ঙুনৰাওঁ, ঙুনৰাওঁ: কথা শুনি তল যাওঁ (- কন্দৰ্প কুমাৰ নাথ)

-: দুখন ভিন্ন ছবি: –

২০০৭, ২০০৮ আৰু ২০০৯ চন৷ এই তিনিবছৰ কৰ্মসুত্ৰে মেঘালয়ৰ এখন দূৰ গাঁৱত আছিলোঁ৷ ঙুনৰাও (ngunraw) নাম৷ নামটো যিমান শুৱলা সেইদৰে গাঁওখনৰ সৌন্দৰ্য্যও অতিশয় মনোমোহা যেন সৃষ্টিকৰ্তাৰ অকৃপণ হাতৰ সৃষ্টি৷ বহিঃজগতৰ পৰা বিচ্ছিন্ন আধুনিকতাৰ কোনো প্ৰলেপ নপৰা এখন গাওঁ৷ এনে লাগে যেন আৰ্থাৰ কনান ডয়লৰ সেই বিখ্যাত উপন্যাস ’দ্য লষ্ট ৱৰ্ল্ড’ৰ সেই মালভূমিখন৷

কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এখন সৰু গাওঁ৷ খুব ঠাণ্ডা – বছৰৰ বাৰ মাহেই গৰম কাপোৰ লাগে৷ মাথো ১ বৰ্গ কি.মি. মাটিকালিৰ এই গাওঁখনত নাই কোনো চিকিৎসালয়, নাই কোনো স্বাস্থ্যকেন্দ্ৰ, নাই কোনো ফাৰ্মাচী৷ কাৰো বিশেষ বেমাৰ আজাৰো নাই৷ যি সাধাৰণ অসুখ বিসুখ হয়, বনৌষধিৰেই উপশম হয়৷ কাৰোবাৰ পেটৰ অসুখ হয়, ৬/৭ বছৰ পুৰণি কমলা টেঙাৰ ৰস খাই দিয়ে ভাল হৈ যায়৷ হাবিলৈ যাওতে কাৰোবাক সাপে খুটিয়ায়, তাৰেই এবিধ বনৌষধিৰেই প্ৰলেপ দিলে ভাল হৈ যায়৷ কটা চিঙা সৰু সুৰা আঘাতততো কথাই নাই৷ প্ৰায় সকলো সাধাৰণ বেমাৰৰ চিকিৎসাই প্ৰাকৃতিক৷ কিবা টান বেমাৰ হলে যিশুক প্ৰেয়াৰ কৰে, ভাল হ’ল যদি হলেই, নহ’লেও কোনো কথা নাই৷ জন্মিলে এদিন মৰিবই লাগে৷ কিন্তুুু ভগবানৰ প্ৰতি অগাধ বিশ্বাস৷ বিশ্বাস কৰে বাইবেলৰ সেই আপ্ত বাক্যশাৰী- faith can move mountain৷ বেমাৰ হলে ডাক্টৰে হেনো চিকিৎসা কৰে- তেওঁলোকে শুনা কথাহে৷ সেইখন গাৱঁত কোনেও আজিলৈ ডাক্টৰ দেখা নাই আৰু কোনো ডাক্টৰেও আজিলৈ সেই গাওঁখন দেখা নাই৷

শ্বিলঙৰ পৰা ৬৫ কি.মি. পশ্চিমে পশ্চিম খাচি পাহাৰ জিলাৰ মাওকিৰৱাট (mawkyrwat) টাউনৰ পৰা ২০ কি.মি. দূৰৈত এই পাহাৰীয়া গাঁওখন৷ প্ৰায় ২০০/২৫০ শ ঘৰমান মানুহ৷ ২০ কি.মি. পথ অতিক্ৰম কৰিবলৈ সময় লাগিছিল প্ৰায় দুঘণ্টাৰো অধিক৷ ইমানেই দূৰ্গম আছিল সেই পথ৷ পাহাৰৰ কাষে কাষে অকোৱা পকোৱা, ওখোৰা মোখোৰা, শিলাময় সৰ্পিল পথ৷ দেখিলে এনে লাগে যেন কিছু সময় আগতে পথটো পাহাৰ কাটি উলিওৱা হৈছে৷ অথচ যুগ যুগ ধৰি সেই গাওঁখনলৈ যোগাযোগৰ একমাত্ৰ সম্বল সেই পথটোৱেই৷ পথটোৰ এফালে সুউচ্চ পাহাৰ আৰু আনফালে ৩০০/৪০০ফুট দ থিয় গড়া৷ কেৱল সেউজীয়া, সেউজীয়া আৰু সেউজীয়া – ডাঠ অৰণ্য৷ তললৈ চাব নোৱাৰি৷ মূৰ আচন্দ্ৰাই কৰে৷ হাত মেলি পোৱা দূৰত্বতেই মেঘবোৰে লুকা-ভাকু খেলে৷

সেই গাঁওখনৰ পৰা ৰাতিপুৱাই ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত এখন বাছ আৰু এখন চুমু শ্বিলঙলৈ আহে আৰু গধূলি হলে ঘূৰি যায়৷ পাহাৰ খনৰ পৰা প্ৰায় এশমিটাৰ তলত বাছ আস্থানটো৷ ৰাতিপুৱা আৰু আবেলিৰ সেই সময়খিনিৰ বাহিৰে বাকী সময়চোৱা ষ্টেচনটোত নিমাওমাও পৰিবেশ৷ বেমাৰ-আজাৰ কিম্বা অত্যাৱশ্যকীয় প্ৰয়োজনত গাঁওখনৰ পৰা বহিৰ্গমণ কিম্বা গাওঁখনলৈ অন্তৰ্গমণ খোজ কঢ়াৰ বাহিৰে গত্যন্তৰ নাই৷

গাওঁ খনৰ মানুহখিনিৰ জীবিকাৰ প্ৰধান সম্বল হ’ল শীতকালি কমলা টেঙা, ফেব্ৰুৱাৰী মাৰ্চ মাহত ঝাড়ু আৰু পিপেলি৷ ইয়াৰ বাহিৰেও অন্যান্য উদ্যান শস্য যেনে আদা, হালধি, জলকীয়া, তেজপাত, আনাৰস, কঠাল আৰু নানা প্ৰজাতিৰ ফলমুল ইত্যাদি বিক্ৰী কৰিও তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিছিল৷ পুৱতি নিশা লৰালৰি হোৱাৰ আশংকাত আগদিনাই সন্ধিয়া সিহঁতে বস্তু-বাহানিবোৰ গাড়ীত উঠাই থৈ যায়হি � ৷ কোনোবাই চুৰি কৰিব বুলিও ভয় নাই৷ গাঁওখনত বেয়া কাম কৰা লোকৰ শাস্তি সেই গাঁৱৰ পৰা চিৰদিনৰ বাবে নিৰ্বাসণ৷

পুৱতি নিশা নিৰ্দ্দিষ্ট সময়ত সকলো বহি পৰে আগদিনাই দখল কৰি থোৱা নিজৰ নিজৰ ছিট বোৰত৷ গাড়ীৰ ভিতৰত বস্তু বাহানি, যাত্ৰী যিমান, গাড়ীৰ ওপৰতো বস্তু বাহানি আৰু যাত্ৰী সিমান৷ কোনোবাই আকৌ পিছফালৰ বাম্পাৰত, কোনোবাই দুৱাৰমুখত ওলমিয়েই যাত্ৰা কৰে৷ কোনো ভয় শঙ্কাৰ কথা নাই৷ ৰ’দ-বৰষুণ কিম্বা হাড় কপোৱা ঠাণ্ডা – কোনো কথা নাই৷ ভিতৰত ছিট নাই, তাতে কি হ’ল বাহিৰততো আছে – এই মনোভাৱ৷ বয়সৰো কোনো কথা নাই মতা মানুহৰ ক্ষেত্ৰত – সকলোৱে ভিতৰ বা বাহিৰত যাব পাৰিলেই হ’ল গন্তব্যস্থলিলৈ৷ বিলাসী যাত্ৰা কি সেয়া যেন সিহঁতৰ বাবে এটা লাখটকীয়া প্ৰশ্ন৷ সেয়াই যেন সিহতৰ ভাগ্য৷ দুখ কষ্ট, হাড়ভগা পৰিশ্ৰম সিহঁতৰ আজন্ম সংগী৷ কাৰো একো আক্ষেপ নাই সেই দুৰাৱস্থাক লৈ৷

বাছৰ কণ্ডাক্টৰক ভাড়াবোৰ নামি উঠি এজন এজনকৈ দি গৈছিল৷ কোনেও কৃপণালি বা ঠগবাজী কৰা নাছিল৷ কৰিবই বা কিয়? গাড়ীখনেই যে বহিঃজগতৰ লগত সিহঁতৰ যোগাযোগৰ একমাত্ৰ সম্বল৷ এদিন যদি সেইখনে গাঁওবাসীৰ বাবে চাউল (ডাইল প্ৰায় নাখাইছিলেই) কঢ়িয়াই লৈ নাযায় এসপ্তাহ সিঁহতে লঘোণে কটাব লাগিব৷ সম্পূৰ্ণ তিনিবছৰ ময়ো সিহঁতৰ সেই বিপদ সংকুল যাত্ৰাৰ সহযাত্ৰী হোৱাৰ সৌভাগ্য হৈছিল৷ কেবল সহযাত্ৰী হোৱাই নহয় বহুতো সৰু বৰ ৰোমাঞ্চকৰ অভিজ্ঞতাৰ সাক্ষী হৈ ৰৈছিলো মই৷ গাওঁবাসীৰ সুখ-দুখ, হাঁহি-কান্দোন, আবেগ-অনুভূতিৰ সৈতে একাত্ম হৈ পৰিছিলো মই৷

ঘৰৰ পৰা মই গলে প্ৰায়ে সিহতলৈ তাত নোপোৱা কিবা কিবি বস্তু লৈ যাওঁ৷ বেগ, তালি টোপোলাৰে ৬/৭খন গাড়ী সলাই মাউকিৰৱাট টাউন পাওগৈ মানে আধামৰা হব লাগে৷ তাৰ পৰা আকৌ দুঘণ্টা বিপদ সংকুল যাত্ৰা৷ মোৰ ধৈৰ্য, সাহস, শক্তি আৰু সহিষ্ণুতাৰ অন্তিম পৰীক্ষা৷ গাড়ীত পাণ জপাদি মানুহ – কি ভিতৰ কি বাহিৰ সকলোতে৷ দুজনীয়া চিটত ৪ জনকৈ আৰু ৩ জনীয়া চিটত ৬ জনকৈ বহে৷ প্ৰত্যেকে প্ৰত্যেকৰ দুখ বুজি পায়৷ গতিকে ঠেলা হেচাকৈ বহিলেও কোনেও আপত্তি নকৰে৷ উশাহ লবলৈ জাগা নাই৷ কোনোবাই চিট এটি এৰি দিয়ে মই বহি লওঁ৷

লাহে লাহে গাড়ী আগবাঢ়ে শামুকীয়া গতিত৷ গাড়ীত সিহঁতৰ নিজৰ ভিতৰতে বিভিন্ন বিষয়ৰ কথা-বতৰা, হাঁহি খিকিন্দালি আৰম্ভ হৈ যায় যেন সেই বিপদ সংকুল যাত্ৰাৰ সময়ছোৱা সিহঁতৰ বাবে এক উপভোগৰহে সময়৷ সিহঁতৰ কথাত কাণ দিবলৈ মোৰ আৰু ধৈৰ্য নাথাকে৷ চকুদূটা মুদি দেহৰ সমস্ত ভাগৰ চিটৰ ওপৰত এৰি দি ভগবানক কাকূতি কৰো যেন ভালে ভালে গৈ পাওঁ৷ মাজে মাজে আটাইবোৰে চিৎকাৰ কৰি উঠে আৰু বাহিৰৰ যাত্ৰী বোৰে কিৰিলি পাৰি উঠে যেতিয়া গাড়ীখন ওখ শিলত জপিয়াই টুলুং ভূটুং কৰে৷ এক দূ: সাহসিক অভিযানলৈ যেন মই গৈ আছো এনে লাগে মোৰ৷ কিবা কাৰণত যদি গাড়ীখন দুৰ্ঘটনা হয় কোনো অস্তিত্বই বিচাৰি পোৱা নাযাব তাত৷ কিন্তুু দুৰ্ঘটনাও হৈ পোৱা নাই তাত আজিলৈকে৷ সাহস সেইটোৱেই৷

এনেদৰেই দুঘণ্টা পাৰ হৈ যায়৷ ক্ৰমাণ্বয়ে গাড়ী গাঁৱৰ ওচৰ চাপে৷ ভিতৰৰ কোৰ্হালবোৰো স্তিমিত হৈ আহে৷ সকলোৱে নিজৰ নিজৰ টালি টোপোলাবোৰ সামৰাত ব্যস্ত হৈ পৰে৷ যথা সময়ত গাড়ীখন ষ্টেচনত ৰৈ যায়৷ ষ্টেচনত ইতিমধ্যে গাৱঁৰ সৰু সৰু ল’ৰা-ছোৱালীবোৰ, যুৱক যুৱতীবোৰ, পুৰুষ মহিলা বোৰ গাড়ীখন অহালৈ অধীৰ আগ্ৰহেৰে বাট চাই থাকে৷ ষ্টেচনৰ দিনটোৰ মৰিশালীৰ নিস্তব্ধতাবোৰ যেন পুনৰ সাৰ পাই উদুলি-মুদুলি হৈ পৰে৷ কোনোবাই সিহঁতৰ আত্মীয়ক টালি টোপোলাবোৰ ওপৰলৈ কঢ়িওৱাত সহায় কৰিবলৈ, কোনোবাই কুলিৰ দৰে হাজিৰা কৰিবলৈ আৰু কোনোবাই এনেয়ে চাবলৈ আহে৷ গাড়ীৰ পৰা নামি সকলোৱে ভাড়াবোৰ কণ্ডাক্টৰক দি মোনাবোৰৰ দীঘল জৰীডাল মূৰত লৈ পিঠিত বোজাটো পেলাই শিলৰ খটখটিৰে নিজ নিজ ঘৰ অভিমুখে ওপৰলৈ উঠিবলৈ আৰম্ভ কৰে৷

ময়ো ব্যতিক্ৰম নহয়৷ স্বস্তিৰ নিশ্বাস পেলাই নামি কণ্ডাক্টৰক ভাড়াটো আদায় দিওঁ যদিও পুনৰ সমস্যাই দেখা দিয়ে কিদৰে বেগ টালি-টোপোলাবোৰ ওপৰলৈ লৈ যোৱা যায়৷ সুদা মানুহটোৰেই ওপৰলৈ উঠি যাবলৈ শক্তি নাথাকে৷ তাতে আকৌ টালি টোপোলাৰে সৈতে ১০০মি. ওপৰলৈ৷ এনেই চাবলৈ অহা সকলৰ কিছুমান মোৰ ছাত্ৰ আৰু কিছুমান মোৰ প্ৰতিবেশী৷ সিহঁতৰেই কোনোবাই স্বেচ্ছাই মোৰ অৱস্থাটো দেখি আগবাঢ়ি আহি সদায় মোৰ বেগবোৰ কঢ়িয়াই মোৰ বাসস্থানত থৈ আহেগৈ৷

যাত্ৰাপথত লেবেজান হৈ পৰা শৰীৰটো শাত পৰি গৈছিল গাওঁ খনত গৈ পোৱাৰ পিছত৷ গাঁওখনৰ সৌন্দৰ্য্য, তাৰ পৰিবেশ, তাৰ শীতল বতাহ, সহজ সৰল মানুহবোৰৰ মৰম- এইবোৰে মোৰ সমস্ত ভাগৰ নিমিষতে নাইকিয়া কৰি পেলাইছিল৷

মেই, থেইৰিত, বাদেং, বাদু, কঙ আৰু ওচৰ চুবুৰীয়া সকলো ইটো সিটোকৈ আহি জুম বান্ধিছিল মোৰ খবৰ লবলৈ৷ মোক সুধিছিল,

-লাওৱান বাবু, খ্লাইন বাৰহ হা স্নং?
[মানে বাবু আহিলা, ঘৰত সকলোৰে ভালনে? ]

মোক আৰু সুধিছিল

-আলাম আইও বাবু লা আছাম?
[অসমৰ পৰা কি আনিছে বাবু? ]

স্কুলত শিক্ষকতা কৰা হেতুকে মোক সকলোৱে বাবু বুলি মাতিছিল৷ ময়ো সিহঁতৰ বাবে নিয়া সিহতৰ অতিকৈ প্ৰিয় খাওথাৰ(চিৰা) আৰু স্নেপকৰ (নাৰিকল) বেগৰ পৰা উলিয়াই দি সিহঁতৰ মুখবোৰলৈ চাইছিলো৷ কি যে ফুৰ্তি পাইছিল সিহঁতে! ভৈয়ামৰ চিৰা আৰু নাৰিকল খাবলৈ পাৰিব৷ সকলোৱে কয়লাৰ চুলাটোৰ উত্তাপ পোৱাকৈ যিয়ে যেনেকৈ পাৰে বহি লয় পাকঘৰৰ তক্তাৰ মজিয়াত আৰু মোক ঘৰৰ বিষয়ে, গাৱঁৰ বিষয়ে, অসমৰ বিষয়ে নানান প্ৰশ্ন কৰে আৰু ময়ো এফালৰ পৰা কৈ যাওঁ৷ ইমান মনোযোগেৰে সিহঁতে মোৰ কথাবোৰ শুনি থাকে যেন মই সিহঁতক সাধু কথাাহে কৈ আছো৷ সিহঁতৰ ভাষাটো মই খুব কম সময়তে শিকি লৈছিলো বাবে মোৰ কোনো অসুবিধা হোৱা নাছিল৷

থেইৰিতে কয়লাৰ চুলাটো জ্বলাই চাহৰ কেটলিটো উঠাই দিয়ে আৰু উতলাৰ পিছত প্ৰতি টো কাপত প্ৰয়োজন মতে চেনি আৰু এখন এখন চামুচ (নিজে নিজে ঘাটি লবলৈ) দি চেকনিত চাহপাত লৈ কেটলিৰে উতলা পানী বাকী দিয়ে৷ তাৰ পিছত আতায়ে সমূহীয়া ’প্ৰেয়াৰ’ কৰি চাহ পিবলৈ আৰম্ভ কৰে৷ এগাল এগাল চিৰাৰে ফিকা চাহ খাই সিহঁতে যি পৰম তৃপ্তি পায় সেই পৰিতৃপ্ত মূখবোৰলৈ চাই মোৰ সমস্ত দুখ-ভাগৰ, অৱশাদ পাহৰি পেলাওঁ৷

সেই মুহূৰ্তত মোৰ মনত ভাহি উঠে দুখন ভিন্ন ছবি – এখন যান্ত্ৰিকতাই ছিন্ন ভিন্ন কৰি দিয়া হৃদয় আৰু আনখন সেউজীয়াই সজীৱ, সতেজ কৰি ৰখা হৃদয় যাক কোনো মূল্যৰ বিনিময়ত পাব নোৱাৰি৷

———————————————-

-: লোভ: –

আবেলি স্কুলৰ পৰা আহি ৰূমত কিবা অলপ খাই শুইছোহে মাথোন৷ বাহিৰত গিজগিজিয়া বৰষুণ আৰু ফিৰফিৰিয়া চেঁচা বতাহ৷ বৰষুণৰ দিনকেইটাত মেঘালয়ৰ পশ্চিম খাচি পাহাৰত দৰ্জা খিৰিকী বন্ধ কৰি লেপ কম্বলৰ উম লৈ শোৱাৰ মজাই বেলেগ৷ এনেই ঠাণ্ডা তাতে মৌচিনৰামৰ বৰষুণ৷ তাত বৰষুণ দিব ধৰিলে আৰু এৰিব নোখোজে৷ একেৰাহে তিনি-চাৰি মাহ বিশেষকৈ – জুন, জুলাই আৰু আগষ্ট৷ এই তিনিমাহ নেৰানেপেৰা বৰষুণ….. ফিৰফিৰিয়া বতাহ আৰু মুষালধাৰ বৰষুণৰ যুগলবন্দি৷ পৃথিৱীৰ সৰ্বোচ্চ বৰষুণ হোৱা ঠাই৷ বৰষুণ ৪৫ ডিগ্ৰী কোনত বেকাকৈ পৰে বাবে ছাতিয়ে কোনো কাম নিদিয়ে৷ তাৰ মানুহবোৰে গাত সেয়ে পলিথিন মেৰিয়াই বাহিৰত চলা ফুৰা কৰে৷ মোৰ সেই অভ্যাস নাছিল বাবে ছাতিৰেই যিমানখিনি পাৰি বৰষুণত নিতিতিবলৈ ব্যৰ্থ চেষ্টা কৰোঁ৷ স্কুলৰ পৰা ঘৰ পাওগৈ মানে মূৰটোৰ বাহিৰে সমস্ত গাৰ কানি-কাপোৰ তিতি জুৰুলি জুপুৰি হয়৷ সেইবোৰ শুকোৱাবলৈ ৰ’দ পাম ক’ত? তাত বাৰিষাৰ দিনকেইটাত ৰ’দৰ মুখ দেখিলে ভগবানক দেখা যেন লাগে৷

ভিজা কাপোৰ কানিবোৰ কয়লাৰ চুলা নাইবা খৰিৰ চৌকাত শুকোৱা হয়৷ তিনি চাৰিদিন লাগে শুকাবলৈ৷ ধোৱা আৰু ভেকুৰৰ গোন্ধ মিহলি হৈ এটা নতুন অচিনাকি গোন্ধ নাকত লাগে৷ ভাল নালাগিলেও কোনো উপায় নাথাকে৷ শুকান কাপোৰবোৰো ঘৰৰ ভিতৰত সেমেকি থাকে৷

সেইদিনাও স্কুলৰ পৰা আহি ভিজা কাপোৰবোৰ সলাই পাকঘৰৰ চৌকাৰ পাভতি চাঙৰ ওপৰত থকা ৰছীডালত মেলি দি কিবা অলপ খাই বৈ শুই পৰিলোঁ৷ নিহালিৰ আমেজত চিলমিলকৈ টোপনি আহিছিলহে মাথোন, হঠাৎ কাৰোবাৰ মাতত খকমককৈ মই সাৰ পাই গলোঁ৷ হয়, বাহিৰত কোনোবাই দুৱাৰত ঢকিয়াই মোক মাতিব লাগিছে৷

-’অই বাবু, খেহ ন, খেহ ন’(এই বাবু উঠাচোন উঠা)৷

খক মককৈ উঠি চকু দুটা মোহাৰি বিছনাতে কিছু সময় বহিলো আৰু ভাবিলোঁ কোনে মাতিব পাৰে মোক, কাৰ মাত সেয়া? মই মাত নিদিয়া বাবে বাহিৰৰ পৰা আকৌ মাত দিলে৷ এইবাৰ মই নিশ্চিত হলো যে সেইজন বাদেং৷ থেইৰিতৰ ভায়েক, মোৰ মালিকনী বুঢ়ীৰ জীয়েকৰ নাতিনীয়েক৷ টোপনিত ব্যাঘাত জন্মোৱা বাবে কিছু খঙো উঠিছিল তাৰ ওপৰত৷ কি বা দৰকাৰ হ’ল তাৰ৷ তথাপিতো সি মাতিছে যেতিয়া উঠিলোঁ৷

ঙুনৰাওত সি আছিল মোৰ নিত্য সহচৰ৷ মই যলৈকে যাও সি লগত থাকিব, মই যি খাও সি লগত থাকিব৷ মোক খুব ভাল পাইছিল৷ মোক বজাৰ-সমাৰ কৰি দিয়া, পানী আনি দিয়া, খৰি-কয়লাৰ যোগান ধৰা, ভেকুলী ধৰিবলৈ গৈ মোলৈ কেকোঁৰা লৈ অহা, হাবিৰ পৰা ফলমূল আনি দিয়া, মাংস কুটি দিয়া, ঘৰলৈ আহিলে ৰাতি ৩ বজাতো বেগটো ষ্টেচনলৈ কঢ়িয়াই আনি গাড়ীত উঠাই দিয়া ইত্যাদি সমস্ত আলপৈচান সিয়েই ধৰিছিল৷ তাত সিয়েই আছিল মোৰ সাহস, মোৰ সম্বল, মোৰ শক্তি৷ গতিকে তাৰ আহ্বানক অৱজ্ঞা কৰাতো উচিত নহব বুলি ভাবিয়েই ঘৰৰ ভিতৰেদি আহি পাকঘৰৰ খিৰিকী খুলি তাক মাত লগালোঁ৷ লগত আৰু ৭ জন সমনীয়া বন্ধু৷ দুজনে দুটা বাল্টি লৈ আহিছে৷

’কি হ’ল তহতৰ? ’-মই সুধিলো৷

– বাবু, আমি আজি খানা খাম আপোনাৰ ঘৰত৷

-খানা খাব খুজিছা খা, মই কি কৰিব লাগে?

-বাবু আমাক মাংসৰ তৰকাৰী খন ৰাণ্ধি দিব লাগে৷

মাংস বুলি কোৱাৰ লগে লগে মনটো খুব ভাল লাগিল৷ এনেয়ো বৰষুণৰ বতৰত মাংসৰে খানা খোৱাৰ আমেজেই বেলেগ৷ অলপ জলকীয়া বেছি হলেতো কথাই নাই৷ মিছা নকও, মোৰো জিভাৰ পানী নপৰাকৈ নাথাকিল৷
সিহতেঁ আগতেও মই ৰন্ধা মাংসৰ সোৱাদ পাইছে৷

মোক কয়, ’বাবুই খুব ধুনীয়াকৈ মাংস বনাব জানে, এদিন আমাকো বনাই খুৱাব লাগিব৷ ’

ময়ো বুকু ফিন্দাই কও,

-’হব, কোনো কথা নাই৷ মাংস লৈ আহিবি আৰু মই বনাই দিম৷ ’

সেইদিনা সিহঁতে মাংস লৈ আহিছিল৷ এক কেজি দুই কেজি নহয় পুৰা দুই বাল্টি মাংস৷ প্ৰায় ২৪ কেজি৷

-অই, তহঁত কেইজনে খানা খাবি? ’

-আমি ৮জন আৰু বাবুৰে সৈতে ৯জন৷

মনটো খুব ভাল লাগিল৷ অন্ততঃ ৰাতিৰ সাজ ভালকৈ খাব পাৰিম৷ ব্যস্ততাই হওক বা এলাহৰ বাবেই হওক বহুদিন ধৰি মাংস-ভাত খাবলৈ পৰা নাই৷ হ’ল বুলিয়েইনো সদায় আলু- দাইল-কনীকেই কিমান খাম? সিহঁতলৈ বৰ কৃতজ্ঞতা উপজিল৷
তেতিয়ালৈকে সিহঁত বাহিৰতেই ৰৈ আছে৷ সিহঁতক যে ভিতৰলৈ মাতি বহিবলৈ দিব লাগিব সেই সৌজন্যখিনিও মোৰ মনলৈ অহা নাই৷ বেচেৰাহঁত একেবাৰে তিতি-বুৰি পাইছেহি৷ হঠাৎ মোৰ মনত এটা প্ৰশ্ন উদয় হ’ল৷ সিহঁতে ইমান মাংস কত পালে আৰু কিহৰ মাংস?

সুধিলোঁ সিহঁতক,

-অই কিহৰ মাংস এইবোৰ আৰু কত পালি?

– দহ উক্ চেউ বাবু৷

সিহঁতে যি উত্তৰ দিলে লগে লগেই মোৰ পেটৰ নাড়ী ভুৰু বাহিৰ হবৰ উপক্ৰম হ’ল আৰু মই খিৰিকীখন জপাই ভিতৰৰ পৰাই কলোঁ,

-অই এইবোৰ মাংস মই নেখাৱোও, নেৰান্ধোও৷ তহঁতে বেলেগত খাগৈযা৷

এইবুলি সিহঁতক খিৰিকীৰ ফাকেৰে কিছু মছলা পাতি দিও আৰু সিহঁতক তাৰ পৰা যাবলৈ কৈ পুনৰ বিছনালৈ দৌৰ দিওঁ৷

পিছত সোধোতে সিহঁতে মোক কৈছিল যে এটাত ৫০ টকাকৈ ১০০ টকাত দুটা কুকুৰ সিহঁতে গাৱঁৰ এঘৰৰ পৰা কিনি আনিছিল৷ মাংস পৰিছিল ২৪ কেজি আৰু ২৪ কেজি মাংসৰে সিহঁত ৮ জন লৰাই উদৰ পুৰাই খানা খাইছিল৷

(ক্ৰমশঃ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments