চনেট – ৩৯ (মূল: এলিজাবেথ বেৰেট ব্ৰাউনিং ভাবানুবাদ: শ্ৰীমন্ত বৰদলৈ )

(কবিলৈ ক্ষমা প্রার্থনাৰে)

মই তোমাৰ কথা ভাবোঁ! – মোৰ ভাববোৰে গজালি মেলে আৰু অকোৱাপকোৱা হয়

তোমাকলৈ, ঠিক এজোপা আঙুৰৰ লতাই এজোপা বৃক্ষক আবৃষ্ট কৰাৰ দৰে,

আঙুৰৰ বহল পাতবোৰ মেল খাই যায় আৰু একোকে নেদেখা কৰি তোলে

মাথোঁ ব্যতিক্ৰম কাঠনিখনক বিক্ষিপ্তভাবে চানি ধৰা সেউজীয়া আবেশবোৰ।

তথাপিও, অ’ মোৰ খেজুৰৰ গছ, তুমিতো বুজাই চাগে’

তোমাৰ উপস্থিতিৰ পৰিবৰ্তে মই কেৱল তোমাৰ বিষয়ে ভাবিয়েই থাকিব নোখোজোঁ,

তোমাৰ কায়িক উপস্থিতিকৈ কি প্ৰিয়তম হ’ব পাৰে মোৰ! মূলতঃ মই তোমাৰ বিষয়ে ভাবি থকাতকৈ ক্ষীপ্ৰভাবে

তোমাৰ পুনঃউপস্থিতিকহে বিচাৰোঁ; এজোপা শক্তিশালী গছৰ দৰে,

তুমি ডালবোৰ খচমচকৈ জোকাৰি দিয়া আৰু তোমাৰ শৰীৰ কৰি দিয়া উন্মুক্ত,

আৰু সেই সেউজীয়া সমগ্ৰতা, যি তোমাক আবৰি থাকে

তাক জোৰেৰে সৰি পৰিব দিয়া বিস্ফোৰিত, বিচ্ছুৰণ ঘটিব দিয়া চৌদিশে!

তোমাক দেখা পোৱা আৰু শুনাৰ

আৰু তোমাৰ প্ৰচ্ছায়াৰে নতুনকৈ শ্বাসপ্ৰশ্বাস লোৱাৰ এক গভীৰ আনন্দৰ মাজত,

মই তোমাৰ কথা নাভাবোঁ – কাৰণ মই তোমাৰ নিচেই কাষত।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments