ঙুনৰাও: বৰশীৰ টোপেৰে জগত জয় – কন্দৰ্প কুমাৰ নাথ

বহুবছৰ আগতেই ডেল কাৰ্নেগীৰ এখন বিখ্যাত গ্ৰন্থ ‘হাউ টু উইন ফ্ৰেণ্ডচ্ এণ্ড ইনফ্লুৱেন্স পিপল’ পঢ়িছিলোঁ৷ গ্ৰন্থখনত তেখেতে এটা সুন্দৰ কাহিনীৰ উপস্থাপনৰ দ্বাৰা মানুহৰ অন্তৰ জয় কৰাৰ এটি কৌশল উল্লেখ কৰিছিল৷ কাহিনীটোৰ ভাবাৰ্থ এনেকুৱা যে আমি বহুত কিবা কিবি খাই ভাল পাওঁ – যেনে: চুইংগাম, চক’লেট ইত্যাদি ইত্যাদি৷ কিন্তু বৰশী বাওঁতে আমি কি কৰোঁ? আমি জানো বৰশীটোত চুইং গাম বা চকলেটটো গাঁঠি দিওঁ? কেতিয়াও নিদিওঁ৷ আমি গাঁঠি দিওঁ কেঁচু বা বৰলৰ টোপটোহে অৰ্থাৎ মাছটোৱে যি ভাল পায়৷

 

হয়, মানুহৰ অন্তৰ জয় কৰাটোও বৰশী বোৱাৰ লেখিয়াই কথা৷

 

সেই তত্ত্ব-সাৰে মোৰ চেতন-অৱচেতন মনত এনেদৰে প্ৰভাৱ পেলাই থৈ গৈছিল যে যিকোনো কথাই সদায় আনৰ দৃষ্টিভংগীৰে চাবলৈ পাৰ্যমানেই চেষ্টা কৰাত সহায়ক হৈ পৰিছিল৷ মোৰ সেই দৃষ্টিভংগীয়ে ঙুনৰাওত কিদৰে যাদুকৰী প্ৰভাৱ পেলাইছিল সেই বিষয়ে অলপ ক’বলৈ ওলাইছোঁ৷

 

ঙুনৰাওলৈ গৈয়েই প্ৰথমতে দেখিলোঁ গাঁৱৰ সৰল হোজা মানুহবোৰে মোৰ সৈতে কথা পাতিব বিচাৰে কিন্তু ইংৰাজী ক’ব নাজানে৷ ইফালে ময়ো সিহঁতৰ ভাষাটো নাজানো৷ স্কুলতো ছাত্ৰ-ছাত্ৰীসকলে ইংৰাজীত বুজালে বুজি নাপায়৷ ছাত্ৰ-ছাত্ৰী বা সহজ সৰল গাঁৱলীয়া মানুহবোৰক মোৰ সুবিধা হোৱাকৈ মই ইংৰাজী শিকাই লোৱাটো অসম্ভৱ কথা৷ গতিকে মোৰ প্ৰথম প্ৰয়োজনটো আহি পৰিল সিহঁতৰ খাচি ভাষাটো আয়ত্ত্ব কৰি লোৱাটো৷

 

থেইৰিত আছিল মোৰ মালিকনী বুঢ়ীৰ জীয়েকৰ নাতিনীয়েক৷ ইংৰাজী কিছু জানিছিল৷ ৰাতিপুৱা শুই উঠি কয়লাৰ চুলাটো জ্বলাই দিয়াৰ পৰা নিশা ভাত-পানী খাই বাচন-বৰ্ত্তন ধোৱালৈকে সমস্ত আলপৈচান তায়েই ধৰিছিল৷ তাৰ মাজতেই তাই মোক খাচি শব্দবোৰ ইংৰাজীত বুজাই দিছিল৷ এইদৰে থেইৰিতৰ সহযোগত ছমাহতেই সিহঁতৰ ভাষাটো চলিব পৰাকৈ শিকি লোৱাত মোৰ সকলো কামেই সহজ হৈ পৰিল৷ ভাষাটো আয়ত্ত্ব কৰাৰ পিছত গাঁৱৰ সৰুৰ পৰা বৃদ্ধলৈ সকলোৱে মোৰ মুখত সিহঁতৰ ভাষাটো শুনিবলৈ ব্যগ্ৰ হৈ পৰাটো পৰিলক্ষিত হ’ল৷ ই সিহঁতৰ বাবেও এক নতুন অভিজ্ঞতা যে বাহিৰৰ ‘ডিখাৰ’ এজনে অতি কম সময়তে সিহঁতৰ ভাষাটো আয়ত্ত্ব কৰিব পাৰিছে৷

 

যেতিয়া গাঁৱলৈ ফুৰিবলৈ যাওঁ, সকলোৱে মোক তেওঁলোকৰ ঘৰলৈ মাতি নিয়ে আৰু মোৰ সৈতে কথা-বতৰা হৈ খুব ভাল পায়৷ তদুপৰি গাঁৱৰ বিয়া-সবাহৰ পৰা মৃতকৰ অন্তোষ্টিক্ৰিয়ালৈ, গীৰ্জাৰ সমূহীয়া প্ৰেয়াৰৰ পৰা ৰাষ্টা মেৰামতিৰ কামলৈকে সকলোতে মোৰ অংশগ্ৰহণে সিহঁতক দুগুণে উৎসাহিত কৰিছিল৷ ধেমালিতে সিহঁতেতো কৈয়েই পেলাইছিল –

 

– থত্ ন চামলা হাংনেই বাবু, ঙান থেং হা চুকি উ মন্ত্ৰী ঙুনৰাও৷

(অৰ্থাৎ বাবুই ইয়াত ছোৱালী চাওঁক, আমি ঙুনৰাওৰ মন্ত্ৰী বনাই দিম৷)

 

আনকি ঙুনৰাওৰ সেই কষ্টকৰ বাছ যাত্ৰাত যিমান আগৰে পৰাই দখল কৰা নহওক কিয়, সিহঁতে মোৰ বাবে এটা চিট এৰি দিবলৈ কুণ্ঠাবোধ নকৰা হ’ল৷ বাছ যাত্ৰাৰ অন্তত মোৰ বেগ, টালি-টোপোলাবোৰ সিহঁতৰ মাজৰে কোনোবাই স্বেচ্ছাই আগবাঢ়ি আহি কঢ়িয়াই নিয়াটো সিহঁতৰ এটা অভ্যাসত পৰিণত হৈ পৰিল৷

 

ঙুনৰাওত মই এখন হাইস্কুলত বিজ্ঞানৰ শিক্ষক হিচাপে শিক্ষকতা কৰিছিলোঁ৷ শিক্ষকতা কৰাৰ সময়চোৱাত মোৰ এক বিৰল অভিজ্ঞতাৰ সৌভাগ্য ঘটিল৷ তাত মই এক আচৰিত শৈক্ষিক দিনপঞ্জীৰ মাজেৰে অতিবাহিত কৰি শিক্ষকতা কৰাৰ সুযোগ লাভ কৰিলোঁ৷ যদিও স্কুলখন মেঘালয়ৰ মাধ্যমিক শিক্ষা বোৰ্ডৰ অধীনত আৰু তেওঁলোকৰ নিজা শৈক্ষিক দিনপঞ্জী আছে, সেই দিনপঞ্জীৰ উপৰি ঙুনৰাওৰ নিজা দিনপঞ্জীৰেহে পাঠদান সম্পন্ন হৈছিল৷

 

তাত শৈক্ষিক দিনপঞ্জী আৰম্ভ হয় বছৰৰ ফেব্ৰুৱাৰীৰ মাজ ভাগৰ পৰা আৰু বছৰেকীয়া পৰীক্ষা শেষ কৰি ফলাফল ঘোষণা কৰালৈকে নৱেম্বৰৰ শেষ ভাগলৈ৷ অৰ্থাৎ পাঠদান কাৰ্যসূচী ফেব্ৰুৱাৰীৰ ১৫ তাৰিখৰ পৰা নবেম্বৰৰ শেহলৈকে এই চাৰে নমাহ৷ কিন্তু পাঠদান কাৰ্যসূচীৰ এই সময়ছোৱাৰ মাজতো আন কিছুমান বন্ধই মোক আচৰিত কৰি তুলিছিল৷ এই সময়ছোৱাত গাঁৱৰ তিনিবিধ প্ৰধান খেতি পিপলি চপাবৰ বাবে ১৫ দিন, ঝাড়ু চপাবৰ বাবে ১৫ দিন আৰু কমলা চপাবৰ বাবে ১৫ দিন বিদ্যালয় বন্ধ দিয়া হয়৷ তদুপৰি প্ৰতি শনিবাৰ আৰু ৰবিবাৰে বিদ্যালয় বন্ধ থকাৰ উপৰি গাঁৱৰ যিকোনো বিয়া-সবাহ আৰু কাৰোবাৰ মৃত্যু হ’লে বিদ্যালয় কেতিয়াবা বন্ধ বা অৰ্ধছুটি ঘোষণা কৰাটো এটা নিয়ম৷ মুঠতে বছৰটো পাঠদান কাৰ্যসূচী ছমাহতকৈও কম হয়৷ মোৰ ব্যক্তিগত অসুবিধাৰ হেতু ঘৰলৈ অহা খতিবোৰতো আছেই৷ ইমান কম সময়ত বিদ্যালয়ৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাটো সম্ভৱপৰ নাছিল৷ সেয়েহে ৯ম আৰু ১০ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক মই মোৰ বাসস্থানলৈ মাতি আনি সদায় বিনামূলীয়াকৈ পাঠদান কৰিছিলোঁ৷

 

মোৰ বিনামূলীয়া পাঠদান কাৰ্যসূচীত অভিভাৱকসকলৰ মাজত এক ইতিবাচক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ তেওঁলোক ইমানেই সন্তুষ্ট হৈছিল যে তেওঁলোকে মোক মই নোখোজাকৈয়ে টিউচন ফিজ পৰ্যন্ত দিবলৈ আগবাঢ়ি আহিছিল৷ কিন্তু সেই সহজ-সৰল মানুহখিনিৰ পৰা মাননি ল’বলৈ মোৰ অন্তৰাত্মাই অনুমতি দিয়া নাছিল৷ গতিকে মই ল’বলৈ অমান্তি হৈছিলোঁ৷ তাতো অভিভাৱকসকল ক্ষান্ত নাথাকি এইবাৰ তেওঁলোকে পাল পাতি সপ্তাহত এটাকৈ মোলৈ মূৰ্গী আগবঢ়োৱাৰ সিদ্ধান্ত লৈছিল৷ মোৰ আৰু তেতিয়া সিহঁতৰ সেই আকুল ইচ্ছাক বাধা দিয়াৰ অৱকাশ নাছিল৷

 

প্ৰতি ৰবিবাৰে সিহঁতে একোটাকৈ মূৰ্গী মোক উপহাৰ দিছিল আৰু মোৰ মালিকনী বুঢ়ীৰ লগতে থেইৰিতহঁতৰ পৰিয়াল আৰু মোৰ ৰন্ধা কৌশল চাই সোৱাদ ল’বলৈ অহা আলহীসকলৰ সৈতে একেলগে মিলিজুলি খাইছিলোঁ৷ কেৱল মূৰ্গীয়েই নহয় ছাত্ৰ-ছাত্ৰীৰ লগতে গাঁৱৰ আন ঘৰবোৰৰ পৰাও মোলৈ কমলা, ঝাড়ু, পিপলি আৰু অন্যান্য ফলমূল, পাচলি আদিৰ সোঁত বৈছিল৷ আনকি গোটেই নিশাটো হাবিৰ মাজৰ নিজৰাত বৰশী বাই পোৱা দুটা মাছৰো এটা মোৰ বাবে টোপোলা বান্ধি লৈ অহাও লোক পালোঁ৷ নবেম্বৰ/ডিচেম্বৰ মাহত তাত পানীৰ পৰিবৰ্তে কেৱল কমলা টেঙা খায়েই পিয়াহ পলুওৱাৰ কথা মনত পৰিলে আজিও মই নষ্টালজিক হৈ পৰোঁ৷

 

ঙুনৰাওৰ পৰা বিদায় লৈ অহা ৭-৮ বছৰ পাছতো আজিও সিহঁতে মোক বা মই সিহঁতক পাহৰিব পৰা নাই৷ গাঁৱৰ যিকোনো আনন্দ-উৎসৱ, বৰদিন আদিত মোক মাতে, কমলাই হওক, ঝাড়ুৱেই হওক কিম্বা পিপলিয়েই হওক সিহঁতৰ প্ৰতিটো ঋতুকালীন খেতি চপোৱাৰ সময়ত সেইবোৰ আনিবলৈ এতিয়াও ফোন কৰি সিহঁতে মোক মাতে৷ কৰ্মজীৱনৰ ব্যস্ততাৰ মাজতো কেতিয়াবা যাওঁ আৰু কেতিয়াবা যোৱা নহয়গৈও৷ হ’লেও ডেল কাৰ্নেগীৰ সেই বৰশী বোৱাৰ আঁৰৰ অন্তৰ্নিহীত সত্য উপলব্ধি নকৰাহেঁতেন এনেদৰে ধৰ্ম, ভাষা-সংস্কৃতি, ৰীতি-নীতি, পৰিবেশ সকলো ফালৰ পৰাই অমিল এখন বহিঃৰাজ্যৰ গাঁৱৰ সকলো মানুহৰ অন্তৰবোৰ জয় কৰি অহাটো কেতিয়াও সম্ভৱপৰ নহ’লহেতেন৷

 

(ক্ৰমশঃ)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক