চকুগছৰ চকুপাত (সমুদ্ৰ কাজল শইকীয়া)

এজোপা চকুগছত কেইপাহমান চকুফুল ফুলিছিল।
চকুফুলৰ চকুপাহিবোৰ পুৱাৰ পোহৰত মেল খাইছিল
আৰু সন্ধিয়া দো খাইছিল।
চকুগছজোপাৰ চকুপাতবোৰো লহপহীয়া আছিল
বা লাগি হালিছিল দুলিছিল
চকুৱে চকুৱে চাই জানো কি কথা পাতিছিল!
দিনৰ দিনটো আছাৰি পচাৰি থাকি চকুপাতবোৰে
সন্ধিয়া চকুগছজোপাক লঠঙা কৰি থৈ
আকাশত পহৰা দিবলৈ যায়।
চঞ্চল চকুপাতবোৰ যেনেকৈ দেখিছিলোঁ,
তেনেকৈয়ে কেতিয়াবা দো খাই পৰা চকুপাতবোৰো দেখিছিলোঁ।
চকুপাতবোৰতে চকুপাতবোৰ থৈ কাঠিৰে সী
এখন ঢাৰি গুঠি তাতে শুইছিলোঁ গৰমকালি।
এখিলা চকুপাতত এটা পদ্য লিখিছিলোঁ।
বতাহত উৰি আহি এখিলা দুখিলা চকুপাত
মোৰ কোঠালিতো সোমাইছিলহি।
এদিন এটা নিমাখিত পৰুৱাই তাৰ দেহতকৈ বহু ডাঙৰ
এখিলা চকুপাত কঢ়িয়াই লৈ গৈ আছিল।
চকুগছজোপাৰ কেইখিলামান চকুপাত মই
বেলকণিৰ পাৰৰ বাহতো দেখিছিলোঁ।
মই কামলৈ যাওতে চকুগছৰ কাষেদিয়ে যাব লাগে।
চকুগছৰ চকুপাতবোৰ বতাহত উৰি মোৰ পিছে পিছে আহিছিল,
মই উভটি চালত সিহঁতে নিজৰ ভিতৰতে
ইলুটি সিলুটি কৰি জোটা পোটা লাগিছিল।
মই দফতৰলৈ সোমাওতে মানুহবোৰে মোলৈ চাই হাঁহিছিল।
কাৰণ চকুগছজোপাৰ এখিলা চকুপাত
মোৰ ছুলিত ক’ব নোৱাৰাকৈয়ে লাগি আহিছিল।
নিজম নিশা চকুগছৰ চকুপাতবোৰেদি
টোপ টোপকৈ নিয়ৰ সৰিছিল।
নিয়ৰৰ শব্দত মোৰ টোপনি অহা নাছিল।
এইখন গোটেই জঞ্জালৰ বাহ বুলি ভাবি এদিন চকুগছজোপা
কাটি পেলালোঁ।
সেইদিন ধৰি মই কি কৰি আছোঁ
কি খাইছোঁ, কি বইছোঁ, ক’ত কেনেকৈ আছোঁ
কোনেও দেখা নাই।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments