ঙুনৰাও (কন্দৰ্প কুমাৰ নাথ)

-এটা আচৰিত চৰিত্ৰ-

বাদেং – এই ঙুনৰাওৰ কাহিনীবোৰৰ এটা চিনাকি নাম৷

-এটা উৎপতীয়া চৰিত্ৰৰ নাম বাদেং৷

-টাইটানিক বোলছবিৰ নায়ক জেকৰ হেয়াৰ ষ্টাইল, আটিল চেহেৰা অথচ কুমলীয়া মন – সেইজনেই বাদেং৷

– ইংৰাজী গান শুনি ভাল পায় অথচ ইংৰাজীৰ ’টু’ শব্দ এটা ক’বলৈ নাজানে – সেইজনেই বাদেং৷

-মোতকৈ বয়সত তেনেই সৰু অথচ কামবোৰ মোতকৈও ডাঙৰ – সেইজনেই বাদেং৷

-ৰ’দ বৰষুণ, বতাহ- ধুমুহা, গাজনি -ঢেৰেকণি একোৱেই টলাব নোৱাৰা এটা চৰিত্ৰ – বাদেং৷

-দিনত এটা ৰূপ, সন্ধিয়া হ’লে অন্য এটা – সেইজনেই বাদেং৷

-ডিঙিলৈকে গলাধঃকৰণ কৰি আনৰ আগত ৰজা হ’ল বুলি ভাবিও মোৰ ওচৰলৈ আহি লেতু সেতু হোৱা এটা চৰিত্ৰ হ’ল বাদেং৷

-তামোল আৰু ’ডুমা’ (এবিধ ধপাত আৰু চেনিৰ মিশ্ৰণেৰে প্ৰস্তুত বিড়ি ) অবিহনে এক মিনিটো থাকিব নোৱাৰা এটা চৰিত্ৰ হল – বাদেং৷

-হুৰ মুৰকৈ যিহকে পাই তিহকে খাই হজম কৰিব পৰা এটা চৰিত্ৰ বাদেং৷

-মাক-দেউতাক, ককায়েক, বায়েক, ভায়েক সকলোৰে সমুখত গাঁৱৰ ছোৱালীৰ সৈতে তাৰ মুক্ত অভিসাৰৰ কথা কবলৈ লাজ নকৰা এটা চৰিত্ৰ হল- বাদেং৷

-গাঁৱৰ সমস্ত ভাল-বেয়া খবৰবোৰ গোটে গোটে গিলি আহি সন্ধিয়া জুহালৰ আড্ডাত হলহলীয়াকৈ বমি কৰি দিয়া এটা চৰিত্ৰ- বাদেং৷

আৰু যে কত কিমান লিখি ওৰ কৰিব নোৱাৰা চৰিত্ৰ মাজত লুকাই আছে ভাবিলেই আচৰিত লাগে৷

বাদেং হ’ল থেইৰিতৰ ভায়েক অৰ্থাৎ মোৰ মালিকনী বুঢ়ীৰ জীয়েকৰ নাতিয়েক৷ ২৪/২৫ বছৰীয়া সুদৰ্শন যুৱক৷ ক্লাচ ফ’ৰ মানলৈ পঢ়ি বাদ দিছে৷ পঢ়া-শুনা কৰা, বিদ্যালয়লৈ কিতাপৰ বোজা লৈ যোৱা, স্কুলৰ হোমৱৰ্ক কৰা এইবোৰ একঘেয়ামী জীৱন তাৰ ভাল নালাগে৷ পঢ়া-শুনা কৰি বৰ মানুহ হোৱাৰ সপোন সিহঁতৰ বাবে আকাশত চাং পতাৰ লেখিয়া কথা৷ মুক্ত বন্য জীৱনেই প্ৰিয়৷ টাৰ্জান চৰিত্ৰটো অতি প্ৰিয় তাৰ৷ নিজৰ মাজতেই বিচাৰি পায় সি টাৰ্জানক৷

ঙুনৰাওত সি মোৰ কেৱল সোঁহাতে-বাওঁহাতেই নহয়, সি আছিল মোৰ সাহস, মোৰ সম্বল, মোৰ চালিকা শক্তি, মোৰ ছাঁ৷ হয়, মোৰ স্কুললৈ যোৱা সময়খিনি আৰু সি হাবিলৈ যোৱা সময়খিনিৰ বাহিৰে ছাঁটোৰ দৰেই সি মোৰ সৈতে লাগি থাকে৷ সি কি কৰি নিদিয়ে মোক? ৰন্ধা, খোৱা আৰু মোৰ একান্ত ব্যক্তিগত কামখিনিৰ বাহিৰে সকলো সি আৰু সিহঁতৰ ঘৰৰ পৰিয়ালেই কৰি দিয়ে৷

ঙুনৰাওত সি মোৰ নিত্য সহচৰ আছিল৷ মই য’লৈকে যাওঁ সি লগত থাকিব, মই যি খাওঁ সি লগত থাকিব৷ মোক খুব ভাল পায়৷ মোক বজাৰ-সমাৰ কৰি দিয়া, পানী আনি দিয়া, খৰি-কয়লাৰ যোগান ধৰা, ভেকুলী ধৰিবলৈ গৈ মোলৈ কেকোঁৰা লৈ অহা, হাবিৰ পৰা কমলা টেঙা, আনাৰস, কঠাল আদি নানা ফল-মুল, শাক-পাচলি আদি আনি দিয়া, মাংস কুটি দিয়া, ঘৰলৈ আহিলে ৰাতি তিনি বজাতো শোৱাৰ পৰা উঠি বেগটো ষ্টেচনলৈ কঢ়িয়াই আনি গাড়ীত উঠাই দিয়া, ঘৰৰ পৰা গলে ষ্টেচনলৈ আগুৱাই আহি মোৰ বেগটো বাসস্থানলৈ লৈ যোৱা ইত্যাদি সমস্ত আলপৈচান সিয়েই ধৰে৷ বিনিময়ত সি আন একো নিবিচাৰে, মাথো পুৱা বা ৰাতিৰ ভাতসাজ মোৰ লগত খাই ভাল পায়৷ মোৰ তেল-মছলা দি ৰন্ধা তৰকাৰীৰ খুব সোৱাদ পায়৷ মই নিজে ৰান্ধিব নাজানো যদিও তাৰ কাৰণে মই এজন উৎকৃষ্ট ৰান্ধনি৷ কেৱল তাৰ কাৰণেই নে? সমগ্ৰ ঙুনৰাওতেই মই যে ভাল ৰান্ধনি সেই কথাটো ফাটি-ফুটি গৈছিল৷ কাৰণ সিহঁতে তেল মছলাৰ ব্যৱহাৰ খুব কমকৈ কৰে৷ বেছিভাগ সিজায়েই খায়৷ লাই শাক, মচন্দৰী, বন্ধাকবি, লেটুচ আদি কেঁচায়েই খায়৷ জুতি-বুধিৰে কেনেকৈ ৰান্ধিব লাগে বৰ বিশেষ একো নাজানে৷ গতিকে মোৰ মছলা-পাতি দি ৰন্ধা ব্যঞ্জন সোৱাদ পোৱাটোৱেই স্বাভাৱিক৷ কেৱল সিয়েই নহয়, তাৰ লগৰ বোৰেও ফুৰিবলৈ আহি বাহিৰত বতাহত আমোল মোল হৈ পৰা সিহঁতৰ বাবে তেনেই অচিনাকি পাঁচ-ফোৰণৰ গোন্ধটোৱে মৌ মাখিৰ দৰে আকৰ্ষিত কৰি বাহিৰৰ পৰাই ’অ’ই বাবু, চে’ট আইও, উবইদ’ ( ঐ বাবু, কি ৰান্ধিছা, খুব ধুনীয়া গোন্ধাইছে ) বুলি মোৰ ভাত ৰন্ধাৰ কৌশল চাবলৈ আহি জুহালত যি বহি লয় খোৱা শেষ নোহোৱা পৰ্যন্ত উঠি নাযায়৷ ভাত ৰন্ধা শেষ নোহোৱা পৰ্যন্ত সিহঁতে তামোল-বিড়ি খাই বিভিন্ন কথাৰ মহলা মাৰি সময়খিনি কটায়৷ বিশেষকৈ নিশাৰ আহাৰ আৰু দেওবৰীয়া আহাৰ মোৰ কোনোদিনেই মই অকলে খোৱা নহয়গৈ৷ সদায় কমেও চাৰি পাচ জন তেনেকুৱা গোন্ধত ৰৈ যোৱা আলহী হয়৷ অৱশ্যে ময়ো সিহঁতক কোনোদিনেই নিৰাশ নকৰো৷ পৰম তৃপ্তিৰে এসাঁজ খাই সিহঁত নিজৰ নিজৰ অভিযানলৈ গুছি যায়৷ স্বীকাৰ কৰিবই লাগিব যে সিহঁতক তেনেদৰে সন্তুষ্ট কৰাৰ বাবেই ঙুনৰাওৰ দৰে এখন আওঁহতীয়া ঠাইত মই কোনো অসুবিধা নোপোৱাকৈ ৰজাৰ দৰে থাকিবলৈ সাহস পাইছিলো৷

আবেলি গাঁৱলৈ তাৰ সৈতে প্ৰায়েই ফুৰিবলৈ যোৱাটো মোৰ এটা অভ্যাস৷ ফুৰিবলৈ গলে মোক গাঁৱৰ প্ৰায় মানুহবোৰেই ঘৰলৈ মাতি নিয়ে আৰু জুহালত বহিবলৈ দি মোক আমাৰ অসমৰ বিষয়ে বিভিন্ন কথা সোধে৷ সিহঁতৰ ভাষাটো তেতিয়া মই খুব ভালদৰে কব জনা হৈছিলো বাবেই মানুহবোৰে মোৰ মুখত সিহঁতৰ ভাষা শুনিবলৈ খুব আগ্ৰহ প্ৰকাশ কৰিছিল৷ আমাৰ ৰীতি-নীতিবোৰৰ কথা, আমাৰ বিয়া-বাৰুৰ কথা, আমাৰ খেতি-বাতিৰ কথা, আমাৰ যোগাযোগ ব্যৱস্থাৰ কথা, আমাৰ চিকিৎসাৰ সুবিধাৰ কথা ইত্যাদি বিভিন্ন বিষয়ে মোক প্ৰশ্ন কৰে আৰু মোৰ মুখত আমাৰ ভৈয়ামৰ সুখ-সুবিধাবোৰৰ বিষয়ে শুনি বিষ্ময়ত তভক মানে৷ বিশেষকৈ বিয়াৰ পিছত আমাৰ পুৰুষ-প্ৰধান সমাজত ছোৱালীজনী ল’ৰাৰ ঘৰত থকা কথাটোত গাঁওবাসীয়ে খুব আমোদ পায়৷ ছোৱালীজনী বিয়া কৰাই ঘৰলৈ অনা হয় বুলি ক’লে আইতাবোৰে হাঁহিত থৰ পৰে৷ মোৰ মুখত অসমৰ বিষয়ে প্ৰথমবাৰ শুনি সিহঁতে সাধু কথা শুনাৰ দৰেই মনযোগ দি শুনে৷ সিহঁতৰ জুহালৰ আলোচনাৰ আন এটা প্ৰধান বিষয় হ’ল গাঁৱৰ যৌনাচাৰৰ বতৰাবোৰ – কোন কাৰ শয্যাসংগী হ’ল৷ খোলাখুলিকৈয়ে ঘৰৰ পৰিয়ালৰ লগত কৰা মুক্ত যৌনাচাৰৰ কাহিনীবোৰে মোক হতবাক কৰি তুলিছিল৷

তেনেদৰে এদিন বাদেঙৰ লগত গাঁৱৰ পূব প্ৰান্তলৈ ফুৰিবলৈ গৈছো৷ গৈ থাকোতেই এঘৰৰ গৃহস্থই ঘৰৰ পৰাই চিঞৰি মোক তেওলোকৰ ঘৰলৈ মাতিলে

– ‘অ’ই বাবু, ওৱান ন হাংনেই ’৷
( বাবু, এইফালে আহক৷ )

মই বাদেঙক সুধিলো কাৰ ঘৰ বুলি৷ সি ক’লে যে সিহঁতৰ ঘৰলৈ যে সঘনাই গৈ থাকে কংৰিট নামৰ ছোৱালীটো, সিহঁতৰ ঘৰ৷ ১৮/২০ বছৰীয়া মৰম লগা ছোৱালী৷ মাক দেউতাকে মতাত মই গ’লোঁ আৰু বাদেঙো মোৰ পিছে পিছে গ’ল৷

আমাক একেবাৰে পাকঘৰৰ জুহালতেই পীৰা পাৰি বহিবলৈ দিলে৷ গৈ পোৱাৰ লগেই তামোল-চাহৰ যোগাৰ কৰাত কংৰিটৰ মাক ব্যস্ত হৈ পৰিল৷ বাহিৰত তেওঁলোকৰ সৰু সৰু লৰা-ছোৱালী বোৰে খেলি আছে৷ তেওঁলোকে তামোল-চাহৰ আয়োজনৰ মাজতে মোক কিবা কিবি সুধি আছে৷ ময়ো উত্তৰ দি আছো৷ যথা সময়ত চাহ-তামোল খালোঁ৷ বাদেঙেও খালে আৰু বিড়ী এডাল জ্বলাই ল’লে৷ হঠাৎ বিড়ীৰ ধোঁৱাবোৰ ওপৰলৈ উৰুৱাই বাদেং সাউতকৈ তাৰ পৰা নোহোৱা হ’ল৷ ভাবিলোঁ সৰু পানী চুবলৈ গ’ল চাগে৷ মই কংৰিটৰ মাক দেউতাকৰ লগতেই কথা পাতি বহি থাকিলোঁ৷

ইতিমধ্যে গাঁওখনলৈ আন্ধাৰ নামি আহে৷ বাদেঙৰ দেখা দেখি নাই৷ মাক দেউতাকক মই সুধিলোঁ বাদেং ক’ত বুলি৷ সহজ ভাবেই মাক দেউতাকে কলে যে সি ঘৰৰ ভিতৰত কংৰিটৰ লগত কথা পাতি আছে৷ মই যাব লাগে বুলি কোৱাত জুহালৰ পৰাই মাকে বাদেঙক চিঞৰি মাতিলে৷ সি ওলাই আহিল৷ মুখত তাৰ মিচিকিয়া হাঁহি৷ মই কংৰিটৰ মাক-দেউতাকহতঁৰ পৰা বিদায় লৈ তাৰ সৈতে ঘৰমুৱা হলো৷

বাটত সি হাঁহি হাঁহি মোক কংৰিটৰ সৈতে তাৰ মুক্ত অভিসাৰৰ কথাবোৰ কৈ আহিল৷ মই মাত্ৰ শুনি আহিলো৷ কেৱল মোকেই নহয় সেইদিনা মোৰ ঘৰৰ ‘মেই’ৰ জুহালতো তাৰ পৰিয়ালৰ সকলোৰে আগত কোনো লুক-ঢাক নোহোৱাকৈ কৈ যায় সেই মুক্ত যৌনাচাৰৰ কথা৷ গাঁৱৰ আৰু কোন কোন যুৱক কংৰিট বা আন কোনো যুৱতীৰ সয্যাসংগী হ’বলৈ নিশা পৰ দি থাকে তাৰ এখন দীঘলীয়া তালিকা সি গাই শুনায়৷ সকলোৱে গিৰ্জনী পাৰি হাঁহিছিল আৰু মই মাথো বাকৰূদ্ধ হৈ শুনি আছিলোঁ৷ তাৰ বাহিৰে মই কৰিমেই বা কি?

(ক্ৰমশঃ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments