ঙুনৰাওঁ- কন্দৰ্প কুমাৰ নাথ

খেল-ধেমালিৰ চলেৰে…….
““““““““““““““““““““““““

পদপথৰ দোকানী-পোহাৰীয়ে দিনটোৰ শেষত বয়বস্তু সামৰি ঘৰমুৱা হোৱাৰ লেখিয়াকৈ বেলিটোৱেও পোহৰবোৰ সামৰি পাহাৰৰ সিপাৰে পশ্চিম আকাশত অদৃশ্য হৈছিল আৰু গাঁওখনত আন্ধাৰবোৰ অৱধাৰিতভাৱেই সিচৰিত হৈ পৰিছিল৷ ঙুনৰাওঁৰ প্ৰতিটো ঘৰৰ বৈদ্যুতিক লাইটবোৰ ইতিমধ্যে জ্বলি উঠিছিল এটি এটিকৈ৷

ময়ো শুই উঠি অভ্যাসবশত: বাৰাণ্ডাৰ লাইটটো জ্বলাই চাহ কৰিবলৈ পাকঘৰলৈ গলোঁ৷ চাহ নাস্তা খাই মোৰ ড্ৰয়িং ৰুমলৈ আহি শুনা পাওঁ বাহিৰৰ বাৰাণ্ডাত এগাল মান সৰু সৰু ল’ৰা ছোৱালীয়ে চিঞৰ বাখৰ, হাই উৰুমি কৰি আছে৷ সিহঁতে চাগৈ খেলি আছে, খেলি থাওঁক বুলি ভাবি ৰুমৰ ভিতৰৰ চোফাতে কিতাপ এখন উলিয়াই লৈ পঢ়িবলৈ ললোঁ৷ ফুৰিবলৈ ওলাই গলেও সেই সময়খিনিত সকলো হাবিৰ পৰা দিনটো কাম কৰি ভাগৰুৱা হৈ আহি খোৱা বোৱাত ব্যস্ত হৈ পৰে, সেইবাবেই ওলাই নগলো৷ কিতাপখনত মনযোগ দিওঁ বুলিও দিব পৰা নাই৷ বাহিৰত ল’ৰা-ছোৱালীবোৰে হুলস্থুল কৰিয়েই আছে৷ ভিতৰৰ পৰাই মই সিহঁতক ধমকিৰ সুৰত হুলস্থুল কমকৈ কৰিবলৈ কওঁ৷ কিছু সময় শান্ত হয়৷ তাৰ পিছত আকৌ আৰম্ভ হৈ যায় কোৰ্হাল, কিৰিলি৷ মোৰ আৰু ধৈৰ্য নহ’ল৷ কিতাপখন জপাই দুৱাৰ খুলি বাহিৰলৈ ওলাই আহিলোঁ৷

মই দেখিলো প্ৰায় ৮/১০ জন মান ল’ৰা ছোৱালীয়ে মোৰ ৰূমৰ বাৰাণ্ডাত কিবা ধৰাৰ খেল খেলি আছে৷ মোক দেখি সিহঁতে অলপ থতমত খালে যদিও মোৰ মুখমণ্ডলত কোনো ধৰণৰ খঙৰ অভিব্যক্তি নেদেখি সিহঁতে আকৌ দুগুণ উৎসাহেৰে খেল আৰম্ভ কৰি দিলে৷ মোৰ হাঁহি উঠি গ’ল৷ সিহঁতৰ প্ৰত্যেকৰে হাতে হাতে এটাকৈ প্লাষ্টিকৰ বটল৷ মই লক্ষ্য কৰি থাকিলোঁ – কিনো খেল খেলিছে ৷

সিহঁতে আটায়ে একেলগে এঠাইত উবুৰি খাই পৰে কিবা ধৰিবলৈ৷ যিজনেই ধৰিব পাৰিছে সেইজনেই আনন্দত কিৰিলি পাৰি উঠিছে আৰু বস্তুটো বটলত ভৰাইছে৷ আটাইৰে বটলবোৰ পৰীক্ষা কৰি দেখিলোঁ সেইবোৰ কুমটিৰ দৰে এবিধ ডাঙৰ ফৰিং৷ সন্ধিয়া লাইটৰ পোহৰত সেইবোৰ জাকে জাকে আহে আৰু সেইবোৰ ধৰিবলৈ সৰু সৰু লৰা ছোৱালীবোৰ মোৰ বাৰাণ্ডালৈ আহে৷ ফৰিংটো জপিয়াই এঠাইৰ পৰা আন এঠাইত পৰেগৈ মানে সিহঁতেও দৌৰি গৈ ধৰিবলৈ উবুৰি খাই পৰেগৈ৷ যিয়েই ধৰিব পাৰে খুউব ফুৰ্তি পায় আৰু বটলত ভৰাই লয়৷ মই মাথোঁ প্ৰায় এক ডেৰ ঘণ্টামান সময় সিহঁতৰ এই খেল উপভোগ কৰি থাকিলো৷ ময়ো এবিধ অচিনাকি খেলৰ দৰ্শক হিচাবে খুউব ফূৰ্তি পালোঁ৷

ইতিমধ্যে সিহঁতৰ প্ৰত্যেকৰে বটলবোৰ কেইজনমানৰ আধালৈকে আৰু কেইজনমানৰ সম্পূৰ্ণকৈ পূৰ হৈছে৷ তেতিয়ালৈকে মই সিহঁতক সোধা নাই ফৰিংবোৰেৰে সিহঁতে কি কৰিব৷ ভাবিছোঁ এয়াও সিহঁতে আনদিনাৰ দৰেই খেলা এবিধ খেলহে মাথোন৷

ইতিমধ্যে ফৰিংবোৰ লাইটৰ পোহৰলৈ অহাটো পাতল হৈছে৷ সিহঁত ঘৰাঘৰি যাবলৈ ওলাইছে৷ সিহঁতৰ আটাইকে মাতি আনি সুধিলোঁ

-এইবোৰ কি কৰিবি?

-এইবোৰ জুইত পুৰি ভাতৰ লগত খাম বাবু৷

কৈয়েই সিহঁতে নিজ নিজ ঘৰলৈ দৌৰ দিলে৷ অবাক বিষ্ময়েৰে মই মাথো সিহঁত আন্ধাৰত বিলীন হোৱালৈ চাই থাকিলোঁ৷

————————-

ডালে ডালে, পাতে পাতে
“““““““““““““““““““““

পাহাৰত সজীৱ মাছ খাবলৈ পাবলৈ নাই৷ সেয়েহে তাৰ মানুহবোৰে বাহিৰৰ পৰা অহা সাগৰীয় শুকান মাছটো ভাতৰ লগত পুৰি খায়৷ উৎকট গন্ধৰ বাবে মোৰ সেই শুকান মাছটো খোৱাৰ অভ্যাস নাই৷ মই ঘৰৰ পৰা ঙুনৰাওঁলৈ গলে সেয়ে স্থানীয় মাছ যেনে – পুঠি, কাৱৈ, গৰৈ, খলিহনা, মাগুৰ, শিঙি ইত্যাদি মাছবোৰ শুকুৱাই লৈ যাওঁ৷ নহলে উপায় নাই৷ তাত মাছ পোৱাতো দূৰৰ কথা মাছৰ ছবিটোও দেখিবলৈ নাই৷ ৰ’দত শুকোৱা মাছতকৈ জুইত সেকি শুকুৱা মাছৰ গোন্ধটো কম৷ সহ্য কৰিব পৰা বিধৰ৷ মই কেতিয়াবা লৈ গলে সিহঁতে সেই শুকান মাছকে মৰমৰাই চোবাই খায়৷ মই আচৰিত হৈ সুধিলে কয় যে বাবুই অনা মাছ জুইত পুৰি খোৱাৰ প্ৰয়োজন নাই৷ এনেকৈ চোবাই খায়েই সোৱাদ লাগে৷

তেনেদৰে এবাৰ ঘৰৰ পৰা শুকান মাছ মই লৈ যাওঁ৷ গৈ পাওঁতে বহুত ৰাতি হৈছিল৷ সেয়ে বেগৰ পৰা আটাইবোৰ বস্তুৰ লগতে শুকান মাছৰ টোপোলাটিও উলিয়াই টেবুলৰ ওপৰতে থৈ মই শুই থাকিলোঁ৷

পিছদিনা ৰাতিপুৱা মই শুকান মাছেৰে ভাত খাম৷ ৰাতিপুৱা ভাত আৰু তৰকাৰী বনাই শুকান মাছৰ টোপোলাটি টেবুলৰ পৰা নিবলৈ আহি দেখোঁঁ টোপোলাটো মই থোৱা ঠাইত নাই৷

মেইমেই অৰ্থাৎ মোৰ মালিকনী বুঢ়ীজনীক সুধিলোঁ কৰবাত থৈছে নেকি৷ তেখেতেও নাই থোৱা বুলি কলে৷ ৰূমৰ অ’ত-ত’ত বিচাৰি খোচাৰি চালো৷ কতো নাপালো৷ মনটো কিছু বেয়া লাগিল৷ তাত থকা দিনকেইটাত মোৰ কোনো বস্তু চুৰি হৈ পোৱা নাছিল৷ চুৰ কৰাটো সিহঁতৰ কাৰণে মহাপাপ বুলি মই জানিছিলো৷ তেনেস্থলত কি হব পাৰে বুলি মোৰ মনত প্ৰশ্ন জাগিল৷

ইফালে মেইমেইৰো মনটো কিছু সেমেকা যেন মোৰ অনুভৱ হল৷ কিবা যেন অপৰাধবোধত বুঢ়ীজনী জুহালত জুপুকা মাৰি বহি আছে৷ ইমান সহজ সৰল মানুহজনীৰ সেই অৱস্থাটো মোৰ সহ্য নহ’ল৷ ময়েই মেইমেইক সান্তনা দি কলো
।- মেই, যি হবলগীয়া আছিল হ’ল, টোপোলাটো কিহবাই নিলে চাগে৷ সেই লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই৷

নিশ্চিত হৈ বুঢ়ীয়েও কলে,

-হয় বাবু৷ আমাৰ ঘৰলৈ যে আহে মেকুৰীটো, তাৰেই কাণ্ড হব৷ সিয়েই চাগৈ বাবুৰ টোপোলাটো নি খালে৷ নহলে ইয়াত কোনেও কাৰো বস্তু চুৰ নকৰে৷ ’

মেইৰ শেষৰ কথাশাৰীয়ে মোৰ অন্তৰ চুই গল৷ এই পৃথিৱীত আজিও এনে এখন ঠাই, এনে এখন সমাজ থাকিব পাৰে যিখন সমাজৰ প্ৰতিজন ব্যক্তিৰ হৃদয়বোৰ পাহাৰৰ নিৰ্মল পানীৰ দৰেই ফটফটীয়া, অৰণ্যৰ বৰণেৰে বৰণীয়া — মোৰ ভাবিয়েই মনত কিবা এক শিহৰণ জাগি উঠিল৷

ইতিমধ্যে মেকুৰীয়ে মোৰ মাছ খোৱা কথাটো ইটোৰ মুখে সিটোৰ মুখে গোটেই চুবৰিতে বিয়পি পৰিল৷ দিনত সেই কথা মোক সকলোৱে সুধিছিল৷

নিশা বাদেং আহিল মোৰ ঘৰলৈ৷ মাছ হৰলুকি হোৱা খবৰ লবলৈ৷ ডাঙৰ কিবা এটা ঘটনাহে যেন ঘটি গল৷ সি আহি মোক কলে,

-বাবু, আপোনাৰ মাছ খোৱা মেকুৰীটো চুবুৰীটোৰ সৰু সৰু লৰাবোৰে মাৰি ইতিমধ্যে খানা খালে৷ ’

তাৰ কথাত মোৰ হাঁহি উঠি গ’ল৷

– কিনো ডাঙৰ কথাটো হ’ল, মেকুৰীয়ে মাছ খায়েই৷ সেই বুলি কিয় মাৰিব লাগে? ’

সি যি কলে মোৰ দুগুণ হাঁহি উঠিল৷ হাঁহি হাঁহি পেটৰ নাড়ী ডাল ডাল হ’ল৷

সৰু সৰু ল’ৰাবোৰে হেনো আলোচনা কৰি থকা সি শুনিছে যে বাবুৰ ঘৰৰ পৰা অনা মাছ খাইছে যেতিয়া মেকুৰীটোও খুউব সোৱাদ লগা হৈ উঠিছে৷ খাই হেনো বৰ ভাল পাব৷

সিহঁতে মেকুৰীৰ মাংস খাই কেনে সোৱাদ পালে মই নেজানো৷ মই হলে অভিজ্ঞতাটোৰ পৰা বাৰুকৈয়ে সোৱাদ পালোঁ৷
এৰা, কি বিচিত্ৰ এই পৃথিৱী! কি বিচিত্ৰ এই ঙুনৰাওঁ! যেনিয়েই যাওঁ তেনিয়েই দেখোঁ মাথো কেৱল বিষ্ময়, বিষ্ময় আৰু বিষ্ময়৷

(ক্ৰমশঃ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments