ঘৰ-সংসাৰ -২৪ (প্ৰদ্যুৎজ্যোতি শইকীয়া)

“আওগে জব তুম চাজনা…
অংগনা ফুল খিলেগেং…..”

আঢ়ৈ বছৰৰ আগৰ ঘটনাটো। ‘জব ৱি মেট’ৰ গানটো শুনি শুনি মোৰ পত্নীয়ে মানে গৃহমন্ত্ৰীয়ে কাপোৰ জাপি আছিল। পলুৱাই বিয়া কৰোৱাৰ পাছত ককাইদেউৱে ডাইৰেক্ট অৰ্ডাৰ দিছে—”ঘৰলৈ আহ। যি হ’ল হ’ল, সামাজিকভাৱে এক কৰি দিব লাগিব।” গতিকে পুৱাই পুৱাই কাপোৰ জাপিছে তেৰাই। ঘৰলৈ যাব লাগিব। কথা মতেই কাম। পিছে মোৰ ওপৰত অনাহকত সন্দেহ কৰি শ্ৰীমতী নিৰ্ধাৰিত দিনৰ কেইদিনমান আগতেই ঘৰ ওলালেগৈ। ম‍ই কেইদিনমান পাছতহে ঘৰলৈ ওলালোঁ। চিধাই মাৰ ওচৰলৈ গ’লো। প্ৰেম-বিবাহৰ একেবাৰে বিৰোধী মোৰ মা। পিছে মাক দেখি অলপ আচৰিতেই হ’লো। বিয়াৰ আগতে সদায় শ্ৰীমতীৰ বদগুণ গোৱা মাৰ একেবাৰে ওলোটা ৰূপ। একেবাৰে আই মাতৃৰ চৰণৰ কাষতেই উদ্ধাৰ কৰিলোগৈ শ্ৰীমতীক। লগত মাৰ মহিলা সমিতিৰ সাংগো-পাংগোসহিতে বিয়নীমেল। দেখিলে ক’ব‍ই নোৱাৰি যে এইজনী ছোৱালীয়েই দুমাহ আগতে মানুহৰ লগত কথা পাতিবলৈকো ভয় কৰিছিল। মোৰ ওপৰত খং কৰি মাকৰ ঘৰলৈ নগৈ শাহুৰ ঘৰলৈ অহা মোৰ শ্ৰীমতী চাগৈ পৃথিৱীৰ প্ৰথম আৰু একমাত্ৰ নৱবিবাহিতা যেন বোধ হ’ল মোৰ। মায়ে মোক দেখিয়েই ক’লে “ত‍ই বাৰু মোৰ বোৱাৰীজনী ইমান সাদৰী বুলি আগতে ক’ব নোৱাৰিলিনে?’’ আই ঐ, ৰাম ৰাম .. নেত্ৰকাই তুমি সঁচা কথাই কৈছিলা। নাৰী চলনাময়ী। শ্ৰীমতীয়ে মোলৈ কেৰাহিকৈও নাচালে—‘হায়ৈ বিধাই। মাকে “পতাই” দিলো। তুমি কোন কুটা হে ?’ ঠিক সেইটো ভাবত। ৰাতিলৈ শুৱাৰ সময়ত শ্ৰীমতীৰ লগত অভিমানৰ ধুমুহা গাজনি সহ্য কৰি হ’লেও কথা পাতিম বুলি ভাবিছিলো যদিও ফুটুকাৰ ফেন হ’ল সকলো। ঘৰৰ মহিলা সন্থাৰ তীব্ৰ প্ৰতিবাদ। বুঢ়া বিয়া নোহোৱালৈকে ” কিচি ভি তৰহ কা হেংকি-পেংকি ৰাত কো নেহী চলেগা।” বিমৰ্ষ মনেৰে বাহিৰত ৰভাৰ খুঁটা পুতি পুতি ভাগৰি পৰা গাঁৱৰে লগৰ কেইজনৰ ওচৰত বহিলোগৈ। জুই ফুৱাই আছিল গোটেইকেজনে । মোক দেখিয়েই কেউজনে জঁপিয়াই উঠিল—‘পাৰ্টি লাগে।’ তাকো এটা দুটা নহয়। তিনি চাৰিটামান। ডাক্তৰ হ’লি, পাৰ্টি দে, চাকৰি পোৱাৰ পাৰ্টি, প্ৰেম কৰাৰ পাৰ্টি, ছোৱালী পলুৱাই নিয়াৰ পাৰ্টি। মুঠতে নানানটা। “খাবি সকলোৱে ৰহ।’’ মনতে ভাবিলোঁ “কালিলৈ বিয়া খাবিয়েই দেখোন।’’ গোটেইকেইজনে একেলগে চিঞৰিলে—”বোপাই, নিৰামিষ পাৰ্টি নহয়। মাল খুৱাবি?’ উপায় নেদেখি লগৰ বিপ্লৱক টকা অলপ দিলো। ত‍ই কালিলৈ সন্ধিয়া আনি থবি। অন্য মানুহে নোপোৱা ঠাইত থৈ দিবি আৰু আনে নেদেখাকৈ যিমান খাওঁ খাবি। ম‍ই ব্যস্ত‍ই থাকিম বুজিলি। হ’ব হ’ব বুলি দহবাৰমান মুৰ দুপিওৱাত তেওঁলোকে আঁতৰি গ’ল।

ভাত খোৱা শেষ। খাই বাৰান্দাত অকলে অকলে বহি আছো। বহুত দিনৰ মূৰত মোৰ পছন্দৰ ঠাই টুকুৰাত অকলে আছো। ভিতৰত গোটেই আত্মীয়-স্বজনৰ গিৰ্জনি মৰা হাঁহি চলি আছে। গলখেকাৰি এটা ভাহি আহিল পাছফালৰ পৰা। পাছফাললৈ চাই দেখোঁ, শ্ৰীমতী। এইবাৰ আকৌ কি ফৰমাইচ দিবলৈ আহিল বা।
: হেৰি, অকলে অকলে যে? ম‍ই মাৰ ঘৰলৈ যামগৈ বুলি ভাবিছিলে নেকি? যি কি নহওঁক, কালিলৈ মোৰো মা-দেউতা আহিব। কৈ থ’লো।
তেওঁৰ মা-দেউতাক আহিব বুলি শুনিয়েই মনটো ভাল লাগি গ’ল। শেষত দুয়োখন ঘৰ একেলগ হ’ল ! শ্ৰীমতীক ক’লো—ভালেই হ’ল দিয়া।
: আপুনি কিন্তু আৰু সেই মুতনীসোপা আৰু নাখাব দেই । আমুৱাইছে আৰু। মোৰ কথা চিন্তা নকৰে আপুনি।
ম‍ইও সুবিধা পায়েই কাণত ধৰি ক’লো—তোমাৰ শপত কেতিয়াও নাখাও আৰু।
বহুদিনৰ পাছত শ্ৰীমতীৰ মুখত সুখৰ হাঁহি এটা দেখিলো। শ্ৰীমতীৰ হাতত ধৰিবলৈ লওঁতেই সম্বন্ধীয় ভন্টীজনীয়ে শ্ৰীমতীক টানি লৈ গ’ল—‘‘নবৌ, ন’হেংকী-পেংকী… বিফ’ৰ চাদী।”

পুৱাৰ পৰা সকলো ব্যস্ত। শ্ৰী মতীৰ মা-হালধি ঘঁহাৰ পৰা আৰম্ভ কৰি মোৰ গা ধুৱা লৈকে। ককাইদেউৱে মাজতে চকুপানী দুটোপালমান উলিওৱা দেখিলোঁ। কিহৰ চকুপানী সেইটোহে বুজি নাপালোঁ। তাৰ আগতে ম‍ই বিয়া কৰোৱাৰ কাৰণে নে আৱেগত, সুধিবলৈ সময় আৰু সুবিধাই নাপালোঁ। দুজনমানে ধূতি পিন্ধাবলৈ লৈ গ’ল। ধূতি পিন্ধোৱাৰ মাজতে বিপ্লৱ দৌৰি আহিল। কাণে কাণে কৈ গ’ল—‘বস্তু কেইবিধ আনিলোঁ। এতিয়া নোৱাৰি। আমি মাজে… টানি…একেবাৰে কোনেও বিচাৰি নোপোৱা ঠাই এটুকুৰাত থৈ আহিছো। তোৰ…আমাৰ পুৰণি… আড্ডাৰ ঠাইত।” কথাবোৰ শুনা-নুশুনাকৈ মোৰ কাণত সোমাল। কথাষাৰত মন কৰিবলৈও সময় নোহোৱা অৱস্থা মোৰ। এইফালে বোলে পেহী, সিফালে আহিছে পেহা। পথাৰৰ ফালৰ ৰাস্তাইদি যদি কাম ক’ৰা ল’ৰা দুলেশ্বৰৰ মাক—বাপেক আহিছে। ইফালে, পদূলিয়েদি আহিছে শ্ৰীমতীৰ পাতিলোৱা ভায়েক বাদল। মুঠতে উশাহ ঘূৰাবলৈ সময় নাই। মাজতে মা-দেউতা আৰু শাহু-শহুৰৰ কান্দোনৰ প্ৰতিযোগিতাখন গ’ল। সদল-বলে যোগদান কৰিলে শ্ৰীমতীয়েও। তাৰ মানে কান্দোনৰ এটা গ্ৰেট শ্ব’ যেন লাগিল। সাতপাকৰ সলনি কিবা বিধি পাঠ নে কি হ’ল। যি কি নহওক সামাজিকভাৱে এক হ’লো আমি দুয়োজন। শ্ৰীমতীয়ে লাজতে মোলৈ চোৱাই নাই। সন্ধ্যাৰ লগে লগে মানুহবোৰ আঁতৰিল। ভাত-পানী খাওঁ মানে ১১ বাজিল। আত্মীয়-স্বজনেৰে ঘৰ ভৰি আছে। আমাৰ ভাগত শোৱাৰ ঠাই হিচাপে মোৰ পুৰণা কোঠাটো পৰিল।নতুনকৈ অনা এখন “ড্ৰেছিং” টেবুলো কোনোবাই সুমুৱাই দিছে। কোনোবাই সজাইও দিছে বোলে। বিপ্লৱৰ কাম যেন লাগিল। সি হে এইবোৰ কাম কৰি থাকে। শ্ৰীমতী ইতিমধ্যেই তাত আছিলেই। এক নষ্টালজিক অনুভৱ। লগতে ৰোমান্টিকতা। মোৰ সৰু কালৰ পঢ়া কোঠা। ৱাহ! শ্ৰীমতীয়ে চুলি আঁচুৰি আছে। পাচফালৰ পৰা ঠিয় হ’লো শ্ৰীমতীৰ আগত। শ্ৰীমতীয়ে মিচিকিয়াই হাঁহি এটা মাৰি ফণীখন থবৰ বাবে ড্ৰয়াৰটো খুলিলে। ড্ৰয়াৰৰ ভিতৰখন দেখিয়েই মোৰ মূৰটো ঘূৰাই গ’ল। দহটামান এ চি ব্লেকৰ কোৱাটাৰে আমাৰ ফাললৈ চাই হাঁহি আছে। শ্ৰীমতীৰ চকুকেইটা ডাঙৰ হৈ গ’ল। একো নমতাকৈ কেঁচাইখাইতী গোসাঁনী ৰূপ ধাৰণ কৰি ৰুমৰ পৰা ওলাল। বুজিলো। তিনিমাহমানলৈ বিনা ভৱিষ্যদ্বাণীৰে বিজুলী গাজনিৰে সাংসাৰিক ধুমুহা অহাটো খাটাং। বিপ্লৱে কাণে কাণে কোৱা কথাষাৰ তেতিয়াহে ভালকৈ বুজিলোঁ। মানে সি কোৱা আটাইতকৈ “ছেফ” ঠাই টুকুৰা মোৰ পুৰণা কোঠাটোৱেই আছিল। লগতে নতুন ড্ৰেছিং টেবুলৰ ড্ৰয়াৰ। কোনেও নাচায় বুলি ভাবিলে সি।
দুদিন পাছত ঘৰ এৰিলোঁ। তাৰ পাছৰ তিনিমাহ শাস্তি হিচাপে শ্ৰীমতীৰ কোঠাৰ বাহিৰত শুব ল’গা হ’ল। হায়ৰে ঘৰ-সংসাৰ!

–**–

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক