চণ্ডীগড় (প্ৰতিম প্ৰতাপ বৰুৱা)

এদিন অফিচত কিবা কামত ব্যস্ত হৈ থাকোতে এটা ফোন আহিল। কিবা ট্ৰেইনিং এটা হ’ব চণ্ডীগড়ত; মোক এই চাৰিদিনীয়া ট্ৰেইনিঙটো ল’বলৈ বাচনি কৰা হৈছে। লগতে মোৰ বেট্‌ছমেটকেইটামান, মোৰ ছিনিয়ৰ কেইজনমান আৰু জুনিয়ৰ কেইজনমান। আৰু কোনে পায়। চাৰিদিনকৈ পেইড হ’লিডে, ফ্ৰী ফ্ৰম মিটিঙছ্‌ এণ্ড ব’ছ, ফাইভ ষ্টাৰ হোটেল, ৱিডাউট ফেমিলী, বেট্‌ছমেট, আড্ডা, খোৱা-বোৱা – মুঠতে মজ্জা।

টিকট কটা, ফাইলত এপ্ৰুভেল লোৱা আদি কামবোৰ নিমিষতে হ’ল। নিৰ্দ্দিষ্ট দিনত দিল্লীৰ পৰা ৰাতিপুৱাই ৰেলেৰে চণ্ডীগড়লৈ যাত্ৰা। ইমান দিনৰ মূৰত লগৰকেইটাৰ সৈতে লগ লাগিছো, কথাৰ অন্ত নপৰা হ’ল। ৰেলত আমাৰ ছীটবোৰ দূৰে দূৰে আছিল যদিও এটা সময়ত গোটেইকেইটাই ডবা এটাৰ এঠাইত থুপ পাতি ল’লো। মাত-কথা, হাঁহিৰ শব্দ অলপ বেছিয়েই হ’ল। আন যাত্ৰীসকলে অলপ অশান্তিও পাইছিল চাগে !pratim pratap baruah_doinandin

ষ্টেশ্যনত আমাক নিবলৈ কেইখনমান গাড়ী ৰৈ আছিল। হোটেলত আমাক কোঠাবোৰ ভগাই দিয়া হ’ল। তেতিয়াহে মন কৰিলো মোৰ জেপত দেখোন পাৰ্চটো নাই। ৰেলতে পৰি আহিল। কি কৰা যায় এতিয়া? ছে: ! ফটাফট ষ্টেশ্যনলৈ গ’লো, RPF ৰ ওচৰত আৰু পুলিচৰ ওচৰত গোচৰ দিলো। নিয়ম মানি তেওঁলোকে মোক কাগজ একোখন দিলে। লগৰকেইটাই ক’লে –“ আব্বে, ড’ন্ট ৱৰি, হাম হে না। যিতনা পেইছা চাহিয়ে হামছে লে লেনা।” মই বোলো – “হ’ব আৰু দে। হেৰাল যেতিয়া হেৰাল আৰু। সেইবুলি মন চন মাৰি থাকিব নোৱাৰি। চাৰিটাকৈ দিন, ফুল এনজয় কৰিব লাগিব।” উভতি আহোতে এটাই নিজৰ এটা অভিজ্ঞতা ক’লে –

এবাৰ তাৰ পাৰ্চটো চিটিবাছত হেৰাইছিল। তাৰ মোমায়েক এখন প্ৰদেশৰ পুলিচৰ ডেপুটী আই জি। সি পোনে পোনে থানালৈ গ’ল। থানাত বহি সি মোমায়েকৰ লগত কথা পাতিলে। মোমায়েকে কাৰ লগত কি কথা পাতিলে সি নাজানে। অলপ পিছত থানাৰ বিষয়াজনলৈ ক’ৰবাৰ পৰা ফোন এটা আহিল। খদমদম লাগিল। বিষয়াজনে তাক এঘন্টাৰ পিছত আহিবলৈ ক’লে। সি এঘন্টাৰ পিছত আকৌ গ’ল। পুলিচ এজনে তাৰ সন্মুখত ৯ টা পাৰ্চ ৰাখি ক’লে – আপোনাৰ পাৰ্চটো কোনটো? সি ক’লে – এইটো। একো হৰন-ভগন নোহোৱাকৈ সি পাৰ্চটো ঘূৰাই পালে। ঘটনাটো শুনি মই ক’লো – “হ’ব দে। মোৰ সাত পুৰুষত পুলিচৰ ডেপুটী আই জি নাই !”

হোটেলৰ কনফাৰেঞ্চ হ’লটোতে আমাৰ ট্ৰেইনিং। গৈ পোৱাৰ দিনাই আবেলিলৈ ট্ৰেইনিং আৰম্ভ হ’লেই। আমাৰ ট্ৰেইনাৰকেইজন যিমান ছিৰিয়াছ আমি সিমান ফটুৱা। ট্ৰেইনিং আৰম্ভ হোৱাৰ আধাঘন্টাৰ পিছত আমাৰ মাজৰে মহান কেইজনক বাদ দি বাকী সকলোৰে হামিয়াই-হিকটিয়াই অৱস্থা নাই। কোনোমতে সেইদিনাৰ ছেশ্যনটো শেষ কৰিলো যেনিবা। কোৱা হ’ল – নিশা ১০ বজাত ডিনাৰত লগ পাম।
“বাদ দিয়া হে, ডিনাৰত লগ পাম! ইয়াত হেৰি ক’ত পায়?”
ওলালো গোটেইকেইটা হেৰি বিচাৰি। মল এখনত বিচাৰি পালোগৈ। চাৰিদিন জোৰাকৈ লোৱা হ’ল। মই যিহেতু সেইবিধৰ পৰা অলপ দূৰত অৱস্থান কৰোঁ, সেয়ে আনদিনৰ দৰে সেইদিনাও মোৰ ওপৰত অৰ্ডাৰ হ’ল –“ আব্বে, তু দেখতে ৰেহনা। হামলোগকো তু কন্ট্ৰোল মে ৰাখনা।” লগতে আন এটাৰ ওপৰত আদেশ হ’ল – “আমি চণ্ডীগড়ত সকলোৱে লগ হৈ এনজয় কৰিবলৈ আহিছো। গতিকে ইয়াত তই ট্ৰেজেদী ফালিব নোৱাৰিবি। অলপ পেটত পৰিলেই তাৰ সেই তাহানিৰ পেৰেমে উক দিয়ে। বেৱকুফ কাহিকা! ”
নিশা দহ বজাৰ আগতেই আমাৰ ৰাইজ ফিটিং। ডাইনিং হ’লৰ ওচৰতে বিলিয়াৰ্ডছ হল। লাইফত প্ৰথম সেইদিনা বিলিয়াৰ্ডছ খেলিলো। নিয়ম চিয়ম নাজানো। ফিটিং হৈ থকা হাতেৰে আমাৰকেইটাই গুটিকেইটা গাঁতত পেলাবই নোৱাৰিলে। আমাৰ অৱস্থা দেখি ক’ৰ এগৰাকী মহিলাই ষ্টাইলত হাঁহি এটা মৰা দেখিহে হুঁচ আহিল।
পিছদিনা ৰাতিপুৱা ট্ৰেইনিং আৰম্ভ হোৱাৰ আগতেই হোটেলৰ মেনেজাৰে আমাৰ কেইটামানৰ নামত ১১০০, ১৫০০ টকাকৈ বিল একোখন থমাই দিলে। হাৰে! কি কেছ? সুধিলত ক’লে বোলে – “তোমালোকে ৰূমত যি যি খাইছা তাৰ বিল।” হাৰে! আমি আকৌ ৰূমত কি খাইছিলো? যি খাইছিলো বাহিৰৰ পৰা আনি লুকুৱাই খাইছিলো। তেতিয়াহে উৰহি গছৰ ওৰটো ওলাল – প্ৰতিটো ৰূমত কাজু, বাদাম, ভূজিয়া আদিৰ পেকেট আছিল। হেৰিৰ লগত আমাৰ ইহঁতে সেই পেকেটকেইটাও খটম কৰিলে। বিলকেইখন দি আমাৰ এটাই মেনেজাৰক দম দিলে – “নাখাওঁ যোৱা, আজিৰপৰা তোমালোকৰ কাজু, চানা। বাহিৰত এইবোৰ ৩০ টকাতে পায়। আমাক ইমান দুখীয়া বুলি ভাবিছানেকি?”
তৃতীয় দিনা ট্ৰেইনিং কৰি আমনি লাগিল আৰু। ঠিক কৰিলো , আজি লান্সৰ পিছত ন’ ট্ৰেইনিং। সেইমতে আমি ট্ৰেইনিঙৰ পৰা ফুটিলো আৰু সুখনা লেক পালোগৈ। আমাৰ মহানকেইজনে ট্ৰেইনিং লৈ থাকিল। সুখনা লেকত নাওঁ কেইখনমান লৈ আমি মাজলৈ গুচি গ’লো। আমাক প্ৰথম দিনাই ট্ৰেইনিং কিট আৰু একোটাকৈ ধুনীয়া বেগ দিয়া হৈছিল। আমাৰ ফুটাৰু গ্ৰুপটোত কলিগ এজনীও আছিল। তাইৰ জিম্মাত আমাৰ বেগবোৰ লেকৰ পাৰতে থৈ আমি নাওঁত উঠি গুচি গ’লো। নাৱত আমাৰ কথা চলি থাকিল –
“আট্‌ছা, এটা কথা ক’ চোন। এই মুহূৰ্ততে যদি কেনেবাকৈ আমাৰ নাওখন ডুবি যায়, তেন্তে এই লাইফ জেকেটকেইটাই আমাক বচাব পাৰিবনে নোৱাৰে?”
“ধুৰ, এইখন নাও নুডুবে, চিন্তা নকৰিবি। আৰু কেনেবাকৈ ডুবিলে ভালেই হ’ব। পৃথিৱীয়ে তোৰ বোজাটোৰ পৰা ৰেহাই পাব। সেইটো পেট, সেইটো দেহা, লাইফ জেকেটটো তোৰ গালৈ ভালকৈ অঁতাই নাই।”
“হেই, তহঁতৰ চব কথাতে ধেমালি। মই সাঁতুৰিব নাজানো।”
“সেইটো দেহা লৈ তই ক’ত সাঁতুৰিব পাৰিবি? ঐ, কালি ৰাতি কি হ’ল জান নে নাজান? কালি ৰাতি ফিটিং হৈ ই আৰু মুৰুগানে মিলি ইমান খালে যে ডাইনিং হ’লত মাংস শেষ হৈ গ’ল। আমি খাই অহাৰ পিছত তাত আন গেষ্ট বোৰে হোটেলৰ মেনেজাৰৰ লগত কাজিয়া কৰিছিল। হা: হা: হা: !”
“নেক্সট টাইম চাবি, হোটেলৰ মেনেজাৰে ইয়াৰ আৰু মুৰুগানৰ ফটো বাহিৰত আঁৰি দিব আৰু তলত লিখি দিব – দিজ টু পাৰ্ছনছ্‌ আৰ নট্‌ এলাউড টু এন্টাৰ ইন দিছ হোটেল।”
তেনেকুৱাতে আমাৰ এটাৰ ফোনটো বাজিল। সেই যে পাৰত এৰি থৈ আহিছিলো সেই কলিগজনীৰ ফোন। জকজকাই উঠি তাই ক’লে – “তহঁত ভালে ভালে ঘূৰি আহ সোনকালে। ইয়াত তহঁতৰ বেগবোৰ লৈ মই বহি আছো আৰু মানুহে মোক বেগ বেপাৰী বুলি ভাবি মোৰ লগত বেগৰ দৰ-দাম কৰিছেহি।”

চতুৰ্থ দিনা কথা নাই, বতৰা নাই আমাক কোৱা হ’ল যে – “এতিয়া আমি এটা পৰীক্ষা ল’ম। পৰীক্ষাত আপোনালোকে পোৱা নম্বৰখিনি আপোনালোকৰ কেডাৰ কন্ট্ৰোল অথৰিটীলৈ পঠিয়াই দিয়া হ’ব।” “হাৰে ? হোৱাট ডু ইউ মিন বাই পৰীক্ষা, নাম্বাৰ এণ্ড কেডাৰ কন্ট্ৰোল অথৰিটী। কথা হ’ল নেকি আৰু?” নাই নামানিলে। পৰীক্ষা লৈহে এৰিলে। আমাৰ মহানকেইজনে ধুনীয়া ধুনীয়া নম্বৰ পালে। আমি সিহঁততকৈও ধুনীয়া ধুনীয়া নম্বৰ পালো। পিছত কেডাৰ কন্ট্ৰোল অথৰিটীৰ বছে আমাক কৈছিল – —- “ঠিক হ্যায় য়াৰ। এইছাহি হ’তা হ্যায়! যাও, আপনা আপনা ডিপাৰ্টমেন্ট চম্ভাল’ ।”

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক