চন্দ্ৰপ্ৰভা – নিংকু নিশা নেওগ

 

(১)
: চন্দ্ৰৰ গিৰিয়েকটোক বোলে কোনোবাই কালি বিচনাতে ঘপিয়ালে !
: কিইই ???
একে জাপতে বিচনাৰ পৰা নামি আহিলো। আচলতে চন্দ্ৰৰ গিৰিয়েকটোক কোনোবাই কাটিলে কাৰণে মোৰ বেজাৰ নালাগিল, চন্দ্ৰৰ এতিয়া কি হ’ব সেইটো ভাবিহে তাইৰ প্ৰতি সহানুভূতি জাগি উঠিল। মই মালৈ মন কৰিলো। মোৰ বিচনাখনৰ পৰা কেইহাতমান আতঁৰত ৰৈ কালিনো কি ঘটিছিল কোৱাৰ অপেক্ষাত মোলৈকে চাই ৰৈ আছে। মই মাথো মালৈ প্ৰশ্নবোধক চাৱনিৰে বুৰ্বকৰ দৰে চাইহে ৰ’লো।

: চন্দ্ৰৰ গিৰিয়েক ক’ত আছে এতিয়া ?

নিৰৱতাৰ পৰ্দা গুচাই ময়ে মালৈ চাই সুধিলো।

: ৰাতিয়েই কোনোবাই নি মেডিকেলত এডমিট কৰি থৈ আহিল।
: তাকনো কোনে ঘপিয়ালে ?
: এই সেইবিলাক মই কি জানো। ঘপিয়ালে চাগৈ তাৰ লগৰে কোনোবাই ! এনেও তাৰ জানো শত্ৰু কম !
: সেইটোও হয়। চন্দ্ৰলৈহে মোৰ বেয়া লাগিছে। নহ’লে মই তাইৰ খবৰ এটাকে কৰি আহোগৈ নেকি মা?
: কোনো দৰকাৰ নাই। তই ভাত খাই অফিচলৈ যা।
: হ’লেও…..

চন্দ্ৰৰ মানুহটোক বাৰু কোনে ঘপিয়াবহি পাৰে? তাতে বিচনাত? ঘৰৰ ভিতৰত গৈ কাৰোবাক মাজৰাতি কাটি থৈ অহাটোওতো ধেমালি কথা নহয়। আৰু এই চন্দ্ৰনো ক’লৈ গৈছিল ৰাতিখন? চেহ্! বৰ বেয়া কথা হ’ল নহয়। চাবলৈ গ’লে চন্দ্ৰৰ গিৰিয়েক মানে ক্ষিতেশ্বৰৰ নিজৰ গাঁওখনতে আপোনতকৈ বেছি শত্ৰুহে আছে। তাৰ উপস্থিতি কোনোৱেই সহ্য কৰিব নোৱাৰে। লেখত ল’বলগীয়া বিধৰো নহয়। বিয়া সবাহতো তাৰ উপস্থিতি বহুতৰ বাবে গ্ৰহণীয় নহয়। কথাই প্ৰতি অহংকাৰ দেখুওৱা, চন্দ্ৰৰ লগত হকে- বিহকে কাজিয়া কৰা স্বভাৱটোৰ বাবেই সি বহুতৰ চকুৰ কূটা।

ক্ষিতেশ্বৰৰ আৰু এটা বেয়া স্বভাৱ হ’ল মানুহটোৱে কথাই কথাই চন্দ্ৰৰ গাত হাত তোলে। বহুদিন চন্দ্ৰই তাৰ মাৰত ফাটি চিৰাচিৰ হোৱা পিঠিৰে ঘৰৰ ভিতৰৰ পৰা দৌৰ মাৰি কেইবাটাও পদূলি পাৰ হৈ যোৱা আমি দেখিয়েই থাকো। কিন্তু ক্ষিতেশ্বৰক বুজাবলৈ যাবলৈ আমাৰ কাৰোৰে সাহ নাই। মদ-পানী খাই অবাইচ মাত মাতি থকা মানুহটোক কোনেনো জোকাই ল’বলৈ ইচ্ছা কৰিব? ইফালে ভালপাই পলাই অহা চন্দ্ৰয়ো গিৰিয়েকটোকে পৰমেশ্বৰ বুলি ধৰি লৈ মাৰপিট সহি থাকে। ইচ্ছা কৰিলেও তাই একেখনে গাঁওতে থকা মাকৰ ঘৰলৈও এপাক যাব নোৱাৰে।

(২)
চন্দ্ৰ আৰু মই বাল্য বান্ধবী। এল.পি. স্কুলত চন্দ্ৰ আৰু মই একেলগেই পঢ়িছিলো। আচৰিত ধৰণে চন্দ্ৰই জোৰা- টাপলি মাৰি মাৰিয়েই ইটো ক্লাছৰ পৰা সিটো ক্লাছলৈ প্ৰমোচন পাইছিল। কিতাপৰ লগত তাইৰ আচলতে সম্পৰ্ক নাছিলেই। কিন্তু ক্লাছ-ৰূম ঝাড়ু দিয়া, পানীখোৱা ছুটিত দৌৰ মাৰি গৈ বাইদেউহঁতে চাহ কৰা কেটলিটো ফুটছাইৰে মাজি দিয়া, সৰস্বতী পূজাৰ দিনা কলপাত পেলোৱাৰ দৰে কামবোৰ তাই বৰ নিয়াৰিকৈ কৰি পেলায়। একে লগৰ মই তেতিয়া চুৱাপাত চুবলৈ ঘিণ কৰি দুটা আঙুলিৰে টেপা মাৰি কোনোমতে খিচিৰি খোৱা কলপাতখন দাঙি নিওঁ। ক’ৰবাৰ পৰা দৌৰি আহি চন্দ্ৰই মোৰ হাতৰ পৰা কলপাতখন কাঢ়ি নিজেই লৈ গৈ লিচুজোপাৰ কাষৰ পাত পেলোৱা জেগা ডোখৰত পেলাই দিয়েগৈ। মই তেতিয়া কৃতজ্ঞতাত গদ্ গদ্ হৈ যাওঁ। কিন্তু তাই মিচিকিয়াই কয় ‘পৰীক্ষাত দেখাবি নহ’লে ফেইল কৰিলে বাবাই ঘৰৰ পৰা খেদি দিব!’

সেইসময়ত টেলিভিছনত মাত্ৰ দুটাই চেনেল আছিল। দেওবাৰে দেওবাৰে বাঁহৰ এণ্টেনা পকাই মিঠুনৰ নহলে আমিৰ খানৰ চিনেমা চাওঁ। চন্দ্ৰই চিনেমাখন চাবলৈ আহিবলৈ বৰ আশা কৰে কিন্তু ঘৰত মাকক তাঁতশালত মহুৰা ফুৰাই তত্ নাপায়। দেওবাৰৰ দিনটোত আমাৰ ঘৰৰ মজিয়াত বস্তা পাৰি লৈ মানুহে চিনেমা চায়, তাৰ মাজে মাজে মায়ে তেওঁলোকক চাহ-তামোলৰ যোগান ধৰে। আমিবোৰে যেতিয়া নায়ক নায়িকাৰ গীত- নৃত্য উপভোগ কৰি থাকো তেতিয়া চন্দ্ৰই বাঢ়নিটাৰ লৈ চৰক্ চৰক্ কৈ চোতালৰ পৰা পদূলিলৈকে চোতাল সাৰে। বয়সতকৈ যেন চন্দ্ৰৰ কামবোৰ বেছি পুৰঠ, বেছি নিপুণ।

চন্দ্ৰৰ নামটোও আচলতে মইয়েই দিয়া। চন্দ্ৰৰ মাকে তাইৰ নামটো গুণপ্ৰভা বুলিহে এলপি স্কুলত লিখাই থৈ গৈছিল। আমি তৃতীয় শ্ৰেণীত পঢ়ি থকা সময়ৰ কথা। এদিন আমাৰ শ্ৰেণীৰ শ্ৰেণী শিক্ষয়িত্ৰী নীলিমা বাইদেৱে ৰোলকল কৰি অঁতাই গণিতৰ কিতাপ বহী মেলিবলৈ কৈছিলহে। মই মোৰ পিছৰ বেঞ্চত বহি থকা চন্দ্ৰলৈ চাই ক’লো, “তই তোৰ নামটো চন্দ্ৰপ্ৰভা লিখিবি আজিৰ পৰা।”

: কিয় ?
: এনেই। তোৰ লগত এইটো নামহে মিলে। মই দিয়া নামটো নিলিখিলে কিন্তু পৰীক্ষাত মই একো নেদেখাওঁ।

: বানানটো লিখি দে তেনে ?
“চন্দ্ৰপ্ৰভা”

মই মোৰ চিঞাহী কলমটোৰে তাইৰ বহীখনৰ ওপৰত নামটো এবাৰ লিখি তিনিবাৰ ফুৰাই দিলো যাতে নামটো ডাঠকৈ জিলিকি থাকে। সেই সময়ত আচলতে দূৰদৰ্শনত দুপৰীয়া সময়ত এখন ছিৰিয়েল দিছিল। নামটো আছিল “শান্তি”। শান্তিৰ চৰিত্ৰত অভিনয় কৰিছিল মন্দিৰা বেদীয়ে। শান্তিৰ কাহিনী কি আছিল কিবা বুজিব পৰাকৈ বয়সো হোৱা নাছিল আৰু প্ৰয়োজনো অনুভৱ কৰা নাছিলো। কিন্তু শান্তিৰূপী মন্দিৰা বেদীয়ে কপালৰ মধ্যভাগত লোৱা ওলোটা ধেনুকাড়ৰ দৰে ফোঁটটো আৰু বুদ্ধিদীপ্ত প্ৰখৰ চকুযুৰিৰ প্ৰতি ভীষণ দুৰ্বলতা অনুভৱ কৰিছিলো। চকুযুৰিয়ে যেন বহুত কথাই কৈ গৈছিল যিদৰে চন্দ্ৰৰ চকুযুৰিয়ে বহুত কথা কৈ যায়। মন্দিৰা বেদী আৰু চন্দ্ৰৰ কোনো মিল নাছিল। কিন্তু মই আচৰিত ধৰণে চন্দ্ৰ আৰু শান্তিক একাকাৰ কৰি পেলাইছিলো। ছিৰিয়েলৰ মন্দিৰা বেদীৰ দৰে ওলোটা ধনুকাড়ৰূপী ফোঁট এপেকেট পূজাত দোকান দিয়া হৰিখুৰাৰ দোকানৰ পৰা কিনিও আনিছিলো। মাত্ৰ লাজৰ কোবত কপালত লৈ মানুহৰ আগত ওলাবলৈ নোৱাৰি চন্দ্ৰকে এদিন দি দিছিলো। তাই বৰ আগ্ৰহেৰে ফোঁট পেকেট লৈ গৈছিল, যদিও গাৰ অনুজ্বল ৰঙটোৰ কাৰণে তাইৰ কপালত ফোটটোৱে অলপো শুৱাই তোলা নাছিল।

মই আচৰিত হৈছিলো তেতিয়াহে যেতিয়া চন্দ্ৰই নীলিমা বাইদেউক অনুৰোধ কৰি তাইৰ নামটো ৰেজিষ্টাৰ বহীত চন্দ্ৰপ্ৰভা বুলি শুধৰাই ল’লে। তাইৰ সৰলতাখিনিয়ে মোক মোহিত কৰিছিল। কিন্তু পিছলৈ এই অবোধ সৰলতাখিনিয়ে মোক অশান্তিও দিবলৈ ধৰিছিল। কিবা যেন জোখতকৈও তাই বেছিয়ে বুৰ্বক তাই। মোৰ দৰে মধ্যমীয়া মগজুৰ ছোৱালী এজনীকো তাই অনুকৰণ কৰিছিল। যি কথাই বাৰে বাৰে মোৰ বিবেকত খুন্দিয়াইছিল, যাৰ বাবে তাইৰ সন্মুখত নিজকে বাৰে বাৰে মই প্ৰমাণ কৰিবলগীয়া হৈছিল।

(৩)

নাযাওঁ বুলি ভাৱিও চন্দ্ৰৰ খবৰ এটা কৰাৰ পৰা নিজক বিৰত ৰাখিব নোৱাৰিলো। ঘৰত বাধা দিয়া স্বত্বেও মই চন্দ্ৰক এপাক হস্পিতালত গৈ খবৰ কৰি আহিলো। মই যাওঁতে চন্দ্ৰৰ গিৰিয়েকটো হস্পিতালৰ বিচনাত ওপৰমুৱাকৈ শুই আছিল। তাৰ কপালত, বাওঁহাতত, ডিঙিত এসোপামান বেণ্ডেজ। বেণ্ডেজৰ মাজেৰে বিৰিঙি থকা ক’লা পৰা তেজৰ চেকুৰা। মানুহটোৰ কোৱাৰিয়েদি বৈ আহি শুকাই থকা লেলাউটিৰ দাগ! আৰু চন্দ্ৰ!

তাই যেন একান্তই নিজৰ জগতৰ বাসিন্দা হৈ নিজৰ ভাৱসাগৰতেই ডুব গৈ আছে। প্ৰস্ৰাব কৰিবলৈ উঠিব নোৱাৰি হস্পিতালৰ বেডত ছটফটাই থকা গিৰিয়েকটোক আওকাণ কৰি খবৰ কৰিবলৈ অহা কোনোবাই আহোতে লগত লৈ অনা শুকাই টেটেৰা পৰা আপেল এটা কামুৰি কামুৰি খাই আছে। মুখত চিন্তাৰ সামান্যও চিন-মোকাম নাই। ক’ত কি ঘটিছে তাৰ প্ৰতি তাইৰ যেন কোনো ভ্ৰুক্ষেপেই নাই। পৰীক্ষা বহীত কপি কৰাৰ বিনিময়তে যিজনী ছোৱালীয়ে বান্ধবীয়ে খোৱা জুঠা কলপাত পেলাই কৃতজ্ঞতাৰ ঋণ পৰিশোধ কৰিছিল, সেইজনী চন্দ্ৰই নিজৰ গিৰিয়েকটো হস্পিতালৰ বিচনাত পৰি থাকোতেও নিৰ্বিকাৰ হৈ আছে। মই কিছু আচৰিত হ’লো যদিও চন্দ্ৰক কিবা এটা ক’বলৈ মনে নামানিলে।

: চন্দ্ৰ, ঐ চন্দ্ৰ!
: কোন? অ’ তইহে, আহ আহ৷
: কেনেকৈ কি হ’ল ক’চোন?
: কি ক’বি আৰু মোৰ ভাগ্য বুইছ’? মানুহটোক কোনোবাই কালি ৰাতি কাটি থৈ গ’ল৷
: কিন্তু কিয় আৰু কোনে?
: কোনে নাজানো৷ কালি ৰাতি মইনাহঁতৰ ঘৰত বিয়া খাই কাজিয়া লাগি আহিছিল। তাৰ পিছতে কোনোবাই বিচনাতে দুঘাপমান দি থৈ গ’ল৷
: ছেহ, বৰ বেয়া কথা হ’ল দে৷ তোৰ লগত পইচা-পাতি আছেনে?
: আছে, আছে৷
: কিবা সহায় লাগিলে ক’বলৈ লাজ নালাগিবি চন্দ্ৰ৷
: হ’ব দে৷ ডাক্তৰে বিশেষ একো নাই হোৱা বুলিয়ে কৈছে৷ চিন্তা কৰিবলগা একো নাই বোলে৷
: ভালহে তেনে৷ মই যাওঁ দে৷ অফিচৰ পৰাহে ওলাই আহিছো ময়ো৷
: উম, যা যা তই৷ আহিলি যে আমাৰ নিচিনা সৰু মানুহৰ খবৰ ল’বলৈ সেইটো ভাবিয়ে ভাল লাগিছে৷
: কিয় তেনেকৈ ক’লি চন্দ্ৰ? তইতো মোৰ পঢ়া দিনৰে বান্ধৱী৷
: হ’ব দে, তই যা এতিয়া৷

মই লগত নিয়া ফল-মূলৰ টোপোলাটো চন্দ্ৰলৈ আগবঢ়াই দিলো৷ তাই আথে-বেথে টোপোলাটো হাত পাতি ল’লে৷ চন্দ্ৰৰ ছোৱালীজনীয়েও তাইৰ চাদৰতে ধৰি কাষত থিয় দি আছে৷ তাইলৈ বুলি কেডবেৰিজ এটা আগবঢ়াই দিলো৷ তাইৰ চকু দুটা জিলিকি উঠিল৷ মই মন কৰিলো চন্দ্ৰৰ ছোৱালীজনীৰ চকুযুৰি তাইতকৈও বেছি সপ্ৰতিভ৷ কিবা যেন গভীৰ দুখত তিতি থকা এটা জীয়া কবিতা৷

হস্পিতালৰ পৰা ওলাই আহোতেই চন্দ্ৰৰ শাহুৱেকৰ মুখা-মুখি হলো৷ মানুহজনীক মোৰ একেবাৰেই সহ্য নহয়৷ হোৱাই-নোহোৱাই তাই চন্দ্ৰৰ কথা গিৰিয়েকটোক লগাই তাইক মাৰ খুৱাই বুলি গাঁওৰ সকলোৱেই জানে৷ আনহে নালাগে ক’ৰবালৈ গ’লেও তাই চন্দ্ৰৰ ব’ডিগাৰ্ড্ হৈ যায়৷ মই মানুহজনীক নমতাকৈ পাৰ হৈ আহিবলৈ বিচাৰিলো, কিন্তু তাই নিজেই মোক উপযাচি মাত লগালেহি৷ সৌজন্যতাৰ খাটিৰত সাধাৰণ দুই- এষাৰ কথা পাতিয়েই মই গুচি আহিলো৷

সন্ধিয়া চাহকাপ লৈ বাৰাণ্ডাত বহিবলৈ লওঁতেই মায়েও আহি ওচৰতে বহি ল’লেহি৷ চন্দ্ৰৰ গিৰিয়েকৰ কথা সুধিবলৈকে যে মা আহি বহিছেহি সেয়া ময়ো জানো৷

: চন্দ্ৰৰ গিৰিয়েকটো বোলে নাবাচে হয়নে?
: কোনে ক’লে?
: গাঁওৰ সকলোৱেই কৈছে তেনেকৈ৷
: ধেই, আজি মই চাই আহিছোগৈ৷ ভাল হৈছেই তাৰ৷ কাইলৈ মানে ৰিলিজেই দিব তাক৷
: তাক কোনে কাটিলে জান’ জানো?
: কোনে?
: ই, সেইদিনা বিয়াঘৰতে চন্দ্ৰক তাইৰ ভায়েকৰ আতৈয়েকটোৱে মাত লগাইছিল৷ বোলে বাইদে্উ, ভালে আছেনে?
: তাৰ পৰা
: চন্দ্ৰৰ গিৰিয়েকৰ কথা নাজান’ জানো৷সি সম্ভৱ দেখিলে৷ বিয়াৰ পৰা গৈ তাইক ঘৰত থৈয়ে সি আকৌ বিয়াঘৰ পালেহি৷ ল’ৰাটোক ৰাস্তালৈ মাতি আনি কাণে-মূৰে ভালকৈ দুঘোচা মান দি বুকু ফিন্দাই বৰ মতাটো যেন কৈ ঘৰলৈ গৈ শুই থাকিলগৈ৷
: তইনো এইবোৰ ক’ত গম পালি?
: আজি বিয়াঘৰত খবৰ এটা ল’বলৈ যাওঁতে শুনিলো৷ মানুহবোৰে তাকেই আলোচনা কৰি আছিল নহয়।
: মানুহবোৰৰো যে কাম নাই আৰু
: শুন আক’
: কচোন!
: ক্ষিতেশ্বৰ যোৱাৰ পিছতে দৰাৰ মোমায়েকটো আৰু সি কোবাই থৈ যোৱা ল’ৰাটো সিহঁতৰ ঘৰ ওলাইছিলগৈ৷ চন্দ্ৰৰ লগত তৰ্কও চলিছিল যিহেতু গোটেইমখাই মদ খাই ক’ব নোৱাৰা হৈ গৈছিল৷ সিহঁতেই কিজানি তাক কাটিলে হ’ব পায়৷
: উম, হ’বও পাৰে৷ কিন্তু চন্দ্ৰইতো তেনেকৈ কোৱা নাই৷
: আজি পুলিছেও ইহঁতক সোধা- পোছা কৰিবলৈ থানালৈ লৈ গৈছে৷
: এহ্ হয় নেকি?
: চন্দ্ৰলৈহে বেয়া লাগে অ’ মোৰ৷ বেচেৰীজনী! ভাল পাই পলাই গৈ এতিয়া পচিছেগৈ সেই মদাহীটোৰ লগত৷ হ’ব দে, এতিয়া মই ভাত ৰান্ধোগৈ৷

সেইদিনা ভাতৰ পাততো চন্দ্ৰৰ বেঙা চকুযুৰিয়ে মোক বৰকৈ আমনি কৰি থাকিল৷ ৰঙালাওৰ ভাজিখন দেখিয়ে মোৰ চকুযোৰ সেমেকি গৈছিল৷ চন্দ্ৰই ৰঙালাও খাই বৰ ভাল পায়৷ সৰস্বতী পূজাৰ দিনা তাই দুহেতামান ভাজি খুজি খুজি খায়৷ তাইক কলপাতখনত আঙুলিৰে চুঁচি- মাজি খোৱা দেখিলে এনেকুৱা লাগে, সঁচাই যেন বৰ অমৃত ভোজনহে তাই কৰিছে৷ অথচ সানমিহলি বতৰৰ পাচলিৰে বনোৱা সাধাৰণ ৰঙালাউ ভাজিখনত মই বৰ-বেছি সোৱাদ বিচাৰি নাপাইছিলো৷ পিছলৈ কিন্তু চন্দ্ৰৰ দৰেই আঙুলি চুপি খাবলৈ চেষ্টা কৰি চায়ো পৰা নাছিলো৷

(৪)

: অ’ মা
: কি হ’ল? ইমানকৈ কিয় চিঞৰিছনো?
: চন্দ্ৰৰ গিৰিয়েকটোক ঘৰলৈ আনিলেনে নাই অ’?
: ঘৰ সোমায়েই আজি সেইটোলৈ মনত পৰিল যে?
: নহয় অ’ এনেই জানিবলৈহে সুধিছো৷
: কালিয়ে আনিলে৷ মইনাৰ মোমায়েকৰ পৰাই পুলিছে তাৰ হস্পিতালৰ খৰছ উলিয়াই দিলে নহয়৷
: ভালেই হৈছে৷

চাহকাপ খাবলৈও মই নৰ’লো সেইদিনা৷ চন্দ্ৰৰ খবৰ এটা লৈ আহোগৈ বুলি খৰধৰকৈ ওলালো৷ মায়ে দুবাৰমান পিছফালৰ পৰা চিঞৰিছিল কিন্তু মই গুৰুত্ব নিদিলো৷

চন্দ্ৰৰ ঘৰৰ পদূলিমূখ পাওঁতেই তাইৰ শাহুৱেকৰ ডাঙৰ মাতটো কাণত পৰিলহি৷ তাৰ পিছতহে ভাবিলো৷ মই হয়তো এইসময়ত তাইৰ ঘৰলৈ যোৱাটো উচিত নহবয়ে কিজানি৷ ক্ষিতেশ্বৰৰ কিন্তু আজি আন দিনাৰ দৰে মাতবোল নাই৷ আনদিনা হোৱা হয়, ইমান সময়ে চন্দ্ৰৰ পিঠিত চৰটো নহ’লে গোৰটো পৰিলেহিয়ে হয়৷ সিতো ঘৰৰ চোতালত চাইকেলৰ চকাৰ চিন দেখিলেও তাইৰ পিঠি উখহি যোৱাকৈ পিটা মানুহ৷ তাৰ পিছতে তাই চিঞৰত গগন ফালি গাঁওৰ ৰাস্তাৰে দৌৰি দৌৰি কান্দি লৰ মাৰিব৷ সন্ধিয়া সময়ত আকৌ ক্ষিতেশ্বৰে কিনি অনা বাদাম ভজা গলিয়াই গলিয়াই দুয়োটাই চাহ খাব৷ এয়া সিহঁতৰ দৈনন্দিন চলি থকা নাটক৷

সেইদিনা আচলতে চন্দ্ৰৰ ঘৰলৈ নগৈ মই ভালেই কৰিলো৷ বিচনাত কেঁকাই কেঁকাই দুমাহমান পৰি থকা গিৰিয়েকটোৰ স্বভাৱৰ আজিকালি পৰিবৰ্তন হ’ল৷ আগৰ দৰে চন্দ্ৰক মাৰধৰ নকৰে৷ তায়ো দুই-তিনিঘৰ পাৰ হৈ যোৱাকৈ চিঞৰি কান্দিবলগীয়া নহয়৷ চন্দ্ৰৰ কথা ভাবি সুখী হ’লেও মই যেন কথাষাৰ স্বীকাৰ ল’বলৈ অপাৰগ হৈছিলো৷ তেনেকুৱাতে এদিন চন্দ্ৰক লগ পালো৷ এমোকোৰা হাঁহিৰে তাই মোক দেখি দূৰৰ পৰাই মাত লগালে৷

তাইৰ লগত কথা পাতি বুজিলো, মানুহটোৰ এই পৰিবৰ্তনত তাই ভীষণ সুখী৷ ভাৰতীয় নাৰীৰ মূল্যবোধেৰে ডাঙৰ হোৱা ছোৱালীজনীয়ে গিৰিয়েককে ভগৱান বুলি মানি আহিছে৷ অথচ সেইটো মানুহেই তাইক মানুহৰ শাৰীতো মৰ্যাদা দিব নিবিচাৰে৷ কিন্তু আজিকালি তাই সুখী৷ মানুহটোৱে তাইক মৰম কৰে৷ পিটিবলৈও এৰিলে, এতিয়া তাই গাৱৰ মানুহৰ আগত আগৰ দৰে লাজ পাব নালাগে৷ দুয়োটাই সাপ্তাহিক বজাৰলৈ একেলগে গৈ বজাৰ কৰে৷ আহোতে ক্ষিতেশ্বৰে তাইক চাইকেলৰ কেৰিয়াৰত বহুৱাই আনে৷

ক্ষিতেশ্বৰৰ এই পৰিবৰ্তনৰ আঁৰতো যে চন্দ্ৰই থাকিব পাৰে সেয়া হয়তো মোৰ দৰে কোনেও বিশ্বাস নকৰিব৷ চন্দ্ৰলৈ সি আজিকালি ভয় কৰে৷ সমীহ কৰে৷ কিন্তু আগতকৈ বেছি ভালপায়৷ নিজৰ সংসাৰখনৰ সামান্যও দায়িত্ব বুজি নোপোৱা ক্ষিতেশ্বৰে আজিকালি ব্ৰয়লাৰৰ দোকানত মাংস কাটে৷ সন্ধিয়া হ’লে জুৱা খেলি, মদ খাই কাজিয়া কৰা মানুহটোৱে আজিকালি তাইক পাকঘৰত সহায় কৰি দিয়ে৷

আচলতে সেইদিনা বিয়াঘৰৰ পৰা গৈ ক্ষিতেশ্বৰে তাইক কেঁচা মজিয়াত পেলাই লৈ গচকি গচকি পিটিছিল৷ এনেও বহুদিনৰ খং আৰু শাৰীৰিক অত্যাচাৰে তাইক সাহসী কৰি তুলিছিল৷ কিন্তু শাহুৱেকৰ পৰা শিকি বুজি লোৱা নিয়মবোৰে তাইক প্ৰতিবাদ কৰিব নোৱাৰাকৈ ডিঙি চেপি ৰাখিছিল৷ সেইদিনা কিন্তু এই মাৰধৰ আৰু কাজিয়াই চৰম পৰ্যায় পাইছিলগৈ যেতিয়া ক্ষিতেশ্বৰে নিজৰ ঔৰসজাত কন্যাক কাৰ পাপ আনি ঘৰ সোমোৱালিহি বুলি তাইৰ ডিঙিটো চেপা মাৰি ধৰি বেৰত অফলিয়াই দিছিল৷

ধৈৰ্য হেৰাই গৈছিল তাইৰ৷ প্ৰতিবাদ কৰিবলৈ তাইৰ জন্মৰ পৰাই সাহস নাছিল৷ তেনে? কি কৰিব তাই? স্বামী হ’ল বুলিয়েই কি নিজৰ চৰিত্ৰৰ পাপ খোঁচৰা পুৰুষ এজনৰ লগত সহবাস কৰাই এগৰাকী নাৰীৰ জীৱন! নাই, চন্দ্ৰৰ দৰে দুৰ্বল নাৰীয়ে কৰিবই বা পাৰে কি? স্বামীক বৰ্জন কৰাৰ দৰে পাপ কৰিবলৈও তাইৰ অশিক্ষিত জীৱন আৰু একমাত্ৰ সন্তানৰ ভৱিষ্যতে বাধা দিয়ে৷

তেনেতে দৰ্জাত কোনোবাই ঢকিয়ালেহি৷ ইতিমধ্যে ক্ষিতেশ্বৰে মদৰ নিচাত বিচনাত ঢলি পৰিছে৷ তাই ভয়ে ভয়ে দৰ্জাখন খুলি দিলেগৈ৷ বিয়াঘৰৰ পৰা যোৱা দুজনমান মানুহে তাইক অকথ্য গালি গালাজ কৰি ওলাই আহিল৷ ক্ষিতেশ্বৰক য’তেই পাব, কোবাই মূৰ ফালিব বুলিও ধমকি দি আহিল। অলপ আগতে মাৰ খাই চকুপানীও নুশুকুৱা মানহজনীৰ ধৈৰ্যৰ পৰীক্ষা লৈ লৈ যেন ভাগ্যই তাইকেই ভ্ৰুকুটি কৰিছে। তাইৰ মূৰৰ তাঁৰকেইডাল তেতিয়ালৈ আৰু জেগাত নাছিল। ক্ষিতেশ্বৰক মুখৰ ভিতৰতে শাহুৱেকে নুশুনাকৈ গালি পাৰি পাৰি বিচনাৰ তলৰ পৰা বেঁকা দাখন উলিয়াই আনি দুঘাপ মাৰি দিলে। তাই এনেকৈ ঘপিয়ালে যাতে ক্ষিতেশ্বৰ মৰিও নাযায় ঘুণীয়াও নহয়। কিন্তু কিছুদিনলৈ যাতে বিচনাতে পৰি থাকিবলগীয়া হয়।

ঘাপকেইটা মাৰিয়েই তাই টেটুফালি চিঞৰি শাহুৱেকক মাতিলে। তাৰ পিছত কান্দি কান্দি ওচৰৰ মানুহ গোট খুৱাই ৰাতিয়েই মানুহটোক মেডিকেললৈ লৈ গ’ল। পুলিছত কেছ দি বিয়াঘৰৰ আত্মীয় মানুহ দুটাৰ পৰা হস্পিতালৰো খৰছ উলিয়াই ল’লে। অৱশ্যে সেইদিনাৰ পৰাই তাইৰ মানুহটো ঠাণ্ডা হ’ল। মানুহৰ লায়েকৰ মানুহ হ’ল। তাইৰ হাতৰ কুচিয়া মাছৰ জোল খাই খাই গাৰ শকতি ঘূৰাই আনি কোনসতেনো তাইৰ পিঠিত ঔফুল ফুলাবলৈ সাহস কৰিব পাৰে। হয়তো সিও বুজি পাইছে, চন্দ্ৰৰ দৰে নিমাখিত প্ৰাণীৰো সহ্যৰ একোটা সীমা আছে।

মই বুৰ্বক বুলি ভাৱি অহা চন্দ্ৰজনীও দেখোন সময় সাপেক্ষে দুৰ্গাৰ ৰূপ ল’ব পৰাকৈ সাহসী নাৰী।
সময় সলনি হ’ল। আজিকালি চন্দ্ৰই মাকৰ ঘৰলৈ আহিলে কোনেও বাধা নিদিয়ে। তাইৰ বডিগাৰ্ড হৈ শাহুৱেকজনী আঠা লাগি নাহে।■■

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
2 years ago

বৰ ভাল লাগিল পঢ়ি বা

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক