চকুযুৰি (স্যামন্ত কুমাৰ গোস্বামী)

(ৰাস্কিন বণ্ডৰ The eyes have it গল্পৰ অনুবাদ)

ৰোহানা ষ্টেচন পোৱালৈকে ৰেলৰ ডবাটোত কেৱল ময়েই আছিলোঁ । ৰোহানা ষ্টেচনত ছোৱালী এজনী উঠিলহি । তাইক থ’বলৈ অহা সকল চাগৈ তাইৰ মাক-দেউতাকেই আছিল । তেওঁলোকক তাইৰ সুবিধা-পাতি বা আন কিছুমান কথা লৈ বৰ চিন্তিত যেন দেখা গৈছিল । মহিলাগৰাকীয়ে তাইক বস্তুবোৰ ক’ত থ’ব লাগিব, ইটো নকৰিবি-সিটো নকৰিবি, খিৰিকীত আঁউজিব মানা কৰাকে আদি কৰি নানা উপদেশ দি আছিল ।

মই সম্পূর্ণ অন্ধ হেতুকে তাই দেখিবলৈ নো কেনেকুৱা আছিল ক’বলৈ অপাৰগ, কিন্তু এইটো নিশ্চিত যে তাই শ্লিপাৰ পিন্ধি আছিল । শ্লিপাৰযোৰে তাইৰ গোৰোহাত চেটেপ চেটেপকৈ কৰা শব্দৰ পৰাই মই এই বিষয়ে নিশ্চিত হৈছিলোঁ । মই তেতিয়া কেৱল আন্ধাৰ আৰু পোহৰৰ পাৰ্থক্যহে ধৰিব পাৰিছিলোঁ । পিছে তাইৰ মাতটো বৰ ধুনীয়া আছিল; আনকি তাই পিন্ধি থকা শ্লিপাৰৰ শব্দটোও মোৰ ভাল লাগিছিল ।

“আপুনি দেহ্‌ৰালৈ যাব নেকি বাৰু?” মই সুধিলোঁ ।
মই বোধহয় ডবাটোৰ আন্ধাৰ চুক এটাত আছিলোঁ, কাৰণ মোৰ মাত শুনিয়েই তাই উচপ খাই উঠিল ।
“অ’হ, ডবাটোত কেৱল ময়েই আছো বুলি ভাবিছিলোঁ ।” সামান্য আচৰিত হোৱাৰ দৰে হৈ তাই ক’লে ।
“আচলতে মইও প্ৰথমতে আপোনাক দেখা নাছিলোঁ , কিন্তু আপুনি উঠি অহা শব্দটো শুনিছিলোঁ ।” কথাখিনি কৈ উঠিয়েই মোৰ ভাব হ’ল – তাই বাৰু মই অন্ধ বুলি ধৰিব পাৰিলে নেকি?
“মই শ্বাহাৰনপুৰত নামিম । মোৰ খুড়ী তাত মোৰ বাবে ৰৈ থাকিব ।” তাই ক’লে ।
“তেনেহ’লে আপোনাৰ লগত বেছি চা-চিনাকি নোহোৱাই ভাল হ’ব নেকি! এই খুড়ী-মামীবোৰক মোৰ এনেয়ো অলপ ভয় লাগে ।” মই কলোঁ ।
: ক’লৈ যাব আপুনি?
: ডেহ্‌ৰালৈ, আৰু তাৰপৰা মুচৌৰীলৈ যাম ।
: বৰ লাকী দেই আপুনি ! মোৰ মুচৌৰীলৈ যাবৰ বৰ মন আছিল । পাহাৰ মোৰ খুব ভাল লাগে, বিশেষকৈ অক্টোবৰ মাহমানত ।
“হয় হয়, সেইখিনি তালৈ যোৱাৰ বাবে বৰ ভাল সময়” মনত পেলাবলৈ চেষ্টা কৰি ক’লোঁ “সেই সময়ত পাহাৰবোৰ বনৰীয়া ডালিয়া ফুলেৰে ভৰি থাকে । দিনৰ ভাগত ৰ’দ পুওৱাৰ আমেজেই বেলেগ । আৰু ৰাতি জুই একুৰাৰ কাষত বহি হাতত এগিলাচ ব্রেণ্ডি লৈ আড্ডা দিয়া ! হয়, সঁচাকৈয়ে ভাল সময় সেইখিনি ।”
তাই একো নক’লে । মনতে ভাবিলোঁ কথাখিনি শুনি তাইৰ সঁচাকৈয়ে যাবৰ মন গ’ল নেকি! নে মোক এটা “ৰোমাণ্টিক ফুল” বুলিহে ভাবিলে বা!
“দূৰত সৌটো কি বাৰু?” বাহিৰলৈ দেখুৱাই মই সুধিলোঁ । সোধাৰ পিছতহে ভাব হ’ল – কিজানিবা সুধিব নালাগিছিলেই; জানোচা মই অন্ধ বুলি তাই গম পাই যায় এতিয়া !
“আপুনি এবাৰ ভালকৈ চালেই দেখিবচোন !” তাইৰ উত্তৰত মোৰ সন্দেহ নাইকিয়া হ’ল – নাই, তাই গম পোৱা নাই ।
খোল খাই থকা খিৰিকীখনেৰে মই বাহিৰৰপিনে চাই পঠিয়ালোঁ – এনেহে দেখুৱালোঁ যেন মই বাহিৰলৈ চাই চাইহে গৈ আছোঁ । ইঞ্জিনৰ শব্দ আৰু ৰেলখনৰ চকাবোৰ চিৰিৰ ওপৰেৰে বাগৰি যোৱা শব্দ স্পষ্টকৈ শুনিবলৈ পালোঁ । লগতে টেলিগ্ৰাফৰ খুঁটাবোৰ পাৰ হৈ যোৱাটোও অনুভব কৰিলোঁ ।
“দেখিছেনে, গছবোৰ পিছলৈ দৌৰি থকা যেন লাগিছে ।” মই কলোঁ ।
“সেইটোনো কি ডাঙৰ কথা, তেনেকুৱাতো দেখা যায়েই । কিবা জীৱ-জন্তু চকুত পৰিছে নেকি বাৰু আপোনাৰ?”
“নাই নাই ।” যথেষ্ট দৃঢ় ভাবে কলো মই । আচলতে মই ভালদৰেই জানিছিলোঁ যে দেহ্‌ৰাৰ পিনৰ জংগলবোৰত জীৱ-জন্তু প্রায় নায়েই ।
খিৰিকীখনৰ মুখৰপৰা অকণমান আঁতৰি ছোৱালীজনীৰ পিনে মুখ কৰি বহিলোঁ মই ।
“আপোনাৰ মুখখনৰ কিবা এটা আকৰ্ষণ আছে দেই!” কিছু সাহস গোটাই কলো । অৱশ্যে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লগা নহ’ল – কাৰণ প্রায়ভাগ ছোৱালীয়েই নিজৰ প্ৰশংসা শুনি ভোল যায় । তাই এটা স্ফুর্তিৰ হাঁহি মাৰিলে – এটা খুব স্পষ্ট খিলখিলিয়া হাঁহি ।

: হাঃ হাঃ… মোক বহুতেই এই কথাষাৰ কৈছে – মানে ধুনীয়া বুলি ।
: অ’হ, মানে আপুনি সঁচাই ধুনীয়া । মই আচলতে মোৰ ভাল লগা কাৰণেহে কৈছিলোঁ ।
: আপোনাৰ কিছু সাহস আছে দেখিছোঁ । পিছে মাজে মাজে চিৰিয়াছ হৈ যায় যে আপুনি !
মই ভাবিলোঁ, এটা ঈষৎ হাঁহিৰে তাইৰ উত্তৰ দিও নেকি ! পিছে কথাখিনি ভবাৰ লগে লগেই কিয় জানো নিজকে অকলশৰীয়া আৰু কিবা এটা অস্বস্তিত পৰা যেন অনুভব কৰিলোঁ ।
“আপোনাৰ ষ্টেচন পালোহিয়েই আৰু ।” মই কলোঁ ।
“ভাগ্য ভাল বেছি সময় নালাগিল । মই দুঘন্টাতকৈ বেছি সময় এনেদৰে বহি বহি যাবলৈ বৰ অশান্তি পাওঁ ।” তাইৰ উত্তৰ ।
পিছে মোৰ আৰু কেইবা ঘন্টাও যাবলৈ আছে । ট্রেইনৰ পৰা নমাৰ পিছতেই তাই নিশ্চয় আমাৰ এই কথা-বতৰাবোৰৰ বিষয়ে সমূলি পাহৰি যাব । মোৰ কিন্তু অন্ততঃ যাত্ৰাৰ সময়খিনিত এইখিনি কথা মনত পৰি থাকিব, হয়তোবা আৰু কিছু দেৰি পিছলৈও ।
এনেতে ৰে’লখনে উকি মাৰিলে, ডবাবোৰ চিৰিৰ ওপৰেৰে বাগৰি যোৱা শব্দবোৰ সামান্য বেলেগ হ’ল – মানে আমি ষ্টেচন আহি পালোহি । ছোৱালীজনীয়ে নিজৰ বস্তুবোৰ সামৰিবলৈ আৰম্ভ কৰিলে । কেলেই জানো তাইৰ চুলিকোচাৰ বিষয়ে মোৰ জনাৰ ইচ্ছা হ’ল ! চুলিখিনি তাই মেলি থৈছে নে বেণী গুঁঠিছে বাৰু ?
ৰে’লখন ষ্টেচনটোত সোমাইছেহি । বাহিৰত বেপাৰী আৰু আন আন মানুহৰ চিঞৰ বাখৰ । তাৰ মাজতে মহিলা এজনীৰ টেংটেঙীয়া মাত এটা কাণত পৰিল । মই নিশ্চিত হ’লোঁ, সেইজনী তাইৰ খুড়ীয়েকেই হ’ব চাগৈ ।
“আহিছোঁ দেই !” তাই মাত লগালে ।
তাই চাগৈ মোৰ একেবাৰে কাষতে থিয় দিছিল – কিবা এটা সুন্দৰ গোন্ধ নাকত লাগিলহি, বোধহয় তাই লগোৱা কিবা পাৰফিউমৰেই হ’ব । মই এবাৰ তাইৰ চুলিকোচা চুই চাম বুলি ভাবিছিলোঁ যদিও তাই বোধহয় নামি গ’ল, কিন্তু সেই গোন্ধটো কিছুসময় পিছলৈকে মোৰ নাকত লাগি থাকিল । দুৱাৰমুখত অলপ হুলস্থুল শুনা গ’ল । এনেতে ধমৰকৈ দুৱাৰখন বন্ধ হোৱাৰ শব্দ শুনিবলৈ পালোঁ ।
ডবাটো আগৰদৰেই নিঃসংগ হৈ পৰিল মোৰ বাবে । গার্ডে হুইচেল বজালে আৰু ৰে’লখন চলিবলৈ ল’লে । গাড়ীখনৰ বেগ লাহে লাহে বাঢ়ি আহিবলৈ ধৰিলে । মই খিৰিকীখনেদি এবাৰ চাই পঠিয়ালোঁ । বাহিৰত সূর্য্যৰ পোহৰ – কিন্তু মোৰ বাবে সেয়াও অন্ধকাৰেই । বাহিৰত নিশ্চয় বহুত কিবাকিবি ঘটি আছে – মই পিছে কেৱল কল্পনাহে কৰিব পাৰোঁ সেইবোৰৰ বিষয়ে ।

এনেতে ডবাটোলৈ মানুহ এজন সোমাই আহিল ।
“চ’ৰি, মই কিন্তু আপুনি ইমান সময় একেলগে বহি আহি থকাজনীৰ সমান আকর্ষনীয় নহয় ।” আহিয়েই তেওঁ মাত লগালে ।
মই ক’লোঁ “তাইক কিবা এটা ভাল লাগিছিল । আচ্ছা, তাইৰ চুলিখিনি দীঘল আছিল নে চুটি মন কৰিছিল নেকি বাৰু ?”
“নাই”  অলপ খোকোজা লগাৰদৰে তেওঁ ক’লে, “মই আচলতে তাইৰ চকুৰ ফালেহে চাইছিলোঁ । খুবেই ধুনীয়া চকুযুৰি । পিছে হ’লে কি হ’ব – তাই চকুৰে একেবাৰেই নেদেখে । কথাটো আপোনাৰ চকুত পৰা নাছিলনে ?”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments