চন্দ্ৰত জীৱাণু!! (পলাক্ষী দৌলবৰুৱা)

চন্দ্ৰৰ বুকুত জীৱাণু সন্দৰ্ভত বহুতো সন্দেহজনক প্ৰশ্ন উত্থাপন হৈ আহিছে৷  এই প্ৰশ্নটো চন্দ্ৰ অভিযানৰ আৰম্ভনিৰ পৰাই বিজ্ঞানী  সকলৰ মনত আহিছিল৷ ১৯৫৯ চনৰ ১৪ চেপ্তেম্বৰত যিখন ৰকেট ছোভিয়েট ৰাছিয়াৰ পৰা চন্দ্ৰৰ বুকু্লৈ পঠিওৱা হৈছিল তাৰ ভিতৰৰ যন্ত্ৰপাতি সমূহ তথা সেই সম্পূৰ্ণ ৰকেটখনেই বীজানুমুক্ত কৰি চন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল৷  চন্দ্ৰ অভিযানৰ সময়ছোৱাত পৃথিৱীৰ এটা বীজাণুও যাতে চন্দ্ৰলৈ যাব নোৱাৰে তাৰ বাবে এই সাবধানতা অবলম্বন কৰা হৈছিল৷

বাহিৰৰ পৰা চাবলৈ গলে এই সাৱধানতা অপ্ৰয়োজনীয় যেন লাগিব পাৰে৷ কিয়নো চন্দ্ৰৰ ভৌতিক অৱস্থাৰ লগত পৃথিৱীৰ ভৌতিক অৱস্থাৰ এক বহৎ পাৰ্থক্য৷ চন্দ্ৰৰ অভিকৰ্ষ পৃথিৱীৰ অভিকৰ্ষৰ ছয় ভাগৰ এভাগ মাত্ৰ৷ চন্দ্ৰৰ আবহমণ্ডল নথকা হেতুকে চন্দ্ৰত দিনৰ তাপমাত্ৰা ১৩০ চেলছিয়াচৰ বেছি নহয়৷ আৰু ৰাতি তাপমাত্ৰা -১৫০ চেলছিয়াচৰ তললৈ নামি আহে৷ এনে অৱস্থাত তাত কোনো প্ৰাণৰ অস্থিত্ব থকা প্ৰায় অসম্ভব৷ কিন্তু এই অৱস্থাটো মাইক্ৰ-অৰ্গেনিজম বা জীৱানু জীৱিত অৱস্থাত থাকিব পাৰে৷ অক্সিজেন শূণ্য অৱস্থাত তীব্ৰ তেজস্ক্ৰিয় বিকিৰণৰ মাজত অথবা শূন্যাংকৰ তলত কেবাশ ডিগ্ৰী তাপতো বিভিন্ন জীৱাণুয়ে বংশ বৃদ্ধি কৰিব পাৰে৷ তেজস্ক্ৰিয় খনিজ পদাৰ্থৰ মাজত আৰু প্ৰচণ্ড চাপৰ তলত ভুগৰ্ভত জীৱাণুৰ অস্তিত্ব পোৱা সম্ভৱ হৈছে৷ সকলোতকৈ ডাঙৰ কথা হ’ল যে এই দ্ৰুত পৰিবৰ্তনশীল পৰিবেশৰ লগত জীৱাণুবোৰ মিলি যাব পাৰে৷ সেই বাবেই দ্ৰুত গতিত ইয়াৰ বংশ বৃদ্ধি হবলৈ ধৰে৷ বংশানুক্ৰমিক বুলিও কোনো কথা নাই৷ এটা পুৰুষে তাৰ পুৰ্বপুৰুষৰ ধাৰাক ওফৰাই অনায়াসে নতুন পৰিবেশৰ লগত মিশ্ৰিত হৈ পৰিব পাৰে৷  এসময়ত ফ্ৰান্সত এটি পাৰমানৱিক চুঙাৰ ভিতৰত তীব্ৰ তেজস্ক্ৰিয় এলেকাত বেক্টেৰিয়াৰ উপনিবেশ দেখি বিজ্ঞানীসকল স্তম্ভিত হৈ পৰিছিল৷ সেয়ে পাৰ্থিৱ জীৱাণুবোৰ যে চন্দ্ৰ পালেগৈ তাৰ পৰিবেশৰ লগত নিজকে খাপ খুৱাই চন্দ্ৰপৃষ্ঠ দুষিত নকৰিব তাৰ কি মানে আছে? মানুহে যেতিয়া চন্দ্ৰত পদাৰ্পন কৰে অথবা  চন্দ্ৰৰ মাটিৰ নমুনা সংগ্ৰহ কৰি পৃথিবীলৈ লৈ আহে, তেতিয়া কি বেক্টেৰিয়া চন্দ্ৰত আগৰে পৰা আছিল আৰু কি বেক্টেৰীয়া পৃথিৱীৰ পৰা যোৱা সেই কথাটো নিৰ্ধাৰণ কৰা যথেষ্ট  দুৰুহ হৈ পৰিছিল৷ অৱশ্যে চন্দ্ৰৰ নিজস্ব জীৱাণু থকাটো অস্বীকাৰ কৰিব নোৱাৰি৷

বিজ্ঞানী সকলে লক্ষ্য কৰি আহিছে যে চন্দ্ৰৰ কোনো এলেকাৰ ৰং পৰিবৰ্তন হৈ থাকে৷ চন্দ্ৰ মাটিৰ থকা গহ্বৰ সদৃশ অংশটিক প্ৰশান্তিৰ সাগৰ বোলা হয় (Sea of serenity) ৷ পুৰ্ণিমাৰ সময়ত চন্দ্ৰৰ  মধ্যভাগত পাতল সেউজীয়া ৰঙৰ দৰে আৱৰণ এটি দেখা যায়৷ আঙঠিৰ দৰে asiterscas আৰু  herodotus   নামৰ পাহাৰ দুটাৰো উত্তৰ-পশ্চিমৰ অংশৰ বহু মাইল দুৰত্বলৈ পূৰ্ণিমাৰ সময়ত হালধীয়া-সেউজীয়া ৰঙৰ দৰে দেখা যায়৷ যি যথেষ্ট স্পষ্ট ৰূপত ধৰা দিয়ে৷ চন্দ্ৰৰ এই ৰঙৰ আবিৰ্ভাবৰ ৰহস্য এই পৰ্য্যন্ত যথাযথভাৱে বাখ্যা কৰিব পৰা হোৱা নাই৷ এই ৰঙ স্থায়ী নহয়৷ চন্দ্ৰভুমিত সূৰ্য্যৰ আলোকৰ ব্যাপ্তি আৰু হ্ৰাস-বৃদ্ধিৰ লগতো এই পৰিবৰ্তনৰ সম্পৰ্ক আছে৷
জ্যোতিৰ্বিজ্ঞানী সকলৰ মতে এইয়া এক পাতল তুষাৰৰ আৱৰণৰ বাবে সংঘটিত হয়৷ তেওলোকৰ মতে চন্দ্ৰত  এচাটি মৃদু বতাহো বলে৷ কিন্তু সেই বতাহৰ উৎস কি সেয়া বৰ্ণা্লী বিশ্লেষক বা অন্য কোনো উপায়েৰে পৃথিৱীৰ পৰা পৰীক্ষা কৰা কঠিন৷ অধিকাংশ বিজ্ঞানীয়েই উদ্ভিদৰ আবিৰ্ভাৱ বা অন্য কোনো জৈৱ প্ৰক্ৰিয়াৰ বাবে এইয়া সম্ভৱ হব পাৰে বুলি মত নিদিয়ে৷ কিন্তু পৃথিৱীৰ আদিমতম বেক্টেৰিয়াৰ দৰে কোনো জীৱাণুৰ অস্তিত্ব যে চন্দ্ৰত নাই সেই কথা বিজ্ঞনীসকলে উলাই নাই কৰা কিয়নো চন্দ্ৰপৃষ্ঠৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু হাইড্ৰজেন গেচ নিৰ্গত হোৱাৰ প্ৰমাণ পোৱা গৈছে৷

এগৰাকী ছোভিয়েট ৰাচিয়াৰ বিজ্ঞানীয়ে বৰ্ণালী বিশ্লেষক প্ৰণালীৰ লগত আধুনিক পৰীক্ষা `radio absorption’ প্ৰণালীৰ লগত সংযোগ কৰি প্ৰমাণ কৰিছে যে চন্দ্ৰৰ গিৰি গহ্বৰৰ পৰা একেবাৰে ক্ষীণ এক ধাৰাৰ দৰে এই গেছ নিঃসৃত হৈ আছে৷ চন্দ্ৰ ভুমিত মাইক্ৰঅৰ্গেনিজম জীৱনৰ অনুকুল পৰিবেশ থকা মুঠেও অসম্ভৱ নহয়৷ এই তথ্য মনত ৰখা প্ৰয়োজন যে হাইড্ৰজেনৰ ৰাসায়নিক বিক্ৰিয়াত কাৰ্বন-ডাই-অক্সাইড পৰ্য্যায়েৰে কাৰ্বন আৰু অক্সিজেনলৈ পৰিণত হব পাৰে৷ এই কথা প্ৰমাণিত হৈছে যে চন্দ্ৰভূমিৰ যিমান গভীৰতালৈ যোৱা হ’ব, তাপমাত্ৰা সিমানেই বৃদ্ধি পাব৷ সেয়ে জীৱাণুবোৰৰ পক্ষে দীৰ্ঘ চন্দ্ৰৰাত্ৰিৰ প্ৰচণ্ড শীতক প্ৰতিৰোধ কৰি বাচি থকা অসম্ভৱ নহয়৷

চন্দ্ৰ সম্বন্ধে এইসমূহ তথ্যৰ  পৰা অন্ততঃ এই কথা প্ৰমানিত হয় যে চন্দ্ৰ বা ইমান দিনে এটি প্ৰাণহীন মহাকাশৰ বস্তু বুলি ভাবি অহা কথাটো সম্পূৰ্ণ সত্য নহবও পাৰে৷
☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক