (১৯) (প্রদ্যুতজ্যোতি শইকীয়া)

ঘৰ-সংসাৰ ১৯
প্রদ্যুতজ্যোতি শইকীয়া

“কিনো চাৱনিৰে চালা মোক ঐ…..
দেহা শিৰশিৰাই গ’ল মইলনাজান ঐ ”

কাষৰে আমাৰ অসমীয়া ষ্টাফ নাৰ্ছ মনলতা হাজৰিকাৰ ঘৰৰ মিউজিক চিষ্টেমটোত বিহু গানটো শুনিয়েই গম পালোঁ বিহু আহিবলৈ আৰু লগতে মোৰ বাৰ বাজিবলৈ বেছিদিন নাই। আৰু অলপ ভয় খুৱাই শ্ৰীমতীয়ে চাহ একাপ লৈ আহি কাষতে বহিলহি। অলপ বেছিকৈয়ে ওচৰ চাপি বহিল। মইল বুজিলো কিবা নতুন ফৰমাইচ হ’ব চাগৈ। এৰিয়াৰটো আজি সোমাইছে। শেষেই হ’ব যেন পাওঁ।
“হেৰি আপোনাৰ এৰিয়াৰ টকা ওলোৱাৰ কথা আছিল নহয়! কিবা হ’লনে ?
(দেখিলে ৰাইজ একেবাৰে জেগাত ধৰিছোনে? বোলো টকা কেইটা নৌউলিয়াওতেই শৰাধৰ তালিকাখন তৈয়াৰ কৰিবৰ হ’লেইনে? এই মাইকী মানুহমখা এনেকুৱাই। বিহু আহিলে বুলিলেই হ’ল আৰু। ছেভিংছৰ টকা কেইটাই তৎ নাপায়।) কথাবোৰ মনৰ মাজতে পাগুলি থাকি টিকিক ক’লো,
“নাজানো বুজিছা, এটিএম চোৱাই হোৱা নাই। হ’ল চাগৈ।”
“এইবাৰৰ টকা কেইটাইৰ আধামান অনলাইন বীমা কোম্পানী এটাত থম বুল ভাবিছোঁ। পোনাকণৰ কাৰণে ভাল হ’ব।” শ্ৰীমতীয়ে পৰামৰ্শ দিয়াৰ দৰে প্ৰায় আদেশেই দিলে|
“হেৰা, এইবোৰ বৰ ভাল বিশ্বাসযোগ্য কোম্পানী নহয়। অনলাইন বীমাৰ কথা শুনাই নাই মই আজিলৈকে।”
“ক’ত শুনিব আপুনি , লেপটপটোত আলোচনী আৰু ফেচবুকৰ বাহিৰে কিবা বিচাৰেনে আপুনি ? আমাৰ মাহীৰ ছোৱালীৰ দেওৰেক আদিত্য যে, যোৱাবাৰ বিহুৰ সময়ত আমাৰ ঘৰলৈ নিজৰ গাৰ্লফেণ্ডৰ লগত আহিছিল যে …সি। বৰ ভাল বিশ্বাসী ল’ৰা বুজিছে। ফ’নত কোৱা মতে আৰু মই চাওঁতে দেখিছোঁ নহয় বহুত মানুহ চাৰি বছৰতে লাখপতি হ’ল। চাৰি বছৰত দুগুণ দিয়ে।” দীঘলকৈ উশাহ এটা টানি শ্ৰীমতীয়ে মোৰ ফালে আশাৰে চাই ৰ’ল।
“বুজিছা, এইবোৰ সকলো ফাঁকি। টি ভিত দেখিছাই দেখোন। এনেয়ে টকাকেইটা পানীত পেলাব নালাগে দিয়া ” অলপ টানকৈয়ে ক’লোঁ মই।
“পানীত নপৰে। ঘৰৰে মানুহ দিয়কচোন। মোৰ কথাবোৰ সদায় আপোনাৰ বেয়াই লাগে”
“বেয়া নালাগে বুজিছা, ভালেই লাগে কিন্তু কিছুমানে দেখোন হিতে বিপৰীত ৰূপ লয়। সেয়ে ক’লোঁ নালাগে। ঠগকেইটামানক ধনী কৰি লাভ নাই। খাটাং কথা|”
“আপোনাৰ আমাৰ ঘৰৰ কাৰোৱে ওপৰত বিশ্বাস নাই। কেতিয়াবা এনে লাগে যেন মোৰ ওপৰতে আপোনাৰ বিশ্বাস….” বাক্যশাৰী শেষ নহ’ল শ্ৰীমতীৰ মুখমণ্ডলত গংগা, যমুনা আৰু সৰস্বতীয়ে এণ্ট্ৰী মাৰিলেহি। বংগোপ সাগৰ পোৱাৰ আগতেই বাধা দি চিঞৰি উঠিলোঁ।
“হ’ব হ’ব, কিমান টকা লাগে ক’বা। দিম।” চাঞ্চ পাই শ্ৰীমতীয়ে চকুৰ পানী মোহাৰি ক’লে।
“এইবাৰ বিহুত ঘৰলৈ যাওঁতে ৰিলায়েন্স বজাৰত সোমাই বজাৰো কৰি যাম দেই ”

মনে মনে ভাবিলোঁ, হেৰা তুমি “আ” কৰিবলৈ লোৱাৰ আগতেই অমুকাই গৰ্ভ দেখা পায়।আগতেই ধৰি থৈছো হিচাবত। শ্ৰীমতীক টেট পৰীক্ষা দিবলৈ দিয়া হ’লেই ভাল আছিল। হাত সাৰি থাকিলোহেঁতেন।
“হ’ব ওলাবা। শহুৰৰ ঘৰলৈ প্ৰথম যোৱাৰ কথা। ৫০ হাজাৰ মানৰ বজাৰ নকৰিলে কেনেকৈ হ’ব?” খোঁচ এটা মাৰিলোঁ এনেয়ে।
“হ’ব হ’ব খোঁচ মাৰিব নালাগে। আপোনাক কেতিয়াবা ক’ৰবাত টকা খৰচ কৰাত বাধা দিছোঁ নেকি ?” শ্ৰীমতীয়ে উভতি ধৰিলে মোক। মনে মনে থাকিলোঁ মইক। কঁদোৰ বাঁহত জুই নিদিয়াই ভাল। পিছে আগৰবাৰৰ দৰে এইবাৰো মনৰ মাজত এৰিয়াৰৰ ৮০ হেজাৰটোৰ শূণ্যকেইটাই ইতিমধ্যে আত্মহত্যা কৰিবলৈ আৰম্ভ কৰিছিলেই।

৬ তাৰিখ পোৱাৰ লগে লগেই শ্ৰীমতীৰ গাত বিহু লাগিলেই। ইতিমধ্যে বৰাক ভেলীৰ পৰা লামডিং আৰু লামডিংৰ পৰা গুৱাহাটীলৈ টিকট বুক হ’লেই। ট্ৰেইনত যাম। আৰামত। ইফালে শ্ৰীমতীৰ হাতত পৰি মোৰ ৰোগী চোৱা পেডটোৰ বৰ্জিত কাগজৰ টুকুৰা এটাই মোৰ প্ৰতি বিদ্ৰোহ ঘোষণা কৰি প্ৰায় ৪০,০০০ মান টকাৰ অধিকাৰী হ’লেই। হায় হায় ,দুনীয়াৰ হাজবেণ্ডবোৰৰ মোৰ নিচিনাই দশা হয়নে বাৰু। সাত তাৰিখে পুৱাই গা-পা ধুই আঠটামান বজাত বদৰপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ। অসমৰ পাহাৰীয়া ঠাইকেইখনৰ মাজেৰে যাবলৈ পাই মাক- পুতেকেৰ আনন্দতে ঠাইয়েই নোহোৱা হ’ল। পিছে মিটাৰগজ ৰেলত বহিয়েই মোৰ মূৰটো ঘোলা হৈছিল চৰকাৰৰ ওপৰত।পিছে মুখ মেলোতেই,
“হ’ব, আপোনাৰ চৰকাৰ বিদ্বেষী ৰামায়ণখন ইয়াত মেলিব নালাগে। বাহিৰৰ ফালে চাওকচোন কিমান ধুনীয়া!” শ্ৰীমতীয়ে নিজৰ ওঁঠত আঙুলি দি ক’লে। মাকৰ কথা শুনিয়েই পোনাকনে কিৰিলিয়াই উঠা যেন লাগিল। মাকক চাপৰ্ট নকৰিব কিয় ? মাক চাইহে পুতেক।

উগ্ৰপন্থী সমস্যা জৰ্জৰিত পাহাৰীয়া জিলাকেইখন ভয়ে ভয়ে পাৰ হৈ কোনোমতে লামডিং ওলালোহি। মোৰহে ভয় লাগিছিল। মাজতে ভীৰৰ কাৰণে উঠি যাওঁতে মানুহে খুন্দিয়াই দুৱাৰমুখৰ হেন্দেলত ধৰি ওলমি যোৱা অৱস্থা কৰি দিলে। মাজে মাজে ঠিয় হৈ যাওঁতে শ্ৰীমতীক আৰু পোনাকণক গাৰ্ড কৰিবলগীয়া হৈছে। শ্ৰীমতী আৰু পোনাকণেই আৰামত আহিল। নামিয়েই কুলিৰ পাৰ্টটো লৈ ল’লোঁ। শ্ৰীমতীৰ মাকৰ ঘৰলৈ বুলি বন্ধা প্ৰকাণ্ড টোপোলাটো এহাতত আৰু চুটকেছটো এহাতত। সঁচাকৈয়ে মোৰ নিজকে কিবা আঠমঙলা খাবলৈ যোৱাৰ দৰেই লাগিল।

কোনোমতে গুৱাহাটী অভিমুখী ট্ৰেইনখনত উঠি ঘোট ঘোটকৈ পানীৰ বটল এটা দাহন কৰিলোঁ। কিয়নো বিয়া পাতিছিলোঁ ঐ প্ৰভু ঈশ্বৰ। এতিয়া বেচেলৰ হৈ থকা হ’লে কিজানি লগৰকেইটাৰ লগত কোৱাৰ্টাৰত বাপতি সাহোনটোৰ টাঘূলী পিঠা কৰিলোঁহেঁতেন। হায় হায় মোৰ কি কপাল। ভূতৰ ওপৰত দানহ পৰাদি বুৰ্বকৰ দৰে সিদ্ধান্ত ল’লোঁ ৰেইল যাত্ৰাৰ। এতিয়া কুলিৰপৰা আৰম্ভ কৰি কনডাক্টৰ, বডীগাৰ্ড, ৰেলৰ হেন্দিমেন সকলোবোৰৰ পাৰ্ট এই বৰাকভেলীৰ ৰেল যাত্ৰাত সমাপন কৰি লামডিংৰ পৰা গুৱাহাটীলৈ যোৱা ৰেলখনতহে উশাহ ল’বলৈ সময় পালোঁ। শ্ৰীমতীয়ে মোৰ কান্ধতে মূৰ পেলালে। মানে চিলমিল টোপনিৰ আৱেশ। সময়ৰ অভাৱৰ বাবে দ্বিতীয় শ্ৰেণীত আহিবলগীয়া হ’ল। আমাৰ চিটৰ কাষতে আগৰে পৰা আহি আছে এজন ভদ্ৰলোক। বয়সত দুই-এবছৰ ডাঙৰ হ’লেও সৰু মুঠেই নহয়। তেখেতেই মোৰ লগত আগতীয়াকৈ চিনাকি হ’ল। পোনাকণক কোচত লৈয়েই চিনাকি হ’লোঁ …
“আপোনালোক গুৱাহাটীলৈ যাব?”
কথাকোৱাৰ সুৰতেই গম পালোঁ মানুহজন নামনিৰ। খপজপ টাইপৰ যেন অনুমান কৰি পেলালোঁ মানুহজনক।
“হয়, গুৱাহাটীলৈকে যাম। আপোনাৰ পৰিচয়?”
“মোৰ নাম হীতেন শৰ্ম্মা ……..
ক্ৰমশ………..

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক