চন্দ্ৰৰ বুকুলৈ মানৱ অভিযান : কিমানদূৰ গ্ৰহণযোগ্য? (স্যামন্ত কুমাৰ গোস্বামী)

চন্দ্ৰৰ বুকুলৈ মানৱ অভিযান : কিমানদূৰ গ্ৰহণযোগ্য?

স্যামন্ত কুমাৰ গোস্বামী

১৯৬৯ চনৰ ১৬ জুলাইৰ দিনটো সমগ্ৰ বিশ্ববাসীৰ বাবেই এটি অতিকৈ গুৰুত্বপূৰ্ণ তথা লেখত ল’বলগীয়া দিন। এই বিশেষ দিনটোতেই আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছা (NASA)ই পঠিওৱা মহাকাশযান এপ’ল’-১১ যাত্ৰা কৰিছিল প্ৰায় ২,৪০০০০ মাইল দূৰৈৰ জোনবাইৰ দেশলৈ। নীল আৰ্মষ্ট্ৰং, এড্‌উইন এলড্ৰিন আৰু মাইকেল কলিঞ্চৰ তিনিজনীয়া মহাকাশচাৰীৰ দলটোৱে আঠদিনীয়া চন্দ্ৰ অভিযান সফলতাৰে সম্পূৰ্ণ কৰি পৃথিৱীলৈ ঘূৰি আহিছিল। এই অভিযানৰ সময়ত তেওঁলোকে চন্দ্ৰপৃষ্ঠৰ বিভিন্ন ছবি আৰু ভিডিঅ’ দৃশ্যাংশ লোৱাৰ উপৰিও তাৰপৰা কিছুমান শিলাখণ্ড তথা আন আন পদাৰ্থৰ নমুনাও সংগ্ৰহ কৰি আনিছিল। চন্দ্ৰত অবতৰণ কৰাৰ সেই বিৰল মুহুৰ্তবোৰৰ পোণপটীয়া সম্প্ৰচাৰ বিশ্ববাসীয়ে টেলিভিছনৰ পৰ্দাত চাই অভিভূত হৈ পৰিছিল; শুনিবলৈ পাইছিল নীল আৰ্মষ্ট্ৰঙৰ সেই বিখ্যাত বাক্যশাৰী “That’s one small step for man, one giant leap for mankind.”

মানুহৰ মন সন্দেহপ্ৰৱণ। সময় বাগৰি যোৱাৰ লগে লগে এপ’ল’-১১ অভিযানত সংগ্ৰহ কৰা ছবি আৰু ভিডিঅ’ দৃশ্যাংশসমূহত অনেক খূত ওলাই পৰিল যাৰ ফলত এই অভিযানত সত্যতাক লৈ বহুতে সন্দেহ প্ৰকাশ কৰিলে। দুই এজন ব্যক্তিয়ে আনকি ইমানলৈকো ক’বলৈ কুণ্ঠাবোধ নকৰিলে যে এই সমগ্ৰ অভিযানটোৱেই ভূৱা আছিল আৰু পৃথিৱীৰেই কোনো অংশত লোৱা এই ছবি আৰু ভিডিঅ’বোৰেৰে নাছাই সমগ্ৰ বিশ্ববাসীক আভূৱা ভৰাবলৈ চেষ্টা কৰিছিল মাথোন।

মানব চন্দ্ৰ অভিযানৰ সত্যতাক লৈ প্ৰথম সন্দেহৰ আঙুলি টোঁৱাইছিল বিল কেইচিং (Bill Kaysing)নামৰ এজন ব্যক্তিয়ে। কেইচিং আছিল ৰকেটডাইন (Rocketdyne)নামৰ ৰকেট নিৰ্মাণ কৰা কোম্পানীটোৰ এজন বিশ্লেষক (analyst)। এই ৰকেটডাইন কোম্পানীকেই এপ’ল’ অভিযানৰ ৰকেটসমূহ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল। ১৯৬৯ চনৰ সেই বিশেষ দিনটোত আন বহুতৰ দৰেই কেইচিঙেও টেলিভিছনত পৰ্দাত চন্দ্ৰপৃষ্ঠত অবতৰণ কৰাৰ সেই দৃশ্যসমূহ চাই আছিল আৰু দেইবোৰ দেখি তেওঁৰ ব্যক্তিগতভাৱে এনেহে অনুভব হৈছিল যেন সেইবোৰ ক’ৰবাত মঞ্চস্থ কৰা দৃশ্যহে। ১৯৭৪ চনত তেওঁ এইবিষয়ে এখন কিতাপ লিখি প্ৰকাশ কৰি উলিয়ালে; নাম “We never went to the Moon: America’s thirty billion dollar swindle”। কিতাপখনত তেওঁ সেই চন্দ্ৰ অভিযান সম্পূৰ্ণ মিছা বুলি কৈ তাৰ সপক্ষে বহুতো যুক্তিযুক্ত তথ্য প্ৰমাণ সহকাৰে দাঙি ধৰিছিল। ইয়াৰ পিছতে আমেৰিকাৰ Flat Earth Society ৰ তৰফৰ পৰা কোৱা হ’ল যে চন্দ্ৰ অভিযানত দেখুওৱা ভিডিঅ’ ফুটেজ আৰু ছবিবোৰ নাছাৰ সহযোগত নিৰ্মাণ কৰা এতিয়াৰ সকলোতকৈ ব্যয়বহুল এখন চলচিত্ৰৰ কিছুমান দৃশ্যাংশ মাথোন। পিছলৈ নাছাৰ প্ৰাক্তন মহাকাশচাৰী ব্ৰায়ান অ’লেৰি (Bryan O’leary), চিনেমাৰ প্ৰযোজক প’ল লাজাৰাছ (Paul Lazarus), অনুসন্ধানকাৰী সাংবাদিক তথা চলচিত্ৰ পৰিচালক বাৰ্ট চিব্ৰেল (Bart Sibrel), পৰমাণু অভিযন্তা ডেভিদ পাৰ্চি (David Percy)আদিৰ দৰে অনেক ব্যক্তিয়ে এই বিষয়ে সন্দেহ প্ৰকাশ কৰে।

নাছাৰ মানব চন্দ্ৰ অভিযানৰ প্ৰায়বোৰ স্থিৰ ফটো আৰু ভিডিঅ’ পুংখানুপুংখভাবে বিশ্লেষণ কৰি তথা বিভিন্ন বিষয়ৰ বিশেষজ্ঞৰ পৰামৰ্শ লৈ নিৰ্মাণ কৰি উলিওৱা এখন তথ্যচিত্ৰ ফক্স টেলিভিছনযোগে সম্প্ৰচাৰ কৰা হৈছিল ২০০১ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে। নাম আছিল “Conspiracy theory – Did we land on the moon?”।

১৯৬৯ চনৰ চন্দ্ৰ অভিযানত বৈজ্ঞানিক উপদেষ্টা হিচাপে কাম কৰিছিল ব্ৰায়ান অ’লেৰি নামৰ ব্যক্তিজনে। তেখেতৰ ভাষ্য অনুসৰি বিশ্বৰ প্ৰথম মানব চন্দ্ৰ অভিযান কৰা দেশ হিচাপে খ্যাত হ’বলৈকে নাছাই এনেকুৱা কৰিব পৰাটো একো ডাঙৰ কথা নহয়। কিন্তু তাৰবাবে তেওঁলোকে মিছাৰ আশ্ৰয় ল’লে কিয় বা ল’বলগীয়াই বা হ’ল কিয়? এই প্ৰশ্নটিৰ উত্তৰ পাবলৈ আমি উভতি যাব লাগিব প্ৰায় পঞ্চাশ বছৰ আগৰ সেই সময়চোৱালৈ, যেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন উভয়ে ইখনে সিখনক পৰস্পৰৰ প্ৰধান প্ৰতিদ্বন্দী জ্ঞান কৰিছিল। কাৰণ আছিল এটাই – উভয়ে সমগ্ৰ বিশ্বত নিজৰ আধিপত্য স্থাপন কৰিবলৈ বিচৰাটো। ১৯৫৭ চনত ছোভিয়েট ৰুছিয়াই বিশ্বৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ “স্পুটনিক” মহাকাশলৈ প্ৰেৰণ কৰিছিল আৰু ইয়াক সফলতাৰে পৃথিৱীৰ চাৰিওপিনে প্ৰদক্ষিণ কৰোৱাবলৈ সমৰ্থ হৈছিল। আনহাতে সেই সময়ত আমেৰিকাৰ মহাকাশ অভিযানৰ অগ্ৰগতি আছিল তেনেই দুখলগা। পৃথিৱীপৃষ্ঠৰ পৰা সামান্যতম উচ্চতাত কৰা নাছাৰ কেইবাটাও পৰীক্ষা বিফল হৈছিল। গতিকে বিল কেইচিঙৰ মতে সেই সময়ত মানবসহ চন্দ্ৰলৈ গৈ পুনৰ সুকলমে পৃথিৱীলৈ ঘূৰি আহিব পৰাৰ সম্ভাৱনীয়তা প্ৰায় ০.০০১৭ শতাংশহে অৰ্থাৎ প্ৰায় অসম্ভব। সেয়ে উপায়বিহীন হৈ অবশেষত তেওঁলোকে মিছাৰ আশ্ৰয় ল’লে। কেইচিঙৰ ভাষাত “If you can’t make it, than fake it.” এইখিনিতে স্বাভাৱিকতে এটা প্ৰশ্নৰ উদয় হ’ব পাৰে – তাৰমানে সম্পূৰ্ণ অভিযানটোৱেই মিছা আছিল নেকি? নাছাই সেইদিনাখন কোনো মহাকাশযান পঠিওৱাই নাছিল নেকি? উত্তৰটো হ’ব “নহয়, পঠিয়াইছিল, কিন্তু তাত কোনো মহাকাশচাৰী নাছিল – সেইখন এখন মানববিহীন মহাকাশযানহে আছিল।”

ফক্স টেলিভিছনে প্ৰস্তুত কৰি উলিওৱা তথ্যচিত্ৰখনত মানব চন্দ্ৰ অভিযানৰ সত্যতা নাকচ কৰি আগবঢ়োৱা যুক্তি তথা প্ৰমাণসমূহৰ কেইটামান এনে ধৰণৰ:
১) তৰাবিহীন আকাশ:
মানব চন্দ্ৰ অভিযানৰ কোনো এখন ছবি বা ভিডিঅ’তেই আকাশত এটাও তৰা দৃশ্যমান নহ’ল। আকাশখন অতি গাঢ় ক’লা দেখা যোৱা স্বত্তেও কোনো তৰা দেখা নোযোৱাটো সন্দেহজনক। আকৌ কিছুমান ছবিত আকাশত পৃথিৱীৰ ছবিখন দেখা গৈছে যদিও সম্পূৰ্ণ একে অৱস্থানৰ পৰা লোৱা একেই অঞ্চলৰ আন কেতবোৰ ছবিৰ আকাশত পৃথিৱীখন দেখা নগ’ল। অৰ্থাৎ এই দৃশ্যবোৰৰ চিত্ৰগ্ৰহণ কোনো ষ্টুডিঅ’তহে কৰা হৈছিল বুলি বহুতে সন্দেহ প্ৰকাশ কৰিছে। পিছত ইচ্ছাকৃতভাৱে তাৰ মাজৰ দুই এখন ছবিৰ আকাশত পৃথিৱীৰ ছবিখন লগাই দিয়া হৈছিল।

২) এলেকা – ৫১:
বিল কেইচিঙৰ মতে চন্দ্ৰ অভিযানৰ দৃশ্যাংশসমূহৰ চিত্ৰগ্ৰহণ কৰা হৈছিল আমেৰিকাৰ প্ৰধানতঃ মৰুভূমিৰে আৱৰা ঠাই এটুকুৰাত – নাম এলেকা-৫১ (Area 51)। এই ঠাইখিনি আমেৰিকাৰ সৈন্যবাহিনীৰ ভেটিস্বৰূপ তথা অতি সংগোপনে ৰখা ঠাই। কোনোৱে তাত সোমাবলৈ বা তাৰপৰা কোনো বা-বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে, কাৰণ তাত কোনো আগতীয়া সাৱধানবাণী নুশুনোৱাকৈয়ে দেখামাত্ৰেই গুলীওৱাৰ নিৰ্দেশ আছে। পিছলৈ ৰাছিয়াৰ চোৰাংচোৱা উপগ্ৰহ (Spy satellite)ই লোৱা কিছুমান ছবিত এই অঞ্চলত এইবাটাও দেখাত চিনেমাৰ চিত্ৰগ্ৰহণ কৰা ষ্টুডিঅ’ৰ দৰে ঘৰ দেখা গৈছে। এতিয়া প্ৰশ্ন হয়, সৈন্যবাহিনীৰ ভেটি এটাত চিনেমাৰ চিত্ৰগ্ৰহণ কৰা ষ্টুডিঅ’ কেলৈ? তাৰোপৰি এলেকা-৫১ ৰ কিছুমান অঞ্চলৰ দৃশ্য এপ’ল’-১১ ই লোৱা চন্দ্ৰপৃষ্ঠৰ কিছুমান অংশৰ সৈতে হুবহু একে।

৩) ৰকেট ইঞ্জিনৰ শব্দ:
ৰকেট ইঞ্জিনৰ শব্দ অতি প্ৰচণ্ড। ইয়াৰ মাত্ৰা প্ৰায় ১৪০-১৫০ ডেচিবেল। ইমান প্ৰচণ্ড শব্দৰ মাজত মহাকাশচাৰীৰ মাত শুনিবলৈ পোৱাটো প্ৰায় অসম্ভৱ। কিন্তু চন্দ্ৰলৈ যোৱা মহাকাশচাৰীৰ মাত স্পষ্টকৈ শুনা গৈছিল।

৪) মহাকাশচাৰীৰ পদচিহ্ন:
ৰকেট এটা আগবাঢ়ি যায় নিউটনৰ তৃতীয় গতিসূত্ৰমতে। এই সূত্ৰ অনুসৰি প্ৰতিটো ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমূখী প্ৰতিক্ৰিয়া থাকে আৰু ক্ৰিয়া-প্ৰতিক্ৰিয়াই দুটা ভিন্ন বস্তুত ক্ৰিয়া কৰে। ৰকেটৰ পিছপিনেৰে ওলোৱা গেছৰ ভৰবেগ (momentum)প্ৰতিক্ৰিয়াস্বৰূপে ৰকেটটোত ক্ৰিয়া কৰে আৰু তাৰ ফলতেই ৰকেটটো আগবাঢ়ি যায়। বিল কেইচিৰ মতে ইমান শক্তিশালী ৰকেট ইঞ্জিনৰ অবতৰণৰ সময়ত প্ৰচণ্ড ভৰবেগৰ ক্ৰিয়াত অবতৰণ কৰা ঠাইৰ ধুলি মাকতি চিটিকি আঁতৰত পৰিবগৈ। গতিকে ৰকেটটোৰ ওচৰে-পাঁজৰে জোতাৰ চিহ্ন পোৱাৰ সম্ভাৱনা অতি ক্ষীণ। কিন্তু চন্দ্ৰ অভিযানৰ বহুতো ফটোত মহাকাশচাৰীৰ অতি স্পষ্ট তথা গাঢ় জোতাৰ চিহ্ন দেখা গৈছে। তাৰোপৰি মহাকাশযানখনৰ তলৰ চন্দ্ৰপৃষ্ঠত এই প্ৰচণ্ড ভৰবেগৰ ক্ৰিয়াত সৃষ্টি হ’বলগীয়া সামান্যতম গাঁত বা চিহ্ন (blast creator)পৰ্য্যন্ত দেখা নগ’ল। আকৌ যদিহে চন্দ্ৰপৃষ্ঠ ধূলিৰে আৱৰা মৰুভূমিসদৃশ এক ঠাই, তেন্তে মহাকাশযানখনৰ পদবোৰ (footpads)ধূলিৰে পৰিপূৰ্ণ হৈ থাকিব লাগিছিল। কিন্তু তাত ধূলিৰ সামান্য চিন-মোকামেই পোৱা নগ’ল।

৫) ধূসৰ ভিডিঅ’ ফুটেজ:
চন্দ্ৰপৃষ্ঠৰ বিভিন্ন ভিডিঅ’ দৃশ্যাংশসমূহৰ এটা গুৰুত্বপূৰ্ণ দৃশ্য হ’ল মহাকাশযানৰ পৰা নামি নীল আৰ্মষ্ট্ৰঙে চন্দ্ৰপৃষ্ঠত প্ৰথমটো খোজ পেলোৱাৰ দৃশ্যটো। কিন্তু এই দৃশ্যাংশটো ইমানেই অস্পষ্ট আৰু ধূসৰ যে কোনোমতেহে মানুহ এজন নামি অহা বুলি ধৰিব পাৰি। নাছাৰ মতে সেই সময়ৰ প্ৰযুক্তিবিদ্যা উন্নত নোহোৱাৰ ফলতেই ইয়াতকৈ স্পষ্ট ছবি লোৱাটো সম্ভব নহ’ল। কিন্তু আশ্বৰ্য্যজনকভাৱে এই দৃশ্যাংশটোৰ তুলনাৰ আনবোৰ ভিডিঅ’ ভালেখিনি বেছি স্পষ্ট। অনুসন্ধানকাৰী সাংবাদিক (Investigative journalist) বাৰ্ট চিব্ৰেলৰ মতে নাছাই ইচ্ছাকৃতভাৱেই তেনেদৰে দৃশ্যায়ন কৰিছিল যাতে জনসাধাৰণক সহজে “এইবোৰ সঁচাকৈ চন্দ্ৰতেই লোৱা” বুলি পতিয়ন নিয়াব পাৰি।

৬) মাধ্যাকৰ্ষণৰ পাৰ্থক্য:
এইটো সকলোৰে জ্ঞাত যে চন্দ্ৰৰ মাধ্যাকৰ্ষণ পৃথিৱীৰ মাধ্যাকৰ্ষণৰ ছয় ভাগৰ এভাগ। গতিকে চন্দ্ৰপৃষ্ঠত খোজ কাঢ়িলে পৃথিৱীপৃষ্ঠত খোজকঢ়াৰ তুলনাত কিছু লাহে লাহে আৰু সামান্য দোপ দি যোৱাৰ নিচিনা দেখা যাব লাগে। এপ’ল’ অভিযানত লোৱা ভিডিঅ’সমূহতো প্ৰায় এনেকুৱাই দেখা গৈছে। তেন্তে ইয়াত সন্দেহ কিহৰ? যদিহে এই ভিডিঅ’বোৰ সঁচাকৈ চন্দ্ৰতেই লোৱা, তেন্তে এইবোৰৰ গতিবেগ বঢ়াই ছয়গুণ কৰি (6x speed) চালে মহাকাশচাৰীসকলে পৃথিৱীত খোজকাঢ়ি থকা যেন দেখা যাব লাগে। কিন্তু আশ্বৰ্য্যজনকভাৱে ভিডিঅ’বিলাক 2x বেগত চলাওঁতেই মহাকাশচাৰীসকলে পৃথিৱীপৃষ্ঠত দৌৰি থকা যেন দেখা গ’ল। একেই ঘটনা পৰিলক্ষিত হ’ল চন্দ্ৰপৃষ্ঠত চলোৱা বাহন লুনাৰ ৰ’ভাৰ (lunar roaver) বোৰৰ ক্ষেত্ৰতো। গতিকে অভিযোগ অনুসৰি এই ফুটেজসমূহ পৃথিৱীতেই লোৱা আৰু পিছত এইবোৰৰ গতিবেগ কিছু কমাই দি এইবোৰ সঁচাকৈ চন্দ্ৰত লোৱা ফুটেজ বুলি জনতাক পতিয়ন নিয়াবলৈ কৰা এক চেষ্টাহে মাথোন।

৭) পতাকাখন কঁপি থকাৰ দৃশ্য:
চন্দ্ৰত কোনো বায়ুমণ্ডল নাই। গতিকে তাত বতাহ বলাৰ প্ৰশ্নই উঠিব নোৱাৰে। কিন্তু এপ’ল’ অভিযানৰ এটা ভিডিঅ’ত মহাকাশচাৰীসকলে চন্দ্ৰপৃষ্ঠত পুতিবলৈ লোৱা অৱস্থাত আমেৰিকাৰ জাতীয় পতাকাখন ঠিক বতাহ লাগি দোলাৰ নিচিনাকৈ কঁপি থকা স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে।

৮) নিখুত স্থিৰ চিত্ৰসমূহ:
চন্দ্ৰপৃষ্ঠৰ ফটো ল’বলৈ আৱশ্যকীয় কেমেৰাসমূহ নিৰ্মাণৰ দায়িত্বত আছিল জান লুনবাৰ্গ (Jan Lunberg)নামৰ এজন ব্যক্তি। তেওঁ এই কেমেৰাসমূহৰ বিষয়ে এইদৰে কয় – মহাকাশচাৰীসকলৰ বুকুতেই এই কেমেৰাসমূহ দৃঢ়ভাৱে সংলগ্ন কৰা আছিল। তেওঁলোকে পৰিধান কৰা পোচাকৰ বাবে মূৰটো তললৈ নমাই কেমেৰাটোৰ পিনে চাব নোৱাৰিছিল। তাৰোপৰি এই কেমেৰাসমূহত কোনো ধৰণৰ view finder নাছিল আৰু কেমেৰাবোৰ ইফালৰ পৰা সিফাললৈ ঘূৰোৱাৰো কোনো ব্যৱস্থা নাছিল। কেমেৰাটো কোনো এফাললৈ টোঁৱাবলৈ হ’লে তেওঁলোকে নিজৰ সম্পূৰ্ণ শৰীৰটোকে সেইফালে ঘূৰাবলগীয়া হৈছিল। কিন্তু চন্দ্ৰপৃষ্ঠত লোৱা আটাইবোৰ ছবিয়েই সম্পূৰ্ণ নিখূত। ইমানবোৰ অসুবিধাৰ মাজত এনেকুৱা নিখুত ফটো তোলা প্ৰায় অসম্ভৱ।

৯) কৃত্ৰিম পোহৰৰ উৎস:
চন্দ্ৰত একমাত্ৰ পোহৰৰ উৎস হ’ল সূৰ্য্য। আনকি মহাকাশচাৰীসকলে কঢ়িয়াই নিয়া কেমেৰাসমূহতো কোনো ফ্লাছলাইট নাছিল। কোনো এঠাইত যদি এটা মাত্ৰ পোহৰৰ উৎস থাকে, তেনেহ’লে তাত থকা বস্তুবোৰৰ ছাঁবোৰ (কিছুমান বিশেষ পৰিস্থিতিত বাদে) সমান্তৰাল হয়, অভিসাৰী বা অপসাৰী কেতিয়াও নহয়। কিন্তু চন্দ্ৰ অভিযানৰ কেইবাখনো ফটোত বহুতো অভিসাৰী ছাঁ দেখা গৈছে। এইবোৰক এপিনে বঢ়াইদিলে এটা বিন্দুত কটাকটি কৰে। ইয়াৰ অৰ্থ এয়াই যে তাত দুই বা ততোধিক পোহৰৰ উৎস ব্যৱহাৰ হৈছে অৰ্থাৎ এইবোৰ চন্দ্ৰপৃষ্ঠত লোৱা ছবি নহয়। একাধিক পোহৰৰ উৎস ব্যৱহাৰ হোৱাৰ আন এক স্পষ্ট প্ৰমাণ হ’ল – ছবিসমূহৰ ছাঁ পৰা অংশবোৰ সম্পূৰ্ণ অন্ধকাৰ হোৱা দেখা যাব লাগিছিল যদিও কাৰ্য্যক্ষেত্ৰত এনেকুৱা দেখা নগ’ল, বৰং কিছুমান ছবিৰ ছাঁ পৰা অংশত থিয় দি থকা মহাকাশচাৰীৰ পোচাকত থকা বিভিন্ন আঁক-বাঁক আৰু আখৰসমূহ পৰ্য্যন্ত স্পষ্টকৈ দেখা গ’ল।

১০) অনুৰূপ পশ্চাদভূমি:
নাছাৰ দুটা ভিন্ন ভিডিঅ’ ফুটেজত (নাছাৰ মতে সেই দুটা এদিনৰ অন্তৰালত চন্দ্ৰপৃষ্ঠৰ দুটা বেলেগ বেলেগ অঞ্চলত লোৱা হৈছিল) পশ্চাদভূমি (background)হুবহু একে হোৱা পৰিলক্ষিত হ’ল।

১১)বিকিৰণ বেল্ট:
পৃথিৱীপৃষ্ঠৰ প্ৰায় ৫০০মাইল ওপৰৰ পৰা কেবাহাজাৰ মাইল জুৰি তেজষ্ক্ৰিয় ভেন এলেন বিকিৰণ বেল্ট (Van Allen radiation belt) এ আমাৰ পথিৱীখনক আগুৰি আছে। মানবদেহৰ বাবে ই অত্যন্ত ক্ষতিকাৰক। ইয়াৰপৰা সম্পূৰ্ণ ৰক্ষা পাবলৈ হ’লে প্ৰায় ছয় ফুট ডাঠ সীহ (Lead) ধাতুৰ এক প্ৰলেপৰ প্ৰয়োজন। পিছে এপ’ল’ মহাকাশযানখনত অতিকৈ পাতল এলুমিনিয়ামৰ স্তৰ এটাত বাদে সুৰক্ষা বুলিবলৈ আন একো নাছিল। আনকি মহাকাশচাৰীসকলে পৰিধান কৰা পোচাকত এটা পাতল এলুমিনিয়ামৰ আঁহ (fibre)ৰ তৰপ, এটা কাঁচৰ আঁহ (glass fibre)ৰ পৰা তৈয়াৰী তৰপ আৰু এটা চিলিকন ধাতুৰ তৰপহে আছিল।
চৌম্বক ধুমুহা (magnetic storm)সূৰ্য্যপৃষ্ঠত হৈ থকা এক ধৰণৰ বিষ্ফোৰণ। ইবাৰ ফলত বিকিৰণ বেল্টৰ তীব্ৰতা আৰু বৃদ্ধি পায়। এনে ধৰণৰ তেজষ্ক্ৰিয়তাৰ ফলত মানুহৰ চুলি সৰা, কৰ্কট ৰোগৰ পৰা আৰম্ভ কৰি মৃত্যু পৰ্য্যন্ত হ’ব পাৰে। কিন্তু এপ’ল’ অভিযানৰ অন্তত ঘূৰি অহা মহাকাশচাৰীসকলৰ ক্ষেত্ৰত তেজষ্ক্ৰীয়তাৰ সামান্যতম প্ৰভাব পৰাও পৰিলক্ষিত নহ’ল।

১২) চন্দ্ৰপৃষ্ঠত উষ্ণতাৰ তাৰতম্য:
পৃথিৱীত দিনৰ ভাগত ছাঁ পৰা অংশত ৰ’লে ৰ’দ পৰা ঠাইৰ তুলনাত কিছু শীতল অনুভৱ হয়। পৃথিৱীৰ বায়ুমণ্ডলৰ বাবে ৰ’দ আৰু ছাঁ পৰা ঠাইৰ উষ্ণতাৰ তাৰতম্য বেছি নহয়। বায়ুমণ্ডলে এই সমতা বজাই ৰাখে। কিন্তু চন্দ্ৰত বায়ুমণ্ডল নথকা হেতুকে ছাঁ পৰা ঠাইৰ উষ্ণতা ঋণাত্মক ২৫০ ডিগ্ৰী আৰু ৰ’দ পৰা ঠাইৰ উষ্ণতা ধনাত্মক ২৫০ ডিগ্ৰী ছেলছিয়াছলৈকে যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। মহাকাশচাৰীসকলে পৰিধান কৰা পোচাক ইমান বেছি উষ্ণতাৰ তাৰতম্য বহন কৰিব পৰা ধৰণে মজবুত নাছিল বুলি বহুতে মত পোষণ কৰিছে।

শেষত যদি ওপৰোক্ত সকলোবোৰ তথ্য মিছা বুলিও ধৰা হয়, তেতিয়াও সকলো অনুসন্ধিৎসু মনতেই স্বাভাৱিকতেই খেলিব এটা প্ৰশ্ন, “১৯৬৯ চনৰপৰা আজিৰ দিনটোলৈকে বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ এনে অভূতপূৰ্ব উন্নতি হোৱা স্বত্তেও আজিকোপতি কোনো এখন দেশেই দ্বিতীয় এটা মানব চন্দ্ৰ অভিযান চলোৱা নাই কিয়?” প্ৰশ্নটিৰ সদোত্তৰ হয়তো কাৰো ওচৰতেই নাই। যিয়েই নহওক, সেই চন্দ্ৰ অভিযানৰ সম্পূৰ্ণ তথ্য পোৱাটো প্ৰায় অসম্ভৱ, কাৰণ সেই সময়লৈ উভতি যোৱাৰ কোনো উপায় নাই।

বি.দ্ৰ: ইয়াৰ দুটামান যুক্তিৰ বিপক্ষে নাছাই যুক্তি দিছে। যেনে: পতাকাখন কঁপি থকাটোৰ বিষয়ে।

তথ্যসূত্ৰ:
১) ফক্স টেলিভিছনৰ তথ্যচিত্ৰ “Conspiracy theory – Did we land on the moon?”
২) en.wikipedia.org/moon landing conspiracy theories
৩) clavius.org

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments