চম্পাৱতী নিৰৱধি ( অনিতা গগৈ)

শৰত কালৰ সময়ছোৱাত পদ্মজাৰ মন খুব আনন্দেৰে ভৰি পৰে৷ দেও দি দি নাচে মন যেন চঞ্চলা হৰিণী৷ চম্পাৱতীৰ নিৰ্মল স্ফটিক হেন জলধাৰা, পাৰৰ লানি নিচিগা শুকুলা কহুঁৱাৰ ঢৌ খেলা শুকুলা সাগৰেৰে চম্পাৱতীৰ মিতিৰালি৷

দিগন্ত বিয়পা পাৰাপাৰহীন নীলা… আকাশখন যেন চম্পাৱতীৰ ফটফটীয়া নিৰ্মল জলধাৰা৷ পাৰৰ কহুঁৱাৰ উখল মাখল লানি নিচিগা শুকুলা পথাৰ যেন আকাশৰ উতনুৱা মেঘবোৰ৷ আনন্দত ক’ব নোৱাৰা হৈ নামিহে আহিছে গোটেইখন.. চম্পাৱতীৰ বুকুলৈ৷ তাইক ইৰ্ষান্বিত কৰিবলৈ৷

ওহোঁ নহয়, তাইৰ কাষলৈহে আহিছে সিহঁত৷ কুঁৱৰী তাই৷ চম্পা মাথোন এখনি সামান্য নৈ৷ শীৰ্ণ এটি জলধাৰা৷ তাইৰ দৰে ইমান মোহিনী ৰূপ, ইমান প্ৰাণোচ্ছলা মন চম্পাৰ নাই৷ নদীৰ পানীত জিলিকি উঠা নিজৰেই মুখচন্দ্ৰ চাই বিমুগ্ধ হয়, পদ্মজা৷

“ভাবিছা নেকি চম্পা, যদি মই নাহোঁ, পুৱাই পুৱাই তোমাৰ পানীৰে স্নান কৰিবলৈ, আকাশখন আহিব তোমাক চাবলৈ?” নীল গগনত উৰি উৰি ৰঙত মতলীয়া হৈ বিভিন্ন পখীয়েও তাইৰ ফলীয়া হৈ কয়, “নাহে নাহে, কদাপি নাহে কুঁৱৰী, বন-বননি জুৰি ইমান যে বিচিত্ৰ বনফুলৰ মনমতলীয়া সুবাস.. সেয়া মাথোঁ তোমাৰ বাবে ..সেউজ দূৱৰিৰ দলিচাৰ জলমল নিয়ৰৰ মুকুতাৰ চকু চাট মৰা সম্ভাৰ মাথোঁ তোমাৰ বাবেই… ফুলে ফুলে উৰি উৰি ভ্ৰমৰৰ মধুগুঞ্জন, ৰং-বিৰঙী পখিলাৰ সিঁচি দিয়া ৰং মাথোঁ তোমাৰ বাবেই৷” আৰক্ত হৈ উঠে পদ্মজাৰ মুখমণ্ডল৷ পাৰলৈ কোনো মতে উঠি আহে তাই৷
*****************
“হোঁ লোৱা”

…ভিজা কাপোৰখিনি সামৰি বগীজামুজোপাৰ কাষ পাওঁতেই তাইৰ আগতে ওলায়হি মকৰন্দ৷ মুখখন ওন্দোলাই, দুচকু পেন্দুৱা কৰি তাই হাতখন মেলি দিয়ে৷ হাতৰ তলুৱাত কিবা এটা চেঁচা চেঁচা লগাত এচাৰ মাৰি হাতখন জোকাৰি তাই দেখে, এটা পেটুৱা গঙ্গাটোপ৷
“সেয়া তুমি, ৰূপ গৰবিনী পদ্মজা৷ আৰু ..বালিত পৰি ফুটি যোৱা গঙ্গাটোপৰ দৰেই এদিন নাইকীয়া হ’ব, ধূলিস্যাৎ হৈ যাব এদিন তোমাৰ এই সকলো গৌৰৱ কিন্তু, থাকি যাব তোমাৰ প্ৰতি মোৰ বুকুভৰা ভালপোৱা৷ হাঃ হাঃ হাঃ……”

 

খং আৰু অনামী উত্তেজনাত থৰথৰকৈ কঁপি উঠে পদ্মজা৷ খন্তেক পিছত তাইৰ হুঁচ আহে যে বেলি বহু হ’ল৷ খৰধৰকৈ তাই চম্পাৱতীৰ বুকুলৈ নামি গৈ নিৰ্মল জলেৰে কলচি পূৰ্ণ কৰি উঠি আহে৷

“আহাঁ কুঁৱৰী, বেগাই ব’লা, মন্দিৰৰ প্ৰাতঃ আৰতিৰ সময় হৈছে৷” বাৰেবৰণীয়া বনফুলেৰে একুকি পূজাৰ ফুল তুলি আনি তাইৰ ওচৰত ৰৈ মালতীয়ে ক’লে৷ মালতী পদ্মজাৰ দাসী হ’লেও সখী৷ দুয়ো প্ৰায় সমবয়সীয়া৷ দিনটোৰ বেছিভাগ সময় একেলগে থাকে যেন অভিন্ন হৃদয় লগৰী৷

“কুঁৱৰী তুমি এই মকৰন্দৰ সৈতে বাৰ্তালাপ কৰাটো কিন্তু ভাল হোৱা নাই৷ দেউতাই গম পালে কথা বিষম হব”

“একো গম নাপায় বলা” গহীনাই ক’লে পদ্মজাই৷
*****************
আচল কথা কোনেও নাজানে, কেৱল মকৰন্দৰ চকুতহে যে ধৰা পৰিছিল ..প্ৰতি শৰততে, পদ্মজাৰ দুখন পাখি গজে ..পিঠিৰ ঠিক সোঁমাজতে! ছাঁৰ দৰে, তাইৰ স’তে থকা মালতীৰো অবিদিত৷ খুব সন্তৰ্পনে, সংগোপনে ৰাখে তাই সেই অনন্য সম্পদ৷ মন্দিৰৰ পূজাৰীৰ তনয় ঋষিৰাজক তাইৰ ভাল লাগে ..তেওঁক তাই এই বিষয়ে ক’ব বুলি বহুদিন পাঙিছে কিন্তু সুদৰ্শন এই ব্ৰাহ্মন যেন পৃথিৱীৰ সকলো কথাতে নিস্পৃহ৷ অপমানিত বোধ কৰে সপ্তদৰ্শী পদ্মজাই৷ তাইৰ ইমান ৰূপৰ কি মূল্য আছে? কি মূল্য আছে তাইৰ ষোল্লকলাৰ বিদ্যাৰ.. যদি তাই প্ৰেমাস্পদকেই নোৱাৰে আকৰ্ষিব৷ এদিন মাথোঁ এপলকৰ বাবে যোৱাবছৰ দুৰ্গাপূজাৰ অষ্টমীৰ দিনা তাইৰ অসাৱধান খোজত খঁহি পৰা বাওঁভৰিৰ নুপুৰ ধাৰ তাইক উঠাই দি তেওঁ মাথোঁ মাতিছিল, _

“কুঁৱৰী” আস! সন্মোহিত হৈ ঠাইতে ৰৈ গৈছিল তাই৷

কি সুন্দৰ! সাগৰ গভীৰ দুচকু এই তৰুণৰ৷ কি হৃদয় আলোড়িত কণ্ঠ যেন ঝংকাৰিত হৈছে হাজাৰখন ৰৌদ্ৰবীনা সমস্বৰে! কিন্তু সেয়ে… আৰু যেন নাই কোনো অনুভূতি৷ কোনো দিন নাচায়ে দুচকু তুলি৷ তাইৰ হেজাৰ প্ৰশ্ৰয়কো কটাক্ষ নকৰাকৈ নিৰ্বিকাৰ হৈ ৰয় গৌৰ বদন.. কাৰ্তিক হেন সুন্দৰ দৰ্শণ ঋষিৰাজ৷ সুন্দৰ কিন্তু হিমশীতল; যেন ধ্যানমগ্ন কোনো যোগী! হৈ আছে ধ্যানস্থ শতাব্দী জুৰি৷

 

কি সুন্দৰ তেওঁৰ ব্যক্তিত্ব৷ সুন্দৰ কণ্ঠেৰে, যেতিয়া পাঠ কৰে কোনো স্তোত্ৰ, অথবা বীনা সংগত কৰি যেতিয়া আলাপ কৰে… সপ্তস্বৰ, গায় কোনো গীত.. সন্মোহিত হৈ পৰে পদ্মজা৷
******************
মনত পৰে তাইৰ, আজিৰ পৰা আঠবছৰৰ আগৰ দুৰ্গাপূজাৰ কথা৷ মৌজাদাৰ কীৰ্তিলংকাৰ বৰুৱাৰ ঘৰত যথাবিহিত নিয়ম, পৰম্পৰানুযায়ী পুৰুষাণুক্ৰমে চলি অহা পূজাভাগৰ আয়োজন চলিছে৷ পত্নী কাত্যায়নী দেৱীয়ে নিজেই সকলো তদাৰক কৰিছে, অথচ ঘৰখনত মানুহৰ অভাৱ নাই৷ শাহু শশীপ্ৰভা, স্বামী কীৰ্তিলংকাৰ, দেৱৰ যশোলংকাৰ, দুই কন্যা পদ্মজা আৰু অন্ত্যজাৰ উপৰিও আলধৰা মানুহকে ধৰি প্ৰায় বাৰজন মানুহৰ দায়িত্ব কাত্যায়নীৰ৷ সকলোৰে মাতৃহে যেন তেওঁ৷ মৌজাদাৰ কীৰ্তিলংকাৰ সদায় তেওঁৰ চাৰিজন কৰ্মচাৰীৰে সৈতে, মৌজাৰ কাম লৈয়ে ব্যস্ত৷ ভাতৃ যশোলংকাৰ ব্যস্ত অধ্যয়ন আৰু চিত্ৰবিদ্যা চৰ্চাত৷ মাতৃদেৱী শশীপ্ৰভা নিজৰ ব্ৰত তথা পূজা অৰ্চনাতে ব্যস্ত৷ তাতে আকৌ এইবাৰৰ পূজাৰ কথা কিছু ব্যতিক্ৰম৷ মৌজদাৰে মানস কৰিছে গোঁসানীৰ চৰণলৈ আগবঢ়াব ৩১ টা মহৰ বলি৷ অপুত্ৰক মানুহজনৰ মনোবাঞ্ছা যেন পূৰ কৰে মা জগদ্ধাত্ৰীয়ে.. পূজাভাগ যেন কোনো বিশৃংখলা নোহোৱাকৈ, ঘাটি নলগাকৈ সম্পন্ন হয়, তাৰ বাবে মৌজাদাৰনীয়ে সদাসতৰ্ক দৃষ্টি ৰাখিছে সকলো ক্ষেত্ৰতে৷ পূজা সম্পন্ন কৰিবৰ বাবে, কনৌজৰ পৰা নিমন্ত্ৰণ কৰি অনা হৈছে পুৰোহিত পুণ্ডৰীকাক্ষক৷ তেওঁৰ লগত সহায়কাৰী হিচাপে আহিছে তেওঁৰ কিশোৰ পুত্ৰ ঋষিৰাজ৷ দুয়োৰে থকা খোৱাৰ সুব্যৱস্থা কৰি দিয়া হৈছে৷ মাহ দিন ধৰি কঠোৰ ব্ৰত তথা নীতি নিয়ম পালন কৰিছে কীৰ্তিলংকাৰে, অভীষ্ট সিদ্ধিৰ উদ্দেশ্যে৷

 

******************
“পদ্মজা, এইফালে আহাচোন, এয়া লোৱা’৷” মৰলীয়া গছৰ পাতেৰে মেৰিয়াই অনা এমুঠিমান ৰসাল কলাজামু তাইৰ হাতত তুলি দিলেহি, মকৰন্দই৷ এনেই তাই দেখিব নোৱাৰে তাক.. কিন্তু তাইৰ পচন্দৰ ফলখিনি নলৈ নোৱাৰিলে, কিবা এটা কোৱাৰ আগতেই মকৰন্দ উধাও৷
হাউলীৰ পিছফালৰ কাথিত, তাইৰ প্ৰিয় ঠাই টুকুৰাত বহি লৈ তাই খোৱাত মনোনিৱেশ কৰিলে৷

“এইবাৰ বলি চোৱা যদি, মোৰ লগত ওলাবা পদ্মজা৷”

ক’ৰবাৰ পৰা পুনৰ ওলাই ক’লেহি মকৰন্দই৷ তাই কেউফালে চালে, কোনোবাই শুনিছে নেকি কথাষাৰ৷ ওহো, বিশাল হাউলিটোত মানুহে গিজগিজাই থকা স্বত্বেও বেৰত পৰি, পতঙ্গৰ সন্ধানত থকা জেঠীকেইটাইহে শুনিলে কেৱল। আনকি তামোল গছ কেইজোপাত বাহ বান্ধি থকা টোকোৰাকেইটাইও মন নকৰিলে কথাষাৰ৷ আস্বস্ত হয় পদ্মজা কিন্তু মকৰন্দক একো নক’লে তাই৷ কেৱল পূজাৰ ওচৰ চাপিলেহে পুস্কৰ আৰু মকৰন্দৰ হাউলিলৈ অহাৰ সুযোগ মিলে৷ ককায়েক পুস্কৰৰ গাত হাতীৰ সমান বল৷ পিতাকৰ পাছত পুৰুষানুক্ৰমে সিয়ে বলিকটাৰ কাম কৰি আহিছে মৌজাদাৰৰ পূজাস্থলীত৷ নিৰ্জু মানুহটো৷ আনকি ন’বছৰীয়া পদ্মজাৰ আগতো সন্ত্ৰস্ত হৈ ৰয়৷

 

আনহাতে সৰুভাই মকৰন্দ সম্পূৰ্ণ বিপৰীত৷ বাঘৰ আগতেল খোৱা৷ খেল ধেমালিত আগৰণুৱা৷ পঢ়া শুনাত মন নাই যদিও কথাবোৰ সাৰুৱা৷ এদিন অন্যমনস্কভাৱে হাউলিৰ প্ৰকাণ্ড বাৰীখনলৈ যাওঁতে অকস্মাতে পদ্মজাই গচকিব লোৱা ফেটিসাপ এডালৰ পৰা ক্ষিপ্ৰভাৱে পিছলৈ তাইক টানি ৰক্ষা কৰিছিল মকৰন্দই৷ তেতিয়াৰে পৰা তাই চিনি পায় তাক৷ কেৱল এটা কথাত তাইৰ ভাল নালাগে যে সি তাইক আনৰ দৰে কুঁৱৰী বুলি নামাতে৷ সমীহ নকৰে৷
****************
মকৰন্দৰ লগতে তাই প্ৰথম গৈছিল চম্পাৱতীৰ তীৰলৈ৷ নদীৰ ফটিক হেন পানীত খেলি ফুৰা বিভিন্ন মাছবোৰ দেখুৱাই তাৰ সেই ধূৰ্ত হাঁহিতো মাৰি কৈছিল, “পদ্মজা, তুমি আকাশত উৰি ফুৰা পখীবোৰৰ সৈতে সখী পাতা, মই সাউতকৈ জলকুঁৱৰীৰ কাষৰ পৰা আঁহোগৈ” কৈয়ে পানীত জঁপিয়াই নোহোৱা হৈছিল সি৷ খন্তেক পাছত ভুটুংকৈ তাইৰ আগত ওলাই কৈছিল

“ব’লা, ব’লা সোনকালে তোমাক হাউলিত থৈ আহোঁ৷”

কি এক বন্য জীৱন তাৰ! পদ্মজাৰ ইৰ্ষা হয় তালৈ৷ সাংঘাতিক বান্ধোন তাইৰ সকলো কথাতে৷
কেতিয়াবা তাইৰ ভাব হয় যদি, যদি.. তাইৰো থাকিলহেতেন দুখন ডেউকা; পখীৰ দৰেই৷ আইতাই দেখোন কয়, একান্তমনে অন্তৰেৰে বিচাৰিলে দেৱীমাই সৰ্ব ইচ্ছা পূৰ্ণ কৰে৷ সেয়ে, পুৱাতেই তাই মালতীৰ সৈতে নিজেই চম্পাৱতীৰ জল আনেগৈ বিগ্ৰহৰ স্নানৰ বাবে৷

মকৰন্দৰ কথামতে, নাযাওঁ বুলি ভাবিও সেইবাৰ পূজাত তাই মন্দিৰৰ গোপন দুৱাৰেৰে চাবলৈ গৈছিল বলি৷ কিছু অন্ধকাৰ চুক এটাত ৰৈ, নিষিদ্ধ দৰ্শনৰ অনামী উত্তেজনাৰে শিঁহৰিত কম্পমান বক্ষৰে চকুৰ পলক নেপেলোৱাকৈ ৰৈ আছিল তাই৷ পুৰোহিতৰ বেদ মন্ত্ৰোচাৰন, ধূপ, দীপ, নৈবেদ্যৰে সূবাসিত পূজাস্থলী৷ সাজু হৈছে বলিশাল৷ ৩১টা মহৰ বলি৷ প্ৰথম মহটো আনি, বলিশালত দিঙি টো সুমুৱাই দিয়া হ’ল৷ পূজাৰীয়ে কঁপালত তাৰ তিলক আঁকি দিলে৷ মৌজাদাৰ কীৰ্তিলংকাৰে, ভাৱস্থিৰে, গম্ভীৰ মুখাবয়ৱেৰে আগবাঢ়ি গৈ, পুৰোহিতৰ দিহানুযায়ী উচৰ্গা কৰিলে আৰু মহটোৰ কানত মন্ত্ৰোচাৰণ কৰিলে৷ বিশাল বপুৰ মহটো শায়িত হৈ আছে, সম্ভাব্য মৃত্যুৰ পদধ্বনি হয়তো শুনিছে সি! পুস্কৰৰ হাতত চিক্ মিকাই উঠিছে প্ৰকাণ্ড খঞ্জৰ৷ ৰক্তবৰ্ণ দুচকুত হত্যাৰ লালসা৷ হঠাৎ শূন্যৰ পৰা বিজুলী বেগেৰে নামি আহিছে বিভীষিকা৷ একেটা পূৰ্ণহতীয়া ঘাপতেই চিটিকি পৰিছে বিশাল বপুৰ মহটোৰ খণ্ডিত শিৰ৷ চিটিকি পৰিছে ৰক্তৰ অবিৰাম স্ৰোত৷ আ..স৷ বুলি চিঞৰি ঠাইতে ঢলি পৰিল পদ্মজা৷

কিমান সময় তাই নেজানে..কিন্তু সকলোৱে কোৱা মতে, সম্পূৰ্ণ দিন জুৰি অচেতন হৈ আছিল তাই৷ তিনিদিন জুৰি তীৰকঁপে জ্বৰ৷ ভ্ৰম বকিছিল তাই৷

ৰুষ্ট হৈছিল মৌজাদাৰ৷ পূজা কিন্তু ঠিকেই পাৰ হ’ল৷ ৩১টা নিৰীহ প্ৰানীৰ কেঁচা তেজেৰে নৈ ব’লে কীৰ্তিলংকাৰৰ হাউলিত৷ সেই তেজৰ নদীত ফুলি জকমকালে মৌজাদাৰৰ তেজ, বংশজ.. পুত্ৰসন্তান শুভংকৰ!

গৰ্ভৱতী কাত্যায়নী দেৱীয়ে পুত্ৰৱতী হৈ তুলি দিছিল, গৰ্বিত ভংগীমাৰে পূজাৰ পাঁচমাহৰ পিছতে মৌজাদাৰৰ হাতত তেওঁৰ অভীষ্ট ধন৷ দেৱীৰ মাহাত্ম্যৰে ধন্য হৈছিল সকলো৷ তেতিয়াৰ পৰা প্ৰতিবছৰেই চলি আহিছে দেৱীৰ আগত বলি, য’তি নপৰাকৈ৷

 

********************
পদ্মজা আৰু শৈলজাৰ ওপৰত অনবৰতে তীক্ষ্ণ দৃষ্টি৷ শাসনৰ শিকলি৷ কিন্তু কোঁৱৰ শুভংকৰৰ বাবে সকলো শশব্যস্ত৷ সাতববছৰীয়া ল’ৰাটো অত্যন্ত সুন্দৰ৷ সকলো কথাতে মেধাবী৷ সুস্বাস্থ্যৰ৷ কিন্তু…নিৰ্বাক৷ তাৰবাবে সকলোৱে দোষে পদ্মজাক৷ তাই যদি অথন্তৰ নঘটালেহেতেন পূজাত, নিশ্চয় এনে অথন্তৰ নহ’লহেতেন৷
প্ৰতিবছৰে পূজাৰ সময়ত পদ্মজাৰ গা বেয়া হয়৷ মনৰতো কথাই নাই৷ ভনীয়েক শৈলজা আক’ খুবেই নিৰাসক্ত৷ একোতেই ৰুচি নাই৷ কিতাপ এজাপ আগত লৈ দিনটো বহি থাকে তাই আইতাকৰ কোঠালিত৷ অশান্ত কেৱল পদ্মজা৷ বুকুভঙা বিষাদে শৰীৰ মন কপাঁই যায় তাইৰ৷ প্ৰায়েই এই সকলো শাসন উফৰাই তাইৰ মন যায়… যেন উৰি যাব দূৰ কোনো প্ৰান্তৰলৈ য’ত কোনো অবিচাৰ নাই৷ নাই পোতাশালৰ অন্ধকাৰ৷
********************
প্ৰতিবছৰে শৰতকালতে তাইৰ গজি উঠা অপৈনত ডেউকা কাটি দিয়া হয়! কবিৰাজী দৰব আৰু মন্ত্ৰেৰে পুনৰ গজি উঠিব নোৱাৰাকৈ মন্দিৰৰ পূজাৰী পুণ্ডৰীকাক্ষৰ দিহাৰে, তাইৰ চিকিৎসা কৰা হয়৷ দুবছৰ মান পাখি নগজা দেখি সকলো আশ্বস্ত হয়৷ বৰ্তমানে, তাইৰ বয়স ষোল্ল পাৰ হৈ সোতৰত ভৰি দিছে৷ পুনৰ গজি উঠিছে তাইৰ দুখন ডেউকা৷ পৈনত, ৰংচঙীয়া, শক্তিশালী৷ কোনেও নজনাকৈ সংগোপনে তাই লুকুৱাই ৰাখিছে সেই অনন্য সম্পদ৷ যিদৰে শৰীৰৰ ভিতৰত লুকাই থাকে আত্মা!
তাই ভাবিছিল ঋষিৰাজক দেখুৱাব তাইৰ সেই গুপ্তধন৷ কিন্তু সম্ভেদ পালে মকৰন্দই৷ কি আছিল জানো সময়, তাই পাহৰিছে। মকৰন্দই তাইৰ হাতত দিছিলহি এসোপামান চেঁচোৰ৷

কৈছিল হাঁহি হাঁহি… “এয়া মই৷ শিপাই ৰম তোমাৰ জীৱনত, তুমি কাহানিও উভালি আঁজৰাব নোৱাৰাকৈ৷” নীৰৱে ৰোৱা পদ্মজাৰ চকুত চকু থৈ পুনৰ কৈছিল –“উৰিবলৈ যদি শিকিব বিচাৰা, ওলাবা চম্পাৱতীৰ তীৰলৈ, কোনেও নাপাব ভূ৷”

“এইবাৰৰ পৰা পূজাত বোলে বলি নহয়” চিকমিকাই উঠিল তাইৰ দুচকু৷ “কি! কেনেকৈ জানিলা? কোনে ক’লে…?”

“কোনে আৰু ক’ব? মই কৈছোঁ চাবা, আৰু কোনোদিনে নহয় বলি৷”

কি কয় এই যুৱকে! অসম্ভৱ৷ অতদিনে চলি অহা মৌজাদাৰৰ হাউলিৰ পূৰ্ব পৰম্পৰা ভংগ হ’ব? সামান্য বলিকটীয়াৰ ভায়েকৰ কথাত!
*******************

ইতিমধ্যে চাপি আহিছে পূজাৰ দিন৷ এইবাৰৰ পূজা৷ এইবাৰ আহুতি দিব মৌজাদাৰৰ পুত্ৰ শুভংকৰে৷ তেওঁৰ মংগল কামনাৰেই পূজা ..বলি৷ সেই তেতিয়াৰে পৰা পূজাৰ সকলো আয়োজনৰ পৰা আঁতৰাই ৰখা হয় পদ্মজাক৷ কেৱল জিদ কৰি পূজাৰ বাবে প্ৰয়োজনীয় জলৰ যোগান ধৰে তাই৷ নিদিষ্ট সময়ত, যথাবিধি… আৰম্ভ হ’ল পূজাৰ লৌকিকতা৷ মকৰন্দৰ কথাত অনুসন্ধিৎসু তাই মন্দিৰৰ গৱাক্ষৰে প্ৰত্যক্ষ কৰিলেগৈ পূজাৰ যথাবিধি আচাৰ৷
বলিশাল সাজু! মকৰন্দই টানি আনিছে বিশাল বপুৰ মহটো৷ সাজু হৈছে বলিকটীয়া পুস্কৰ৷ ঘন বাৰিষাৰ উন্দোলাই আকাশৰ অনা কলীয়া মেঘৰ মাজেৰে চমকি উঠা বজ্ৰৰ দৰে নামি আহিছে বিজুলী বেগেৰে ৰক্তবৰ্ণ থিৰ পলকৰ পুষ্কৰৰ ধাৰাল খঞ্জৰ৷ উৎকণ্ঠাৰ এটি মাথোঁ লহমা৷ ক্ষণিকৰ ব্যৱধান৷ ক্ষিপ্ৰতাৰে মহৰ সলনি বলিশালত পৰি আছে মকৰন্দৰ দিখণ্ডিত শৰীৰ৷

“আ..আ..আহ! মকৰন্দ, এয়া কি কৰিলা? কিয় কিয়?”

…স্তব্ধ সময়৷ হতবাক পৃথিৱী৷ ৰৈ গ’ল যেন এটা যুগ৷ সেই তেতিয়াৰে পৰা বন্ধ হৈ গ’ল মৌজাদাৰৰ পূজামন্দিৰৰ বলিপ্ৰথা৷
*******************
বুকুভৰা হুমুনিয়াহ এচলু চম্পাৱতীৰ সোঁতত এৰি দিলে পদ্মজাই… আজিও নীৰৱে বৈ আছে চম্পাৱতী… বুকুত লৈ এটি অপৈনত কিন্তু অপাৰ্থিৱ কৈশোৰ প্ৰেম কাহিনী৷ আজিও যেতিয়াই আহে চম্পাৰ তীৰলৈ আহে পদ্মজা কুঁৱৰী, গছে পাতে.. ফুলে… লাগি থকা মকৰন্দৰ পৰশ বিচৰি, তেওঁৰ ভাব হয় যেন কোনোবা পলকত ভুটুংকৈ চম্পাৱতীৰ বুকুৰ পৰা ওলাই আহি মকৰন্দই ক’বহি,

“লোৱা এয়া মোৰ হৃদয়, মাথোঁ তোমাৰ বাবে” ৷

000

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক