চহা অসমীয়া জন – জীৱনত ডাকৰ বচন (জয়শ্ৰী এম গগৈ)

অসমৰ লোক বিশ্বাস ও লোক সাহিত্যত ডাকৰ বচন সমূহৰ এটি গুৰুত্বপূৰ্ণ অৱস্থান আছে। চহা জীৱনৰ কিছুমান ৰীতি-নীতি আজিও ডাকৰ বচন অনুসৰি পালিত হয়। প্ৰবাদ আছে জন্ম হৈয়ে ডাক পুৰুষে কথা কৈছিল। কেৱল মাত্ৰ এদিন এনিশাৰ আয়ুস লৈ জন্ম গ্ৰহণ কৰা ডাক পুৰুষৰ প্ৰতিটো বচন অতি সাৰুৱা আৰু নীতিমূলক। প্ৰতিটো বচনত একো একোটা গভীৰ ভাৱ নিহিত হৈ আছে।

ডাকৰ বচনৰ কোনো নিৰ্দিষ্ট সংখ্যা নাই। সহস্ৰাধিক বচন অসমৰ চহা জনজীৱনত সিঁচৰতি হৈ আছে। এনেকুৱা অনেক ডাকৰ বচন মই আইতাৰ মুখেৰে শুনি ডাঙৰ হৈছোঁ। আইতাৰ মুখৰ পৰা শুনিবলৈ পোৱা বচন সমূহ যদি ভাগ কৰোঁ আমি এনেকৈ পাও, যেনে –
১/ জন্ম
২/ ধৰ্ম
৩/ নীতি
৪/ ৰাজনীতি
৫/ ৰন্ধন
৬/ গৃহিণীৰ লক্ষণ
৭/ পৰিত্যাগ
৮/ কৃষি
৯/ বৃষ
১০/ জ্যোতিষ
১১/ বৰ্ষা
১২/ নীতি শিক্ষা

বৰ্তমান যুগৰ পৰিৱৰ্তনশীল সময়ত ডাকৰ বচনসমূহৰ গুৰুত্ব বহু সময়ত ধূসৰ যেন লাগিলেও নুই কৰিব নোৱাৰো। অসমীয়া চহা জনজীৱনত আচৰিত ধৰণেৰে ডাকৰ বচনসমূহ এডাল শক্তিশালী শিপা হৈ বিয়পি আছে। ওপৰত উল্লেখ কৰা ভাগ সমূহৰ পৰা দুই এক ডাকৰ বচন তথা প্ৰাসংগিক গূঢ়াৰ্থ সমূহৰ এটি চমু আলোচনা আগবঢ়ালোঁ।

শ্ৰেণী অনুসৰি ক্ৰমশঃ আমি পাইছোঁ —
১/ জন্ম প্ৰকৰণ- সন্তান এটি জন্ম হোৱাৰ লগে লগে কেনেধৰণৰ নিয়ম কৰিব লাগে সেয়া হেনো ডাকে জন্ম হৈয়ে ক’বলৈ আৰম্ভ কৰিছিল। যেনে –
“পোঁৱাতী ৰাখিয়া চা পুতাক।। একে কাঠে লাড়ি চাৰি।। দুই কাঠে ফুঁ পাৰি।। তিনি কাঠে কৰি এক যেনে লাগে তেল সেক।।”
আকৌ মাতৃ দুগ্ধৰ বিষয়ে ডাকে কৈছে –
“লোণ জালুকেৰে খুৱাবা জাল।। তেবে স্তন ৰস হৈবেক ভাল।।” [বি:দ্ৰ – এই কথাষাৰ অসমীয়া জন-জীৱনত আজিও তাহানিৰ দৰেই প্ৰযোজ্য হৈ আহিছে]

২/ ধৰ্ম্ম প্ৰকৰণ- ধৰ্ম্ম-কৰ্ম, মানৱীয় দোষ গুণৰ বিষয়ে ডাকে কয় –
“যি জনে দিৱয় অন্নৰ সাৰি। সিজন নাযাই যম নগৰী। অন্ন জল জানা অধিক দান।। তাত নাহি শ্ৰেষ্ঠ আন।।”

৩/ নীতি প্ৰকৰণ- ইয়াত আমি এনে কিছু কথাৰ আভাস পাওঁ যিবোৰ কথাই মানুহৰ স্বভাৱ-চৰিত্ৰ নিৰূপণ কৰাত সহায়ক হয়। যেনে-
“বাঘ চাব লাগিলে বোণ্ডাকে চাবা।। ভাল মানুহ চাব খুজিলে আলিলৈ যাবা।।”
“পুহত আহু, জেঠত শালি, তেবেসে জানিবাহা গৃহস্থালি।।”

৪/ ৰাজনীতি- ৰজাৰ চৰিত্ৰ, প্ৰজাৰ কাজ আদি কেনে হোৱা উচিত ডাকে কয়:
“এক মন কৰি সেবিবা ৰাজ। তেবেসে সিজিবে সমস্তে কায।।”
“ৰজাক চিনিবা দানত।। ঘোঁৰাক চিনিবা কাণত।।”

৫/ ৰন্ধন- অন্যান্য বিষয় কেইটা উপেক্ষা কৰি চলিলেও ৰন্ধন প্ৰকৰণৰ বিষয়ে ডাকৰ বচনসমূহ সঁচাকৈয়ে গুৰুত্বপূৰ্ণ বুলি চহা অসমীয়া সমাজত প্ৰচলিত হৈ অহা দেখা পোৱা গৈছে-
“উশাহ দীৰ্ঘে দিবা ফুই।। তেহে চাবা জুইৰ মুই।।”
“শোকোতাৰ পাত বেশুৱাৰ ঝোল। তেলৰ ওপৰে দিয়া আৰু তোল।। পূৰৈ শাক ৰোহীত মাছ।। ডাকে বোলে সেই ব্যঞ্জন সাঁছ।।”

৬/ গৃহিণীৰ লক্ষণ- ডাকৰ বচনত গৃহিণী এগৰাকী কেনে হয় তাৰো আভাস পাওঁ। যেনে-
“শাহুৰিত পুছি কৰে আয়-ব্যয়।। সে নাৰীক সদা লক্ষ্মী নেৰয়।।”
“অতিথি দেখিলে খঙ্গেৰে চাই।। সিজনী মৰিলে নৰ্কে যাই।।”

৭/ পৰিত্যাগ কথা- আমাৰ বাবে অপকাৰী যিকোনো কথা বা পৰিস্থিতি কেনেকৈ ত্যাগ কৰি আগুৱাই যাব লাগে বা কেনেকৈ আমি সাৱধানতা অৱলম্বন কৰা উচিত সেয়াও ডাকৰ বচনত উল্লেখ আছে। যেনে-
“পৰিহৰ পুখুৰী পিছলা ঘাট।। পৰিহৰ কৃষি মধ্যে হ’ল যদি বাট।।”
“পৰিহৰ অতি ধনী বান্ধৱৰ মুখ।। পৰিহৰ ব্যঞ্জন বাসিৰ সুখ।।”

৮/ কৃষি- ডাকে কয় কৃষিৰো কথা। কৃষকে কেনেকৈ ভূঁই ৰুলে খেতি ভাল হ’ব, কোন দিশত ঘৰ সজা ভাল, বাৰীৰ চাৰিওদিশত কি কি থকা উচিত, এই নীতি আমি পাওঁ। যেনে-
“ভূঁই লবা কোণা।। গৰু কিনিবা মেনা।।”
“পূৱা পশ্চিমাকৈ সাজিবা ঘৰ।। অকাল মৃত্যুক নাহিকে দৰ।।”
“পশ্চিমে বাঁহ পূৱে বেত।। উত্তৰে তামোল দক্ষিণে খেত।।”

৯/ বৃষ লক্ষণ- বৃষ মানে বলধ। কৃষকে কৃষি কাৰ্য নিয়াৰিকৈ চলাবলৈ হ’লে নিঃসন্দেহে বলধৰ প্ৰয়োজন। কেনে বলধ কিনিলে কৃষক লাভান্বিত হ’ব ডাক পুৰষে কৈ গৈছে। যেনে –
“ছয়ে চোটা চাৰিয়ে মোটা।। বিচাৰি আনিবা বলধ গোটা।।”
“গৰু কিনিবা চিকণ জালি।। দুই চাৰি ছয় দন্তীয়া ভালি।। হৰিণৰ সমান জিহ্বা কাণ।। হেন বলধ বিচাৰি আন।।”
“গৰু কিনিবা দীঘল নেজা।। মৈত উঠিলে নহয় কুঁজা।।”

১০/ জ্যোতিষ- ডাকৰ বচনত আমি তিথি, জোন, বাৰ মাহ আদিৰ ভাল বেয়াৰো আভাস পাওঁ। যেনে-
“আঁউসি প্ৰতিপদ পূৰ্ণিমা ৰাতি।। মাকৰ ঘৰলৈ নাযাই জী।।”
“সোমে লনি পূৱে বাস।। দুটি গ’লে এটি নাশ।।”

১১/ বৰ্ষা- বতৰৰ বতৰা ডাকৰ বচনত বৰ সুন্দৰকৈ পোৱা যায়। বৰ্ষাৰো নিয়ম থাকে। যেনে-
“আহাৰৰ নৱমী শুক্লা পক্ষত।। যদি নবৰিষে ভূমি তলত।।”
“বৰ্ষা কালত বেঙ্গৰ ৰাও।। হাল গৰু লৈয়া পথাৰক ধাও।।”
“মাঘৰ শেষত বৰিষে পানী।। তেবে অল্প বৃষ্টি আগলৈ জানি।।”

১২/ খেতি বৰ্ণনা- ডাকৰ বচনত পোৱা যায় কোনবিধ খেতি কেনেকৈ কৰিব পাৰি। কি গছ ৰুৱ লাগে, কেনে খেতিত খেতিয়ক লাভত থাকিব আদি কথাসমূহৰ যুক্তিপূৰ্ণ বচন আছে। যেনে-
“ধনৰ মধ্যত ধান্যসে শোভন।। ধান নহলে মৰা তেতিক্ষণ।।”
“তিনিশ ষাঠি জোপা ৰুবা কল।। মাসেকে পষেকে চিকণাবা তল।। পাত পচলা লাভত খাবা।। লংকাৰ বানিজ্য ঘৰতে পাবা।।”
“পূৱে হাঁহ পশ্চিমে বাঁহ।। উত্তৰে গোৱা দক্ষিণে ধোৱা।।”

১৩/ নীতি কথা- ওপৰত আলোচনা কৰি অহা সকলোবোৰ বচনৰ প্ৰাসংগিক কিছুমান বচন নীতি শিক্ষা বা কথা হিচাবে চহা অসমীয়া জন-জীৱনত যুগ যুগ ধৰি মুখে মুখে প্ৰচলিত হৈ আহিছে। যেনে-
“পঢ়ে পঢ়াই ৰুৱে পান।। এই তিনি চাড়ি নিচিন্তে আন।।”
“কটাৰি চিকুণ গুৱা।। টোপনি চিকুণ পুৱা।।”
“ফুলৰ ভাল পদুম।। ৰজাৰ ভাল খাতাং হুকুম।।”
“চক্ষু থাকিও নহবা কণা।। ই তিনি কথা জগতে জনা।।”
“পুত্ৰক চিনিবা বিবাহৰ পৰে।। বিপদে চিনিবা মিত্ৰে কেনে কৰে।।”

সীমিত জ্ঞানেৰে কম পৰিসৰৰ লেখা এটি যুগুত কৰোঁতে আলোচনা কৰিবলগীয়া কেইবাটাও প্ৰসংগ বাদ পৰি ৰ’ল। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত য’ত প্ৰতিটো কথা যুক্তিৰ ওপৰত প্ৰতিষ্ঠা হয় এনে এক সময়ত প্ৰবাদ পুৰুষ ডাকৰ অৱস্থানৰ সত্যতা সম্পৰ্কে প্ৰশ্ন উত্থাপনৰ থল আছে।

আনহাতে একাংশ বচন উপেক্ষা কৰিলেও ডাকৰ বহু সংখ্যক বচনৰ যুক্তিযুক্ততাক একে আষাৰে নস্যাৎ কৰিব নোৱাৰি। ডাকৰ বচনৰ অসমীয়া জন-জীৱনত যুগ যুগ ধৰি প্ৰচলিত হৈ অহাৰ ভেঁটিত ইয়াৰ ভাৱ ভাষা আদিক লৈ অসমীয়া লোক সাহিত্য বা মৌখিক সাহিত্যৰ প্ৰাচীন সমল হিচাবে গৱেষণা কৰাৰ থল আছে বুলি ক’লেও বঢ়াই কোৱা নহ’ব।

(পুনঃ লেখাটো প্ৰস্তুত কৰোঁতে ডাকৰ বচনৰ দুই এক বচন ও ভাগ সমূহক শুদ্ধ ৰূপ দিবলৈ পণ্ডিত শিৱনাথ ভট্টাচাৰ্যৰ সম্পাদিত ডাক চৰিতৰ আংশিক সহায় লোৱা হৈছে)

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
বুবু
4 years ago

সুন্দৰ । বহু নজনা কথা জানিবলৈ পালো । ভৱিষ্যতে আৰু পাম বুলি আশা থাকিল ।