চলচ্চিত্ৰীয় বাস্তৱতাঃ এক টোকা – ড॰সুব্ৰত জ্যোতি নেওগ

চলচ্চিত্ৰীয় বাস্তৱতা [cinematic realism] সাম্প্ৰতিক সময়ত বহুলভাৱে চৰ্চিত এটি বিষয়৷ ই এক ধাৰা [genre] ও নহয় বা ই এক বৌদ্ধিক আন্দোলন [movement] ও নহয়৷ আচলতে ই এনে এটা ধাৰণা য’ত চলচ্চিত্ৰ গ্ৰহণ শিল্প [cinematographic imagae] ৰ বিষয়ে আলোচিত হয়; য’ত চলচ্চিত্ৰৰ সম্পৰ্ক বাস্তৱৰ সৈতে কেনেকুৱা তাৰ আলোচনা কৰা হয়; য’ত ইমেজৰ বিশ্বাসযোগ্যতা [credibility] সম্পৰ্কে বিশ্লেষণ হয়; য’ত চলচ্চিত্ৰই সমাজ বিশেষৰ প্ৰেক্ষাপটত কেনে ভূমিকা পালন কৰিছে আৰু চলচ্চিত্ৰই বিশ্বজগত উপলব্ধিত কেনে ভূমিকা পালন কৰিছে তাৰ আলোচনা হয়৷ চলচ্চিত্ৰীয় বাস্তৱবাদে চলচ্চিত্ৰ নিৰ্মাণৰ দুটা ধৰণ আৰু চলচ্চিত্ৰ গ্ৰহণ শিল্পৰ দুটা দৃষ্টিভংগীক সূচিত কৰে৷ এই প্ৰসংগত ‘Film Reference’ ত উল্লেখ কৰা এটি কথা বিশেষভাৱে প্ৰণিধানযোগ্য –
‘‘In the first instance, cinematic realism refers to the verisimilitude of a film to the believability of its character and events. The second instance of cinematic realism takes on it starting point the camera’s mechanical reproduction of reality.’’

মূলসূঁতিৰ চলচ্চিত্ৰ বা সমাজৰ বাবে যিবোৰ বিষয় অৱস্থা বা ব্যক্তি অৱহেলিত সেইবোৰ কথাক চলচ্চিত্ৰীয় বাস্তৱতাই সামৰে৷ সমালোচক Raymond Williams য়ে এইটো দিশক বাস্তৱতাৰ সামাজিক প্ৰসাৰণ বুলি অভিহিত কৰিছে৷ বাস্তৱতাই সমাজৰ উপেক্ষিত শ্ৰেণীটোক দৃশ্যমান কৰি তুলিবৰ যত্ন কৰে আৰু এই শ্ৰেণীটোৰ কণ্ঠক সবল কৰি তোলাৰ প্ৰয়াস কৰে৷

চলচ্চিত্ৰীয় বাস্তৱতাৰ অন্যতম প্ৰবক্তা ফৰাচী সমালোচক Andre Bazine য়ে কৈছে যে লং টেক, ফ’কাচৰ গভীৰতা, সীমিত সম্পাদনা আদি কৌশলৰ যোগেদি সুন্দৰৰূপে আমাৰ চৌপাশৰ পৃথিৱীখন চলচ্চিত্ৰত বাস্তৱধৰ্মীৰূপত উপস্থাপন কৰিব পাৰি৷ F.W. Murnau, Eric Von Stroheim, Andre Bazine আদিৰ হাততেই চলচ্চিত্ৰীয় বাস্তৱতাৰ ধাৰণাই পূৰ্ণৰূপত বিকাশ লাভ কৰিছিল যদিও Kracauerৰ মতে লুমিয়েৰ ব্ৰাৰ্দাচৰ হাততেই চলচ্চিত্ৰীয় বাস্তৱতাৰ বীজ অংকুৰিত হৈছিল৷ তেওঁৰ মতে লুমিয়েৰ ব্ৰাৰ্দাচে চলচ্চিত্ৰ জন্ম দিয়াই নহয়, তেওঁলোকে চলচ্চিত্ৰৰ বিশেষ গুণ এটাকো সমৃদ্ধ কৰিছিল৷ এইটো গুণ হ’ল – আমাৰ চাৰিওফালৰ জীৱন-জগতৰ সাক্ষ্য বহন কৰা আৰু এই জীৱন জগতৰ পুনৰ নিৰ্মাণ কৰা৷ চলচ্চিত্ৰীয় বাস্তৱতা এই ধাৰণাৰে অনুপ্ৰাণিত চলচ্চিত্ৰবোৰত অ-পেচাদাৰী অভিনেতা-অভিনেত্ৰীৰ [Non professional Actors] ৰ পয়োভৰ ঘটে৷ একেদৰে কৃত্ৰিম চে’ট বা পোহৰৰ পৰিৱৰ্তে সকলোতে বাস্তৱধৰ্মী চিত্ৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় বাস্তৱবাদী চলচ্চিত্ৰবোৰত৷ F.W. Murnau’ব্দ ৰ ‘Tabu’ [১৯৩১] বাস্তৱবাদী চলচ্চিত্ৰৰ যিটো ধাৰা তাক সমৃদ্ধ কৰা অন্যতম চলচ্চিত্ৰ৷ ‘Film Reference’ ত এই ছবিৰ প্ৰসংগত কোৱা হৈছে ঃ ‘‘Despite its melodramatic quality, Tabu relied on non-professional actors, including tahitians in important roles, location shooting and a sparse use of titles. In addition, Murnau weaves into the plot the economic reality and colonialist exploitation of the pearl trade’’ উল্লেখনীয় যে বাস্তৱবাদী চলচ্চিত্ৰবোৰৰ কথাবস্তুৰ অন্যতম আধাৰ অৰ্থনৈতিক সংকট৷ যুদ্ধোত্তৰ যুগৰ অৰ্থনৈতিক জীৱনৰ বাস্তৱ চিত্ৰণ বহুতো বাস্তৱবাদী চলচ্চিত্ৰত মূৰ্ত হৈ উঠিছিল৷ F.W. Murnau ৰ ‘Tabu’ উপৰিও Vittorio De Sica ৰ ‘The Bicycle Thieves’, Lue Dardenne’ ৰ ‘Rosetta’, আদিত অৰ্থনৈতিক সংকটৰ বাস্তৱধৰ্মী চিত্ৰণ সুন্দৰৰূপে ফুটি উঠিছে৷

ত্ৰিছৰ দশকৰ পৰা পাশ্চাত্য চলচ্চিত্ৰীয় পৰিমণ্ডলত বাস্তৱবাদী চলচ্চিত্ৰই এক নতুন মাত্ৰা লাভ কৰে৷ Jean Vigo ৰ ‘L’ Atalante’ Maria Epstein ৰ ‘La Maternelle’, Jean Renoir ৰ ‘La Bate humaine’, Julien Duvivier ৰ ‘Pepe le Moko’ আদি ত্ৰিছৰ দশকৰ উল্লেখযোগ্য বাস্তৱবাদী চলচ্চিত্ৰ৷ ত্ৰিছৰ দশকৰ এই ধাৰাটোক বহুতে Poetic Realism বুলি কয়৷ এই ধাৰাটোৱে হলিউডৰ সুখ সমাপ্তিৰে পৰিপূৰ্ণ পৰম্পৰাগত চলচ্চি ধাৰাটোক নসাৎ কৰিছিল৷ এই ধাৰাটোৱে বাস্তৱৰ হুবহু চিত্ৰণৰ ওপৰত গুৰুত্ব দি কৃত্ৰিম ছে’টৰ ধাৰণাক নুই কৰিছিল৷ সমাজৰ দৰিদ্ৰতা, নিবনুৱা সমস্যা, মাদকদ্ৰব্যৰ সমস্যা আদি বিভিন্ন সমস্যাৰ এই ধাৰাটোৰ ছবিত মূৰ্ত কৰি তোলা হৈছিল৷ শ্ৰমিক জীৱনৰ ৰূপসাৰ্থক চিত্ৰণ এই ধাৰাটোৰ ছবিত পৰিলক্ষিত হৈছিল৷ এই বৈশিষ্টবোৰলৈ মন কৰিলে এই ধাৰাটোৰ নামকৰণ স্ব-বিৰোধী যেন লাগে৷ এই প্ৰসংগত ‘Film Reference’ত উল্লেখ কৰা এষাৰ কথা প্ৰণিধানযোগ্য – ‘‘Poetic realism may sound like a contradicton in terms, but for its advocates and practitioners the French movement exemplified realisms basic tenet that creating new, lyrical forms of representation was the best way to create new forms of visibility and new ways of thinking about the world’’

মন কৰিবলগীয়া কথা, ত্ৰিছৰ দশকৰ ‘কাব্যিক বাস্তৱতাই [Poetic Realism] ইটালীত নব্য বাস্তৱতা গঢ় লৈ উঠাত বিশেষভাৱে অৰিহণা যোগাইছিল৷ Roberto Rosselliniৰ ‘Rome open city’, ‘Germany Year Zero’, De Sica ৰ ‘Bicycle Thieves’, ‘Umberto’, Luchine viscontis ৰ ‘Obsession’ আদি ইটালীয়ান ছবিয়ে বাস্তৱবাদী চলচ্চিত্ৰৰ ধাৰাটোক এক নতুন মাত্ৰা প্ৰদান কৰিছিল৷ লুইজি বাৰ্ট লিনিৰ উপন্যাসৰপৰা চিজাৰে জাভাত্তিনিয়ে ৰচনা কৰা কাহিনী লৈ জাভাত্তিনি আৰু ভিত্তৰিঅ’ ডি ছিকাই ৰচনা কৰা চিত্ৰনাট্যৰে ইটালীৰ বিখ্যাত ছবি ‘Bicycle Thieves’ নিৰ্মিত হৈছিল৷ ইয়াৰ মূল চৰিত্ৰ অপেচাদাৰী অভিনেতা আছিল৷ আচলতে এণ্ট’নিঅ’ৰ চৰিত্ৰত অভিনয় কৰা লাম্বাটো মেগিঅ’বানি আৰু ব্ৰোনোৰ চৰিত্ৰত অভিনয় কৰা এনজো ষ্টাইঅ’লা – নন এক্টৰ অৰ্থাৎ মঞ্চ বা চলচ্চিত্ৰৰ অভিনেতা নাছিল৷ এই গোটেই ছবিখন ৰাষ্টা বা প্ৰকৃত অঞ্চল কিছুমানত চিত্ৰগ্ৰহণ কৰা হৈছিল৷ এই ছবিত কৃত্ৰিম ছেটৰ ব্যৱস্থা নাছিল৷ নব্য বাস্তৱবাদী ধাৰণাৰে সংপৃক্ত ‘Germany Year Zero’ ত হিটলাৰৰ শাসন ব্যৱস্থাই কিদৰে সাধাৰণজনৰ জীৱনত প্ৰভাৱ পেলাইছিল তাক হৃদয় সংবেদীৰূপত Roberto Rossellini য়ে দেখুৱাইছে৷ De Sica ৰ ‘Miracle in Milan’ তো দৰিদ্ৰ জীৱনৰ চিত্ৰণ কৰা হৈছে৷ এই ছবিতো De Sica ই অভিনয়ৰ বাবে সঁচা ভিক্ষাৰী কিছুমানক অভিনেতা হিচাপে লৈছিল৷ কমেডী, ফেণ্টাচী আৰু বাস্তৱৰ অদ্ভুত সংমিশ্ৰণেৰে নিৰ্মিত এই ছবিত গৃহহীন মানুহৰ কৰুণ জীৱন গাথা চিত্ৰিত হৈছে আৰু লগতে De Sica ই এইটোও দেখুৱাইছে যে নৈতিকতাৰ দিশত কিন্তু তেওঁলোকো সমাজৰ আনবোৰ মানুহৰ নিচিনাই৷ দৰিদ্ৰ থাকোঁতে যি অলপমান বস্তুতে তেওঁলোক সুখী হৈছিল উন্নতিৰ সুযোগ পোৱাৰ লগে লগে তেওঁলোকৰ আকাংক্ষা বৃদ্ধি পায়৷ এই বাস্তৱ কথা আজিৰ প্ৰেক্ষাপটতো প্ৰাসংগিক৷ ইটালীৰ নব্য বাস্তৱবাদৰ শিল্পদৰ্শনে বিশ্ব চলচ্চিত্ৰকে এক নতুন আয়তন প্ৰদান কৰিছিল৷ এইখিনিতে সমালোচক পবিত্ৰ কুমাৰ ডেকাৰ এষাৰ কথা প্ৰণিধানযোগ্য – ‘‘চলচ্চিত্ৰৰ এক শিল্প দৰ্শন নিঅ’ৰিয়েলিজম নৱ্য বাস্তৱবাদ৷ চল্লিশৰ দশকৰ মাজভাগত ফেচিষ্ট ইটালীৰ অস্থিৰ ৰাজনৈতিক পৰিৱেশত জন্ম লৈছিল বিশ্ব চলচ্চিত্ৰৰ ইতিহাসৰ চিৰস্মৰণীয় এক নতুন আদৰ্শই৷ এই আদৰ্শত বিশ্বাসী পৰিচালকসকলৰ মূল কথাটো আছিল ঃ ‘Take the camera out into the streets’ অৰ্থাৎ জীৱনক যথাযথভাৱে ৰূপালী পৰ্দাত পৰিচালকে পৰিৱেশন কৰিলে নিজা নিজা ব্যাখ্যাৰে৷ গুৰুত্ব দিলে মানবীয় মূল্যবোধত৷ স্বাভাৱিকতেই সমাজ সচেতনতাৰ কথাটো আহিল৷ দৰিদ্ৰ, নিপীড়িত আৰু শোষিত দেশৰ গৰিষ্ঠ সংখ্যক মানুহৰ প্ৰতিনিধিত্ব চলচ্চিত্ৰলৈ আহিল৷ ’’

বিংশ শতিকাৰ পঞ্চাশ দশকৰ পৰা বৰ্তমানলৈকে বৃটিছ বাস্তৱবাদেও বিশ্ব চলচ্চিত্ৰক বিশেষভাৱে সমৃদ্ধ কৰিছিল৷ ‘Room at the Top’, ‘Poor Cow’, ‘Career Girls’ আদি বৃটিছ বাস্তৱবাদী ছবিবোৰৰ বাজেট সীমিত আছিল৷ বাস্তৱ অঞ্চলত চিত্ৰগ্ৰহণ, নিম্নশ্ৰেণীৰ জীৱনগাথা, সামাজিক সমস্যাৰ মূৰ্ত ৰূপ, অ-পেচাদাৰী অভিনেতা-অভিনেত্ৰীৰ সমাবেশ সীমিত সম্পাদনা, লংশ্বট, ডীপ ফ’কাচ আদিৰ প্ৰয়োভৰ আদি বৃটিছ বাস্তৱবাদী চলচ্চিত্ৰৰ প্ৰধান বৈশিষ্ট আছিল৷ অৱশ্যে ষাঠি দশকৰ বৃটিছ চলচ্চিত্ৰীয় বাস্তৱতাক বহুতো সমালোচকে সমালোচনা কৰিছিল পুৰুষতান্ত্ৰিক দৃষ্টিকোণৰ প্ৰাধান্যৰ বাবে৷

ইটালীৰ নব্য বাস্তৱবাদ আৰু বৃটিছ বাস্তৱবাদে ভাৰতৰ সত্যজিৎ ৰায়কো স্পৰ্শ কৰিছিল৷ সত্যজিৎ ৰায়ৰ চলচ্চিত্ৰবোৰত ভাৰতৰ দৰিদ্ৰ জনজীৱনৰ চিত্ৰণ বাস্তৱসন্মত ৰূপত চিত্ৰিত হৈছিল৷ সত্যজিৎ ৰায়ক De Sica ৰ ‘Bicycle Thieves’ য়ে বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল৷ ক্ৰমান্বয়ে বিশ্ব চলচ্ছিত্ৰ জগতত বাস্তৱবাদী চলচ্চিত্ৰৰ ধাৰাটোৱে প্ৰভাৱশালী ৰূপ পৰিগ্ৰহ কৰে আৰু সাম্প্ৰতিক সময়ৰ এখন উল্লেখযোগ্য বাস্তৱবাদী চলচ্চিত্ৰ হ’ল ‘বাবে’ল’৷ সাম্প্ৰতিক পৃথিৱীত বিভিন্ন সমাজ, জনগোষ্ঠী, জাতিৰ মাজত ব্যৱধান, অবিশ্বাস, বিদ্বেষৰ ব্যঞ্জনা ‘বাবে’ল’ নামৰ চলচ্চিত্ৰখনত সুন্দৰৰূপত পৰিস্ফূট হৈছে৷ উল্লেখযোগ্য যে এই অবিশ্বাস, আতংক, যান্ত্ৰিক হৃদয়হীনতা, ভুল ধাৰণা আৰু ব্যৱধান জয় কৰিছে মানৱতাৰ এতিয়াও ক্ষয় নোহোৱা অৱশেষে৷

মুঠ কথা চলচ্চিত্ৰীয় বাস্তৱতা বুলিলে বুজা যায় য’ত সাধাৰণ আৰু পৰিচিত সমাজখনৰ বস্তুনিষ্ঠ আৰু প্ৰত্যক্ষ চিত্ৰণ থাকে; য’ত সমাজৰ তলৰ শ্ৰেণীৰ লোকৰ অৱহেলিত, অভাৱগ্ৰস্থ, গ্লানিময় জীৱন আৰু পৰিৱেশ যথাৰ্থ ৰূপত উপস্থাপিত হয়৷ ব্যক্তিজীৱন আৰু সমাজজীৱনৰ অবিকৃত আৰু নিৰপেক্ষ দৰ্শনেই চলচ্চিত্ৰীয় বাস্তৱবাদৰ ভেঁটি৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments