চকু (আকাশী বুঢ়াগোঁহাঞি)

চকু

মূল: “চকু” (হিন্দী)
গল্পকাৰ: হিমাংশু যোশী
অসমীয়া অনুবাদ: আকাশী বুঢ়াগোঁহাঞি

 

 

মোৰ দেউতা ঢুকোৱাৰ পাছত কাচিৎহে তেওঁলৈ মনত পৰিছিল। মাজে মাজে দেউতাৰ মুখখন যি অকণমান ধোঁৱা-কোৱাকৈ মনলৈ আহিছিল সেয়াও মোৰ ককাৰ মৰমেৰে প্রায় সম্পূৰ্ণকৈ মচি পেলাইছিল। ককাই কেতিয়াও আমাক অকলশৰীয়া হ’বলৈ নিদিছিল। দেউতাৰ সেই খালী ঠাইখিনি যেন ককাই পূৰ কৰিছিল। যেতিয়াই কিবা কাৰণত মোৰ মনত দুখ লাগিছিল তেতিয়াই মই ককাৰ দুবাহুৰ মাজত সোমাই পৰিছিলোঁ। খন্তেকতে মোৰ মনৰ দুখবোৰ কৰ্পূৰৰ দৰে উৰি ক’ৰবাত নাইকিয়া হৈ গৈছিল।

আমাৰ যৌথ পৰিয়াল আছিল। প্রায় ১৬ জন মানৰ এটা বৃহৎ পৰিয়াল। ককা, আইতা, মই, মোৰ মা, মোৰ ভাই, মোৰ দুজন দদাইদেও, দুজনী খুড়ীদেও আৰু মোৰ দদাইদেউহঁতৰ ল’ৰা-ছোৱালীবোৰ। ঘৰখনত সদায় ভোজৰ দৰে ৰান্ধিবলগীয়া হয়। ঘৰৰ সকলোৰে বাবে যদিও ককাৰ মনত সমান মৰম আছিল তথাপিও মোৰ বাবে যেন এটা আঁছুতীয়া চুক আছিল। যেতিয়া আমি ভাই ভনীবোৰে কাজিয়া কৰিছিলোঁ তেতিয়া সদায় ককাই মোৰ পক্ষই লৈছিল। দদাইদেওহঁতে নিজৰ ল’ৰা-ছোৱালীবোৰলৈ কেতিয়াবা কিবা খোৱা বস্তু আনিলে ককাই মোক আৰু মোৰ ভাইটোক মাতি নিছিল। কেতিয়াবা যদি খুড়ীদেওহঁতে মাক কিবাকিবি কৈছিল তেতিয়া ককাই মাক বুজাইছিল যে যিহেতু মা ঘৰখনৰ ডাঙৰ বোৱাৰী গতিকে তেওঁলোকৰ কথাবোৰ পাহৰি যাবলৈ কৈছিল। মুঠৰ ওপৰত ককা আমাৰ বাবে এজোপা বটবৃক্ষ আছিল যাৰ ছাঁত আমি নিৰ্ভয়ে জিৰণি লৈছিলোঁ।

দেউতা ঢুকোৱাৰ এবছৰমানৰ পাছত ককাৰ চাকৰিৰ পৰা অবসৰ হৈছিল। অবসৰৰ ঠিক দুই তিনিমাহমানৰ পাছত ককাক আকৌ নিয়মীয়াকৈ ক’ৰবালৈ যোৱা দেখিছিলোঁ। আইতাক সুধি গম পাইছিলোঁ ককাই হেনো এটা বেচৰকাৰী প্ৰতিস্থানত আকৌ এটা চাকৰি যোগাৰ কৰি লৈছিল। মই আচৰিত হৈ আইতাক আকৌ প্রশ্ন কৰিছিলোঁ,

: ককা বোলে আকৌ অবসৰ হৈছিল। তেনেহ’লেনো আকৌ কামলৈ যোৱাৰ কি দৰকাৰ।

: আমাৰ ফুটা কপালৰ ফুটাবোৰ মাৰিবলৈকে ককাই এই বয়সত কামলৈ যাব লগা হৈছে। আইতাৰ কাষতে কাম কৰি থকা মা জকজকাই উঠিছিল।

মোৰ দুয়োজন খুড়াই টাউনত চাকৰি কৰিছিল। দুয়োজনৰেই ব্যৱহাৰ খুব ৰুক্ষ আছিল। মোৰ মাজু খুড়াই মাজে মাজে ককাৰ লগত কাজিয়া কৰিছিল। আমাকো অকাৰণতে খং কৰিছিল। আমি বুজি উঠিছিলোঁ আমি মাউৰা হোৱাটোৱেই আমাৰ দুখ আছিল। আমাৰ প্রয়োজনবোৰ পূৰ কৰিবলৈ তেওঁলোকে কেতিয়াও প্রয়োজনবোধ কৰা নাছিল। তেওঁলোকক কিবা বিছাৰিবলৈ আমাৰ সাহসে কুলোৱা নাছিল। কিবা প্রয়োজন হ’লে আমি মাক কুটুৰিছিলোঁ। মাও আছিল সহায়হীন। শেষত মা উপায়ন্তৰ হৈ কথাটো আইতাৰ কাণ চোৱাইছিল আৰু আইতাই ককাৰ। ককাই বিনা প্রশ্নই আমাৰ প্রয়োজনবোৰ পূৰ কৰিছিল।

ককা এজমা ৰোগী আছিল আৰু যেতিয়া ঠাণ্ডা দিন আহিছিল ককা একেবাৰে কোঙা হৈ গৈছিল কাহি কাহি। ফলত ককাই চাকৰিটো এৰিব লগা হৈছিল। দিনৰ দিনটো ককা নিজৰ বিছনাত পৰি ৰৈছিল এটুকুৰা শিলৰ দৰে। ককাৰ খোৱা-বোৱাবোৰো অনিয়মীয়া হৈ আহিছিল। কেতিয়াবা ৰ’দ পুৱাবলৈ ককা ৰুমৰ পৰা ওলাই আহি বাৰাণ্ডাত বহিছিলহি। খুড়াহঁতে ভোৰভোৰাইছিল মুখৰ ভিতৰতে। ককাৰ খেকাৰে বাৰাণ্ডাখন লেতেৰা কৰি পেলাইছিল। যিহেতু ককাৰ দৃষ্টি প্রায় লোপ পাইছিল সেয়ে ককাই খেকাৰ পেলাবলৈ বাৰে বাৰে উঠি যাব নোৱাৰিছিল আৰু খুড়াহঁতৰ লগৰ মানুহ আহিলে তেওঁলোকে লাজ পাইছিল। ককা নীৰব শ্রোতা হৈ ৰৈছিল। তেনেকুৱা এটা দিনতে ককাই নিজৰ বহা ঠাইখন পিছফালৰ বাৰাণ্ডালৈ তুলি নিছিল। পিছফালৰ বাৰাণ্ডাখন দিনতে আন্ধাৰ হৈ থাকিছিল। খুব কম মানুহহে ককাক দেখা কৰিবলৈ সেইফালে গৈছিল। ঘৰৰ নাতি-নাতিনীবোৰো সেইফালে নোযোৱা হৈছিল। মাত্র মইহে নিয়মীয়াকৈ ককাৰ ওচৰলৈ গৈছিলো। ককাই বিষণ্ণভাবে মোক সুধিছিল,

: মাজনী এতিয়া দিন নে ৰাতি? মই যে একোয়ে নেদেখোঁ আজিকালি। মোৰ এই অন্ধ চকুযুৰিয়ে মোৰ জীবনতো দুৰূহ কৰি পেলাইছে। নমৰাও হ’লোঁ।

ককাই নিসংগবোধ নকৰিবৰ বাবেই মই তপৰাই কৈ উঠিছিলোঁ,

: ককা আজি বহুত বৰষুণ দিলে। মোৰ কণমানি হাত দুখন মেলি দেখাইছিলোঁ।

: ককা আজি স্কুললৈ যাওঁতে বাটত বান্দৰৰ নাচ দেখিলোঁ।

ককাই যেন মোৰ কথাবোৰ শুনাই নাছিল। তেওঁ হাত দুখনেৰে মোৰ আঙুলিবোৰ পিটিকি পিটিকি আনমনা হৈ পৰিছিল। তাৰ পাছত নিশকতীয়া মাতেৰে মোক প্রশ্ন কৰিছিল,

: মাজনী গাখীৰ খাবলৈ পাৱনে?

: পাওঁ ককা। মোৰ তৎপৰ উত্তৰ।

: কিমান?

: এক গিলাচ।

: তথাপিও তই ইমান খীণাইছ যে।

: নহয়দেই ককা! মই বেলুনৰ নিচিনাকে ফুলি গৈছোঁ। তুমিতো চকুৰে নেদেখাই। তেনে মই খীণাইছোঁ বুলি কেনেকৈ জানিলা? মই সন্দেহেৰে সুধিছিলোঁ।

 

ককাৰ শেষ আশা আছিল সৰু খুড়া যি দূৰৈৰ চহৰত ভাল চাকৰি কৰিছিল। ককাই মোৰ হাতেৰে এখন চিঠি লিখি সৰু খুড়ালৈ পঠিয়ালে। খুড়াৰ পৰাও প্রত্যুত্তৰ আহিল। খুড়াই ককা আৰু আইতাক লগত লৈ গ’ল। লগতে মোকো। সৰু খুড়ী ধনী ঘৰৰ ছোৱালী। তেওঁলোকৰ জীবন শৈলী আমাৰ পৰা সম্পূৰ্ণ বেলেগ। সকলো কথাই আধুনিক। প্রথম প্রথম সকলো ভালেই আছিল। কিন্তু লাহে লাহে জীবন আগৰ দৰেই হৈ পৰিল। তিঁতা! খুড়ীহঁত থকা ঘৰটো খুড়ীৰ দেউতাকৰ ঘৰ। ঘৰখনত তেওঁৰ প্রভাব বহুত বহুত বেছি। খুড়ীৰ দেউতাকে ককাক মুখেৰে নানা অংগী-ভংগী কৰি উপহাস কৰে। ককাই সেইবোৰ নেদেখিলেও অনুভৱ কৰিব পাৰে। আনহে নালাগে খুড়াৰ ল’ৰা-ছোৱালীকেইটাইও ককাক চিঞাৰে। ককাই প্রায়ে কথা কওঁতে আমাৰ সময়ত, আমাৰ দিনত বুলি কয় আৰু সেয়ে খুড়ীৰ দেউতাকে ককাৰ নাম দিলে ‘আমাৰ সময়’ আৰু সিহঁতেও ককাক সেই নামেৰে জোকায়। ককাই কিন্তু কেতিয়াও প্রতিবাদ নকৰে। মোৰ মনে মনে বহুত খং উঠে। খুড়াৰ ঘৰতো দিনবোৰ দুৰ্বিহস হৈ পৰিল। এদিন তাৰ পৰা উভতনি যাত্রা আৰম্ভ কৰিলোঁ। উভতনি পথতে আকৌ মোৰ বাইদেউৰ ঘৰ। ভিনিহিদেও নামজ্বলা চকুৰ ডাক্তৰ। হঠাৎ কি হ’ল জানো ককাই তাত সোমাই অহাৰ প্রস্তাব দিলে। না কৰাৰ প্রশ্নই নাহে। সেইনিশা তাতে থাকিলোঁ। ভাতৰ পাতত ককাই ভিনদেওক তেওঁৰ চকুকেইটাৰ কথা সুধিলে। ভিনদেৱে ককাক বুজালে যে ককাৰ চকুকেইটাৰ এতিয়া একো চিকিৎসা নাই। যিও চিকিৎসা আছে সেইবোৰ বহু খৰচী। নিৰাশ হৈ ঘৰলৈ উভতিলোঁ। ঘৰ পাই আকৌ আগৰ জীবন আৰম্ভ হ’ল। এদিন ককা অতিষ্ঠ হৈ পৰিল সকলোৰে পৰা পোৱা অনাদৰ আৰু দুৰ্ব্যৱহাৰত। নিজৰ অসামৰ্থতাৰ বাবে কান্দোনত ভাঙি পৰিল,

: প্রভাতৰ মাক (প্রভাত মোৰ দেউতা), মই মৰি মৰি জীয়াই আছোঁ। মই যদি কিবা কৰি মোৰ চকুকেইটা ঘূৰাই পাওঁ আন একো নহ’লেও এই মাউৰাকেইটাৰ কিবা এটা গতি লগাই থৈ যাব পাৰিম। স্বামীৰ কান্দোন দেখি আইতা একেবাৰে ভাঙি পৰিল। তেওঁ সেহাই সেহাই ক’লে,

: আপুনি তেনেদৰে ভাঙি নপৰিবচোন! মই যি পাৰোঁ কৰিম। মোৰ আ-অলংকাৰবোৰ বেচি দিম। প্রয়োজন হ’লে মোৰ চকুকেইটাকে আপোনাক দি দিম। কিন্তু আপুনি এনেদৰে নাকান্দিব।

সঁচাকৈয়ে অলপদিনৰ পাছত আইতাই নিজৰ অলংকাৰবোৰ বিক্রী দিলে আৰু ককা আইতা দুয়ো ভিনদেওৰ ঘৰলৈ ৰাওনা হ’ল। লগতে দি থৈ গ’ল চকু ভাল নোহোৱালৈকে ঘূৰি নহাৰ প্রতিশ্রুতি। ককাহঁত যোৱাৰ পাছত ঘৰখন একেবাৰে খালী হৈ গ’ল। দেউতাক নথকাটো কিমান কষ্টকৰ এতিয়াহে বুজি পালোঁ। ককা ঘূৰি নাহিলে কি হ’ব ভাবিলেই বুকু কঁপি উঠে। ককাহঁতৰ খবৰ মাজে মাজে পাই থাকিলোঁ। গ’ম পালোঁ আইতাই নিজৰ চকুকেইটা ককাক দান কৰিছে। ভিনদেৱে ককাৰ অপাৰেচন কৰিব। দিনবোৰ গৈ থাকিল। অৱশেষত সেই অপেক্ষিত দিনটো আহিল। ককাহঁত ঘূৰি আহিছে। মই আৰু ভাইটো বাছ আস্থানত ৰৈ থাকিলোঁ গৈ। আমাৰ অপেক্ষাৰ অন্ত পেলাই বাছ আস্থানত ৰ’লহি। ককা লাহে লাহে লাখুটিত ভৰ দি নামি আহিল। আমি চিঞৰি উঠিলোঁ,

: ককা, ককা!

ককাই পোনতে আমাক চিনিবই পৰা নাছিল।

: আৰে মাজনী। মই তহতঁক চিনিবই পৰা নাছিলোঁ। তহঁতৰ গা অসুখ নেকি? ইমান দুৰ্বল দেখিছে যে! আৰু এয়া কি! তহতঁক দদায়েৰেহঁতে কি চোলা কাপোৰ কিনি নিদিয়ে নেকি?

অবিৰতভাবে বকি বকি ককা ঘৰ পালেহি। ঘৰত ভৰি থৈ ককাই চাৰিওফালে চাবলৈ ধৰিলে। ককাৰ চকুৱে-মুখে আশ্বৰ্য্য ফুটি উঠিল। তেওঁ যেন কোনো কালে এই ঘৰটো দেখা নাই তেনে কৰি দেখালে। কিবা যেন খঙত ককা চটফটাই উঠিল। চকুকেইটা পকা আঙঠাৰ দৰে জ্বলি উঠিল।

: মাজনী কাইলৈৰ পৰাই মই কামত যাম। ৰাতিপুৱাই মোক জগাই দিবি। আৰু মোৰ পুৰণি জোতা কাপোৰ সব যোগাৰ কৰি ৰাখিবি।

পিছদিনা ৰাতিপুৱা ককাক জগাবলৈ গ’লোঁ। বহুত চেষ্টাৰ পাছতো ককা নুঠিল। অন্ধ আইতা আৰু মা আহিল। তেওঁলোকেও মাতিলে; ককাই কিন্তু প্রত্যুত্তৰ নিদিলে। মই ককাৰ গাৰ পৰা কাপোৰখন আঁতৰাই দিলোঁ। ককাৰ গাটো বৰফৰ দৰে চেঁচা। মুখত আচৰিত ধৰণৰ অভিব্যক্তি। খং, হতাশা, দুখ, ঘৃণাৰ… নাজানো ককাৰ সেই মুখখনে কি ক’ব বিচাৰিছিল।

——————————

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments