চচিয়েল মিডিয়াৰ পোষ্ট, প্ৰতিক্ৰিয়া, বিতৰ্ক, ভাবমূৰ্তি ইত্যাদিঃ দীপাঞ্জলি দাস পাঠক ।

 

আজিকালি প্ৰায় সকলোৰে এটা ফেচবুক একাউণ্ট থাকে। নথকাজনক থকাবোৰে ‘আউট-ডেটেদ’ বুলিও সাধাৰণতে ভাবে। বেছি জনপ্ৰিয়সকলৰ দুটাকৈও থাকে। চেলিব্ৰিটিসকলৰতো কথাই বেলেগ। দুটা-চাৰিটা একাউণ্ট থকাটো তেওঁলোকৰ ‘ষ্টেটাছ চিম্বল’। তাৰোপৰি ফে’ক একাউণ্টবোৰতো আছেই। কাৰ নামত কোনে একাউণ্ট চলাই আছে তাৰ কোনো লেখ-জোখ নাই। সকলোৰে হাতে হাতে এনৰইড ফোন। সামৰ্থৱানসকলৰ বাবে ব্ৰেণ্ডেড ষ্টেটাছ আৰু গাঁথিৰ ধন ভাঙি কোনোমতে এডুখৰি গোটাই লোৱাসকলৰ বাবে আত্মতুষ্টিৰ বিলাসিতা। বাৰু যি কি নহওক, যিয়ে যেনেকৈ পাৰে লৈছে আৰু এটাকৈ মোবাইল। তাতনো আমাৰ কিয় চকু জ্বলিব লাগিছে, হয়নে? সকলোৰে উন্নতি হৈছে। সকলোৱে প্ৰযুক্তিৰ সুবিধা লৈছে। দ্ৰুত পৰিৱৰ্তনশীল সমাজখনৰ সৈতে সমানে খোজ মিলাইছে। একোটা ক্লিকতে জকাইচুকৰজনেও বিশ্বনাগৰিক হোৱাৰ সুখ পাইছে। বিশ্বায়নৰ প্ৰকৃত অৰ্থ এওঁলোকে উদ্ধাৰ কৰিছে। তাৰ সুপ্ৰয়োগ কৰিছে। সেই সুবাদতে আজিকালি সকলোৱ আধুনিক হৈছে। বয়স, লিংগভেদে সকলো আজি-কালি সক্ৰিয়। অৱশ্যে সামাজিক জীৱনত সক্ৰিয় বুলি কৈছোঁ বুলি ভুলতো নাভাবিব দেই। ইনা, মিনা, ডিকা, যদু, মধু সকলোৱে আজিকালি অতি সক্ৰিয় কেৱল সামাজিক-মাধ্যমত মানে চচিয়েল মিডিয়াত। ভাল কথা। হওক, হ’ব লাগে। সুযোগ-সুবিধাবোৰ পাইছে যেতিয়া লৈছে। সকলো ব্যস্ত হৈ পৰিছে পৃথিৱীখন হাতৰ মুঠিত ভৰোৱাত। কিন্তু তথ্য-প্ৰযুক্তিৰ অনন্য আশীৰ্বাদস্বৰূপ এই বিয়াগোম ‘এপ’ এটাক হাতৰ তলুৱাত নিয়ন্ত্ৰণ কৰাটো সম্ভৱপৰ হয়নে? ইয়াৰ নিৰ্দিষ্ট ওজন আছে। চাপ আছে। আমি অনুভৱ কৰাতকৈও হাজাৰগুণে অধিক। এইটোতো সিজোৱা আলু নহয় যে ইচ্ছা অনুযায়ী নিমখ-জলকীয়া সানিম আৰু তপৰাই গিলি থ’ম। অথচ এতিয়া সৰহভাগ সময়ত তাকেই দেখি আছোঁ। সুলভ প্ৰযুক্তিৰ অতি নিকৃষ্ট প্ৰয়োগে সমাজ জীৱনত প্ৰায়েই ভয়ংকৰ জোকাৰণিৰ সৃষ্টি কৰিছে। ফেচবুকৰ চোতালৰ ভয়ানক জোকাৰণিবোৰে বেচেৰা জুকাৰবাৰ্গকো মাজে মাজে ভালকৈ পানী খুৱাইছে। ঘনাই সলনি কৰিবলৈ বাধ্য হৈছে নিৰাপত্তাৰ চেটিংচ্। কঠোৰ কৰিছে প্ৰশাসনিক নিয়ন্ত্ৰণ। নীতি-নিৰ্দেশনা কাঢ়া হৈছে। সকলো কৰিছে। কিন্তু উপভোক্তাৰ মন-মানসিকতা সলনি কৰিব কেনেকৈ? তাতেই বেচেৰা বেয়াকৈ ফচিল।

ফেচবুকৰ পোষ্ট —

আগতে জুকাৰ ভায়ে সুধিছিল- “আপোনাৰ মনৰ ভাব কি?” বাহ্! কি মজা! সকলো সময়তে মনৰ ভাব, মনৰ কথা শুনাই থাকিবলৈ কাৰোবাকটো অন্ততঃ পাইছে। নহ’লেনো একান্ত বাধ্য গিৰিয়েক অথবা ঘৈণীয়েকৰ দৰে কোনে আপোনাৰ আংবাং বাৰে-বিংকৰা এসোপা শুনি ফ্ৰীতে কামোৰ খাই থাকিব হে’? বছ্, লেঠা শেষ। য’ত সব আছে মনৰ মল ইয়াতেই এৰি দিয়ক আৰু নিজে পাতল হওক। গুৱাল-গালি, হনা-খোঁচা, শ্লেষ-আক্ৰোশ, অশ্লীল মাত-কথা সকলো এৰি দিয়ক নিচিন্ত মনে। আৰু ষড়যন্ত্ৰমূলক উৰা-বাতৰিবোৰ! উদ্দেশ্য প্ৰনোদিত বিতৰ্কবোৰ যাৰ পিঠিত বগুৱা বায়েই ৰাতিটোৰ ভিতৰতে কত সুপন্দি একো একোজন বিয়াগোম পাব্লিক ফিগাৰ হ’ল! আৰে ভাই, এইখন আপোনাৰ ৱাল। একেবাৰে চাইনা-ৱালকো চেৰাব পৰা কিং চাইজ ৱাল য’ত আপুনি সম্ৰাট। লিখি থাকক যি মন যায়। কাৰ ইমান সাহস যে আপোনাক বাধা দিব? বেডৰুমত বহি লিখক, কিটচ্ছেনত বহি লিখক বা পাব্লিক টয়লেটতো বহি লিখক। বিন্দাচ লিখক। কাৰোবাৰ চৰিত্ৰহনন কৰিবলৈ আপোনাৰ মন গৈছে। লিখি দিয়ক ইয়াতে। মাত্ৰ এটা ক্লিক। হৈ গ’ল ইজন বৰবাদ্। কাৰোবাক তুচ্ছ-তাচ্ছিল্য কৰিবলৈ আপোনাৰ মন গৈছে। আপোনাৰ ৱাল আপোনাৰ আঙুলি। লিখি পেলাওক। কৰবাত সঁচাক মিছা আৰু মিছাক সঁচা কৰিবলৈ আছে। হেৰি কৰক- ফেচবুকৰ ৱালখননো কিয় আছে হয়নে? আৰু মুকলিকৈ লিখিব নোৱাৰা কথাবোৰ যে। অহ্! ইনবক্সৰ সুবিধাটো আকৌ কেলেই নল’ব? আফটাৰ অল্ আমিও অলপ লাজ-কাজ থকা জীৱই দিয়কচোন। অলপ আবুৰটো আমাকো লাগে। কৰক, বাকী থকা অধ্যায়মখা ইনবক্সতে আধ্যা মাৰক। বচ্! আপোনাৰ ৱাল, আপোনাৰ মন, আপোনাৰ আঙুলি।

আজিকালি আকৌ জুকাৰ ভায়ে সুৰ সলাইছে। লগ পালেই ডাইৰেক্ট কয়, “কিবা এটা লিখক”। মনৰ ভাব হওক নহওক। আনৰ মনৰ ভাব চুৰি কৰি নিজৰ নামত কপি-পেষ্ট কৰাৰ সুবিধাকণ দি তেৰাই সেইফেৰা উপকাৰো সাধি থৈছে। বাৰু যাহওক, জুকাৰভায়ে লগ পালেই কিবা এটা লিখিবলৈ কয়েই। আৰে ভাই, লিখিবলৈটো শিক্ষিতও হ’ব লাগিব । কি কৰিব আৰু। উপায় নাই। জুকাৰবাৰ্গে আমাক সকলোকে শিক্ষিত বুলিয়েই ধৰি লৈছে। সঁচা অৰ্থত আমি শিক্ষিত নে? নে ফেচবুকৰ দৰে এটা বৃহৎ প্ৰতিক্ৰিয়াশীল ‘এপ’ আমাৰ হাতত তুলি দি তেওঁ এটা ডাঙৰ ভুল কৰি পেলালে? ভাবিবলগীয়া কথা।

মাজে মাজে চাগৈ ফেচবুকৰ পিতৃ-পুৰুষজনো এই আশংকাত ভোগে। ভষ্মাসুৰৰ দৰে আমি নিজেই নিজৰ মূৰত হাত থবলৈ গৈ আছোঁ নেকি? আশীৰ্বাদক অভিশাপলৈ পৰ্যৱসিত হ’বলৈ কিমাননো পৰ?

প্ৰতিক্ৰিয়া —
বেছি দূৰলৈকে নাযাওঁ। সৌ সিদিনাৰ ডকমকা কাণ্ডত আমাৰ নিৰীহ ভাই দুটাক কেনেকুৱা পৰিস্থিতিত হেৰুৱালোঁ তাৰ কঁপনি এতিয়াও আমাৰ হাড়ৰ মজ্জাত লাগি আছে। জগৰীয়া জুকাৰবাৰ্গ। উৰা-বাতৰি বিয়পোৱা সুলভ যন্ত্ৰটো তেৰাই সেই শিক্ষিতমখাৰ হাতত তুলি দিছিল। তিলটোকে তালটো কৰি ৰৌজাল-বৌজাল কৰিবলৈ গণ্ডাই-গণ্ডাই শিক্ষিত তেওঁৰ চৰণীয়া পথাৰখনত চৰিয়েই আছে। বনজুই বিয়পিবলৈ কত পৰ? এই জুয়ে কতনাক পুৰিলে। কতই ইয়াতে ফিৰিঙতি ফুটাই খাণ্ডৱ দাহৰ ভয়ংকৰ পৰিকল্পনা কৰি আছে! আমাৰ ফুল-কুমলীয়া ভাই-ভনীহঁত গোপনে ঘৰৰ পৰা নিখোজ হৈছে। উগ্ৰপন্থী, দেশদ্ৰোহীতা, সাম্প্ৰদায়িকতাৰ বিষবাস্পবোৰে সিহঁতক মানসিকভাবে পংগু কৰি তুলিছে। জগৰীয়া জুকাৰবাৰ্গ। পৰকীয়া প্ৰেমৰ ৰম-ৰমীয়া বজাৰখন ইয়াতে গোপনে বহে। লাভ-জেহাডৰ মূল অস্ত্ৰ এইপাতেই। আৰু কত কি! আনকি আজিকালি আত্মহত্যাৰ আগৰ লাইভ সাক্ষাৎকাৰ ফেৰাও ইয়াৰ জহতে সুলভ হৈছে। এই ভয়ানক প্ৰৱনতাবোৰৰ সামাজিক প্ৰভাব কি হ’ব পাৰে? চচিয়েল মিডিয়া উপৰোক্ত ধৰণে ব্যৱহাৰ কৰোঁতাসকলে এবাৰলৈও ভাবেনে তেওঁলোকৰ একো একোটা সাধাৰণ বুলি এৰি দিয়া পোষ্টে কিমান বিষময় প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। কাৰোবাৰ বাবে অভিশাপ হৈ নামিব পাৰে ইয়াতে মৰা আপোনাৰ দুটামান আঙুলিৰ টিপ। কতজনৰ সংসাৰ উচন হ’ব পাৰে, কতজনৰ জীৱন নিৰ্বাপিত হ’ব পাৰে, অবিশ্বাস আৰু আস্থাহীনতাৰ আগ্নেয়াস্ত্ৰই এটা টিপাতে শ শ ভাতৃ-বন্ধুৰ চিতা জ্বলাব পাৰে। যিদৰে আজি এই মুহূৰ্তত জ্বলি আছে ডুমডুমা।

আৰে ভাই, ধেমালি এৰক। হাতৰ টিপাতে আপোনাৰ ৱালখন আছে বুলিয়েই যি-টি লিখিয়েই আছেচোন। দেখিছেনে আপোনাৰ সামান্য ব্যংগ, সামান্য খোঁচ এটাৰ কি অবিশ্বাস্য শক্তি। গোটেইখন জ্বলাই দিব পাৰে। চিৰন্তন স্নেহ-আস্থা আৰু সাতাম-পুৰুষীয়া ভাতৃত্ববোধৰ ভেঁটিটো উচন কৰিব পাৰে। সময় থাকোঁতে নিজকে চম্ভালক। নিয়ন্ত্ৰণ কৰক ভাবাৱেগৰ প্ৰকাশ। কাৰণ ভাবৰ প্ৰকাশেই সমাজত আপোনাৰ ভাবমূৰ্তি প্ৰতিষ্ঠা কৰে। যি ভাবে আপুনি আপোনাৰ ভাবমূৰ্তি প্ৰকাশ কৰিব, চচিয়েল মিডিয়ায়ো সেই ধৰণেই আপোনাৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। অন্য অৰ্থত আপুনি আপোনাৰ এটা এটা শব্দৰ দ্বাৰা আপোনাৰ হেজাৰ-বিজাৰ ফলোৱাৰক প্ৰভাৱিত কৰি আছে। সেয়েহে, মনত ৰাখিব যে আপোনাৰ সামাজিক দায়বদ্ধতা অতি বেছি। এই দায়বদ্ধতাৰ পৰা আপুনি ফালৰি কাটিব নোৱাৰে। কাৰণ, চচিয়েল মিডিয়াত প্ৰকাশ হোৱাৰ লগে লগে আপোনাৰ কথাবোৰ ব্যক্তিগত বিষয় হৈ নাথাকে, ৰাজহুৱা হয়। সেয়েহে, দহবাৰ নহলেও অন্ততঃ দুবাৰ ভাবি লওঁ আহক- এইটো কথা ফেচবুকত লিখিমনে নিলিখিম, এইখন ফটো ইয়াত দিম নে নিদিম, এইটো মন্তব্য প্ৰকাশ কৰিম নে নকৰিম ইত্যাদি ইত্যাদি …। কাৰণ, চচিয়েল মিডিয়াৰ শক্তি পাৰমাণৱিক বোমাতকৈও শক্তিশালী আৰু ক্ষীপ্ৰ। নহলে ‘লিটিল বয়’ আৰু ‘ফেট মেন’ৰ দৰেই এদিন আমিও ফেচবুককো ঘিণ বেছি পৰ নালাগিব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments