চম্পাৱতীৰ সপোন (প্রীতিমা চাংমাই নেওগ)

চম্পাৱতীৰ সপোন (প্রীতিমা চাংমাই নেওগ)
মৃন্ময়ী মই,
দেৱী হোৱাৰ বাসনা
নাছিল কোনোকালে,
কামনাৰ আঘাত
আৰু –
অলংকাৰৰ আতিশয্যত
অচেতন হৈ পৰিছিলোঁ
অনিশ্চয়তাৰ মাজত
পলে পলে
হেৰুৱাইছিলোঁ
মোৰ টঙিঘৰৰ সপোন
নিস্তৰংগ নদীৰ বুকুত যেন
ভাঁহি আছিল
মোৰ উচ্ছল যৌৱন ।
অজগৰৰ দেহাটো
শেতেলিত থৈ
তেওঁ গুছি গৈছিল
ক’ৰবালৈ
ৰম্ভা নে মেনকা
নাজানো কাৰ স্পৰ্শত
শীতল হৈছিল তেওঁৰ শৰীৰ
ফটিকাৰ ৰাগিত
ৰঙীণ হৈছিল
প্ৰতিটো নিশা ।
আৰু মই !
নিতৌ সুখী হোৱাৰ
কচৰৎ কৰিছিলোঁ
বিনিদ্ৰ ৰজনীত
নিৰ্জনতাৰ বুকুত
শুনিছিলোঁ মাথোঁ
নিজৰেই হৃদ-স্পন্দন
হাহাকাৰ কৰিছিলোঁ
ক’ত মোৰ সোণালী ধাননি
হুৰাই দিয়া বতা চৰাই ।
আই,তইয়ো নুবুজিলি
নুসুধিলি –
কিহে কুটকুটাইছিল
মোৰ বুকুত,
কেনেকৈ সুধিবি
তোৰো সেই একেই জীৱন
মৃত নদীৰ দৰে
স্তব্ধ গতিৰ ।
এইবাৰ,
তোৰ চকুৰ পানীৰে
পখালি লৈছোঁ
মোৰ শৰীৰ
আই,ধুমুহায়ো আজি মোক
সাহস যোগায়
মেঘৰ গাজনিয়ে
কঠিন কৰে মোৰ হৃদয় ।
চাচোন চা,
কেতিয়াও হালি নপৰা
এজোপা গছৰ দৰেই
মই শিপা মেলি দিছোঁ
মাটিৰ হৃদয়লৈ –
গভীৰলৈ
আৰু গভীৰলৈ ।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক