চন্দ্ৰগ্ৰহণ (ৰূপাংকৰ চৌধুৰী)

“মনৰ পথাৰত সপোন এটাই গজালি মেলিছিল মাথোঁ। জানোঁ কৰ পৰা এজাক বলিয়া ধুমুহাই উভালি পেলালে সপোনৰ পুলিটো। সপোনবোৰে যেন মোৰ লগত সদায় লুকা-ভাকু খেলে। যোৱা কেইদিনমানৰ পৰা কিছুমান বিভৎস সপোনে জুম বান্ধি মোক খেদি আছে নিশাৰ পিছত নিশা। সেয়েহে আজিকালি সপোন দেখিলে এক ধৰণৰ বিতৃষ্ণাই দেহ-মন পুৰি মাৰে। জেঠমহীয়া ৰ’দৰ দৰেই। দিনতেই হওক বা ৰাতি- সপোন দেখিলেই পূৰ নোহোৱাৰ শংকাই মোক বৰ বেয়াকৈ ব্যথিত কৰে। হতাশাৰ তমসাই হেঁচা মাৰি ধৰে মোক। ঠিক যেনেকৈ আজি আকৌ এবাৰ অতীতৰ প্ৰাপ্তি-অপ্ৰাপ্তিৰ কথাবোৰে খেলি-মেলি লগাইছে মনত। পুৰণি সপোনে নতুনকৈ গ্ৰহণ লগাইছে মোৰ মন আকাশত।”

ৰবিবাৰ। আজি বন্ধৰ দিন। বহুত দিনৰ বিৰতিৰ পিছত লেপটপত লিখিবলৈ বহিছোঁ। মনত থুপ খাই থকা কথাবোৰক চিজিল লগাবলৈ। তেনেতে মোৰ ভাৰাঘৰৰ কোঠাৰ কলিং বেল বাজি উঠিল। সাধাৰণতে নকুল আৰু দীপক আহে প্ৰায় শনিবাৰে সন্ধিয়া বা ৰবিবাৰে দুপৰীয়া। দুয়ো মোতকৈ বয়সত সৰু যদিও বন্ধুত্বই বয়সৰ সীমা-ৰেখা চমু কৰি পেলাইছে। সিহঁতে সাপ্তাহিক বজাৰখনৰ পৰা লোকেল মাছ আৰু শাক লৈ আহে। লোকেল ভকুৱা নাইবা শলমাছ আৰু শাকৰ থলুৱা-জুতিৰে মই ৰন্ধা এসাঁজ খায় আৰু দিনজোৰা আড্ডা চলে বিভিন্ন বিষয়ৰ ওপৰত। তাৰ পিছত সন্ধিয়া তিনিও ওলাই যাওঁ- হাইৱেৰ কাষৰ ধাবাখনলৈ। মিহি-মিহিকৈ দুটামান পেগ লৈ ৰাতিৰ আহাৰ বাহিৰতে কৰি আহি শুই থাকোঁ মোৰ দুটি কোঠাৰ ভাৰাঘৰত। চাকৰিসূত্ৰে ঘৰৰ পৰা দূৰত থাকিবলৈ লোৱা এই ঠাইখনত নকুল আৰু দীপকে মোৰ আপোন বন্ধু। নকুল আৰু দীপক নহয়- আকাশ আহিছিল।৹৹৹৹

আকাশ মোৰ বন্ধু তথা দূৰ-সম্পৰ্কীয় মাহীৰ ল’ৰা। সৰুতে সিমান বেছি চিনা-পৰিচয় নাছিল। কলেজৰ সময়ৰ পৰা চিনাকি আৰু বন্ধুত্ব গাঢ় হ’ল। আকাশ আৰু মই একেখন কলেজতে পঢ়া। বিভাগ বেলেগ বেলেগ, হোষ্টেল একেটাই। ঘৰৰ মানুহে মিলি থাকিবলৈ উপদেশ দি গৈছিল দুয়োকে- আৰু আমি মিলি-জুলি আছিলোঁ। হোষ্টেলৰ প্ৰায় সকলোৱে গম পাইছিল আমাৰ ঘৰুৱা সম্পৰ্কৰ কথা।

তৰালী আমাৰ কলেজৰ সহপাঠী। আকাশ মাজে-মাজে লৈ আনে তৰালীক আমাৰ হোষ্টেললৈ। ছিনিয়ৰ-জুনিয়ৰৰ কিৰিলি মাজতে সিঁহতহাল আকাশৰ ৰূমলৈ যায়। ছিনিয়ৰ-জুনিয়ৰৰ জাকৰ পৰা চুচুক-চামাককৈ ওলাই মইও যাওঁ আকাশৰ ৰূমলৈ।

– কি অসভ্য হে তোমালোকৰ হোষ্টেলৰ ল’ৰাবোৰ, চন্দ্ৰ!
– চিৰিয়াছলী ল’ব নালাগে হে এইবোৰ কথা। এনেকুৱা ল’ৰা-ধেমালি প্ৰায় সকলোবোৰ হোষ্টেলতে চলে।
– ছোৱালী দেখিলেই এনেকৈ জকাই নে?
– এয়া বহুত দিনৰ পৰা চলি অহা এক প্ৰকাৰৰ নিয়ম বুলিয়েই ধৰা। ভগবানে নকৰক, তোমাৰ কিবা এটা বিপদ হ’লে এওঁলোকে আগবাঢ়ি যাব তোমাৰ কাষত থিয় হ’বলৈ।
– তথাপি!
– ঠিক আছে তৰালী তুমি অলপ বহা। মই আহোঁ- সৰু কাম এটা আছে। আকাশ থাক।

আকাশ আৰু তৰালীৰ ব্যক্তিগত সময়খিনি অপচয় কৰিব নিবিচাৰিলোঁ। ইতিমধ্যে আকাশে মোক কৈছে যে সি মনে-প্ৰাণে তৰালীক ভাল পায়। দিনবোৰ ধুনিয়াকৈ পাৰ হৈছিল আমিবোৰৰ। তাৰ মাজতে হোষ্টেল ৰেগিং, কলেজ সপ্তাহ, নিৰ্বাচন, পৰীক্ষা আদি। সময়বোৰ কেনেদৰে পাৰ হৈ গৈ আছিল ধৰিবই পৰা নাছিলোঁ। তৃতীয় বৰ্ষত ভৰি থলোঁ। আকাশ আৰু তৰালীৰ অহা-যোৱা ঠিকেই চলি আছিল। তেনেতে এদিন হঠাৎ মহা মানে আকাশৰ দেউতাকৰ গা বেছি বেয়া হোৱাত সি ঘৰলৈ যাব লগা হ’ল। যাবৰ সময়ত মোক কৈ গ’ল-”তৰালীৰ খবৰ ৰাখিবি। ঘৰত গৈ মই কিমান দিন থাকিব লাগে ঠিক নাই। বোধহয় দেউতাক লৈ ভেল্লোৰ যাব লগা হ’ব পাৰে।”

মই সময়-সুবিধা মিলাই মাজে-সময়ে তৰালীৰ খবৰ লৈ থাকোঁ। প্ৰেমিক আকাশে কৰা দৈনন্দিন কামবোৰো মইয়েই কৰিবলগীয়া হয়। কেতিয়াবা তৰালীৰ লগত কিতাপৰ দোকানে-দোকানে ঘূৰি-ফুৰি সন্ধিয়া চাওমিন এক প্লেট ভগাই খাই আহি হোষ্টেল পাওঁ। জিলা পুথিভঁৰালত কিতাপবোৰ লিৰিকি-বিদাৰি থাকোঁ কেতিয়াবা তৰালীৰ কাষত বহি। দুয়ো যাওঁ কেতিয়াবা চিনেমা চাবলৈ। মাজে মাজে পিচিঅৰ পৰা ফোন কৰি খবৰ দিওঁ আকাশক- কুশলে আছে তৰালী।

কুশলে নাছিলোঁ মই। মানসিক ভাবে। বহুত কষ্টত দিনবোৰ পাৰ হৈছিল মোৰ। সপোন দেখিবলৈ আৰম্ভ কৰিছিলোঁ। মনটোক বুজাই ভাগৰি পৰিছিল বিবেকে যে এয়া ঘোৰ পাপ- বন্ধু তথা ভাতৃপ্ৰতিম আকাশৰ প্ৰেয়সীক লৈ সপোন দেখা- মহাপাপ! ‘এজন যু্ৱক আৰু এজনী যুৱতী- ভাল বন্ধু হ’ব নোৱাৰে।’- কথাষাৰ যেন সঁচাকৈ প্ৰতিফলিত হৈছিল মোৰ ক্ষেত্ৰত। মনৰ কথা মনতে মাৰ যোৱাৰ বাদে আন কোনো বিকল্প দেখা নাই। আমি ল’ৰাবোৰ কিয় এনেকুৱা? ছোৱালীৰ মিঠা মাত দুআষাৰ শুনিলেই কিয় বাৰু ক’ব নোৱাৰা হৈ পৰোঁ? স্বাভাৱিকভাৱে প্ৰকাশ কৰা কথাবোৰতো কিয় উলিয়াব বিচাৰোঁ কিছুমান ‘ৰোমান্টিক’ অন্তৰ্নিহিত অৰ্থ? কোনোৱে প্ৰাণখুলি হাঁহি-হাঁহি, হালি নপৰিবলৈ আমাৰ গাত ভেজা দিলে, কিয় সপোন দেখিবলৈ আৰম্ভ কৰোঁ যে- ‘এইজনীৰ মই মনৰ মানুহ!’
আৰু ছোৱালীবোৰ? কিহৰ গৰজত সকলোৰে লগত ইমান আন্তৰিকতাৰে কথা পাতিব লাগে ছোৱালীবোৰে? জ্বলন্ত আঙঠাতকৈও বেছিকৈ জ্বলি উঠে ভিতৰখন যদিহে প্ৰেয়সী বুলি মনৰ ভিতৰে-ভিতৰে ভাবিবলৈ লোৱা কোনোবাই আন কোনোবা ডেকাৰ লগত ফুচুক-ফাচাক কথা পাতে। প্ৰেমৰ অগনি বুকুত জ্বলোৱাত, এইবোৰ সৰু-সৰু ঘটনাই অনুঘটকৰ কাম কৰে।

কেনেকৈ সাহস কৰো মই- কৰিবলৈ তৰালীক প্ৰেম নিবেদন? সাহস গোটাই কৰিলোঁ যেনিবা প্ৰেম নিবেদন, তৰালীয়ে দুগালত দুই চৰ বহুৱাই নিদিবনে আজীৱন শত্ৰুতাৰ প্ৰতিশ্ৰুতিৰে?

প্ৰেম কেনেকুৱা আৰু কি হয় মই চাগে বুজিয়েই নাপালোঁহেতেন- যদিহে মহাৰ গা বেছি বেয়া নহ’লে হয়, যদিহে আকাশে মহাৰ সাৰথি হৈ ভেল্লোৰ নগ’লে হয়। শংকা কৰাৰ দৰেই আকাশ ভেল্লোৰলৈ যাব লগা হ’ল মহাৰ উন্নত চিকিৎসাৰ বাবে। ইতিমধ্যে পৰীক্ষা আহি দুৱাৰদলিত। আকাশৰ সেইবাৰ পৰীক্ষা দিয়া নহ’ল। কিন্তু মোৰ দুৰ্বলতা দিনক দিনে বাঢ়ি গৈ থাকিল তৰালীৰ প্ৰতি- তাইক লগ দিয়াৰ প্ৰত্যেকবাৰৰ পিছতে। বাঢ়ি গৈ থাকিল হোষ্টেল তথা কলেজৰ চিনাকি আটাইৰে সন্দেহ আমাৰ বন্ধুত্বৰ প্ৰতি। পৰীক্ষালৈ এক সপ্তাহ বাকী। মন বহুৱাব পৰা নাই পঢ়াত। কিবা এক সিদ্ধান্তত উপনীত নহ’লে অহাবছৰ আকাশৰ লগত একে লগে পুনৰ দিব লাগিব পৰীক্ষা- আকাশে দিব ঘৰুৱা পৰিস্থিতিত বাধ্য হৈ আৰু মই বৰ্তমানৰ পৰিস্থিতিত অবাধ্য হৈ। প্ৰেমৰ জ্বালাই যেন মোক উমি উমি দহি গৈ আছে এপিনৰ পৰা।

এখোজ-দুখোজ কৈ আগবাঢ়িছোঁ তৰালীৰ হোষ্টেললৈ। পৰীক্ষাত ফেইল কৰিম বুলি ১০০% নিশ্চিত হৈওঁ ৰিজাল্টশ্বিটত নিজৰ নামটো বিচাৰি হাবাথুৰি খোৱা ছাত্ৰৰ দৰেই আগবাঢ়িছোঁ! অপেক্ষাৰ অন্ত পৰিল। তৰালী মোৰ সন্মুখত।

– কোৱা চন্দ্ৰ। হঠাৎ এই সময়ত যে? দিনটো দেখোন প্ৰায় একেলগেই আছিলোঁ আমি? কোৱা কি কথা!
– এটা চিৰিয়াছ কথা ক’ব লগা আছে তোমাক।
– আকাশৰ ঘৰত সকলোবোৰ ঠিকেই আছে?
– আছে সকলো ঠিকে। মই তোমাক ভাল পাই পেলাইছোঁ তৰালী। এই কথাষাৰ ক’বলৈ আহিছোঁ।
– ৹৹৹৹৹৹৹৹
– তোমাৰ উত্তৰ ১০০% না হ’ব মই জানোঁ। তথাপি মনৰ খূদুৱনি দূৰ কৰিবলৈ এই কথাষাৰ ক’লোঁ। পঢ়াত মন বহুৱাব পৰা নাই যোৱা কিছুদিনৰ পৰা। মই জানোঁ এই সত্য কথাষাৰ কোৱাৰ পৰিমাণ কিমান ভয়ংকৰ হ’ব। মই হেৰুৱাম তোমাৰ নিচিনা এজনী মৰমিয়াল বান্ধৱী আৰু আকাশৰ দৰে এজন সৎ ভাতৃ তথা বন্ধু।
– ৹৹৹৹৹৹৹৹৹
– কিবা কোৱা তৰালী? গালি পাৰা মোক। ধমকি দিয়া। ইয়াৰ পৰা ওলাই যাব কোৱা। লাগিলে দুটা চৰকে মাৰা তৰালী? তোমাৰ নিস্তদ্ধতা মোৰ বাবে অসহনীয়!
– ৹৹৹৹৹৹৹৹

তৰালীয়ে একো কোৱা নাছিল। তৰালীৰ মৌনতাকে ‘না’ বুলি স্বীকাৰ কৰি মই উভতি আহিছিলোঁ।

বিদ্যাপুৰৰ দত্ত পৰিয়ালৰ একমাত্ৰ সন্তান মই – চন্দ্ৰমনি দত্ত মানে চন্দ্ৰ। সিদিনাখন প্ৰথমবাৰৰ বাবে দত্ত পৰিয়ালৰ চন্দ্ৰৰ গ্ৰহণ লাগিছিল। তথাপি যেন চন্দ্ৰ হৈছিলোঁ পাপমুক্ত। মনৰ ভিতৰৰ কথাবোৰ তৰালীৰ সন্মুখত প্ৰকাশ কৰি মই একধৰণৰ প্ৰশান্তি অনুভৱ কৰিছিলোঁ। পাতল পাতল লাগিছিল মন-প্ৰাণ। জীৱনৰ এক চৰম সিদ্ধান্ত- যাৰ বাবে মই নিশ্চিন্ত ভাৱে হেৰুৱাম মোৰ জীৱনত আটাইতকৈ বেছি প্ৰভাৱ পেলোৱা দুজনকৈ কলেজীয়া সহপাঠীৰ সংগ। তথাপি মনটো নিকা লাগিছিল সেইদিনা। বাথৰূমত বহুত সময়লৈ ভালদৰে গা ধুই পঢ়াত লাগি গৈছিলোঁ।

পৰীক্ষা মোটামুটি ভালেই গৈছিল। বিশ্ববিদ্যালয়ত পঢ়িবলৈ যাবলৈ সুযোগ পাব লাগে। পৰীক্ষা শেষ হোৱাৰ দিনালৈকে ‘ তৰালী অধ্যায়’ মোক আমনি কৰিব পৰা নাছিল। দেখা-দেখিও হোৱা নাছিল। সেইদিনাই সন্ধিয়া হোষ্টেলত আহি উপস্থিত আকাশ। আকাশক দেখাৰ লগে এক অস্বস্তিকৰ পৰিৱেশ বিৰাজ কৰিছিল মোৰ মন-মেজাজত। অথচ সেই একেইজন আকাশৰ লগতেই মই কিমান আনন্দৰ দিন পাৰ কৰিছিলোঁ- জীৱনত প্ৰথমবাৰৰ বাবে চিগাৰেট দুয়ো একেলগে হুপিছিলোঁ, প্ৰথম টুপি মদ আকাশৰ লগতেই গলাধঃকৰণ কৰিছিলোঁ, বিজুলীত মেটিনি শ্বোত দক্ষিণৰ চিনেমা বা কেলভিনত একেই শ্ৰেণীৰ ইংৰাজী চিনেমা কিমান যে চাইছিলোঁ দুয়ো! কলেজ সপ্তাহ আৰু কলেজ নিৰ্বাচনৰ সময়ত বিপক্ষৰ লগত হোৱা মুখা-মুখি সংঘৰ্ষবোৰ হাতত হাত থৈ পাৰ কৰা কথাবোৰতো আছেই। যৌৱনৰ বহুতো কামেই দুয়ো মিলি কৰিছিলোঁ। অথচ আজি সেই একেজন আকাশৰে চকুত চকু থৈ কথা কোৱাৰ সাহসকণ মই গোটাব পৰা নাই। তৰালীয়ে কথাবোৰ আকাশক ব্যক্ত কৰিছে যদি? মনৰ ভিতৰতেই নিজকেই ক’লো-‘ইমান প্ৰকাণ্ড কলেজখনত প্ৰেম কৰিবলৈ ছোৱালী বিচাৰি নাপালি?’

আকাশে আৰম্ভ কৰিলে বাৰ্তালাপ- ‘চন্দ্ৰ?’।
তৰালীক নিলাজৰ দৰেই মনৰ বতৰা বহিঃপ্ৰকাশ কৰোতেওঁ চাগে মই ইমান নাৰ্ভাছ হোৱা নাছিলোঁ। আকাশৰ এটা মাথো শব্দই যেন মোক গ্ৰাস কৰি পেলালে। ঠিক সন্ধিয়াৰ আকাশত চন্দ্ৰ-গ্ৰহণ হোৱাৰ নিচিনাই। মোৰ কন্ঠ শুকাই গৈছিল। শব্দবোৰ যেন অভিধানৰ পৃষ্ঠাৰ পৰা মচি পেলোৱা হৈছিল কিছু সময়ৰ বাবে। অলপ সময়ৰ বাবে মই যেন কোনো অজান দ্বীপৰ মাজত অচিনাকি কাৰোবাৰ লগতহে আছোঁ- ঠিক তেনেকুৱাই লাগিল।
আকাশে পুনৰ কৈ গ’ল-‘মই অনুতপ্ত আজি।’
এনেকুৱা লাগিল যেন মই আকাশৰ কথাত কোনো সঁহাৰি নিদিয়া বাবে মোৰ ভাগৰ কথাখিনি যেন সিয়েই কৈ দিলে- ঠিক নাটকত মঞ্চৰ কাষত থাকি ডাইল’গ কৈ থকাৰ ব্যক্তিজনৰ দৰে। ডিঙিত অলপ পানী জমা হ’ল কেনেবাকৈ।
তেনেতে আকাশে পুনৰ ক’লে-‘দেউতাৰ অসুখৰ বাবে মই যোৱাৰ দিনাই তৰালীক মোৰ মনৰ কথা কৈছিলোঁ। তাই পোনছাটেই নাকচ কৰিছিল। তাই তেনেকৈ ভবাই নাই কথাবোৰ। মোৰ মাজত তাই এজন সঁচা বন্ধুহে বিচাৰি পাই। আচলতে তাইৰ মন তোৰ ওপৰত। ক’বলৈ সাহস গোটাব পৰা নাছিল। তাইৰ মনৰ ইচ্ছাৰ বিৰুদ্ধে যোৱা মোৰ বাবে অসম্ভৱ। সেয়েহে তঁহত দুয়ো এজনে আনজনক বেছি ওচৰৰ পৰা চিনি-বুজি পোৱাৰ বাবেই মই তোক কৈছিলোঁ- ‘তৰালীৰ খবৰ ৰাখিবি’। নাজানোঁ তহঁতৰ কথা কিমান দূৰ আগবাঢ়িল। তই পাৰিলে মোক মাফ কৰি দে চন্দ্ৰ!”৹৹৹৹

৹৹৹৹আকাশৰ বহুত মানুহ মাতিব লগা আছে। অহা দেওবাৰে তাৰ সন্তানৰ অন্নপ্ৰাসন। তাকেই নিমন্ত্ৰণ দিবলৈ আহিছিল। মই কৈছিলোঁ- ‘মোক নিমন্ত্ৰণ দিবলৈ ইমান দূৰ কষ্ট কৰি কিয় আহিব লাগে। ফোন কৰিলেই হ’য়। এতিয়া আমাৰ সেই কলেজৰ দিন নাই নহয় যে ফোন কৰিবলৈ বা উঠাবলৈ লেণ্ড-লাইনৰ প্ৰয়োজন।”
সি ক’লে-‘মই তেনেকৈয়ে ভাবিছিলোঁ কিন্তু শ্ৰীমতীয়ে নামানে। তই বিয়াতো উপস্থিত নাছিলি আমাৰ। বিয়াত ফোনেৰে মাতিছিলোঁ। সেয়েহে আমাৰ সন্তানৰ মাংগলিক অনুষ্ঠানত যাতে তই উপস্থিত থাকি আশীৰ্বাদ দিয়, তাৰে বাবে…..।”
“তাৰ বাবে মই যাব লাগে সমজুৱাকৈ আশীৰ্বাদ দিবলৈ নে আকৌ এবাৰ লাজত পৰিবলৈ? আশীৰ্বাদ দিবলৈ মই কোন? ঘৰত আন বহুতো জেষ্ঠ লোক আছে সেই ফেৰা কাম কৰিবৰ বাবে। তথাপি অনুষ্ঠানটো ভালে-কুশলে হৈ যাওঁক – নেদেখাজনক মোৰ তাৰেই প্ৰাৰ্থনা। অ আৰু এটা কথা। তোৰ বিয়াত মই উপস্থিত থাকিব নোৱাৰা বাবে বেলেগকৈ নাভাবিবি। সেইদিনাও অন্তৰৰ পৰাই প্ৰাৰ্থনা কৰিছিলোঁ নেদেখাজনক- তহঁত দুয়োৰে যাতে সুখৰ হয়-সংসাৰ। বিয়াত আন কিছুমান কাৰণত উপস্থিত থাকিব পৰা নাছিলোঁ। ভাবি থবি- কিছুদিনৰ বাবে চন্দ্ৰত গ্ৰহণ লাগিছিল।” অলপ বেছি উষ্মাৰেই ক’লো। আকাশৰ উপস্থিতি বেছি সময়ৰ বাবে অসহ্যকৰ মোৰ বাবে।

অসহ্যকৰ হৈছিল নে মোৰ শক্তি নোহোৱা হৈ আহিছে- সত্যক সন্মুখৰ পৰা মুখামুখি কৰাৰ? সপোনৰ লুকা-ভাকুৰ পৰা মোৰ বাবে মাথোঁ অপ্ৰাপ্তিয়ে আগস্থান লাভ কৰাৰ বিভৎসতাবোৰে কিয় পিছ নেৰা হৈছে ইমান চেষ্টা কৰাৰ পিছতো? তৰালী মোৰ হৈয়ো হেৰাই গৈছিল মোৰ কাষৰ পৰা।৹৹৹৹৹

৹৹৹৹৹কলেজীয়া শিক্ষা সামৰি বিশ্ববিদ্যালয়ত ভৰি দিছিলোঁ- তেতিয়া তৰালী আৰু মোৰ প্ৰেমে পূৰ্ণতা পাইছে। কিন্তু তথাপি যেন কৰবাত কিবা উকা উকা অনুভৱ হৈছিল। আকাশ আহিছিল মাজে-সময়ে আমাৰ দুয়োৰে খবৰ ল’বলৈ। লাহে-লাহে মই অনুভৱ কৰিছিলোঁ- আকাশ আমাৰ মাজত থকা সময়খিনিত তৰালীৰ হাঁহিটো যেন খিল-খিল নিজৰাৰ দৰেই বৈ আহে। দুচকু যেন হৈ উঠে চঞ্চল হৰিণী নয়নী! আকাশে আমাৰ মাজৰ পৰা বিদায় লোৱাৰ সময়ত যেন তৰালীৰ গালে-মুখে ফুটি উঠে এক ধৰণৰ ব্যাকুলতা। বিষণ্ণতাৰ চাদৰখনে যেন তৰালীৰ সমগ্ৰ সত্তাক সাৱটি ধৰিছিল আকাশক বিদায় দিয়ৰ মূহুৰ্তত!

মোৰ মনৰ মাজত উদ্গিৰণ হৈছিল ঈৰ্ষাৰ আগ্নেয়গিৰি! পাইও হেৰোৱাৰ শংকাত দিন পাৰ কৰিছিলোঁ। তৰালীয়ে মোৰ প্ৰতিও দেখোন কোনো বৈৰী ভাৱ প্ৰকাশ নকৰে! কিন্তু মই নোৱাৰোঁ- স্বভাৱদোষ নে আন কিবা নাজানোঁ- মনৰ খূদুৱনি দূৰ নকৰালৈ মই শান্তিত থাকিব নোৱাৰোঁ। সেয়েহে আকৌ এবাৰ হেৰোৱাৰ আশংকা বুকুত বান্ধি উপস্থিত হৈছিলোঁ তৰালীৰ ছাত্ৰীনিৱাসত। সেইদিনাও মাথোঁ মই সুধি গৈছিলোঁ-

– মোৰ কিয় জানোঁ এনেকুৱা লাগে। তুমি মনে-প্ৰাণে আকাশক হে ভাল পোৱা!
– ৹৹৹৹৹
– তোমাৰ উত্তৰ ১০০% না হ’ব মই জানোঁ। তুমি মোকেই ভাল পোৱা নিশ্চয় তৰালী! তথাপি মনৰ খূদুৱনি দূৰ কৰিবলৈ এই কথাষাৰ ক’লোঁ। পঢ়াত মন বহুৱাব পৰা নাই যোৱা কিছুদিনৰ পৰা। মই জানোঁ এই সত্য কথাষাৰ কোৱাৰ পৰিমাণ কিমান ভয়ংকৰ হ’ব- মই হেৰুৱাব পাৰোঁ তোমাৰ নিচিনা এজনী মৰমিয়াল প্ৰেমিকা আৰু আকাশৰ দৰে এজন সৎ ভাতৃ তথা বন্ধু।
– ৹৹৹৹৹৹৹৹৹
– কিবা কোৱা তৰালী! গালি পাৰা মোক। ধমকি দিয়া। ইয়াৰ পৰা ওলাই যাব কোৱা। লাগিলে দুটা চৰকে মাৰা তৰালী? তোমাৰ নিস্তদ্ধতা মোৰ বাবে অসহনীয়!
– ৹৹৹৹৹৹৹৹
– কোৱা তৰালী? চন্দ্ৰ নে আকাশ- তৰালীৰ মনৰ মানুহ!!

কৈছিল। সেইদিনাও তৰালীৰ মৌনতাই কথা কৈছিল। কলেজৰ সময়ত বুজি পোৱা নাছিলোঁ সেই মৌনতাৰ ভাষা! বিশ্ববিদ্যালয়ত বুজি পোৱাকৈ পূৰঠ হৈছিলোঁ।
ময়েই আগভাগ লৈছিলোঁ। আকাশ আৰু তৰালীৰ বিয়াখনৰ দিন-বাৰ ঘৰুৱা ভাবে ঠিক-ঠাক হৈ যোৱাত আগভাগ লৈছিলোঁ আৰু গুছি আহিছিলোঁ মোৰ বৰ্তমানৰ কৰ্মস্থানলৈ। আকাশে ফোনত মাতিছিল বহু আশা কৰি, মই যোৱা নাছিলোঁ। আকৌ এবাৰ লাগিছিল যেন চন্দ্ৰত গ্ৰহণ!৹৹৹৹

৹৹৹ আকাশ যোৱাৰ কিছুসময় পিছত নকুল আৰু দীপক আহি উপস্থিত হ’ল হাতত এটি শল মাছলৈ। লগত তাজা পালেং শাক। আহিয়েই দীপকে ক’লে-
– আজি সন্ধিয়া কিন্তু ধাবালৈ নাযাওঁ।
– কিয়?
– তৰাৰে ভৰা আকাশলৈ চাম সন্ধিয়া। আজি সন্ধিয়াৰ আকাশত বহুত দিনৰ পিছত দেখা দিব আন এক- চন্দ্ৰ গ্ৰহণ!৹৹৹৹৹

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments