চন্দ্ৰপ্ৰভা শইকীয়ানী : দেশৰ মুক্তি সংগ্রামৰ এগৰাকী পূজনীয় নেত্রী (কুশল হালৈ)

(১৬ মার্চ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম আৰু মৃত্যু তিথি উপলক্ষে)

 

চন্দ্রপ্রভা শইকীয়ানী, হ’ল নাৰী মুক্তি আন্দোলনৰ দুঃসাহসিনী নায়িকা। নাৰীমুক্তি আৰু সামাজিক সংস্কাৰৰ বাবে নিজৰ জীৱন উচৰ্গা কৰা চন্দ্ৰপ্ৰভা শইকীয়ানী অসমীয়া জাতীয় জীৱনৰ এক বিৰল ব্যক্তিত্ব| তেঁও একেৰাহে এগৰাকী স্বাধীনতা সংগ্ৰামী, সমাজসেৱী আৰু সাহিত্যসেৱী। অসমীয়া সমাজত নাৰীৰ সন্মান তথা মৰ্যদা ৰক্ষাৰ বাবে আগভাগ লৈছিল। অসমত নাৰী আন্দোলন আৰু সংগঠন গঢ়ি তোলা এই গৰাকী মহিয়সী নাৰীৰ জন্ম হৈছিল ইতিহাস প্রসিদ্ধ বজালী অঞ্চলৰ দৈশিঙৰী গাঁৱত ১৯০১ চনৰ ১৬ মার্চত।
শিক্ষাৰ প্রতি চন্দ্ৰপ্ৰিয়াই ধাউতি বৰ আছিল। দৈশিঙৰীত পাঠশালা বিদ্যালয় নাছিল বাবে ভালুকী গাঁওৰ মাহীয়েকৰ ঘৰত থাকি প্ৰাথমিক বিদ্যালয়ৰ পঢ়া-শুনা কৰিবলৈ দিয়া হৈছিল। মাহীয়েকৰ ঘৰত থাকি স্কুলত পঢ়ি ৰূপকৰ পদকেৰে সন্মানিত হৈ প্রাথমিক পৰীক্ষাত উত্তীর্ণ হৈ ঘৰলৈ ঘূৰি আহে। ইয়াৰ পাছত মজলীয়া বিদ্যালয়ৰ পঢ়াৰ বাবে বহুদূৰ বাটকুৰি বাই গৈছিল ভনীয়েক ৰামেশ্বৰীৰ সৈতে কঁঠালমূৰীৰ ল’ৰাৰ এম.ভি. স্কুলত পঢ়িবলে। ১৯১৪ চনত তেঁওৰ ঘৰৰ পৰা যথেষ্ট দূৰত প্রথম স্ত্রী-শিক্ষাৰ স্কুল পাতি নাৰী শিক্ষাৰ বাবে জাগৰন আনিবলৈ সমর্থ হৈছিল। এই স্কুলখনেই চন্দ্রপ্রভাৰ জীৱনৰ গতি সলনি কৰি দিলে। এদিন বিদ্যালয় পৰিদর্শক স্বর্গীয় নীলকান্ত বৰুৱাই স্কুলখন পৰিদর্শন কৰিবলৈ আহি এই অমিত সাহসী, শিক্ষাৰ প্রতি অসীম ধাউতি থকা ছোবালীজনীক ভনীয়েকৰ সৈতে নগাঁৱৰ মিশ্যন স্কুলত হোষ্টেলত থাকি পঢ়াৰ ব্যৱস্থা কৰি দিলে আৰু দুয়োকে দুটা জলপানি দিয়াৰো ব্যৱস্থা কৰি দিলে (১৯১৫ চন)।
সমাজত নাৰীৰ অৱনমিত দুৰাৱস্থা দেখি তেখেতৰ নাৰী সত্ত্বা বিদ্রোহী হৈ উঠিছিল। নাৰীৰ মনত সমাজ সচেতনতা আৰু নিজক উন্নীত কৰাৰ মনোভাব জাগৰিত কৰিবলৈ অহৰহ চেষ্টা চলাই নিজেই উদাহৰন দেখুবাইছিল। বিদ্রোহৰ সেই বহ্নিশিখা চন্দ্রপ্রভাই জ্বলাই লয় স্কুলীয়া জীবনতে। নগাঁও মিশ্যন স্কুলত পঢ়ি থাকোতে স্কুল কর্তৃপক্ষই এজনী গাঁৱৰ দুখীয়া হিন্দু ছাত্রীক নিজৰ ধর্ম সলনি কৰিবলৈ বিচৰাত ছোৱালীজনী মান্তি নোহোৱাত তেঁৱক ছাত্রীনিবাসৰ এটা ভঁৰালৰ আবর্জনাপূর্ণ কোঠাত থাকিবলৈ দিয়াত চন্দ্রপ্রভাই নিবাসৰ ছাত্রীসকলক একগোট কৰি বিদ্যালয় কর্তৃপক্ষই কৰা এই অন্যায়ৰ প্রতি তীব্র প্রতিবাদ কৰিল আৰু ৰাজহুৱা আন্দোলনৰ ভাবুকিত বিদ্যালয় কর্তৃপক্ষই সেও মানি ছোৱালীজনীক নিবাসত ছিট দিবলৈ বাধ্য হৈছিল। এয়াই আছিল চন্দ্রপ্রভা শইকীয়ানীৰ অন্যায়ৰ বিৰুদ্ধে প্রথম বিদ্রোহ।
নগাঁও মিশ্যন স্কুলৰ পৰা নর্মাল ট্রেইনিং পাছ কৰি চন্দ্ৰপ্ৰভাই ১৯১৮ চনত তেজপুৰৰ এখন মজলীয়া স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী পদত নিযুক্ত হয়। তেজপুৰত তেঁও জ্যোতিপ্রসাদ আগৰৱালা, অমিয় কুমাৰ দাস, চন্দ্রনাথ শর্মা, কালীচৰণ ভট্টচার্য, লক্ষ্মীধৰ শর্মা প্রমুখ্যে এচাম শিক্ষিত, ৰাজনৈতিক আৰু সমাজকর্মী যুৱকসকলৰ লগত চিনাকি হৈ পৰি অসীম কর্মপ্রেৰণা লাভ কৰিলে।
১৯১৮ চনত তেজপুৰত অনুষ্ঠিত হোৱা ‘অসম ছাত্র সন্মিলন’ৰ চতুর্থ অধিবেশনত ১৭ বছৰীয়া চন্দ্রপ্রভাই কানি খোৱা নিষিদ্ধ কৰিবলৈ দাবী তুলি এক ওজস্বী বক্তৃতা দিছিল। ১৯১৯ চনত বৰপেটাৰ কীর্ত্তন ঘৰত নীচ জাতৰ লোকসকলৰ প্রৱেশৰ অধিকাৰ দিয়াৰ দাবী তেঁও উথ্বাপন কৰিছিল আৰু এই ক্ষেত্রত সফলো হৈছিল। অসম সাহিত্য সভাৰ বৰপেটা অধিবেশন (১৯১৯ চনত) চন্দ্ৰপ্ৰভা বাইদেউ প্রতিনিধি নির্বাচিত হৈ অস্পৃশ্যতা আৰু জাতিভেদৰ বিৰুদ্ধে অগ্নিময় বক্তৃতা দি বিভিন্ন শ্রোতাৰ লগতে অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী প্রমুখ্যে বহুকেইজন স্বাধীনতা সংগ্রাীমীক মুগ্ধ কৰিছিল। ইয়াৰ উপৰিও প্রথমবাৰলৈ সভাৰ মঞ্চৰ পৰা এগৰাকী মহিলাই ‘কীর্ত্তন ঘৰ’ত নাৰীৰ প্রবেশাধিকাৰ নথকা কথাটোৰ তীব্র প্রতিবাদ কৰি ধর্ম আৰু সামাজিক ক্ষেত্রত প্রথম প্রতিবাদ সাব্যস্ত কৰিছিল।
অস্পৃশ্যতাৰ বিৰুদ্ধে তেঁৱৰ প্রথম বিদ্রোহ আৰম্ভ হয় দৈশিঙৰী গাঁৱৰ ওচৰৰ কালজিৰাপাৰা গাঁৱত। সেই গাঁৱৰ কীর্ত্তনঘৰৰ ওচৰত থকা লোকেল বোর্ডৰ পকী কুঁৱাটিত পানী তোলাৰ অধিকাৰ নাছিল নিন্মজাতৰ লোকসকলৰ, কাৰণ সেই কুঁৱাটিৰ পানীৰে কীর্ত্তন ঘৰৰ কাম কৰা হয়। চন্দ্রপ্রভাই দৃঢ়তাৰে এই বৈষম্যৰ প্রতিবাদ জনালে। প্রতিবাদী চন্দ্রপ্রভাৰ দৃঢ়তাৰ ওচৰত সেও মানি এই প্রথা নাইকীয়া কৰিলে সংশ্লিষ্ট লোকসকলে।
১৯২১ চনত তেজপুৰত বহা অসম এছ’চিয়েছনৰ অধিবেশনত চন্দ্রনাথ শর্মাৰ অনুৰোধত চন্দ্রপ্রভাই এটা ৰাজহুৱা বক্তৃতা দি সকলোৰে মন মুহিছিল। ১৯২১ চনত গান্ধীজীয়ে অসম ভ্রমণলৈ আহিছিল। তাতেই চন্দ্ৰপ্ৰভাই গান্ধীজীৰ সান্নিধ্য লাভ কৰিবলৈ সুযোগ পাই।
তেজপুৰৰ তৰুণ কবি সাহিত্যিক, সমাজকর্মী, স্বদেশপ্রেমী, জাতীয়তাবাদী ডেকা দণ্ডীনাথ কলিতাৰ সৈতে চন্দ্রপ্রভাৰ গন্ধর্ব প্রথা মতে বিয়া হৈছিল। ফলত চন্দ্রপ্রভাই “কুমাৰী মাতৃত্ব” গ্রহণৰ দায়িত্ব ল’ব লগাত পৰিল। দুয়োৰে মাজত বৈধ মিলনৰ একমাত্র বাধা আছিল সমাজৰ ৰক্ষণশীলতা, জাত-কুলৰ বিচাৰ। সেই সময়ত জাত-কুলৰ প্রথা ভঙা যিদৰে কঠিন, তাতোকৈও কঠিন আছিল ‘কুমাৰী মাতৃত্ব’ৰ সামাজিক স্বীকৃতি।
চন্দ্ৰপ্ৰভা শইকীয়ানী চাইকেল চলোৱা অসমৰ প্ৰথম মহিলা আছিল।
১৯২৫ চনত নগাঁওত ঔপন্যাসিক ৰজনীকান্ত বৰদলৈৰ সভাপতিত্বত অসম সাহিত্য সভাৰ অষ্টম অধিবেশন বহিল। সেই সভাত মহিলাৰ বাবে বাঁহৰ পর্দাৰ (চিক) আঁৰত বহাৰ ব্যৱস্থা কৰাৰ বিৰুদ্ধে সেই সভাত জ্বালাময়ী বক্তৃতা দি সিংহিনীৰ দৰে গর্জি উঠিছিল চন্দ্রপ্রভা। তেঁৱৰ উদাত্ত আহ্বানত বাঁহৰ পর্দা ভাঙি সকলো মহিলা হুৰমূৰকৈ বাহিৰলৈ ওলাই আহিছিল। এইদৰেই অদম্য সাহসী, বাগ্মী নাৰীগৰাকীয়ে নাৰীসমাজক নিজৰ অধিকাৰৰ সম্বন্ধে সচেতন কৰি তুলিবলৈ সক্ষম হৈছিল।
সাংগঠনিক দিশটো চন্দ্রপ্রভা শইকীয়ানী দক্ষ আছিল। ১৯২৬ চনত ধুবুৰীত হোৱা অসম সাহিত্য সভাৰ অধিবেশনত সভাপতি বেনুধৰ ৰাজখোবা আৰু কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ উৎসাহত চন্দ্রপ্রভা বাইদেউয়ে কেবাগৰাকী বিশিষ্টা মহিলাক লৈ ধুবুৰী বিজনী হলত “অসম মহিলা সমিতি”ৰ জন্ম দিলে। যি সময়ত আমাৰ নাৰী সমাজ ঘৰৰ চাৰিবেৰৰ মাজতে সীমাবদ্ধ আছিল, তেনে সময়তে শইকীয়ানী বাইদেউৱে যিদৰে মহিলা সংগঠন গঠন কৰি মহিলাক নিজৰ অস্বিত্ব ৰক্ষাৰ বাট দেখুৱালে। জাতিৰ পিতা মহাত্মা গান্ধীৰ আদর্শক মর্মে মর্মে উপলদ্ধি কৰি সামাজিক, ৰাজনৈতিক আৰু অর্থনৈতিক সমতা আনিবলৈ গঠনমূলক দিশ নির্ণয় কৰি গাঁৱে-ভূঞে, চহৰে-নগৰে, পাহাৰে-পর্বতে নাৰী সংগঠন কৰি একতাৰ ডোলেৰে অসম প্রাদেশিক মহিলা সমিতিৰ অন্তর্ভূক্ত কৰি লোৱাটো সাধাৰণ কাম নাছিল। ভাৰতবর্ষৰ অইন অইন ৰাজ্যসমূহত ইতিমধ্যে শিক্ষাৰ দিশত, সমাজসেৱাৰ দিশত তথা স্বতন্ত্র আন্দোলনত যথেষ্ট সংখ্যক মহিলা জড়িত হৈ পৰিছিল। কিন্তু এই দিশত অসম একেবাৰে পিছপৰি আছিল, যি কাম চন্দ্রপ্রভা শইকীয়ানীৰ দূৰদৃষ্টিৰ দ্বাৰা সম্ভৱপৰ হ’ল। আন্দোলনৰ ভেটী তৃণমূললৈকে জগাই তুলিবলৈ পুৰুষৰ সমানে সমানে অসমৰ গাঁৱে-ভূঞে, চহৰে-নগৰত অগ্নিময়ী বক্তৃতাৰে ৰক্ষণশীলা নাৰীসমাজক স্বাধীনতাৰ যুদ্ধক্ষেত্রলৈ উলিয়াই আনিবলৈ সক্ষম হৈছিল।
১৯২৬ চনত মহাত্মা গান্ধী আহ্বানত পাণ্ডুত বহা নিখিল ভাৰত কংগ্রেছ মহাসভাত চন্দ্রপ্রভাই যোগ দিয়ে। অসহযোগ আন্দোলনত যোগ দি কংগ্রেছত কাম কৰা বাবে আৰু গান্ধীজীৰ বাণী প্রচাৰ কৰাত বৃটিছ চৰকাৰে তেঁৱক বাধা দিয়াত চন্দ্রপ্রভা বাইদেউৱে শিক্ষয়িত্রীৰ চাকৰিকে এৰি দিছিল।
১৯২৯ চনৰ ঐতিহাসিক লাহোৰ কংগ্রেছ অধিবেশনত ভাৰতীয় জাতীয় কংগ্রেছে পূর্ণ স্বৰাজৰ প্রস্তাৱ গ্রহণ কৰাত দেশজুৰি আন্দোলন চলিল। এই আন্দোলনত ১৯৩০ চনৰ ৯ জানুৱাৰীত চন্দ্রপ্রভা শইকীয়ানী বাইদেউও বন্দী হৈ তিনি মাহৰ বাবে কাৰাবাস খাটিবলগীয়া হ’ল।
১৯৪২ চনৰ ৮ আগষ্ট ভাৰত ত্যাগ আন্দোলন দেশব্যাপি আৰম্ভ হ’ল। এই আন্দোলনত চন্দ্রপ্রভাৰ নেতৃত্বত বজালী অঞ্চলত মহিলাসকলে বন্ধ ঘৰৰ পৰা ৰাজপথলৈ ওলাই আহি স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিল। একে চনৰে ৮ অক্টোবৰত প্রায় দহ হেজাৰ মহিলাই শোভাযাত্রা কৰি পাটাছাৰকুছি থানাত উপস্থিত হোৱাত পুলিচে ছত্রভংগ কৰিবলৈ যত্ন কৰি বিফল হয়। মহিলা সকলে জাতীয় সংগীত গাই থানাত পতাকা উত্তোলন কৰে।
কামৰূপৰ বিভিন্ন অঞ্চলত মহিলা সংগঠনসমূহক সক্রিয় আৰু শক্তিশালী কৰা চন্দ্রপ্রভা শইকীয়ানীয়ে ১৯৪৩ চনৰ ২৬ জানুৱাৰীত পাঠশালাৰ হৰিমন্দিৰ প্রাংগনত স্বাধীনতা দিৱস পালন কৰিবলৈ বাচি লৈছিল, কাৰণ সেই সময়ত ৰাজহুৱা সভা পতাৰ নিষেধাজ্ঞা আছিল। প্রায় এহেজাৰৰো অধিক মহিলা সমবেত হৈ পতাকা উত্তোনক কৰা কার্যক বাধা দিবলৈ গৈ মন্দিৰৰ ভিতৰত সশস্ত্র পুলিচৰ দল লৈ চন্দ্রপ্রভা শইকীয়ানী বাইদেউৱেক গ্রেপ্তাৰ কৰি থানালৈ লৈ আহে।
১৯৪৮ চনত গান্ধীজীৰ মৃত্যুৰ অষ্টম দিনত বিশেষ কার্যসূচী হিচাপে হাজোৰ মাধৱ মন্দিৰত সকলো শ্রেণীৰ লোককে প্রৱেশৰ অধিকাৰ আদায় কৰে।
কঠোৰ বাস্তৱতাৰ লগত সংগ্রামৰত অৱস্থাতো তেঁৱৰ কলম স্তব্ধ হোবা নাছিল। ১৯২৯ চনত প্রকাশিত ‘আৱাহন’ত “আকুল পথিক” নামৰ গল্পটোৰ উপৰি ১৯৪৭ চনত ‘আৱাহন’ৰ চতুর্দশ বছৰৰ নৱম সংখ্যাত “দৈবজ্ঞ দুহিতা” নামৰ আলোড়ণকাৰী গল্পটো প্রকাশ হৈছিল। ইয়াৰ বাহিৰে মহিলা আলোচনী ‘ঘৰ জেউতি’ত বহুটো চিন্তাশীল, নাৰী আৰু সমাজ সম্পর্কীয় লিখনি প্রকাশ পাইছিল। বাঁহী, চেতনা, মিলন, অসমীয়া আদি সমসাময়িক সকলো ধৰণৰ পত্রিকাতে প্রবন্ধ, কবিতা আদি লিখিছিল। ১৯৩৭ চনত তেখেতৰ প্রথম উপন্যাস “পিতৃ ভিঠা” নিজৰ সাঁচতীয়া টকাৰ লগতে জয়ন্তী আর্ট প্রেছৰ স্বত্বাধিকাৰী আৰু পৰিচালকৰ সহায়ত প্রকাশ হৈছিল। কিন্তু উপন্যাসখন পাঠকসমাজে নোলোৱাত তেঁৱৰ পৰবর্ত্তী উপন্যাস ‘গৌৰী শংকৰ’, ‘অপৰাজিতা’, ‘ঘৰ জোঁবাই’, ‘বিয়াৰ বিষ’ আদি হাতেলিখা অৱস্থাতে পৰি ৰ’ল।
তেঁও নাৰীসকলৰ মাজত গণ-চেতনা জগাই তুলিবলৈ ‘অভিযাত্রী’ সম্পাদনা কৰিছিল। ইয়াত তেঁৱৰ লেখনিৰ মাজত নাৰীবাদী আদর্শৰ প্রতিফলন ঘটিছিল। তেঁও নাৰীমুক্তি আৰু সামাজিক সংস্কাৰৰ বাবে লিখিছিল।
চন্দ্রপ্রভা শইকীয়ানীৰ চৰিত্রৰ এটি উজ্জ্বল দিশ আছিল আদর্শৰ প্রতি নিষ্ঠা। যিবোৰ কামে দেশ, সমাজ তথা দহৰ উন্নতি সাধিব পাৰে তেনে কামৰ বাবে তেঁও সকলো বাধা অতিক্রম কৰি সমাধান কৰিবলৈ অহোপুৰুষার্থ কৰিছিল।
শইকীয়ানী বাইদেউৱে গভীৰভাবে অনুধাৱন কৰিছিল যে শিক্ষা, প্রকৃত জ্ঞান আৰু সমাজসেৱা অবিহনে দেশৰ সমস্যাৰাজিৰ মূল কেৰোণ আঁতৰোৱা টান। সেয়েহে তেঁও নাৰীসমাজৰ এনে দিশসমূহত সজাগ কৰি তুলিবলৈ যি আদর্শ দেখুৱাই গ’ল সেয়া চিৰস্মৰণীয় হৈ ৰ’ব।
মানবীয় অধিকাৰ সাব্যস্ত কৰিবলৈ ৰাজনীতিত নাৰীৰ সক্রিয় অংশগ্রহণত প্রাধান্য দি নিজে নির্বাচনত প্রতিদন্দ্বীৰূপে থিয় দিছিল আৰু আন আন মহিলাকো এই ভুমিকাত অবতীর্ণ কৰাইছিল। তেঁৱৰ প্রচেষ্টাত স্বাধীন ভাৰতত প্রথমবাবৰ বাবে অসমৰ মহিলাক কংগ্রেছ দলে মনোনয়ন দিবলৈ বাধ্য হৈছিল। ১৯৫৭ চনত তেঁও বজালীৰ পৰা প্রার্থী হৈ নির্বাচনত ঠিয় দিছিল কিন্তু নির্বাচন ৰণত তেঁও জিকিব নোৱাৰিলেও দেশৰ কামৰ পৰা বিৰত নাথাকিল।
চন্দ্রপ্রভা শইকীয়ানী আছিল এটা যুগৰ সংগ্রামী সত্ত্বা। নির্যাতিতা, অবহেলিতা, লাঞ্ছিতা, অপমানিতা মহিলাসকলক উদ্ধাৰ কৰি মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ প্রদান কৰাটোৱে আছিল চন্দ্রপ্রভা জীৱনৰ আকাংখ্যা, মূলমন্ত্র।
বৈষম্যপূর্ণ সমাজ জীৱনত বৈপ্লবিক বাতাবৰণ সৃষ্টি কৰাৰ সাধনাত তেঁও জীৱন উৎসর্গা কৰিছিল। জীৱনজোৰা কর্মৰ সাধনাৰে তেঁও এই ব্রতত অলৰ-অচৰ আছিল। তেঁও আছিল অপৰাজেয় অপৰাভূত এক নাৰী। যিগৰাকীয়ে ৰক্ষণশীলতাক নেওচি সমাজৰ বুকুত ভৰি দিছিলহি নাৰীৰ সম-মর্যদা আৰু সম-অধিকাৰৰ দাবী প্রতিপন্ন কৰাৰ হেতুকে। নাৰীৰ অধিকাৰবোধৰ, ব্যক্তিত্ববোধৰ দাবী প্রতিপন্ন কৰাটোৱে হ’ল তেঁৱৰ জীৱনৰ যেন কঠোৰ কর্তব্য। চন্দ্রপ্রভাৰ আচৰণ-বিচৰণ, কথন-বচন, লেখন ভাষণত পৰিস্ফূট হৈছিল নাৰীৰ সামাজিক বন্ধনমুক্তিৰ সৰব ধ্বনি, নাৰীৰ ব্যক্তিত্ববোধ, অধিকাৰবোধ জগাই তোলাৰ উদীপ্ত বাণী।
তাৰ পৰবর্তী সময়ছোবাতো ভাৰতীয়ৰ বিৰুদ্ধে আৰু বিশেষকৈ নাৰী সমাজৰ বিৰুদ্ধে হোবা যিকোনো অন্যায় অবিচাৰৰ বিপক্ষে সংগ্রাম গঢ়ি তোলাত নেতৃত্ব দিছিল। শইকীয়ানীৰ এনে নেতৃত্বৰ ফলতে অসমীয়া নাৰীসমাজে সংগঠিত ৰূপত থিয় দিবলৈ সাহস পালে, নিজৰ শক্তি, সামর্থ্যৰ পৰিচয় পালে। আৰু সমগ্র বিশ্বৰ লগত সমানে সমানে খোজ মিলাবলৈ প্রেৰণা পালে। অসমীয়া নাৰী সমাজত আকাশলৈ মূৰ তুলি চাবলৈ শিকালে চন্দ্রপ্রভা শইকীয়ানী বাইদেউয়ে।

পৰিতাপৰ বিষয় যে চন্দ্রপ্রভাৰ দৰে বিপ্লবী, বিদ্রোহিনী, সমাজ সংস্কাৰিকা, কু-সংস্কাৰ নাশিনী, আৰু মানবতাবাদৰ প্রবক্তা নাৰীৰ জীবনী ভাৰতীয় আন ভাষালৈ অনুদিত নোহোৱাটো বৰ দুর্ভাগ্যজনক ঘটনা। ১৯৮২ চনত হোমেন বৰগোহাঞি সম্পাদিত ‘লোকায়ত’ত পদ্মবিভূষণ পুষ্পলতা দাসৰ বিদ্রোহিনী চন্দ্ৰপ্ৰভা নামৰ জীৱনী প্রকাশ হৈছিল।
১৯৯৩ চনত স্বনামধন্য সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে অশেষ যত্ন কৰি লিখা চন্দ্রপ্রভাৰ জীৱনৰ আধাৰত ‘অভিযাত্ৰী’ নামেৰে এখন উপন্যাস লিখে। উল্লেখ্য যে, এই গ্রন্থই সাহিত্য একাডেমী বঁটা লাভ কৰে ১৯৯৬ চনত। ১৯৯৭ চনত ‘অভিযাত্রী’ ইংৰাজী ভাষালৈ অনুবাদ কৰে প্রদীপ্ত বৰগোহাঞিয়ে। ১৯৯৮ চনত পুষ্পলতা দাসৰ ‘অগ্নিস্নাতা চন্দ্ৰপ্ৰভা’ নামৰ জীৱনপুথি প্রকাশ পায়। নিৰুপমা বৰগোহাঞিৰ “অভিযাত্রী” আৰু শ্রীযুতা পুষ্পলতা দাসে লিখা “অগ্নিস্নাতা চন্দ্রপ্রভা”ৰ দৰে কিতাপৰ অনতিপলমে আন ভাৰতীয় ভাষালৈ অনুদিত হ’ব লাগে। নহ’লে আমি ইতিহাসৰ বুকুত যথাযথভাবে প্রতিষ্ঠা কৰিব নোবাৰিম এই গৰাকী মহান বিপ্লবী নাৰীক।
২০০২ চনত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ উপন্যাস “পিতৃ ভিঠা”ৰ প্রকাশিকা প্রীতি বৰুৱাৰ দ্বাৰা দ্বিতীয় সংস্কৰণ প্রকাশ পায় আৰু হিৰন্ময়ী দেবীৰ পদ্মশ্রী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনী গ্রন্থখনো প্রকাশ হয়। চন্দ্রপ্রভা ক‌বিও আছিল। সোণালী গোস্বামীৰ দ্বাৰা সম্পাদিত আৰু নাতি অতনু শইকীয়াৰ দ্বাৰা সংগৃহীত “চন্দ্রপ্রভা শইকীয়ানীৰ কবিতা মালা” নামেৰে এখন কাব্য সংকলন ১৯৯৬ চনত প্রকাশ পায়। প্রেমৰ কবিতাৰে পৰিপূর্ণ এই কাব্য সংকলন। শেহতীয়াকৈ অসমীয়া জীৱনী সাহিত্যৰ বিষয়ে গৱেষণাত ব্ৰতী ড° অঞ্জলি শৰ্মাই নিৰ্মোহ বিশ্লেষণেৰে যুগুত কৰি উলিয়াইছে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনী ‘চন্দ্ৰপ্ৰভা’|
চন্দ্ৰপ্ৰভা শইকীয়ানী বাইদেউ আজি আমাৰ মাজত নাই। কিন্তু তেঁৱৰ অনুপ্রেৰণা, অদম্য ইচ্ছাশক্তি, আদর্শৰ প্রতি নিষ্ঠা আৰু অফুৰন্ত কর্মশক্তিয়ে যুগে যুগে আমাৰ নাৰীসকলক উদ্বুদ্ধ কৰিব। প্রকৃতার্থত তেঁও আছিল অসমৰ নাৰীবাদৰ ধ্বজাবাহী, অসমীয়া মহিলা আন্দোলনৰ মাতৃ আৰু পূজনীয় নেত্রী। ভাৰতৰ অগ্নিকন্যা – তেঁও আছিল অপৰাজেয় অপৰাভূত এক নাৰী, এক মূর্ত্তীমতী বিপ্লৱ আৰু এক সাহসী ৰত্ন।
চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্মৰ ১১৩ বছৰ পূর্ণ হ’ল। এনে এগৰাকী নাৰী শিক্ষাৰ অক্লান্ত আৰু অগ্রণী কর্মীৰ নামত আজিও এখন বিদ্যালয়, এখন কন্যা মহাবিদ্যালয়, কাৰিকৰী শিক্ষাৰ প্রতিষ্ঠান, এটা সাংস্কৃতিক প্রকল্প একোবেই প্রতিষ্ঠা কৰাৰ কথা ৰজাঘৰ-প্রজাঘৰ কোনেও নাভাবিলে। ‘অভিযাত্রী’ উপন্যাসখন চিনেমাৰ চিত্রৰূপ দিয়াৰ ক্ষেত্রত পৰিচালক কুলদা কুমাৰ ভট্টাচার্যই কেতিয়াবাই তাৰ চিত্রনাট্য লেখি থ’লে, কিন্তু প্রযোজকৰ অভাৱত আজিও ছবিখন নির্মাণ নহ’ল। বিশিষ্ট চাহ খেতিয়কৰ পৰা আৰম্ভ কৰি এন-এফ-ডি-চি লৈ অনুদান বিচৰা হ’ল। কিন্তু কোনেও এইগৰাকী মহিয়সীৰ জীৱনভিত্তিক ছবিখন কৰিবলে আগবাঢ়ি নাহিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক