ঘৰ-সংসাৰ- ২৬ (প্ৰদ্যুত জ্যোতি শইকীয়া)

কালৰ আঁচোৰ কিয় কৰুণাময় ??
কাতৰ চিঞৰ কিয় যাতনাময় ??
দয়া কৰা হে প্ৰভূ
তুমি নিৰাময়……
কালৰ আঁচোৰ কিয় কৰুণাময় ??

“চিঞৰ” বোলছবিৰ গীতটিৰ দৰে কালৰ আঁচোৰ কৰুণাময় হয় নে নহয় নাজানো, কিন্তু যোৱা দিনটো মোৰ কাৰণে কৰুণাময় আছিল সেইটো খাটাং। মোৰ কাৰণে আচলতে নহয়। আচলতে আমাৰ কাৰণে। বৰুৱা দা আৰু মোৰ। নতুনকৈ ডাক্তৰ দুজনে যোগদান কৰিলেহি আমাৰ হস্পিতালত। নতুন ল’ৰা। ডিউটি দি দিছোঁ বাপ্পেকে। পুৰাপুৰি দুটা দুটা “নাইট”। অৰ্থাৎ মোৰ আৰু বৰুৱাদাৰ এদিন ফ্ৰী। ইয়াহু। বহুত দিন হ’ল ঘৰ-সংসাৰলৈ চকু নিদিয়াৰ। শ্ৰীমতীৰ মুখখনেই ভালকৈ চাবলৈ পোৱা নাই ।”লং দ্ৰাইভ” বোলা বস্তু এটা পৃথিৱীত আছিল পাহৰিয়েই থাকিলোঁ।( এবাৰ শ্ৰীমতীৰ লগত এনেকুৱা কথা পাতি থাকোঁতে মায়েতো মোক সুধিয়েই পেলালে, এই “লং দ্ৰাইভ” বস্তুটো কি অ’? “পেন দ্ৰাইভ টাইপৰ নেকি?)

“হেৰা শইকীয়া ক’ত হেৰাই গ’লা হে? বহুত দিনৰ পাছত শ্ৰীমতীৰ লগত কালিলৈ ওলাই যাম বুজিছা … তুমিও পাৰিলে ওলাবা তোমাৰ গৰাকীক লৈ। বুজিছা।”

বৰুৱাদাইও বৰ সুখত কথাষাৰ ক’লে যেন লাগিছে।নিজেওটো সেইবিলাকেই ভাবি আছিলোঁ। “ফাষ্ট ফাষ্ট’ পৃথিৱীৰ “ফাষ্ট ফাষ্ট” কথাত পৰি পাহৰি গৈছিলোঁ নিজৰ কথা। পোনাকনক স্কুলত দিবৰে পৰা “হমৱৰ্ক” কৰি কৰি নিজকো একেজি নে দুকেজিৰ ছাত্ৰৰ দৰে লগা হৈছেগৈ। ক’ত সেই আমাৰ নাইলনৰ থৈলা আৰু বেয়া “চেইন”ৰ মুখ মেলি থকা “হাফ পেণ্ট”ৰ “কম্বিনেশ্যন” আৰু ক’ত পোনাকনৰ কিতাপ আৰু বহী ভৰ্তি “ডিজেল”ৰ আধুনিক মোনা আৰু টেটু চেপি মৰা “টাই”। হুহ। পঢ়িবলৈ আৰু জীৱনটো বুজিবলৈ ইমান কম বয়সতে টেঁটু চেপা “টাই”ডাল আৰু পিঠি বিষাই যোৱাকৈ গাধৰ ওজন কঢ়িওৱাটো অপৰিহাৰ্য নেকি বাৰু ?

যি কি নহওক বৰুৱাদাৰ লগত কথাবোৰ পাতিলোঁ। দুইজনে নিজৰ শ্ৰীমতীক “চাৰপ্ৰাইজ” দিম। “গিফট” আৰু “লং দ্ৰাইভ”। চাৰিদিনমান আগতে শ্ৰীমতীয়ে ডাঙৰ ডাঙৰকৈ কোৱা মনত আছে মোৰ “ডাক্তৰ চাহাব, ঘৰ বুলি কোৱা “ফ্ৰী চাৰ্ভিচ”ৰ হোটেল এখন আছে দেই। মন কান দিব। হোটেলৰ মালিক ঠিক থাকিলেহে … নহ’লে???”। এৰি দিয়াত নাই দুই হৰিভকতে। গৃহমন্ত্ৰীসকলক “ইম্প্ৰেছ” কৰিবইে লাগিব। অপাৰেচন “লং দ্ৰাইভ”।

তামাম প্লেনিং এটা কৰিলোঁ। পুৱাতে এটা “চাৰপ্ৰাইজ গিফট”। নিজৰ হাতেৰে ৰান্ধি দুপৰীয়াৰ সাজ খুৱাম। সন্ধিয়ালৈ “লং দ্ৰাইভ”। পোনাকন মাৰ লগত। তেমাম। ভাবি ভাবি নিজৰ মাজতেই “এক্সাইটেদ”  ।

পাছদিনা পুৱা শুই উঠিয়েই শ্ৰীমতীৰ চিঞৰ-
“হেৰি উঠক মহাশয়। ৮ টা বাজিল। ডিউটি নাযায় নেকি? ”
“অ.অ..ফ.অফ আজি ..” মইও এঙামুৰি এটা দি উত্তৰ দিলোঁ। মইহে গম পাইছোঁ। কি তামাম “প্লেনিং” আজি। তুমি কি গম পাবা কেঁচাইখাইতী গোসাঁনী ? কৰি লোৱা খং … হুহ। তামাম “চাৰপ্ৰাইজ” দি আছো ৰ’বা। ব্ৰাছ কৰিয়েই শ্ৰীমতীলৈ অনা গিফটতো মানে হেয়াৰ দ্ৰাইয়িং মেচিনটো দি দিলোঁ। শ্ৰীমতীয়ে চকু কেইটা উজ্জ্বল কৰি ক’লে, “বৰ ভাল কাম কৰিলে হে। আজি বৰ দৰকাৰ আছিল”। কথাষাৰৰ পাছতে আকৌ শ্ৰীমতীৰ দুটামান ফ’ন। সিফালে কোনোবা নাৰীকণ্ঠ।

“ট্ৰিং ট্ৰিং”

ৰোগী চোৱা কোঠাটোত আকৌ বাজিল এইডাল। কোনোবা পেচেণ্ট চাগৈ।
শ্ৰীমতীৰ খোঁচ, “যাওক ,আহিল আপোনাৰ মহানুভৱসকল!”
“ৰ’বা হে .. আজি ৰোগী চোৱা বন্ধ” বুলি আগফালে ফলক লগোৱা আছে। এনেও যাবগৈ।” কথাষাৰ শুনিয়েই শ্ৰীমতী আচৰিত হৈ গ’ল। পিছে “কামোৰ” দিবলৈ নেৰিলে,
“যোৱা ভাতকেইটাকে ৰান্ধাগৈ তেতিয়াহ’লে.. ” মনটো কোঁচ খাই আহিল। ধেত্‍ এনেও আজি “প্লেন” আছিলেই দেখোন। নক’লেও হয় দেখোন । শ্ৰীমতী অলপ বেছি “আনৰোমাণ্টিক” হৈ গৈছে নেকি বাৰু? ২ বজাৰ আগত খোৱাবোৱা শেষ। তামাম প্ৰেমিক প্ৰেমিক মুড এটা লৈ নতুন কাপোৰযোৰ পিন্ধি গাড়ীখন উলিয়ালোঁ। বসন্তীক কালিয়েই ধুই থৈছোঁ। শ্ৰীমতীক সুযোগ নিদিয়াৰ ভাৱেৰে পোনচাটেই ক’লোঁ,
“ হেৰা , ওলোৱা… জীনচ লগাই ল’বা দেই.. অলপ ফুৰিবলৈ ওলাই যাওঁ”
পিছে শ্ৰীমতীয়ে মোকহে আচৰিত কৰি ওলোটাই সুধিলে,
“তুমি কেনেকৈ জানিলা মই ওলাই যাম বুলি? সৰ্বজান্তা দেখোন ?”
“বাদ দিয়া সেইবোৰ … ওলোৱা সোনকালে”।

বাকী যি কি নহওক ইভিনিং দ্ৰাইভটো অন্ততঃ হ’লগৈ। তামাম মুড এটা লৈ ওলালোঁ। ষ্টিয়েৰিং হাতত, শ্ৰীমতী কাষত। আৰু কি লাগে ? “ৱাও‍ও‍ও”। পিছে এয়া কি? জীনছৰ ঠাইত শাৰী । হ’ব। চলি যাব। টাউনৰ প্ৰথম কেকুঁৰিটো ঘূৰাৰ পাছতেই এন চি কলেজৰ ফিল্ডৰ কাষত শ্ৰীমতীয়ে নিজৰ হাতত “ষ্টিয়েৰিং” ল’লে। আচৰিত! বাৰু চলাওক, মন গৈছে চাগৈ। পিছে গাড়ী দেখোন কলেজৰ “কেম্পাছ”লৈহে সোমাল। শ্ৰীমতীয়ে “ষ্টেডিয়াম”ৰ কাষত গাড়ী ৰখাই মোক “থেংকু” এটা দি “অডিট’ৰিয়াম”ৰ ফালে খোজ ল’লে। আঁতৰত দেখিলোঁ আৰু দুগৰাকীমান। ক’লৈ যোৱা বুলি সুধিবলৈও সময় নিদিলে। ওপৰলৈ মুৰ তুলি চাওঁতেহে গম পালোঁ। অস্থায়ী তোৰণখনত লিখা আছে “ আন্তৰ্জাতিক নাৰী দিৱস”। অহ। গৃহমন্ত্ৰীয়ে “ড্ৰাইভিং” কৰি অহাৰ ৰহস্য সেয়াহে। স্বাধীন দেশৰ আত্মনিৰ্ভৰশীল নাৰী। হুহ। নিজকে শিৱৰ তাণ্ডৱ ৰূপটোলৈ ৰূপাত্নৰিত কৰিবৰ মন গ’ল। পিছে নোৱাৰি। স্বভাৱজাত ঠাণ্ডা মানুহ মই। সকলো প্লেনিং কলেজৰ সমূহীয়া ডাষ্টবিনত পেলাই বিমৰ্ষমনেৰে উভতিলো। ম’বাইলটো হঠাৎ বাজি উঠিল। বৰুৱাদাৰ ফ’ন।

“আহক, দেখিছোঁ আপোনাক …। আহক আহক। মিটিং শেষ হোৱালৈ ৰ’ব নালাগে। মোৰ গৰাকীয়ে লৈ আহিব আপোনাৰ গৰাকীক। স্বাধীনতা দিৱসকে পাতোঁগৈ বলক। হাফ এটা ল’লে হ’বনে ?” বৰুৱাদাৰ চিধা প্ৰশ্ন মোলৈ।

মোৰ গাড়ীতে উঠি দুয়ো ওলালোঁ …”লং দ্ৰাইভ”ত…. বৰুৱাদাৰ গাড়ীখনো গ’ল তাৰমানে …

(নাৰী দিৱস উপলক্ষে)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক