চলক, সহগ আৰু এটা বীজগাণিতিক সমীকৰণ – খনিন্দ্র ভূষণ মহন্ত

“এনেকুৱা সামান্য কথাবোৰেই যদি তোৰ বোধগম্য নহয়, আগলৈ কি কৰিবি? এইটো গতি হ’লে পাছত নিজেই অসুবিধাত পৰিবি। এজন কৃতি গণিত শিক্ষকৰ ঘৰৰ ল’ৰা হৈ তই যদি এইখন কৰ’, কেনেকৈ হ’ব?  নাই। আনে মোক কি ক’ব জাতীয় অবান্তৰ চিন্তা মোৰ নাই। তয়ো ভাবিব নালাগে। নম্বৰেই সকলো নহয় বুলি জানো। সেইবুলি ইমানো ঢিলাই দিলে নহ’ব নহয়। ভাবিছিলোঁ গাত কথা লাগিছে। পিছে, কোনো পৰিৱর্তন নহ’ল।“

হাতত তিনিমহীয়া পৰীক্ষাৰ গণিতৰ বহীখন লৈ পদ্মজ এখোজ-দোখোজকৈ পঢ়া টেবুলৰ ফালে গতি কৰিলে। সি ঠিকেই ভাবিছিল, অভিভাৱকৰ চহী কৰাবলৈ দেউতাকৰ ওচৰলৈ গ’লে নিশ্চয় সি এনে এটা পৰিস্থিতিৰে সন্মুখীন হ’ব লাগিব। এনেকুৱাও নহয় যে সি চেষ্টা নকৰে। কৰে। কিন্তু দ্বিঘাত সমীকৰণ, ৰৈখিক সমীকৰণ, ত্রিকোণমেত্রিৰ ধুমুহাত তাৰ থৰ-কাচুতি হেৰাই যায়। কি স্বীকার্যত সমীকৰণবোৰৰ বাস্তৱ মূল থাকিব, কেতিয়া মূল দুটা কাল্পনিক হ’ব, Cos 30°ৰ মান কিমান…এইবোৰে তাক এনেকৈ জুমুৰি দি ধৰে যে সকলোতে আউল লাগে। মূৰকত সমীকৰণবোৰ সমাধা নহয়গৈ। উত্তৰ ওলালেও ভুল হয়। ফলত স্কুলত শিক্ষকৰ ককর্থনা আৰু ঘৰত…!

ভিতৰুৱা গাঁওখনৰ সম্ভ্রান্ত ব্যক্তিসকলৰ ভিতৰত ভূপেন মাষ্টৰৰ নামটো সকলোৱে সম্ভ্রমৰেই লয়। নল’বনো কিয়?  তেখেতৰ একান্ত চিন্তা আৰু চেতনাৰ বলতেই গাঁওখনত স্কুলখনে প্রতিষ্ঠা লাভ কৰিছিল। প্রায় পোন্ধৰটা বছৰ বিনা বেতনে সেৱা আগবঢ়োৱাৰ পাছত বিদ্যালয়খন চৰকাৰীকৰণ হৈছিল। সেইখন বিদ্যালয়ৰে ছাত্র পদ্মজ আৰু ভূপেন বৰুৱা প্রধান শিক্ষক। ঘৰখনত সদস্য বুলিবলৈ দুজনেই যদিও ছাত্র এজনক পঢ়াৰ সময়ত দিবলগীয়া যাৱতীয় সুবিধাখিনিত মাষ্টৰে কোনো কৃপণালি কৰা নাই। মাষ্টৰ মানুহ। শিক্ষাৰ প্রয়োজনীয়তা তেওঁতকৈ আন কোনে বুজে?

বুজিলে। শিক্ষাৰ প্রয়োজনীয়তা পদ্মজেও এদিন ভালকৈয়ে বুজিলে। মাথোঁ সাঁথৰ হৈ ৰৈ গ’ল পাইথাগোৰাচৰ উপপাদ্য অথবা স্থানাংক জ্যামিতি। কিবাকৈ চল্লিশটা নম্বৰ গোটাই মেট্রিকৰ জপনাখন পাৰ হ’ল আৰু বীজগণিত অথবা চক্রবৃদ্ধি সুত আদিয়ে যাতে কেতিয়াও তাৰ কাষ চাপিব নোৱাৰে তাৰ বাবে গণিত নামৰ জপনাখন চিৰদিনৰ বাবে বন্ধ কৰি দিলে। সাময়িকভাৱে পৃথিৱীৰ অন্যতম সুখী আৰু স্বাধীন ব্যক্তি হিচাপে পদ্মজে নিজকে নিজৰ ওচৰত ঘোষণা কৰিলে। কিন্তু পিছ মুহূর্ততে সময়ে আনি তাক বাস্তৱৰ কষটি শিলত ঠেকেচা মাৰি দিলে। গতিশীল সময়ৰ কোবাল সোঁতে জোলোকা-জোলোকে পানী খুৱালে। সি মাথোঁ এছটা নিৰস কাঠৰ টুকুৰাৰ দৰে থৰ লাগি তাৰ ওপৰৰে পাৰ হোৱা ধুমুহাজাক অপলক দৃষ্টিৰে চাই থাকিল। এতিয়াৰ পৰা সি বন্ধত কাক লগ পাবলৈ ঘৰলৈ ঢপলিয়াই আহিব?  গণিত বুলিলে বাঘ দেখা দি ভয়ার্ত হৈ পৰা কথাটো সোঁৱৰাই দি কোনে তাৰ লগত ধেমালি কৰিব?  আটাইতকৈ ডাঙৰ কথা, সি ‘দেউতা’ বুলি কাক মাতিব?

আচলতে মানুহ কেতিয়াও ধ্রুৱক নহয়। হ’ব নোৱাৰে। মানুহবোৰ একো একোটা চলক। কোনো কোনো বিশেষ সময়ত সহগ। সময়ো ধ্রুৱক নহয়। পুৰাতন সত্যকেইটাৰ বাদে ধ্রুৱক বুলিবলৈ একো নাই। এইখিনিতেই সাধাৰণতে ভুলটো হয়। সমীকৰণটো পাতোঁতেই ভুল হ’লে সঠিক উত্তৰ ক’ৰ পৰা ওলাব? সৰুৰ পৰা লগ-বন্ধু নথকা পদ্মজৰ বাবে দেউতাকেই আছিল ধ্রুৱক, দেউতাকেই চলক। তাৰ জীৱনৰ প্রতিটো বীজগাণিতিক ৰাশিত প্রত্যক্ষ বা পৰোক্ষভাৱে দেউতাকেই সাহস আৰু সহচৰ হিচাপে আছিল। অথচ নিয়তিৰ প্রতিস্থাপন পদ্ধতিয়ে দেউতাককো চলক সজালে আৰু শেষত আঁতৰাই নি জোন-তৰাৰ দেশৰ আলহী কৰিলে। শেষৰ সময়খিনিতো দেউতাকৰ ওচৰত থাকিবলৈ নোপোৱা বেদনাৰ জুইকুৰাই তাক ভিতৰি-ভিতৰি বাৰুকৈ দহিবলৈ আৰম্ভ কৰিলে। ঠিক তেনে এক জটিল সন্ধিক্ষণতে উচ্চাৰিত হ’ল সি কেতিয়াও নজনা, নুশুনা, অবাস্তৱ যেন লগা এক পুৰণি জটিল সমীকৰণৰ।

“ইস্- ইস্, ধর্ম কৰি কৰিয়েই মানুহজন গ’লগৈ। পৰিচয়হীন ল’ৰাটোক এটা চিনাকি দিলে, এটা স্থায়ী ঠিকনা দিলে। কিন্তু শেষ সময়ত পানীটোপাহে ল’বলৈ নাপালে! নিজৰ মঙহ নহয় যে!”

কোনে ক’লে? কিয় ক’লে?  গোটেই আকাশখন ছাইৰঙী বিষাদে আগুৰি ধৰিলে। বতাহে বতাহে বিয়পিল বিষবাষ্প। দেউতাকক হেৰুওৱা ছমাহ হৈছিল কি নাই, এন্ধাৰে লুকুৱাই ৰখা আন এটা অধ্যায় হঠাতে আলোকিত হৈ পৰিল। নক’লে। কোনেও খুলি নক’লে কি, ক’ত কিয় বা কেনেকৈ। কন্দা নাছিল সি। নহয়, কান্দিবলৈ পাহৰিছিল সি। শান্ত সৌম্য পুখুৰীটোত সময়ে আউলীয়া ঢৌৰ সৃষ্টি কৰি পদ্মজৰ চকুত ধোঁৱা এখিনি গুঁজি দিলে। সন্মুখত আন এক নতুন প্রশ্ন। উত্তৰৰ সন্ধানত ধুঁৱলী-কুঁৱলী বাট এটাৰে গুচি গ’ল সি। গণিত বুলিলে পেটতে হাত-ভৰি লুকুৱা সেই অকণমানি ল’ৰাটোৱে বুজি উঠিছিল, পাঠ্যপুথিত সন্নিবিষ্ট সমীকৰণবোৰতকৈ জীৱনৰ সমীকৰণবোৰ সমতুল কৰাটো বহুত বেছি কঠিন। মনতে সমাধান এটা ভাবি ল’লে। নাজানে, সেই হেঁপাহটোক উত্তৰ হিচাপে পাবলৈ কি কি সহগৰ সহায় ল’ব লাগিব, কি কি ধ্রুৱক লাগিব। আনকি সেই ধূসৰিত হেঁপাহটো পাব নে নাই তাৰো কোনো নির্দিষ্টতা নাই।

সমাধানৰ বাট বিচাৰি বছৰ চেৰেক পাৰ হ’ল। এমুঠন ৰ’দে জলমলাই পদ্মজৰ জীৱনত উমলিবলৈ ল’লে। তাহানিৰ সাঁথৰ যেন কথাকেইটাৰ অন্বেষণত ঘূৰি ফুৰোঁতেই সহগ হৈ ধৰা দিলেহি বিদিশাই। তাৰ পাছত সময়ে সময়ে বিভিন্ন গাণিতিক সম্পৰীক্ষা চলি থাকিল। গাঁও এৰি অহা সাতটা বছৰৰ মূৰত সিহঁত আকৌ তালৈকে ঘূৰি অহাটো থিৰাং কৰিলে। অৱশ্যে এইক্ষেত্রত বিদিশাৰ মতটোৱেহে বেছি প্রাধান্য পাইছিল।

একো কথাই আগৰ দৰে হৈ থকা নাছিল। গাঁওখনৰ বাট-পথবোৰ পকী হ’ল, দুখনকৈ গেলামালৰ দোকান বহিল, পদ্মজৰ শৈশৱ সাঁতুৰি থকা খালটো পোত গ’ল। মুঠতে এখন নতুন ঠাই। এই গাঁওখন পদ্মজৰ চিনাকি নহয়। খেলি-মেলি লাগি গ’ল তাৰ। সেই যে দশম শ্রেণীৰ তিনিমহীয়া পৰীক্ষাত অহা গণিতৰ প্রশ্নখন! হঠাৎ সেই একেই উত্তেজনা এখিনি পাৰ হৈ গ’ল তাৰ বুকুৱেদি। লগে-লগে সেই ঘটনাবোৰৰ লগত লুটুৰি-পুটুৰিকৈ সাঙোৰ খাই থকা সত্তাটো যেন মনৰ ভিতৰত আকৌ জাগ্রত হ’ল। অৱশ্যে এতিয়া সি নিজকে সামৰি ল’ব জানে।

গাঁৱলৈ আহ-যাহটো সঘন হ’বলৈ ল’লে। তাৰ মাজতেই আকৌ এক নতুন প্রশ্নই আহি ভিৰ কৰিলেহি। প্রশ্ন মানেই সমস্যা। অর্থাৎ আকৌ সমাধান বিচাৰিব লাগিল। আকৌ নতুন সমীকৰণ গঠন কৰিব লাগিব।

“গণিত কেতিয়াও টান নহয়। সঠিক সময়ত সঠিক সিদ্ধান্ত ল’ব পাৰিব লাগে। কোনটো ‘ফর্মূলা’ ব্যৱহাৰ কৰিব লাগিব, কেতিয়া কৰিব লাগিব ইত্যাদি সকলোখিনি জানিব লাগিব। অন্যথা নির্ভুল উত্তৰৰ আশা বৃথা। সময়ো ক্ষতি হয়, অথলে যায় কষ্টও। জীৱনটোও একেই। মাথোঁ ইয়াত সকলো সমাধানৰ পথ নিজেই বিচাৰিব লাগে।“

বিদিশাই বুজাইছিল। বিয়াৰ ছটা বছৰ পাৰ হৈ যোৱাৰ পাছতো সিহঁতৰ মাজলৈ নতুন আলহীৰ আগমন কিয় হোৱা নাই বুলি গাঁওখনত বু-বু, বা-বা উঠাৰ পৰতো তাই পদ্মজক অভয় দান কৰিছিল। এনেও সিহঁতে এইটো বিষয়ত আঙুলি উঠিব বুলি আগৰ পৰাই সাজু আছিল।

পাছদিনা পুৱাই পদ্মজৰ গাড়ীয়ে চেঁকুৰ ধৰিলে। লগত বিদিশা। ‘স্নেহালয়’ৰ গেটত গাড়ীখন ৰ’ল। পঞ্জীয়ন কক্ষত এজন বয়সীয়া মানুহ বহি আছে। নাম, ঠিকনা দেখি তেওঁৰ চকু কপালত উঠিল। ঠিক পইত্রিশ বছৰমান আগতে এনেকৈয়ে এজন মানুহ আহিছিল আৰু…!

কিছু সময়ৰ পাছত পদ্মজ আৰু বিদিশা মূলঘৰৰ পৰা ওলাই আহিল। কোলাত এটা কেঁচুৱা। আজি সিহঁতৰ চকুত ৰামধেনু এখনে নাচি আছে। এটা নতুন ৰাশি যোগ হৈ সিহঁতে নিজাকৈ বনোৱা সমীকৰণটো সমতুল হৈ পৰিছিল। কিন্তু পদ্মজে হাততে পায়ো তাৰ পুৰণি সমীকৰণটোৰ সমাধান আজিলৈ বিচাৰি উলিয়াব নোৱাৰিলে।

০০০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক