” চম্পাৱতী ঘাটৰ মালিতা ” (সুস্মিতা বৰা)

 

সাউদৰ বেহা চম্পাৱতী ঘাটত
পাট গাভৰুৰ খিলখিল হাঁহি
চপচপীয়া চম্পাৱতীৰ অভিসাৰী নিশা
চম্পাৱতীৰ ঘাটৰ মালিতা
নিজম পৰিল সকলোবোৰ
উকা নদী
উকা বতাহ
শিশুৰ ক্ষুধাৰ্ত চাৱনি
মানুহৰ হা-হুতাহ
বুকুৰ পোৰণিৰে
চম্পাৱতী ঘাট এতিয়া উদাস
ক’ত সেই বনিকৰ ডিঙা
চম্পাৱতীৰ বুকুৰ গোপন আলসুৱাত হেৰুওৱা
সাউদৰ বেহা
জপাত সাচঁতীয়া আধৰুৱা প্ৰেমৰ ৰিঙা সুৰ
ক’ত বাৰু অহৰ্নিশে অনুৰণনিত হ্য়
কপহুৱা ডাৱৰৰ মাজত নে
নদীৰ নিলাভ বুকুত
কোৱঁৰৰো বোলে এদিন ইয়াত মন পিচলিছিল
নাওঁ মেলিবলৈ পাহৰিছিল
কি যে মায়াময় মাদকতা আছিল
হালি-জালি নাচি থকা কহুঁৱাৰ সাগৰত
সাক্ষী হৈ পৰি ৰ’ল
চম্পাৱতীৰ আকুলতা
উদুলি-মুদুলি প্ৰেমৰ পদুলি
এতিয়া ধুসৰিত সময়
ধুঁৱলি-কুঁৱলি
গঙা চিলনীৰ উদাসী মাতত বুকু কঁপে
চম্পাৱতীৰ যুগমীয়া প্ৰেম চিত্ৰপটত ভাহে
শীৰ্ণ নদীৰ বুকুত ডুব গ’ল সাউদৰ ভঙা ডিঙা
সাউদে যেন ৰিঙিয়াই মাতে
নিজম ৰাতিৰ নিৰ্জনতা ভাঙে
উমি উমি জ্বলি চাই হৈ যোৱা
দুখন হৃদয়ৰ আকুলতা
গছে পাতে আকাশে বতাহে সমাবৃত
চৌদিশে মাথো ভাঁহি থাকে এতিয়া
চম্পাৱতীৰ উচুপনি …

 

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
9 years ago

মোৰ প্ৰিয় কবিতা বোৰৰ এইটো এটা অন্যতম ৷