ঘৰ-সংসাৰ (২১) – প্ৰদ্যুৎ জ্যোতি শইকীয়া

য়ু ত’ মে বতলাতা নেহী
পৰ অন্ধেৰে ছে
ডৰতা হুঁ মে মা…”

মিঠা ভলিউমত “তাৰে জামীন পৰ” চিনেমাখনৰ গানটো “চালিয়া”কৈলগাই “বিন্দাছ” শুনি আছিলো | তিনিজনীমান ভেকুলী কোনোমতে সোমাব পৰা চৰকাৰী বাসভৱনৰ মোৰ পঢ়া কোঠা ও “এণ্টাৰটেইণমেণ্ট ৰুম ও আলহী কোঠা ও বিশ্ৰামকোঠাটোতে সোমাই আন্তঃজালত কিবা এটা খুঁচৰি থকাৰ লগতে গান এটা শুনি আছো | অ’ আৰু এটা কথা থাকিলেই | কোঠাটোত থকা বিচনাখনৰ তলত থোৱা মালপত্ৰবোৰ ধৰিলে সেইটো “ষ্টৰ” ৰুমো হয় | সেইখিনি সময়তে শ্ৰীমতী উধাতু খাই আহি দুৱাৰমুখত একেবাৰে “ষ্টেচু অৱ লিবাৰ্টী” হৈ গ’ল | মইোও হাইলী অবাকটেড | কি বা হ’ল ? খৰধৰকৈ সুধিলো
-পঁিইতাচোৰা নেকি ?
“শ্ৰীমতীয়ে নহয়সূচকভাৱে মুৰ জোঁকাৰিলে | পুনৰ সুধিলো
-নিগনি ?
আকৌ নহয় বুলি মুৰহে জোঁকাৰিলে | টানকৈ সুধিলো এইবাৰ
-তেন্তে হ’ল কি ?
এইবাৰ গৃহমন্ত্ৰীয়ে হিন্দী চিনেমাৰ ষ্টাইলত ফেঁকুৰি উঠি সাৱতি ধৰিলে | আচৰিত হ’লো | উচুপি উচুপি টিকিয়ে ক’লে
-জেমছ…জেমচ..জেমচে মা বুলি মাতিছে মোক… আজি প্ৰথম শুনিলো ….
ধেত্‍ তেৰী, এই মাইকী মানুহবোৰৰ অলাগতিয়াল ইম’চনবোৰ যে আৰু !একেবাৰে বৰফৰ দৰে | গৰমৰ উমান পালেই হ’ল আৰু | পুতেকে মাকক মা বুলি নামাতি বাইদেউ বুলি মাতিব নেকি ? নোৱাৰি দেই | পিছে দুই নম্বৰটো মনৰ ভাৱ টিকিৰ আগত প্ৰকাশ নকৰি চাঞ্চ পাই ডাঞ্চ মাৰি দিলো | একেবাৰে ১১০% হিন্দী চিনেমাৰ ষ্টাইলত চকুৰপানী মচি দিলো শ্ৰীমতীৰ | পোনাকনৰ ওচৰলৈ লৈয়েই গ’লো শ্ৰীমতীক | মাকক দেখিয়েই আকৌ সেই হোলা মুখৰ “ফেলেক” কৈ মৰা হাঁহি এটা মাৰি দিলে | মাকৰ ওচৰত ভাল ‘ইম্প্ৰেছন’ বঢ়াইছে চাগৈ | পোনাকনে আকৌ এবাৰ মামম..মা বুলি কৈ উঠিল | শ্ৰীমতীৰ মুখত ৱৰ্ল্ডকাপ জিকাৰ দৰে বিশ্ববিজয়ী হাঁহি | পোনাকনক চাই মনতে ভাবিলো | বাহ প্ৰথম নামটো মাৰৰে ল’লি | বাপেৰৰ ক’ৰবাতে থাকিল | বাহ বাহ |মৰমতে দাঙি ধৰিলো তাক | “লু লু লু লু….|আমাৰ পোনাকন |” ল’ৰা ওমলোৱা শব্দমইধ সেই লু লু চু চু টাইপৰ বিশেষ কেইটামানেই জানো | এইবাৰ অলপ ওপৰলৈ দাঙিয়েই কৈ উঠিলো | লু..লু…লু..লু…. চু…চু…চু…চু.. | একেবাৰে শেষৰ চু চু দুটা শেষ নহ’লেই, পোনাকনে চিধাই সেই পাতল নিমখীয়া পানীয় বিধ মোৰ মুখৰ ফালে টোঁৱাই এৰি দিলে | একেবাৰে সাইলাখ আমাৰ পানী যোগান আঁচনিৰ ৰাস্তাৰ কাষত থকা পাইপৰ ফুটাই দি ওলোৱা পানীৰ দৰে | একেবাৰে মুখ ভৰ্তি কৰি দিলে | শ্ৰীমতী মৄদু ধমক পোনাকনক ” জেমচ কি কৰিলা , দে’তাৰ মুখতে চুকৰিলা?” এই বুলি কৈয়েই জেমচক কোলাত ল’লে |জেমচক লৈ হাঁহি হাঁহি আঁতৰি যোৱা শ্ৰীমতীয়ে কৈ গ’ল “চু চু চু চু বুলি ক’লে যে আপোনাৰ পোনাকনে প্ৰস্ৰাৱ কৰে ..নাজা্নে নেকি ? কেতিয়া যে আৰু বাপেক হ’ব ?” জানিলো |সব বুজিলো | কিয় পোনাকনৰ দৰে ল’ৰাই প্ৰথম শব্দটো মা বুলি মাতে | গম পালো দেউতাক হোৱাৰ সোৱাদ কেনেকোৱা ? কেনেকোৱা আৰু….? লুণীয়া আকৌ |

পিছদিনা পুৱাই ৱিকিপিডিয়াৰ সক্ৰিয় সদস্য জ্যোতিদাৰ ফ’ন আহিল |
-হেল্”
-হেল’
-কি কৰিছা হে ? ঘৰ-সংসাৰত মন দিছা নেকি ? ১০ জুনত ৱিকিৰ মিটিং আছে | আহিবা |
-নাই হে জ্যোতিদা | এনেই আৰু | যাম যাম | মানে চেষ্টা কৰিম |
জ্যোতিদাক যোৱাৰ প্ৰতিশ্ৰুতি দি ফ’ন সামৰিলো | বাহ বহুত দিনৰ মুৰত আমাৰ অনলাইন চিনাকী ৰাইজক ল’গ পাম | যাবইত লাগিব | সুহুৰি এটা মাৰি ৰুমৰ পৰা ওলাওঁতেই শ্ৰীমতীৰ লগত প্ৰচণ্ড খুণ্ডা | শ্ৰীমতীয়ে মোক দাঙি ধৰি ক’লে
– বেছি দুখ পালে নেকি ? (অলপ মৰমৰ মাত, বুজিলো..কিবা আবদাৰ আছে চাগৈ) …বুজিছে মাহঁত গুৱাহাটী আহিব ৯ তাৰিখে | পোনাকনক চাবৰ মন গৈছে হেনো |”
হোঃ | পোনাকনৰ মাত শুনে | তাৰমানে কালি ৰাতিয়েই পোনাকনে মা বুলি মতাৰ কথাঘৰ পালেগৈ , শাহু শহুৰৰৰ কানত পৰিল | খাঃ এতিয়া |গুৱাহাটী গ’লেও লগৰ মখাক লগ কৰিব নোৱাৰিম | মোৰ চিন্তা ভাৱনাহে চলি আছে , ইফালে শ্ৰীমতীৰ ভাষণ শেষ হোৱাই নাই |
-নগাঁৱৰ অলকাও আহিব গুৱাহাটীলৈ | কিবা মিটিঙৰ কাম আছে হেনো |
-অলকা কোনহে ?
-মোৰ বান্ধৱী | আপুনি চিনি নাপায়| লেখা মেলা কৰিছিল আগতে | এতিয়া কোম্পানীত চাকৰি কৰে | সেইবোৰ বাদ আপুনি ছুটী লওক এতিয়া | আমি ৮ তাৰিখেই যাম |
আইযৈ, একেবাৰে ছুটীৰ কথাও কৈ দিলে | মানে প্লেন প্ৰগ্ৰেম খাটাং কৰিহে মোক কৈছে | একেবাৰে অবাধ স্বাধীনতা দেখোন | ছুটীৰ কথাটো এনেকৈ ক’লেযেন তেওঁহে মোৰ বৰমূৰীয়া | হোঃ | তেৰাই যে ইতিমধ্যে গুৱাহাটীত কিনিবলগীয়া বয়বস্তুৰ এখন তালিকাও তৈয়াৰ কৰিছে , সেই জনাই ইতিমধ্যে মোক ষষ্ট ইন্দ্ৰিয়‍লৈ মেইল এটা কৰিলেই | ষষ্ট ইন্দ্ৰিয়ৰ ভাৱনা শেষ নহ’লেই | শ্ৰীমতীৰ মিহি কণ্ঠস্বৰ
-এইবাৰ ড্ৰয়িং ৰুমৰ বাবে মোক এটা কাঠৰ মুৰ্তি লাগিব দেই | কৈ থ’লো | দিবইল লাগিব | লগতে আৰু কাপোৰ দুযোৰমানো লাগিব |
কথাষাৰ শুনিয়েই তাঁৰ চিঙি গ’ল | একেবাৰে হিটলাৰৰ আদেশৰ নিচিনা দেখোন |
-ৰ’ৱা ছুটী নাপাবও পাৰোঁ | মে’মৰ ওচৰলৈ যাওঁহে | তোমাৰ বজাৰৰ লিষ্ট শুনাৰো ধৈৰ্য্য নাই | আৰু কিনিবলৈ টকাও নাই | একো বজাৰ নহ’ব এইবাৰ |
অলপ কঠিনতাৰে উত্তৰটো দি ফোঁ ফোৱাই ওলাই গ’লো কামলৈ | মেডামক কোনোমতে সন্তুষ্ট কৰিলো | ৫ দিনৰ ছুটী মঞ্জুৰ | শ্ৰীমতীয়ে শুনিয়েই জপিয়াই উঠিল |

সাতে সোতৰে মিলাই জয় বাব জগন্নাথ বুলি ৮ তাৰিখে গুৱাহাটীলৈ ওলালো | ৰাস্তাৰ মাজতে শ্ৰীমতীৰ ম’বাইলটো ১০-১২ বাৰমান বাজিল | একা চেকাকৈ শুনা শব্দবোৰত গম পালো যে শ্ৰীমতীয়ে মোক একেবাৰে গুৱাহাটীত নিহে বান্ধৱীক লগ কৰাই দিব হেনো | চাৰপ্ৰাইজ | মানে বান্ধৱীয়ে মোক চিনি নাপায় | বাহ | ভালেই হ’ল | ১৫ ঘণ্টাৰ মুৰত শ্ৰীমতী আৰু পোনাকন সহিতে প্ৰৱেশ কৰিলোগৈ ভণ্টীৰ ঘৰত | ইফালে সন্ধিয়াই হেনো শাহু শহুৰে এণ্ট্ৰী মাৰিছেই | শহুৰৰ প্ৰকাণ্ড মোছকোছা দেখিলেই কিবা ৰাৱনৰ “হিউমেন ভাৰ্চন”ৰ নিচিনা লাগে তেখেতক | মাতটোও সেই একে | অলপ বেছিয়েই ভলভলীয়া | এইবোৰৰ মাজতে আকৌ শ্ৰীমতীৰম’বাইলত অলকানন্দাৰ কণ্ঠস্বৰৰ প্ৰবেশ | মোক অনুৰোধৰ কৰাৰ চলেৰে শ্ৰীমতীৰ নিৰ্দেশ …
-১০ তাৰিখে সন্ধিয়া ওলাব | অলকাক লগ কৰাই দিম | টাইমৰ হেৰফেৰ নহয় যাতে |সন্ধিয়া ৬টা বজাত |মনত ৰাখিব |
বাৰু দেখা যাওক শ্ৰীমতীৰ এই খাচ ফ্ৰেণ্ড গৰাকীক লগ কৰিবইৰ লাগিব | বৰ অন্তৰঙ্গ যেন লাগিছে |

৯ তাৰিখে সন্ধিয়া ওলালো জ্যোতিদাৰ লগত ৱিকিপিডিয়াৰ ১০ বৰ্ষপূৰ্তি অনুষ্ঠানৰ বজাৰ কৰাৰ বাবে | ইতিমধ্যে মিটিঙৰ বাবে দিল্লীৰ পৰা ৱিকিমিডিয়াৰ বিষয়া লিলি আহি উপস্থিত হৈছে | দেখাই শুনাই একেবাৰে হিট হিন্দী চিনেমাৰ হিৰো‍ইন যেন লিলিৰ পিছত ইতিমধ্যে আমাৰ ৱিকিপিডিয়াৰ অফলাইন সক্ৰিয় সদস্য অপুদা পৰিছেই | গোটেই গুৱাহাটী ঘূৰোৱাৰ নামত ১০ লিটাৰমান পেট্ৰল শেষ কৰিলেই | সকলো সতীৰ্থক লগ পালো সন্ধিয়া | অপুদাৰ কথাটো জ্যোতিদাৰ মুখেৰে গম পাই আৰ্টফেডৰ পৰা কাঠৰ গঁড় এটা লোৱালো | লিলিক সম্বৰ্ধনা জনাবৰ বাবে | মইনয়েই ক’লো “বোলো দিয়ক দিয়ক |তামাম খুচ হ’ৱ লিলি | পটি যাবও পাৰে |” অপুদাইও লিলিক পতোৱাৰ খাতিৰত কিনি দিলে ৱিকিপিডিয়াৰ সভাৰ বাবে | কিন্তু এটা স্বৰ্তত , উপহাৰটো হেনো তেওঁহে দিব | হ’ৱ বাৰু | আমাৰ কাম হ’লেই হ’ল | পাছৰদিনা অপুদাই উপহাৰ দিব লোৱা কথাটো এজেণ্ডাত অন্তৰ্ভুক্ত কৰি সকলো উভতিলো | কালিলৈ পুৱা আৰম্ভ হ’ব ৱিকিপিডিয়াৰ দশম বৰ্ষপূৰ্তি অনুষ্ঠান |

পাছৰদিনা পুৱাই মইা ওলালো মিটিঙলৈ , ইফালে শ্ৰীমতীয়ে সন্ধিয়া অলকাক লগ কৰিবৰ বাবে কুচকাৱাজ আৰম্ভ কৰিলেই | মিটিঙ আৰম্ভ হ’ল যথা সময়ত | দৈৱৰ দুৰ্বিপাকত লিলিক সম্বৰ্ধনাৰ সময়ত অপুদা অনুপস্থিত | জ্যোতিদাই তত্ক্ষ নাত এজেণ্ডা সলনি কৰি দায়িত্বভাৰ দিলে মোৰ ওপৰত | জ্যোতিদাৰ মাইকত ঘোষনা
– এতিয়া ৱিকিমিডিয়াৰ বিষয়া লিলিক কাঠেৰে নিৰ্মিত এশিঙিয়া গঁড়েৰে সম্বৰ্ধনা জনাব প্ৰদ্যুত জ্যোতি শইঅকীয়াই |
তৰ্কিবই নোৱাৰিলো | অৱশ্য বেয়াও পোৱা নাই দেই | ষ্টেজত উঠি কামফেৰা সমাধা কৰি আহিলো | কেমেৰাৰ ফ্লাচ লাইটেৰে ভৰি পৰিল মুহুৰ্তটো | ভালেই লাগিল | পিছে অপুদা সেই সময়তে আহি উপস্থিত | ঘোপা চকু কেইটাতে গম পালো , কথাঅলপ বিষম হ’ব | কথাতো বুজাই দিবলৈ মুখখন মেলোঁতেই সজল চকুৰে অপুদাৰ হাতদাঙি সেমেকা কণ্ঠস্বৰ
-হব, গম পাইছো |
অপুদাই পোন্দোৱা চকুৰে জ্যোতিদাকো চাবলৈ নাপাহৰিলে | মিটিঙ আগবঢ়াৰ সমসাময়িক ভাৱে মোৰ ম’বাইলতো শ্ৰীমতীৰ মিছকলৰ সংখ্যা বাঢ়িব ধৰিলে | ইফালে সময় হোৱাই নাই | মিটিঙ শেষহোৱাৰ পাছতেই অপুদাক ৰিকুৱেষ্ট কৰিলো শ্ৰীমতীক ৰাষ্টাত তুলি অলকা বহি থকা ৰেষ্টুৰেণ্টত দি আহিবলৈ | কটা ঘাঁত চেঙা তেল দিয়াৰ দৰে অপুদাৰ অৱস্থা | পিছে না নকৰিলে | ক’লে “বহ ” | বাটত শ্ৰীমতীক তুলি ল’লো | আৰ্টফেডৰ দোকানত গ্লাছৰ মাজেৰে কাঠৰ গঁড় দেখি শ্ৰীমতীয়ে ক’লেই “এতিয়াই লৈ লওঁ বলকচোন ” | ডবিয়াই উঠিলো ” কিডাল কৰিবাহে? এনেই সেই কাঠৰ পচি যোৱা মুৰ্তিত পইেচা ভৰাব নালাগে | দেৰিয়েই হৈছে | অলকা বহিয়েই আছে চাগৈ | এই মাইকীমানুহবোৰ যে আৰু “শ্ৰীমতীয়ে শুনাকৈ ভোৰভোৰাই কোৱাত শ্ৰীমতী তলমুৰ হ’ল | অপুদাইও নুশুনাকৈ নাথাকিল | হে প্ৰভু অপুদাৰ আগত মোৰ গৃহমন্ত্ৰীৰগংগা , যমুনা আৰু সৰস্বতী প্ৰৱাহিত নহ’লেই হ’ল আৰু | বাছিলো | শ্ৰীমতীয়ে ফেঁকুৰি নুঠিল | ভাগ্য মোৰ |

ৰেষ্টুৰেণ্ট পালোগৈ | অপুদাকো লগত লৈ গ’লো | অলকাই শ্ৰীমতীক দেখি সেই ছোৱালীবোৰে বহুত দিনৰ পাছত লগ পালে মৰা চিঞৰ দুটামান মাৰিল | পিছে তাতকৈ ডাঙৰ চিঞৰ এটা মাৰিল মোক আৰু অপুদাক দেখি |অলকাৰ নিজেই আচৰিত হোৱা প্ৰশ্ন
-আপোনালোক দুজন ? ৱিকিৰ মিটিঙত আছিল আপোনালোক …. মোৰ ভণ্টীৰ লগত আহিছিলো ৱিকিৰ মিটিঙলৈ..তাই আৰু মইৱ অলপ চলপ ৱিকিত লিখোঁ…. বাহ, ভাগ্য ভাল দেই মোৰ | আপোনালোকক লগ পালো |
শ্ৰীমতীয়ে মোক চিনাকি কৰাই দিলে অলকাৰ লগত | মইা অপুদাক চিনাকি কৰোৱালো অলকাৰ লগত | শ্ৰীমতীক উদ্দেশ্যি অলকাই ক’লে
-ঐ গেধী, আগতে নকৈছিলি কিয় তোৰ মিষ্টাৰ আহিব বুলি | গোট গৰু ক’ৰবাৰ |
পুৰণি বান্ধৱীক পাই শ্ৰীমতীও উত্সািহিত হ’ল | আটায়ে বহিলো ৰাউণ্ড টেবুলত | অলকাই কথাৰ মাজতে ৱিকিৰ অনুষ্ঠানত তোলা ফ’টবোৰ শ্ৰীমতীক দেখুৱাই গ’ল | মইা লিলিক সম্বৰ্ধনা জনোৱা ফট’খনো আছিল | অলকাই কামোৰ এটা দিলে মোক
– আপুনি কিন্তু গঁড়টো দিওঁতে লিলিৰ চকুলৈহে চাই আছিল দেই |
লাজতে ৰঙা চিঙা পৰিলো | কাঠৰ গঁড় দিয়া বুলি শুনি শ্ৰীমতীয়ে মোৰ ফালে অলপ খঙাল দৄষ্টিৰে চালে | চাৱনিটোৰ অৰ্থ এনেকোৱা যে “চল বেটা ,আজ ঘৰমে পতা চলেগা মে কিয়া চীজ হুঁ ” | মইচ বুজাই দিওঁ বুলি মুখ মেলোঁতেই…”টিকি..”| পৰিস্থিতি বুজি অপুদাই ঠাপ মাৰি কথাষাৰ নিজৰ ফাললৈ নিলে ..
– টিকি, গঁড়টো দুই হাজাৰ লৈছে | প্ৰদ্যুতেই দিছে ৱিকিৰ কাৰণে সেইটো নিজৰ পকেটৰ পৰা |
অপুদাই একেবাৰে জেগাত খোঁচটো দি প্ৰতিশোধ লৈছে নিজে হাতে গঁড়টো লিলিক দিবলৈনাপাই | ইফালে শ্ৰীমতীক কিবা বুজাবলৈ নাপালোৱেই | অলকাক একটানে বহাৰ পৰা উঠোৱাই লৈ গ’ল
– ব’ল অলকা, অলপ পাৰ্কত যাওঁ..কালিলৈ যামগৈ | কথা পাতোঁ অলপ | বহুত বছৰ লগ পোৱা নাই | আপোনালোক যাওক |
যাওঁতে শ্ৰীমতীয়ে সেই যুদ্ধংদেহি মুডত কেঁচাইখাইতী গোঁসানী টাইপৰ চাৱনিটো দি গ’ল | অন্তৰ্নিহিত গোপন অৰ্থটো বুজি পালো | শ্ৰীমতীয়ে মুখেৰে নক’লেও মোৰ কানত বাজিল “এই কাৰণেহে মোক একো কিনি নিদিওঁ বুলি কৈছিল, ধুনীয়া ছোৱালী দেখি ৰ’ব নোৱাৰিলে | বলক, ঘৰত মছলা পাব |” মানে কেইমাহ মানলৈকে তাৰ শাস্তি ভুগিব লাগিইব ঠিক নাই | অপুদাক দুঘোচামান দিবলৈ লওঁতেই ঘূৰি চাই দেখোঁ তেখেতো নাপাত্তা | আগতেই পৰিস্থিতিৰ গুৰুত্ব বুজি পলায়ন | শ্ৰীমতীৰ লগত কোৱাৰ্টাৰলৈ অহালৈকে মাতবোল নহ’ল আৰু | ৱিকিৰ মিটিঙ মোৰ বাবে অভিশাপ হ’ল |

ৰাইজ এতিয়াও শাস্তি ভুগি আছো | স্বাধীনতা দিৱসত শ্ৰীমতীৰ পৰাধীনহৈ পাকঘৰত চকুলো টুকি টুকি পিয়াঁজ কাটি আছো | শ্ৰীমতীয়ে চোফাত ভৰিৰ ওপৰত ভৰি তুলি স্বাধীনতা দিৱসৰ লাইভ শ্ব চাই আছে ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক