ঘৰ-সংসাৰ ২৭ (প্ৰদ্যুৎ জ্যোতি শইকীয়া)

“চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি

ফুলিলে ভেবেলি লতা

কৈনো কৈ থাকিলে ওৰকে নপৰে

মোৰ গৃহমন্ত্ৰীৰ কথা”

 

বিহু পালেহিয়েই। বৰাক উপত্যাকাত থাকিলে গমেই পোৱা নাযায় কেতিয়া বিহু আহে আৰু কেতিয়া যায় আৰু যদি চিকিত্সাখণ্ডত কাম কৰে তেন্তে কথাই নাই। বিশেষকৈ বিয়া কৰাৰ আগতে। আজিকালি মানে বিয়া কৰাৰ চাৰি বছৰ ধৰি কিন্তু গম পাওঁ দেই। কুলিৰ মাত শুনিব নালাগে। অলপ বেলেগকৈ। শ্ৰীমতীৰ দীঘলীয়া বজাৰৰ লিষ্টখনত যেতিয়া দেখিব পিঠা , লাৰু , মুৰি ,চিৰা .. গম পাইয়েই যাওঁ যে কোনোবা এটা নহয় কোনোবা এটা বিহু পালেহি। এইবাৰো ব্যতিক্ৰম নহ’ল। কোৱাৰ্টাৰৰ কাষত থকা চতিয়নাজোপাত বহি থকা কুলিজনীয়ে চাগৈ কাণ্ডটো দেখিয়েই মাত নিদিয়াকৈয়ে পলায়, গম পালে মই বিহু অহাৰ খবৰটো পালো বুলি।

পিছে এইবাৰ শ্ৰীমতীৰ মন ডেমেজ। বিহুত ঘৰলৈ যোৱাৰ উছাহ নাই। থাকিব কেনেকৈ ? মুখলৈ চাবকে নোৱাৰি। গালত শালমইনাৰ অত্যাচাৰ। স্থায়ী দাগ কেইটামানো। একেবাৰে স্থায়ী ভূমি পট্টা আন্দোলনৰ দৰে। আমাৰ গাল আমাক লাগিবই ধৰণৰ। এনেই হোৱা নাই এইবিলাক। পোনাকনৰ স্কুলৰ পিকনিকলৈ যোৱাৰ প্ৰতিফল । হাজাৰ না কৰাৰ পাছতো গৈছিল । এতিয়া ফল ভুগি আছে। মই আকৌ ক’লো ” বোলো চেম্পলৰ ঔষধ আছে , খোৱা”।  শ্ৰীমতী নাচোৰবান্দা। আগতেও ৰাইজে শ্ৰীমতীৰ পৰম্পৰাগত চিকিত্সা প্ৰীতিৰ কথা জানেই। ন’ এলপেথী… অনলী দেশীদৱাগিৰি। দে, খা এতিয়া। কেতিয়াবা খকা-খুন্দাও নলগা নহয়। মোদীৰ ঘৰতে ৰাহুল গান্ধীক ভোটদান। ইফালে মন্ত্ৰনা দিবলৈ “ইন-ল’ সকল আছেই। শাহু আই,খুলশালী,বাই শাহুৰ। উপায় নাই। ইফালে ঘৰলৈ যাবলৈও বেছিদিন নাই। ভেকুলীৰ পিঠিহেন চেহেৰা লৈ কেনেকৈ যায় এতিয়া। শ্ৰীমতীক অলপ খঙেৰেই অৰ্ডাৰ দিলো, “ঔষধ নোখোৱা নলগোৱা কোনো কথা নাই, কিন্তু বিহুৰ এদিনৰ আগত একদম আগৰ টিকিৰ টিপটপ চেহেৰা লাগিব। যি লগোৱা লগাই থাকা। টপিক অভাৰ”।

ৰাতিলৈ অনলাইনযোগে শ্ৰীমতীৰ লেপন ৰেচিপি আহিল। হোৱাটছ এপৰ যোগেদি। কোনোবা বান্ধৱীৰ। পুৱালৈ মোৰ হাতত আকৌ এখন লিষ্ট পৰিল। কেঁচা হালধি , মূলতানি মাটি আৰু এগালমান। লগতে ঘৰৰ পাচলিৰ বজাৰ। বজাৰৰ পৰা আহি দেখো শ্ৰীমতীক চৰ্দিয়েও লগ ল’লে। উপায় নাই। সোনকালে ওপৰৱালাই ঠিক কৰিলেই হয় আৰু। ৰাতিলৈ ভাত পানী খাই শুবলৈ লৈছোহে। পাকঘৰৰ পৰা শ্ৰীমতীৰ চিৎকাৰ। তৰানৰা চিঙি পালোগৈ। দেখিছো শ্ৰীমতীৰ গালত লেপনৰ লগতে চিৎকাৰ। জ্ব্লিছে … ঔ মা…। মুখখন ধুৱাই শোৱা কোঠাত আনি কোনোমতে সোমোৱালোহি। হাততে থকা ঔষধ কেইটামান লগাই দিলো। লেপনটো কি লগাইছিল চালোগৈ। হে হৰি , শ্ৰীমতীয়ে কেঁচা হালধি বুলি মৰাণ আদা কেইটুকুৰাকে পিচি লৈ …তাতে চৰ্দিও আছিল ..ওপৰিঞ্চি হাতেৰে শালমইনা দুটামানৰ ছাল বাকলিও এৰুৱাই থৈছিল হেনো … ৰাইজে বুজিছেই আৰু বাকীখিনি কেনেকুৱা হৈছে। সাতে-পাঁচে সব মিলি ভালকৈ এপালি খালে শ্ৰীমতীয়ে। পুৱালৈ গাল সেন্দুৰ ৰঙা হ’ল। শালমইনাই ভীমাকাৰ ৰূপ ধাৰণ কৰিলে। ঘৰলৈ যোৱাৰ আশা জলাঞ্জলি দি চৰ্মৰোগ বিশেষজ্ঞৰ ওচৰলৈ পঠিয়াইছো শ্ৰীমতীক। যোৱাৰ আগতে অৱশ্যে জৰী-বুটি চিকিত্সা বাদ দিলো বুলি কৈ গৈছে দেই শ্ৰীমতীয়ে।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments