চহা জীৱনৰ বিবাহ পৰম্পৰা – কমলা দাস

   বিয়া !!

এটি সুন্দৰ আনন্দ মিশ্ৰিত মধুৰ মিঠা শব্দ ! দুখন সমাজৰ উপস্থিতিত ,মধুৰ পৰিবেশ এটাত ,এটি পবিত্ৰ লগনত এহাল দৰা কইনাই সামাজিক নিয়মেৰে বিবাহ বান্ধোনত বান্ধ খায় চিৰদিনৰ বাবে। বিয়াৰ আগৰ পৰা বিয়া শেষ হোৱালৈকে ক’ত ,কিমান যে নিয়ম নীতি আৰু পৰম্পৰাৰ মাজেৰে আহিব লগা হয় !! সকলো পৰ্ব নিয়মৰ মাজেৰেই সম্পন্ন কৰা হয়। পৰম্পৰা বিলাক ৰক্ষা কৰিব পাৰিলে ভাল ও লাগে দিয়কচোন ! কিন্তু এই নিয়ম বা পৰম্পৰা বিলাক বহুত ক্ষেত্ৰত লিখিত আকাৰে সংৰক্ষিত নাথাকে। মানুহৰ মুখে মুখে প্ৰচলিত হৈ থকা খিনিকে, বয়সস্থ লোক সকলৰ দিহা মতেই পালন কৰিবলৈ চেষ্টা কৰা হয়। কিন্তু সকলো সময়তে নিয়ম জনা লোক বিচাৰি পোৱা নাযায়। ঠাই বিশেষে নিয়ম আৰু পৰম্পৰা ও বেলেগ বেলেগ হয় । আজি মই ইয়াত বৰপেটাৰ ফালৰ বিয়াত প্ৰচলিত কিছুমান নিয়মৰ বিষয়ে আলোচনা কৰিম । বৰপেটাৰো হয়তো সকলোৰে লগত সকলো নিয়ম নিমিলিব পাৰে। আমি দেখি অহা বিয়া বিলাকত যি বিলাক নিয়ম আৰু পৰম্পৰা পালন কৰি আহিছো ,তাকেই তুলি ধৰিবলৈ প্ৰয়াস কৰিছো।

১/ সুৱাগৰ ধান বান্ধা :

এইটো হৈছে বিয়াৰ প্ৰথম পৰ্যায়ৰ পৰ্ব বা অনুস্থান । বিয়াৰ আগৰ ৫ , ৭ , ৯ নাইবা সুবিধা আৰু বাৰ নিমিলিলে ১১ দিনৰ দিনাও এই পৰ্বটো অনুস্থিত কৰা হয় । সাধাৰণতে শনিবাৰ আৰু মঙ্গলবাৰে কৰা নহয়।

ধান অলপ যোগাৰ কৰি শুকাই মেলি থোৱা হয়। ঘৰৰ বাই ভনী, জেঠী খুড়ী আৰু ওচৰ চুবুৰীয়া ৰ আয়তি সকলোকে মাতি এই ধান খিনি ঢেঁকী নাইবা উড়ালত খুন্দা হয় । এই ধান খিনি হাঁহি ধেমালি কৰি খুন্দি থাকোতে আয়তি সকলে জাউৰিয়ে জাউৰিয়ে বিয়া নাম গাই থাকে । খুন্দা ধান খিনি নতুন ডলাৰে জাৰিব লাগে। জাৰোত ডলাত হাতেৰে বা দিব নাপায় বুলি কয় । খুন্দা হলে চাউলখিনি নতুন খৰাহী এটাত থব লাগে । শেষত সকলোকে চাহ পানী খুৱাই বিদায় দিয়া হয় । সুৱাগৰ ধান বান্ধা চাউলখিনি জোৰণ দিবলৈ যাওঁতে এক টেকেলি কইনাৰ ঘৰলৈ নিয়া হয় অন্যান্য বস্তুৰ সৈতে। এখৰাহী বিয়াৰ দিনা সুৱাগ তুলিব যাওঁতে চতিয়াবলৈ নিয়া হয় । বাকী খিনি দৰাৰ বিয়া হলে কইনা ঘৰলৈ আনাৰ পাছত আগ দিবলৈ ব্যৱহাৰ কৰা হয়। ছোৱালীৰ বিয়া হলে তাৰেই এমুঠি লখিমী লগত লৈ যায় দৰাৰ ঘৰত চতিয়াবলৈ ।

সুৱাগৰ ধান বান্ধাৰ আগতে ৰাতিপুৱাৰ ভাগত অলপ সান্দহ খুন্দা হয় । এই সান্দহ খিনি বড়া চাউল আৰু আৰৈ চাউল মিহলাই সেই চাউলৰ পৰা সান্দহ তৈয়াৰ কৰা হয়। দৰা কইনাক খুৱাবলৈ অলপ বেলেগে থৈ দিয়া হয়। বিয়া হৈ যোৱাৰ পাছতে যে দৰা কইনাক ভিতৰলৈ নিয়ম কৰিবলৈ নিয়া হয় তেতিয়া দৈৰ সৈতে এই সান্দহ দৰা কইনাক খাবলৈ দিয়া হয় কাহৰ বাতিত । বাকী সান্দহ খিনি দৰা বা কইনাক গা ধুৱাবলৈ যি কেইগৰাকী য়ে লঘোন দিয়ে তেওঁলোকক খুওৱা হয় দৈ আৰু গুড়েৰে সৈতে । খুউব ধেমালি ধুমুলা , হাহি স্ফুৰ্তিৰ মাজেৰে এই খিনি খোৱা হয় দৰা বা কইনাক গা ধুৱাবলৈ নিয়াৰ আগতে ।

জোৰণ :

জোৰণ হৈছে বিয়া এখনৰ আগদিনাৰ নিয়ম । দৰা ঘৰৰ পৰা নিজৰ বংশ পৰিয়ালৰ লগতে সমাজৰ মানুহ খিনিৰ সৈতে কইনাৰ ঘৰলৈ জোৰণ দিবলৈ আহে । ঠিক তেনেদৰে কইনাৰ ঘৰতো বংশ পৰিয়ালৰ সৈতে সমাজ এখন থাকে ।দুই খন সমাজক সাক্ষী কৰি জোৰণ পিন্ধোৱা হয় । আজিকালি দূৰৰ কইনা হলে , দুই খন ঘৰৰ সন্মতিত বিয়াৰ দিনাখন ৰাতিপুৱাই ও জোৰণ দিয়া দেখা যায়।

জোৰণত কইনাক দিবলৈ দৰা ঘৰৰ যি বোৰ বস্তুৰ প্ৰয়োজন , মই জনা খিনি তুলি ধৰিবলৈ প্ৰয়াস কৰিলো ।

জোৰণত দিবলগীয়া প্ৰধান বস্তু বিলাকৰ ভিতৰত এবিধ হল ,মিঠাতেল দুই টেকেলি। আগৰ দিনত এই মিঠাতেলৰ সৈতে সকলো বস্তুৱে ভাৰ বান্ধি কইনা ঘৰলৈ নিছিল বাবে বহুতো ঠাইত জোৰণক তেলৰ ভাৰ বুলিও কোৱা হয় ! বাকী বস্তু খিনি তলত লিখিলোঁ ।

১/মিঠাতেল দুই টেকেলি

২/ চাউল এক টেকেলি (এই খিনি সুৱাগ বান্ধা ধানৰ চাউল লব লাগে )

৩/আন এটা টেকেলিত মাহ ,মথা আৰু কেচা হালধি। সেই খিনিৰে কইনাক গা ধুওৱা হয় ।

৪/ নাৰিকল এজোৰ

৫/ তামোল এথোক আৰু আনা খুইটা পাণ দুমুঠি লৱ লাগে ।( আনা খুইটা মান নুফুটুৱা অৰ্থাৎ ফুটা নথকা)

৬/ ক’ল এথোক

৭/ দৈ আৰু মিঠাই

৮/।নতুন চালনীএখন

৯/।ক’ল পচলা এডোখৰ

১০/ মাছ এটা

১১/ সেন্দুৰ এটা, আৰ্চী ফনী , চুলিত ঘহা তেল এবটল,ঘুনুছা এডাল, শাখা এজোৰ ।

১২/ শৰাই এখনত তামোল বিশটা আৰু পান দুমুঠি শৰাই ঢাকনিৰে ঢাকি নিব লাগে। এই তামোল পাণৰ শৰাই খন , কইনা ঘৰৰ শৰাই খনৰ সৈতে সলাব লাগে ।

ইয়াৰ উপৰিও কাপোৰ আৰু গহনা সামৰ্থ অনুযায়ী দিয়া হয় । সকলোখিনি বস্তু লৈ জোৰণ যাবলৈ সাজু হলে দৰাই আহি বস্তুবোৰ চুই দিয়ে আৰু সমাজক সেৱা কৰিব লাগে ।‌ সেৱা কৰাৰ পাছত হৰি ধ্বনি দি জোৰণ দিবলৈ যাত্ৰা কৰে ।

দৰা ঘৰ গৈ কইনা ঘৰৰ পদূলিত উপস্থিত হলে কইনাৰ মাকে কাঁহী এখনত মাটিৰ চাকি জ্বলাই পাণ এপাতেৰে বা দি দি দৰা ঘৰক ভিতৰলৈ আদৰি আনে । ভিতৰলৈ অহাৰ পাছত দুয়ো পক্ষৰ তামোল পাণৰ শৰাই দুখন সলনা সলনি কৰে ।দৰাঘৰীয়া বহাৰ পাছত আয়তিৰ উৰুলিৰে কইনাক চোতাললৈ উলিয়াই অনা হয় । দুখন সমাজৰ উপস্থিতিত কইনাক জোৰণ পিন্ধোৱা হয় । প্ৰথমতে দৰাৰ মাকে কইনাৰ হাতত হাত চোৱা টকা এটা দিয়ে । এই টকাটো কইনাই খৰচ নকৰাকৈ বাকচৰ তলত পেলাই থব লাগে হেনো । তাৰ পাছত চুলিত তেল লগাই আৰ্চী দেখুৱাই ফনীয়াই দি ভাগিনৰ হতুৱাই কপালত সেন্দুৰৰ ফোট দিয়ে । এই খিনি হলে কইনাক মিঠাই খুৱাই দিব লাগে । এই খিনিৰ পৰাই সকলোৰে হাঁহি স্ফুৰ্তি আৰম্ভ হৈ যায় আৰু ! বাকী বস্তু বোৰ বংশৰ মানুহ খিনিয়ে এজন এজনকৈ আগবাঢ়ি আহি এবিধ এবিধ বস্তু কইনাৰ সন্মুখত ডাঙি ধৰিলে কইনাই চুই দিয়ে আৰু ভিতৰলৈ লৈ যায়। এনেদৰে আয়তিৰ উৰুলি সহিতে জোৰণ পৰ্ব সামৰণি পৰে।

শেষত কইনাক ভিতৰলৈ লৈ গৈ দৰাঘৰে দিয়া কাপোৰ এসাজ পিন্ধাই আনি সমাজক সেৱা কৰোৱায় ।তাৰ পাছত দৰাঘৰে চাহ পানী খাই বিদায় লয় আৰু ! আহিবৰ সময়ত কইনা ঘৰীয়াই , দৰাঘৰে দিয়া মিঠাই, তামোল পান, নাৰিকল আদি কৰি কেইবিধ মান বস্তুৰ এটা অংশ এখন আনাকাটা গামোচাত বান্ধি দি পঠিয়ায় ।

বিয়াৰ দিনাখন:

বিয়াৰ দিনা খনৰ প্ৰথম পৰ্ব হ’ল ৰাতিপুৱা পানী তোলা । দৰাক গা ধুওৱা পানী তুলিবলৈ পৰিয়ালৰ মহিলা খিনি আৰু আয়তীৰ সৈতে গীত পদ গাই নদীলৈ ঘট , কলচী , আদি লৈ যায়। ঘাই কলচীটো সাধাৰণতে মাকেই লয়। এখন আনাকটা গামোচাৰে ঘাই কলচী টো ঢাকি নিয়া হয় । প্ৰথমতে নদীৰ পাৰত চাকি এগছ জ্বলাই তামোল পাণ এজোৰ আৰু টকা এটা দি সেৱা কৰি লয় । তাৰ পাছত চুৰি কটাৰি এখনেৰে নদীৰ পানী অঠালি পঠালি কৈ কাটি ঘাই কলচীটো তাতে ডুবাই পানী ভৰোৱাৰ পিছত বাকী ঘট্ বিলাকত পানী ভৰাই আনে ।আয়তী সকলে উৰুলি দিয়ে ।বিয়া ঘৰৰ পদূলিত দুই ফালে দুজোপা কলগছ পুতি তাত সৰমালা আৰি দিয়া হয় । পানী তুলি আহি কলপুলিত বান্ধি দিয়া সৰমালাৰ তলেৰে ঘৰ সোমাব লাগে । দুৱাৰ মুখত পিৰা এখনত আনাকটা কাপোৰ পাৰি দি তাত দৰা বা কইনাক বহুৱাই লৈ সকলোৱে অলপ অলপ পানী মূৰত দি আশীৰ্বাদ দিয়ে । এই খিনি হ’লে ভিতৰত এঠাইত ঘট্ কলচী বোৰ থৈ ,গামোচাৰে ঢাকি থয় । ঘট্, কলচী থোৱা ঠাই খিনিত কেইটামান চাউল চটিওৱা হয় । আয়তীৰ উৰুলিৰে সৈতে ঘাই কলচীৰ ডিঙিত পৰা এমুঠন হিচাব কৰি শলিতা বটা হয় । ল’ৰাৰ হলে ছয় কুৰি আৰু ছোৱালীৰ হলে তিনি কুৰি পাক হব লাগে । এই শলিতা গছি বিবাহৰ মণ্ডপত থকা ঘাই চাকিত জ্বলাব লাগে। কইনাৰ হলে বিয়া হৈ নোজোৱা লৈকে আৰু দৰাৰ হলে বিয়া কৰাই কইনা লৈ ঘূৰি অহালৈকে এই চাকি গছ জ্বলি থাকিব লাগে ।

বিয়াৰ দিনা দুপৰীয়া কিছুমানে সাত পুৰুষীয়া শ্ৰাদ্ধ কৰে আৰু কিছুমানে নাম প্ৰসঙ্গ কৰে ।তাৰ পিছত এটা নখ কটা নিয়ম আছে ।ইয়াৰ পিছতেই দৰা নাইবা কইনাক নোৱাবলৈ নিয়া হয় ।

গা ধুৱাই চোতালত বহাই থৈ মহিলা খিনিয়ে আয়তিৰ সৈতে সুৱাগ তুলিব যায় । সুৱাগ তুলিব পানী তুলিব যোৱাৰ বিপৰীত দিশত যাব লাগে । কাৰোবাৰ কুৱাৰ পাৰত সুৱাগ তোলা নিয়ম কৰা হয়। তাত কইনা হ’লে দৌল বন্ধা হয় আৰু দৰাৰ বিয়া হলে পুখুৰী মাটিৰে সজোৱা হয়। তাৰ চাৰিওফালে চাৰি ডাল খৰিকা পুতি এৱাঁ সুতাৰে মেৰিয়াই দিব লাগে । মাজত তামোল পাণ এযোৰ আৰু কড়ি চাৰিটা দিয়া হয়। সুৱাগৰ ধান বন্ধা চাউল এখৰাহী নি তিয়াই চাৰিটা কলেৰে সৈতে চাৰিও দিশে চাৰি বাৰত চটিয়াব লাগে। কাঁহী এখনত চাকি এগছ জ্বলাই তাত বাঢ়নিৰে চটিওৱা চাউল আৰু দৌল বান্ধা মাটি অলপ উঠাই অনা হয় । শুৱাই তুলি আহি ধৰাৰ বা কইনাৰ মূৰৰ ওপৰত আনাকটা কাপোৰ এখন চাৰিজনীয়ে চাৰি ফালে মেলি ধৰে । বেলেগ এজনীয়ে কাপোৰ খনৰ চাৰিওফালে এৱাঁ সূতা টানি দিয়ে । পিছত এই সূতা ডাল ভাঁজ কৰি সৰু কৰে আৰু দৰাৰ বা কইনাৰ ডিঙিৰ চেইনত বান্ধি দিয়া হয় । এনেদৰে দিলে দৰা নাইবা কইনাৰ একো অপায় অমঙ্গল নহয় হেনো ।ইয়াৰ মাজতে আৰু আৰু কিছুমান সৰু সৰু নিয়ম আছে , যি বিলাক বিতংকৈ লিখিব গ’লে বহুত দীঘলীয়া হ’ব ।

ৰাতি লগনৰ সময়মতে দৰা বিয়া কৰাবলৈ ওলাই যায় নিয়ম নীতিৰ মাজেৰে ।দৰা ওলাই যাওঁতে জেষ্ঠজনক সেৱা কৰি আশীৰ্বাদ লৈ যায়। মাকক সেৱা কৰোঁতে মাকে দৰাৰ হাতত নাৰিকল এটা তুলি দিব লাগে । শেষত সকলোৰে আশীৰ্বাদ লৈ হৰিধ্বনিৰ সৈতে দৰা ঘৰীয়াই কইনা ঘৰলৈ বুলি শুভ মুহূৰ্তত যাত্ৰা কৰে ।

( বিয়াৰ নিয়ম আৰু পৰম্পৰাৰ বিষয়ে বিস্তৃত ভাবে লিখিলে বহুত দীঘলীয়া হ’ব । সেয়েহে যিমান পাৰি চমুকৈ লিখিলো ।দুই এটা শব্দ স্থানীয় ৰূপত ব্যৱহাৰ কৰা হৈছে )

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
সৌৰভ
1 year ago

ভাল লাগিল বাইদেউ। বহু কথা জানিলোঁ।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক