চঞ্চল শিশু আৰু আমি পম্পী বৰা বৈশ্য

     শিশু মানেই এটোপোলা পোহৰ, হাঁহিৰ সঁফুৰা। শিশু এটিৰ  এটা হাঁহিতে স্বৰ্গ বিচাৰি পোৱা যায়। এই শিশু সকলৰ প্ৰায় প্ৰত্যেকেই কম বেছি পৰিমাণে চঞ্চল হয়। এটা বয়সত সকলো শিশুয়েই উৎপাত কৰে।  ইয়াৰে কিছুমানে কমকৈ আৰু কিছু সংখ্যকে অলপ বেছি উৎপাত কৰে। উৎপাত অলপ বেছি হ’লে মাক দেউতাক আৰু পৰিয়ালৰ সদস্যসকল অতিষ্ঠ হৈ পৰে । এনে ক্ষেত্ৰত কেতিয়াবা শিশুক গালি গালাজ কৰা বা মাৰ পিত কৰাও দেখা যায়।
সন্তানৰ অস্থিৰ আচৰণ আৰু উৎপাতে অভিভাৱকৰ  অৱস্থা কাহিল কৰি পেলায়। কেতিয়াবা স্কুলতো কিছুমান ল’ৰা-ছোৱালীয়ে আনক খুচি থকা, একে ঠাইতে বহি থাকিবলৈ নিবিচৰা, অমনযোগী হোৱা আদি আচৰণ কৰা দেখা যায়।
      কিন্তু কথাটো হ’ল সৰু ল’ৰা-ছোৱালীবোৰে যদি উৎপাত নকৰে, হুলস্থূল নকৰে, তেন্তে আমি ডাঙৰবোৰে কৰিম নেকি? নে সিহঁতে অনবৰতে শান্ত-শিষ্ট হৈ থাকিলে আমি সিঁহতক ঠিকে আছে বুলি ক’ম?     সাধাৰণতে স্বভাৱগতভাৱেই সৰু ল’ৰা-ছোৱালীবোৰ চঞ্চল হয় আৰু সেইটো কোনো কোনো সময়ত ভাল লগা আৰু উপভোগ্য হৈ পৰে। কিন্তু যেতিয়া ইয়াৰ মাত্ৰা বেছি হৈ যায় তেতিয়া সেইয়া আচৰণগত সমস্যা বুলি ধৰা হয়। কিন্তু শিশুৰ স্বাভাৱিক চঞ্চলতা আৰু  সমস্যামূলক চঞ্চলতা  পাৰ্থক্যখিনি বিচাৰি উলিওৱাটো ইমান সহজ নহয়।    এটা কথা খুব মনোযোগৰে লক্ষ্য কৰা উচিত যে, যেতিয়া ল’ৰাটো বা ছোৱালীজনীক সিহঁতে ভাল পোৱা কাম কৰি থাকিবলৈ দিয়া হয় যেনে ভিডিঅ’ গেম খেলা বা কাৰ্টুন প্ৰ’গ্ৰেম চাবলৈ দিয়া হয়, তেতিয়া সেই সময়তো সিহঁতে সেই একেখিনি ঠাইতে থাকিব পাৰে নে ? নে তেতিয়াও চঞ্চলতা নকমে ?
     যদিহে সিহঁতে কোনো অসুবিধা নোহোৱাকৈ সেই প্ৰ’গেমটো একেৰাহে চাই থাকিব পাৰে বা নিজৰ ভাল লগা কামটো কৰিব পাৰে তেন্তে আমি ক’ব পাৰিম যে তেনে শিশুকেইটিৰ সেই সমস্যাটো নাই।কিন্তু যি সকলে নিজৰ ভাল লগা কামকেইটাও থিৰেৰে কৰিব নোৱাৰে, তেনেবোৰ শিশুৰ সমস্যা থকাটো নিশ্চিত। শিশু মানসিক চিকিৎসা বিজ্ঞানত এনে ধৰণৰ সমস্যাবোৰক এটেনচন ডেফিচিট হাইপাৰ এক্টিভ ডিজঅৰ্ডাৰ(Attention Deficit Hyperactive Disorder) বুলি কোৱা হয়।     সাধাৰণতে এনে  শিশুৰ মাজত মনোযোগৰ অভাৱ হয় আৰু এক স্থিৰতাবিহীন আচৰণ দেখা যায়। যিকোনো সৰু-সুৰা কথাই সিহঁতৰ মনোযোগ ভাঙিব পাৰে, সিহঁতৰ সহন শক্তি একেবাৰে কম, যিকোনো কথাতেই বা কামতেই সিহঁত উত্ৰাৱল হৈ পৰে। এনে শিশুৱে আনৰ কথা মানি চলিবলৈ বেয়া পাই বাবে সমনীয়া বন্ধু-বান্ধৱৰ লগত ভাল সম্পৰ্ক নাথাকে। ইহঁতৰ অস্থিৰ আৰু আনক দিগদাৰ দি থকা স্বভাৱৰ বাবে  সিহঁতৰ লগৰীয়াৰ অভাৱ দেখা যায়। মনোযোগ কম বাবেই এনে ল’ৰা-ছোৱালীবোৰে পঢ়াত বিশেষ ভাল ফল দেখুৱাব নোৱাৰে।   সাধাৰণতে ১০০ গৰাকী ল’ৰা-ছোৱালীৰ ভিতৰত এজনৰ এই সমস্যাটো থাকে আৰু ল’ৰাৰ মাজত ই বেছিকৈ হোৱা দেখা যায়।     আচৰণৰ এই সমস্যাসমূহ সাধাৰণতে চাৰি বছৰৰ আগৰেপৰা আৰম্ভ হয়, কিন্তু এইবোৰ ভালদৰে চকুত ধৰা পৰে যেতিয়া সিহঁতে স্কুললৈ যাবলৈ আৰম্ভ কৰে আৰু আন ল’ৰা-ছোৱালীৰ লগত মিলামিছা কৰিবলৈ লয়। হাইপাৰএক্টিভিটী শিশুৱে স্কুল, ঘৰ বা অন্য সামাজিক  পৰিৱেশতে এনে আচৰণ কৰা দেখা যায়। অৱশ্যে ইয়াৰ পৰিৱেশ অনুসৰি এই সমস্যাবোৰৰ ধৰণ আৰু তীব্ৰতাৰ তাৰতম্য পৰিলক্ষিত হয়।
  
      এই হাইপাৰ এক্টিভিটি কিয় হয়, তাৰ কোনো নিৰ্দিষ্ট কাৰণ নাথাকে। সাধাৰণতে কোৱা হয় যে মগজুত পোৱা কিছুমান আঘাতৰ বাবে, মৃগী ৰোগ বা অইন কিছুমান নিউৰোফিজি’অ’ল’জিকেল বিসংগতিৰ ফলত এনেবোৰ সমস্যা হ’ব পাৰে।    কিন্তু কাৰণ যিয়েই নহওক, সমাধানৰ পথ বিচৰাটোহে আমাৰ মুখ্য কাম হোৱা উচিত।
দেখা যায় যে এই সমস্যাবোৰ ডাঙৰ হোৱালৈকে থাকে, কিন্তু তাৰ প্ৰকাশভংগীবোৰ বেলেগ বেলেগ হয়। সৰুৰেপৰা যদি সঠিক আৰু পদ্ধতিগত অনুশীলন দিব পৰা যায়, তেন্তে হাইপাৰএক্টিভিটীৰ সমস্যাবোৰ একেবাৰে নাইকিয়া কৰিব পাৰি বা নিজৰ নিয়ন্ত্ৰণৰ ভিতৰত ৰাখিব পাৰি     হাইপাৰ এক্টিভিটিৰ লগত আন কিছুমান অসুবিধাও জড়িত হৈ থাকে। যেনে,  পঢ়া-শুনাৰ ক্ষেত্ৰত হোৱা অসুবিধা, কোনো এটা নিৰ্দিষ্ট বিষয়ৰ ক্ষেত্ৰত হোৱা অসুবিধা, বিষাদগ্ৰস্ততা, হীনমন্যতা আদি। শিশু এটাক এনেবোৰ সমস্যাৰপৰা মুক্ত কৰাৰ বাবে অভিভাৱক, শিক্ষক আৰু সমাজৰ প্ৰত্যেকৰে সমূহীয়া প্ৰচেষ্টাৰ প্ৰয়োজন।    আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল, মাক দেউতাকে নিজে শিশুৰ সমস্যাটোৰ বিষয়ে জানিব লাগিব আৰু যদি কোনো বিশেষজ্ঞই এইটো আচৰণ সমস্যা বুলি দেখুৱাই দিয়ে তেন্তে তাক মানি লোৱা উচিত। কাৰণ মাক-দেউতাকে যেতিয়ালৈকে এইবোৰ মানি নলয়, তেতিয়ালৈ তেওঁলোকক কথাবোৰ বুজাব নোৱাৰি।     প্ৰধানকৈ হাইপাৰ এক্টিভিটিত  ভোগা  ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত মনোযোগ বঢ়াব লাগে অৰু অস্থিৰতা কমাব লাগে, তাৰ বাবে কিছুমান ছাইক’ল’জিকেল কৌশল আছে। সিহঁতৰ মনোযোগ বঢ়োৱাৰ কৌশলবোৰ ঘৰত অভিভাৱকে আৰু স্কুলত শিক্ষক-শিক্ষয়িত্ৰীয়ে ব্যৱহাৰ কৰিব লাগে।    প্ৰশংসাই সকলোকে উৎসাহিত কৰে।
এনে শিশুবোৰ অত্যাধিক চঞ্চল হোৱা বাবে সিহঁতে কৰা ভাল কামবোৰক আমি আওকাণ কৰোঁ। কিন্তু সেইটো একেবাৰেই কৰা উচিত নহয়। সিহঁতে সামান্য কিবা এটা ভাল কাম কৰে বা আচৰণ প্ৰদৰ্শন কৰে, লগে লগেই তাৰ বাবে সিহঁতক পুৰস্কৃত আৰু প্ৰশংসা কৰা উচিত আৰু আগলৈও তেনে কাম কৰাৰ বাবে উৎসাহিত কৰা উচিত।
     
   প্ৰতিটো চঞ্চল শিশুয়েই হাইপাৰ এক্টিভিটি সমস্যাত নুভূগিবও পাৰে। এই কথাত সজাগ হোৱা উচিত। এটা কথা খুবেই প্ৰয়োজনীয় যে প্ৰত্যেক শিশুৱে মৰম বিচাৰে। সিহঁতৰ লগত সময় কটাই সিহঁতক বুজি উঠাটো খুব দৰকাৰী।  সকলোৰে চেষ্টাই হাইপাৰ এক্টিভিটি সমস্যাত ভোগা ল’ৰা-ছোৱালীকো সমস্যাৰপৰা মুক্ত কৰি এটা স্বাভাৱিক শৈশৱ ঘূৰাই দিব পাৰি।                                  
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments