চহা জীৱনৰ ৰংবোৰ –জ্যোতিমণি দেৱী

(সময় আশীৰ পৰা নব্বৈৰ দশক)

দৃশ্যপট ১

পুৱাই উঠি দাদৌৱে বলধহাল গোহালিৰ পৰা উলিয়ালে৷ ৰঙাবেলিৰ ৰেঙনিয়ে সদ্য জাগ্ৰত শান্ত সমাহিত মুখখনত এক অনন্য সজীৱতা সানি দিছে৷ বিশেষ উদ্যমেৰে গোহালিৰ বেৰত আওজাই থোৱা নাঙল যুঁৱলি কান্ধত ললে৷ আকাশলৈ চাই স্বগতোক্তি কৰিলে- “ৰ’দটো আজি বৰ চোকা হ’বগৈ৷ জেঠমহীয়া পিঠি দহোৱা ৰ’দ! (খুৰীক উদ্দেশ্যি)হে শুনিছনে? জাপিটো দেচোন ক’ত আছে চাই! ” জাপিটো মূৰত লৈ গৰুহাল আগত কৰি দাদৌ কোঁ-কোৱাই গ’লগৈ হাললৈ৷ পুৱাই এলাহত থকা গৰুহালক এচাৰিৰে অলপ জোকাই আগবঢ়াই লৈ গৈছে৷ লগে লগে খুৰীদেউ বা মায়ে গোহালিটোৰ পৰা গাইজনী বাহিৰলে উলিয়াই অতোৱাৰ ব্যৱস্থা কৰিলে৷ “এইমখা ইমান লেতেৰা, গাহৰিৰ গঁড়াল হেন কৰিছে বোকা তুলি তুলি! ” অলপ উষ্মাৰে এইদৰে গৰুকেইটাক বকি অ’ৰ পৰা এটুকুৰা তক্তা, ত’ৰপৰা তামোলৰ ঢকুৱা আনি বেছি বোকাবোৰত পাৰি দিলে৷ গৰুই খাই গচকত পেলোৱা জাবৰ জোঁথৰবোৰ মাজত জমা কৰি মস্ত এটা জগা সজাই দিলে৷ গধূলি জ্বলাই দিব লাগিব৷ যিহে মহৰ উৎপাত! দিনত বাৰীখনলৈ গ’লেই পনপনাই খেদি আহে আৰু ৰাতি গোটেইমখা আহি ঘৰে গোহালিয়ে থিতাপি লয়হি৷ এই চলিমখা স্কুললৈ যোৱাৰ আগতেই কোনোবা এটাৰ হতুৱাই চাহখিনি দি আহিব লাগিব পথাৰত৷ নহ’লে হালোৱাৰ গল শুকাব৷ বৌ ৰান্ধনিশালত সোমাল, সৰু খুৰী দুজনীয়ে আঞ্জা কাটি যোগাৰ কৰি দিছে৷ বাকী কাম কৰিব জনা হোৱা ছোৱালী কেইজনীয়ে সৰাপোচা কামত লাগিল, ল’ৰাহঁতৰো দুই এজন গ’লগৈ স্কুলৰ সময় হোৱালৈ বৰশী বাবলৈ৷ স্কুলৰ পৰা আহি গধূলি কলপাতত দিয়া ঘৰত পেৰা কুঁহিয়াৰৰ মিঠাই আৰু পিঠাগুড়িৰ খোলাচপৰীয়া পিঠাৰে চাহ খাই চিঞৰি চিঞৰি পঢ়িলোঁ—

“ বহাগ মাহত গছৰ ডালত
ফুলে কপৌ ফুল,
জেঠমহীয়া ৰ’দৰ তাপত
শৰীৰ বিয়াকুল৷ ”

দৃশ্যপট ২

পথাৰৰ পৰা আহি ভাখৰিৰ পৰা কঠীয়া ধানৰ টোমবোৰ নমোৱাৰ দিহা কৰিলে৷ জেঠ যাবৰে হ’ল৷ আমতিৰ আগতে কঠীয়াখিনি সিঁচিব পাৰিলে আমতিৰ পিচতে শাওণ মাহৰ আগপখত পেক দিব পৰাকৈ কঠীয়াখিনি হৈ উঠিব৷ আইজুংৰ লগতে নতুনকৈ অহা ধানৰ জাতবোৰ দেৰিকৈ ৰুলে ভাল নহয়৷ সিফালে ভাদ মাহ পৰিলে ৰোৱা প্ৰায় হৈয়ে উঠে, অকলে অকলে পথাৰত পেক দিয়া, ৰোৱা কামত লাগি থাকিবলৈ বৰ আমনিদায়ক হয়গৈ৷ দহমান বজাৰ পৰাই কপৌটোৱে “ কু-ৰু-ৰু-ট কুট” কৈ মাতিব ধৰিলে বেলি বহুত হোৱা যেন লাগে৷ ধানবোৰ উলিওৱা হ’লত চোতালত বাকিলে৷ খুকুৰিবোৰ গোটাই গোটেই তিৰোতা কেইজনীয়ে এটা এটাকৈ লৈ গৈ পুখুৰীত তিয়াই ঢৌৱাই ঢৌৱাই পতানবোৰ আঁতৰাই ধুই আনিলে৷ পানীবোৰ যাবলৈ চোতালতে কিছুসময় ৰাখি থ’লে৷ স্কুললৈ নোযোৱা সৰু দুই এটাই এডাল হাকুতি লৈ হাঁহ পাৰ ৰখি থাকিল৷ পানী যোৱা হ’লত, খুকুৰিবোৰ জোকাৰি জোকাৰি কেঁচা মজিয়াৰ কোণ এটাত জমা কৰিলে৷ ইমান সময়লৈকে স্কুললৈ যোৱাৰ আগতেই পনপনাই ফুৰা কাম নোহোৱা আমাৰ দৰে কচুগুটিকেইটাৰ হতুৱাই বাটৰ কাণৰ কচুৱনিৰ পৰা চিঙি অনাই থোৱা ডাঙৰ ডাঙৰ কচুপাত কিছুমানেৰে ধানবোৰ ঢাকি দিলে৷ দুই তিনিদিনমানতে কঠীয়াবোৰ কদম ফুলীয়া দি উঠিছে৷ পঞ্জিকাত চাই থোৱা গুটি সিঁচা দিন এটিত পথাৰত ইতিমধ্যে কেইবাচহো সমাৰ বাই মসৃণ কৰি থৈ অহা বোকাত কঠীয়া সিঁচাৰ উদ্দেশ্যে বাংকাত দুফালে দুটি কঠীয়াধানৰ খুকুৰি ভৰাই কান্ধত তুলি পথাৰলৈ লৈ গ’ল৷ চোকা ৰ’দ পালে পিচবেলালৈ পানী কমিব পাৰে৷ সেয়ে হাতত লেহেতিখনো লৈ গ’ল বনৰীয়া মাছ খাবলৈ পথাৰৰ কোণ এটিত খান্দি থোৱা খালৰ পৰা পানী সিঁচি দিব পৰাকৈ আৰু এটা সময়ত কঁঠীয়া সিঁচি থৈ আহিল৷ বাঢ়ি অহা কঠীয়াই খেতিয়কৰ লগতে সকলোৰে মন ভৰাই আনিছে৷ আগধৰি বান আহি কঁঠীয়াখিনি মাৰি নিনিলে শাওণত ৰুব পৰা হ’ব৷ গধূলি চোতালৰ ঢাৰিত বহি পঢ়িলোঁ-

“ আহাৰ মাহত বাৰীত পকে
আম কঁঠাল জাম,
শাওণমহীয়া বৰষুণত
সাধু শুনাই কাম৷ ”

ইতিমধ্যে বাৰীতে হোৱা আনাৰস, লেতেকু, কল আদিবোৰ আনি চোতালতে কাটি মাহঁতে আটাইকে ভগাই দিলে৷ আমাৰ টোপনিয়ে আমনি কৰা চকুবোৰ আকৌ পূৰঠ হ’ল৷ আকাশেৰে তৰা এটি উৰি গ’ল, মা চিনাকি কৰি দিলে– সৌটো উৰণীয়া তৰা, সৌৱা সপ্তৰ্ষিমণ্ডল, সৌখন হীৰাৰ ভাৰ, সৌখন চালনীপাটী, সৌযে উত্তৰ দিশত সৌটো ধ্ৰুৱ তৰা — মুখবোৰ আ -কৈ মেলি আমি তভক মাৰিলোঁ— আস! আকাশত ইমান তৰা, আকাশখন ইমান ধুনীয়া, আকাশত ইমান সাধু!

দৃশ্যপটঃ ৩

আজি গুচি লোৱা মানে প্ৰথম ৰোৱা আৰম্ভ কৰা দিন৷ হালোৱাই পুৱাই গৈ ইতিমধ্যে বোকা তুলি থোৱা পথাৰখনত মৈ টানিব লৈছে৷ যোৱাৰ আগতে অকণমানিমখাক কৈ গৈছে পথাৰখনত যে হাল বাওঁতে ঢেৰ মাছ ওলাইছে সেইকথা৷ গতিকে মৈয়ালে কোনে কোনে পাৰে ধৰিবলৈ যাব৷ সেইমতেই আমি পিতকলিমখা পথাৰত নামিছোঁ৷ জাকৈ লোৱাই জাকৈ লৈছে, জাল লোৱাই জাল আৰু একো ভাগত নপৰা আমিবোৰে মৈৰ পাচে পাচে দৌৰিছোঁ চিটিকি পৰা মাছ ধৰিবলৈ৷ ইটোৱে সিটোৱে লগ লাগি ধৰা মাছেৰে দুপৰীয়াৰ সাজ ভালকৈ যাব৷ আজি ৰোৱনী কণমাই, তিলেইহঁত আহিব, সিহঁতৰ বাবেও ভাতৰ যোগাৰ কৰিব লাগিব৷ সিহঁতৰ পেক দিবৰ দিনা আকৌ আমাৰ কোনোবা যাব লাগিব৷ গুচি লোৱা দিন বাবে ঘৰৰ জীয়ৰী বোৱাৰীয়ে পুৱাই উঠি ঘৰ দুৱাৰ মচা কাচা কৰিছে৷ ঘৰৰ পৰা যাব লগা ৰোৱনীজনীয়ে আজি উপবাস খাটিব৷ তেওঁ মচা-কাচা হোৱাৰ পিছত গা পা ধুই আহি ভাখৰিৰ হদলাখনত আগলতি তামোল পান বৰাই চাকি দিলে আৰু পথাৰলৈ এজোপা ক’লা কচুৰ গছ আৰু চাকি এখন যোগাৰ কৰি নি সভক্তিৰে ৰুৱ লগা পথাৰৰ আলিৰ উত্তৰ-পূৱ কোণটোত কচুজোপা ৰুই দি তাৰ তলতে চাকিখন আগলতি কলপাতৰ ওপৰত জ্বলাই সেৱা কৰিলে আৰু প্ৰথম গোচটো দি ৰোৱাৰ শুভাৰম্ভণি কৰিলে৷ ঘৰৰ পৰা পথাৰলৈ যোগান ধৰিলে কলপাতত বান্ধি পানীত সিজাই কৰা কঁকাল বন্ধা পিঠা, চুৰা মিঠাই, আৰু ডেক্সি ভৰ্তি চাহ৷ আটাইয়ে হাঁহি খিকিন্দালিৰে চাহ খাই দুপৰীয়াৰ ভাত হোৱালৈ ডোবলকেইটাৰ বেছিখিনি ৰুই শেষ কৰিলে৷
লাহে লাহে শাওণ পাৰ হৈ ভাদ পালেহি৷ ইয়াৰ মাজতে দুই এটা সৰু-সুৰা বানে পথাৰকেইখন চুই পলস পেলাই থৈ গ’ল৷ বানপানী বেছি ডাঙৰকৈ হোৱা হ’লে সকলো কষ্ট অথলে গ’লহেঁতেন৷ সেই পলসত ইপাৰ-সিপাৰ নমনা পথাৰৰ ৰোৱাবোৰ ক’লা সেউজীয়া হৈ বতাহত লহৰ তুলিব পৰা হ’ল৷ মাজে মাজে সময় বুজি নিৰোৱাৰ কাম চলিল, গধূলি চোতালত বহি মূঢ়া, ঢাৰি, বিচনী বোৱা কাম, খেৱালি জাল গোঁথা কাম, গৰুৰ পঘা বটা কাম আদিবোৰ খেতিৰ কামৰ পৰা উঠিয়ে দাদৌহঁতে আৰম্ভ কৰিলে৷
কামৰ মাজতে ডাঙৰসকলক উদ্দেশ্যি আমাৰ প্ৰশ্ন— “এইবাৰ ভেকুলীৰ বিয়া নাপাতিলে দেখোন? ”

“ কিয়, ভেকুলীৰ বিয়া খাব মন গৈছে নেকি? ”দাদৌৰ প্ৰশ্ন৷

আমাৰ মাজৰে এটাই মাজতে তপৰাই মাত দিলে— “ ভেকুলীৰ বিয়া বৰষুণ নিদিলেহে পাতে৷ যোৱাবেলি যে বৰষুণ নাছিল, সেয়ে সেইটো চুবুৰীৰ মানুহে ভেকুলীৰ বিয়া পাতিছিল৷ ”

“অ’! ঢেঁকীয়ো চুৰ কৰে নহয়৷ যোৱাবাৰ যে পুৱা আমাৰ ঘৰৰ ঢেঁকীটো নোহোৱা হৈছিল৷ তাৰপাছত বিচাৰ খোচাৰ কৰোঁতে ইঘৰ সিঘৰ সকলোৰে নাই৷ শেষত পথাৰত আটাইবোৰ ঢেঁকী থিয় কৰি পুতি থোৱা চাবলৈ বিৰাট ভাল লাগিছিল৷ পিছে এইবোৰ কৰিলে সঁচাই বৰষুণ দিয়ে নেকি ”

দাদৌহঁতৰ উত্তৰ– “এইবোৰ একো একোটা বিশ্বাস৷ এই বিশ্বাসৰ আধাৰতে আমাৰ কৃষ্টি সংস্কৃতি, উৎসৱবোৰ গঢ় লয় ”

বাঢ়ি অহা সেউজীয়া পথাৰত কাৱৈ, গৰৈ মাছবোৰে ধানৰ ছাঁ ল’ব পৰা হ’ল৷ দাদাহঁতে কিনি আনি থোৱা বৰশী আৰু পেৰাচুট সূতাৰে চোতালত বহা সময়তে বৰশী গাঁথি থ’লে, পাৰৰ পাখিৰ পুঙা লগাই বৰিয়ালৰ পাতৰ ৰস সানি সূতাডাল চিনিব নোৱাৰা কৰি ল’লে৷ বাৰীৰ সৰা তামোলৰ পাতৰ তাঁৰবোৰ ঘূৰি-পকি চাই সেন্দূৰীয়া বৰলৰ টোপ জুই লগাই পুৰি পাৰি থোৱা আছে৷ পৰুৱা পিপৰাই খাব নোৱাৰাকৈ কেৰাচিনৰ পিপাৰ মুখত থৈ দিছে৷ বৰলৰ টোপলৈ কাৱৈ মাছৰ বৰ খেদ৷ বন্ধৰ দিনবোৰত গোটেই দিন পথাৰত বৰশী বাওঁতে যায় প্ৰায়ভাগ ল’ৰা ছোৱালীৰে৷ গাঁৱৰ নামঘৰত ডবা, নাগাৰা কোবত নাম প্ৰসংগৰ আখৰা আৰম্ভ হ’ল৷ মহাপুৰুষ দুজনাৰ তিথি দিনগুটীয়াকৈ পালন কৰিব৷ কিছুমানে হাতত বস্তা লৈ গৰুৰ ঘাঁহ কটা আৰম্ভ কৰিছে পথাৰৰ আলিত গজা৷ কেঁচা ঘাঁহবোৰ মচ মচকৈ চোবাই পেটত সুমুৱাই থোৱা গৰুবোৰে পুৱালৈ গোহালিত শুই শুই এটি ছন্দত আৰামত ঘাঁহ পাগুলি থাকে— একেটা ছন্দতে বতৰেও ঋতু সলাই— আকাশত শুকুলা মেঘে অগা-দেৱা কৰে, গাঁৱৰ বোকাময় বাট শুকাই যায়, আহিন আহে— ৰেডিঅত বাজে পাৰ্বতীপ্ৰসাদ বৰুৱা গীত সুধাকণ্ঠৰ কণ্ঠৰে নিগৰিত হৈ “আহিন মহীয়া শেৱালি সৰিলে নিয়ৰত তিতিলে বন৷ পুৱা খালী ভৰিত নিয়ৰত তিতি থকা চিটিকা পোকে তোলা মাটিৰ লেও লাগিব ল’লে৷ আমিও মনত পেলাই সুৰ লগাই গালোঁ —

ভাদ মাহত মহাপুৰুষ
দুয়োজনৰ তিথি
আহিন মাহত দুৱৰি বন
হিমত থাকে তিতি৷

গধূলি কাৰোবাৰ ঘৰৰ পদূলি, চোতালৰ কোণৰ পৰা আমোলমোলাই ভাঁহি আহিল শেৱালিৰ মন মতলীয়া গোন্ধ৷

দৃশ্যপটঃ ৪

কাতিমাহ বুলিলেই যেন আকালৰ দিন৷
কাতি মহীয়া আকালত খাব পৰাকৈ মাহঁতে বিল, নদীৰ মাছলৈ গৈ পোৱা মাছবোৰ তুঁহজুই তলত দি চালনীৰ ওপৰত পূৰঠ বিহঢেঁকীয়া পাৰি দি সেকি শুকাই মৰমৰীয়া কৰি ঢেঁকীয়াৰ পৰা এৰুৱাই খুন্দাৰ ব্যৱস্থা কৰিলে৷ তাত দিবৰ বাবে ক’লাকচুৰ ঠাৰি, জলকীয়া, আদিও ধুই ধাই কুটি চালনীত দি ৰ’দত আধা শুকোৱা কৰিলে৷ গোমা হোৱা বতৰটো চাই খেতিয়কবোৰে চিন্তা কৰিলে, আকৌ কাতিশেঁতা পাতিব লাগিলে গাখীৰতী ধানৰ থোকবোৰ নষ্ট হ’বগৈ৷ যিহে নেৰা-নেপেৰাকৈ আৰম্ভ কৰে এই কিনকিনিয়া বৰষুণজাক! খেতিবোৰ এই সকলো অপায়-অমঙ্গলৰ পৰা ৰক্ষা কৰিবলৈ নানান চিন্তা৷ সকলোৰে মাৰি মুৰি কাতিৰ শেষৰ সংক্ৰান্তিত পতা কঙালী বিহুত অলপ হ’লেও পিঠাপনা যোগাৰ কৰি শস্যৰ মংগল আৰু শ্ৰীবৃদ্ধিৰ কামনাৰে পথাৰত পোক-পৰুৱাৰ আক্ৰমণৰ পৰা খেতিডৰাক ৰক্ষা কৰিবলৈ আকাশবন্তি জ্বলালে৷ মায়াময় হৈ উঠিল গোটেই পথাৰ জুৰি চাকিৰ পোহৰত সেউজীয়া গোচাবোৰ আৰু পৰুৱাবোৰে আহি পোহৰত জাপ দি ৰক্ষা কৰিলে ধানৰ গাখীৰতী থোক৷ আজি কালিকৈ ধানৰ গোচাবোৰে নিজৰ চঞ্চলতা এৰি গহীন হৈ আহিল, লগে লগে সলনি হৈ আহিল সেউজীয়াৰ পৰা সোণালীৰূপেৰে ধানৰ বৰণ৷ কুঁৱলীয়ে গোটেই পুৱাটো ইপাৰ সিপাৰ নমনা কৰি তুলিলে—আঘোণ আহিল৷ ঘৰবোৰত লাহে লাহে উখুন, বিৰিয়া আদিবোৰ পুনৰ যতনাই লোৱাৰ আয়োজন আৰম্ভ হ’ল৷ আগৰ পুৰণি ধানবোৰ উলিয়াই ভঁৰাল মুকলি কৰি য’ত যি মেৰামতি কৰিব লাগে কৰি, সাৰি পুচি মচি চিকুণাই থ’লে৷ সোণবৰনীয়া আঘোনে পথাৰবোৰত সোণৰ দলিচা পাৰি দিলে৷ জাক জাক চৰায়ে সোণগুটি নিবলৈ পথাৰ উপচি পৰি মানুহৰ মাত পাই ভুৰুট্‌কৈ উৰা মাৰিলে, আকৌ জাকি মাৰি আহি পৰিল, যেন লুকা ভাকু খেলহে খেলিছে৷ পুৰণি ধান কিছু জাৰি মাহঁতে শিলৰ উধনত পাতি থোৱা লোহোৰাত বহাই দি তুঁহপতান দি গধূলি পাগ দি থ’লে৷ পুৱালৈ তামোলৰ চুলিৰে উহোৱা আৰম্ভ হ’ব৷ সেয়ে আমিও কাঠআলু, চিকহু আলু, কঁঠালগুটি, শিমলু আলু আদি বিচাৰি থৈছোঁ৷ উহোৱা ধানৰ মাজত দি সিজাই খাবলৈ কিযে মজা এইবোৰ৷ এইদৰে উহোৱা আলু, কঁঠালগুটিৰেই কেতিয়াবা আমাৰ পুৱাৰ চাহ, আগবেলাৰ পঁইতাভাতসাজ চলি যায়৷ ইমান ডাঙৰ জাক পৰিয়ালত বিধে বিধে যতনাই দিবলৈ সময়ো নাথাকে মাহঁতৰ৷ এই সোৱাদেৰেই আমি সুখী হওঁ, অমৃতসম জ্ঞানেৰে খাই অটাই পাঠ পঢ়োঁ আৰু আওৰাওঁ ঋতুৰ কবিতা —

“ কাতি মাহত আকাশবন্তি
জ্বলাই শাৰী শাৰী
আঘোণ মাহত সোণালী ধান
থাকে পথাৰ ভৰি৷ ”

দৃশ্যপটঃ ৫

কুঁৱলীৰ ভৰত পথাৰৰ ধানবোৰে মূৰ তুলি চাব নোৱাৰা হৈ আছে৷ বেছি পকিলে ধানবোৰ সৰিব, সেয়ে শস্য চপোৱা ভাল দিন এটা চাই ধানৰ আগ অনা দিন ঠিক হ’ল৷ ভঁৰালৰ হডলা পৰিষ্কাৰকৈ মচি চাকি দি নিৰ্দিষ্ট দিন এটিত ঘৰলৈ সভক্তিৰে লখিমীক আদৰি অনা হ’ল৷ সুবিধা বুজি গাঁৱৰে কেইজনমানক ধান কটা সাউৰীলৈ নিমন্ত্ৰণ জনালে৷ সাউৰীৰ দিনা ঘৰত উখলমাখল অৱস্থা৷ পুৱাই পিঠাগুড়ি খুন্দি ভকা পিঠা ভাপত দি সিজাইছে, ভাল এডলা হৈছে৷ ডলাখন ঘামি পিঠাবোৰৰ সাঁচ বহিছে৷ আমি সৰবজানৰ সাধুৰ মন্ত্ৰ গাইছোঁ— “এক ক’লোঁ লেখি, এক ক’লোঁ দেখি, হাদৈ বোলোতে ওলাল হাড়ডাল–”৷ আজি যে আঞ্জাবোৰো বিশেষ গুৰুত্ব দি ৰান্ধিছে৷ মাটিমাহৰ বাকলি গুচোৱা গোটাকৈ ৰন্ধা দাইল, কুমলীয়া ঔটেঙাৰে দৰিকণা, মূৰ কটা পুঠিমাছৰ টেঙা, ঘৰতে হোৱা বতৰৰ পাচলিৰে লাবৰা, আদাপাত ওপৰত সৰহকৈ চটিয়াই, জ্বলা মুখত লগাকৈ ৰন্ধা কটকটীয়া খাৰৰ জালদিয়া — মুঠতে এক সুস্বাদু আয়োজন৷ ধান কটা হ’লেই ন -খোৱা পাতিব–কাঠআলুৰ মাৰ বন্ধা আঞ্জা, হাঁহৰ মাংসৰে কোমোৰা, বৰালিমাছেৰে লাইশাক৷ তেতিয়া সাউৰীৰ মানুহখিনিক পুনৰ মাতিব লাগিব৷ বাৰিষাৰ ৰোৱনীকেইজনীয়ো থাকিব এই ন-খোৱা ভোজত৷ এটা সময়ত পথাৰৰ লখিমী আহি গোটেই চোতাল, বাৰাণ্ডা ভৰাই পেলালে৷ খালী থাকিল কেৱল দুৱাৰমুখ কেইখন৷ পুৱা গধূলি মৰণা মৰা, খেৰ জোকৰা, উখুনিওৱা, খেৰ পিচফাললৈ কঢ়িয়াই নি পুঁজিত জপা, ধানৰ ওপৰ সাৰি দিয়া, বা দি পতান আঁতৰোৱা সকলো শেষ কৰিলে৷ তাৰমাজতে মাজু দাদৌৱে বৰ সাৱধানে বাচি বাচি ভৰিৰে মাৰি কঁঠীয়া ধান উলিয়াই, শুকুৱাই বাঁহৰ টোমত ভৰাই থলে অহাবছৰৰ বাবে৷ এনেকৈ ভৰিৰে মৰা খেৰখিনিৰে মায়ে খুব ধুনীয়াকৈ বাঢ়নী সোঁতা বান্ধি ঢেঁকীশালৰ ওপৰত ছালৰ তলত অস্থায়ীভাৱে সজোৱা চাঙত তুলি থলে৷ শেষ মাৰণৰ দিনা বূঢ়ী মাৰণৰ খোলাচপৰীয়া পিঠা মিঠাইৰে ৰঙা কৰি আমি গধূলিৰ চাহৰ জুতি ল’লোঁ৷ অৱশেষত ন চাউল উলিয়াই ওপৰত কোৱা আয়োজনেৰে চুবুৰীৰ মানুহ, হালোৱা-ৰোৱনী সকলোকে মাতি ন-খাই বছৰটোলৈ খেতি সামৰিলে৷ ভঁৰালৰ ধানৰ ওপৰত ফুটিপোকৰ আক্ৰমণ ৰোধ কৰিবলৈ ওপৰত ঔটেঙাৰ খোল, তুলসী পাত, মহানিম পাত আদি চটিয়াই ভঁৰালৰ দু্ৱাৰ বন্ধ কৰিলে৷ ইতিমধ্যে পুহৰ ঠাণ্ডাই আহি হাতবোৰ জঠৰ কৰিব লৈছে৷ তথাপি কবি, মূলা, আলু, পিয়াজ, নহৰুৰ খেতিত ঘৰৰ খেতিয়কে মনোনিৱেশ কৰিলে৷ এইখিনিয়ো বছৰটোলৈ কৰি নথ’লে ক’ত হ’ব! আমাৰ দৰা কইনা খেল খেলা কুঁহিয়াৰতলীৰ কুঁহিয়াৰবোৰো কটা আৰম্ভ হৈছে৷ ওচৰৰে ফুলেশ্বৰ দাদাহঁতৰ মুকলি পথাৰখনত কুঁহিয়াৰ শাল পাতিছে৷ তাতেই ডাঙৰ ডাঙৰ লোহোৰা পাতি কুঁহিয়াৰ ৰস পগাই মিঠাই কৰিছে৷ এইকেইদিন আমাৰ বগীফেন খুৱাই কাম৷ আমি বগীফেনত লগা কুঁহিয়াৰৰ চিগা টুকুৰা “নিছলা” বুলি আগ্ৰহেৰে চুপিছোঁ৷ পিতাই মাজতে “কিমান খাৱ, বেছি খালে চেৰাবি” বুলি আমাক ধমকো দিছে৷ কিন্তু এই আনন্দ, এই সোৱাদ বছৰত এবাৰেই আহে আমাৰ বাবে৷ আমি সেই আনন্দ নোলোৱাকৈ কেনেকৈ থাকোঁ!
বিহুলৈ বেছি দিন নাই৷ পথাৰ খালী কৰি পৰি ৰোৱা শুকান নৰাবোৰ কাটি ভেলাঘৰৰ কাম আৰম্ভ হৈছে৷ জবকাৰে ৰুকি কিছুমান চুঙাপিঠা পুৰিবৰ বাবে শুকোৱা হৈছে৷ উৰুকাৰ আগদিনা সকলো কলখৰুৱাৰে বান্ধি ঘৰলৈ অনা হ’ল৷ কঁটাবাহ, ভলুকাবাঁহ, বিজুলীবাঁহৰ চুঙাৰে আমাৰ ঘৰবোৰ উপচি পৰিছে৷ আগদিনাতে তিয়াই থোৱা বনি(বৰা)চাউল চুঙাত ভৰাই লানিকৈ তাঁৰ পুতি সজাই পোৰাৰ দিহা হ’ল৷ আমাৰ ঘৰৰ ডেকাবোৰে ভেলাঘৰৰ ভোজত ব্যস্ত হ’ল৷ আমাৰ ছোৱালী, তিৰোতাবোৰ বিহুৰ এপষেক আগৰে পৰা কাপোৰ ধোৱা, ঘৰ পদূলি চিকুণোৱা, সান্দহ খুন্দা আদিত ব্যস্ত হৈ আছে৷ ঘৰত নতুন কলহে ভৰি পৰিছে৷ আগৰবোৰো পুৰি শুকাই সান্দহ ভৰোৱাৰ বাবে যোগাৰ কৰি থৈছিলেই৷ ঘৰলৈ অহা মৃৎ শিল্পৰ বেপাৰীক ধান এদোণ দি মাহঁতে পিঠা পোৰা পাত চৰু, মাটিৰ মলা আদি ৰাখিছে৷ এই বিহুৰ বাবে যে আমাৰ কিমান ব্যস্ততা৷ নৰা যোগাৰ কৰাই নৰা, খৰি লুৰাই খৰি লুৰি পাৰ্যমানে ডাঙৰক সহায় কৰিছোঁ৷ এতিয়া বিহুৰ পিছত আমি কিছুদিনলৈ বহি বহি খাম৷ তিলপিঠা, লাৰু, সান্দহ, চিৰা, বোকা চাউল, কৰাই কোনে কি খাই খালেই হ’ল৷ নদী খেদি, বিল খেদি অনা ডাঙৰ মাছ, সৰু মাছ, হাঁহৰ মাংস, ছাগলীৰ মাংসৰ আয়োজনৰ কোবত প্ৰতিবছৰে বিহুৰ দিনা আমাৰ নাখাওঁ নাখাওঁ বোলা অৱস্থা এটা হয়গৈ৷ পুৱাই পুখুৰীৰ বৰফ হেন পানীত “জাৰ জাৰ জাৰ, জাৰে মানুহ খায়/পানীৰ তলত ডুব দিলে জাৰ পলাই যায়” মন্ত্ৰ আষাৰ মাতি জপংকৈ পৰি কানি-কাপোৰ সলাই বাহিৰে বাহিৰে ভেলাঘৰৰ জুই পুৱাব গৈছোঁ৷ ঘৰলৈ আহি গোঁসাইঘৰত সেৱা কৰি চুবুৰীৰ বয়োজ্যেষ্ঠ বুঢ়া পিতা, আইসকলক সেৱা কৰি আহি তিতা মুখত দিয়া নিয়ম পালন কৰিলোঁ৷ লগতে সিজোৱা কণী, মাহপ্ৰসাদ আদি পেটত পেলাই এঠা দৈৰে চুঙাপিঠা পেটত পেলাই লওঁতে টোপনিৰ নিচা লাগিছে৷ মাঘমহীয়া কোমল ৰ’দকুৰা গাত লগাই আমি সেয়ে গাইছোঁ —

“ পুহ-মহীয়া জাৰত কঁপি
নিহালিখন লওঁ
মাঘ যে আমাৰ ভোগালীৰ মাহ
বিহুৰ পিঠা খাওঁ৷ “

আলহী-দুলহী সকলোকে খুৱাই, বিহুৰ খেলধেমালি পাতি উলহ-মালহেৰে অৱশেষত বিদায় দিলোঁ হেঁপাহৰ বিহুটিক৷ চাওঁতে চাওঁতে বছৰেই বাগৰিল৷ মাহ- ঋতু সলনি হৈ

দৃশ্যপটঃ ৬ 

“ফাগুন আহে পলাশ ফুলে
পচোৱা বতাহ বয়,
চ“তৰ শেষত নতুন বছৰ
আদৰি ল’বৰ হয়৷ ”
আমাৰ গাঁৱৰ লগতে ঘৰৰ মানুহবোৰ ৰঙৰ উৎসৱ ৰঙালী বিহুৰ বাবে সূতা কটাই সূতা কটাত, কাপোৰ বোৱাই কাপোৰ বোৱাত ব্যস্ত হ’ল৷ নহ’লে যে “কিনো মাছ মাৰিবৰ মোৱা/কেলেইনো লাগিছে বিহুচেৰা গামোচা, অহা বহাগলৈ থোৱা ” বুলি ওফোন্দ পাতি বিহুৱা, গৰখীয়াই বিহুৱান নোলোৱাই হ’ব! মাইকী মানুহৰ এই ব্যস্ততাৰ মাজত মতামানুহ বৰকৈ নোসোমায়৷ যিহেতু ন পানী পৰিলেই আকৌ মাছ মাৰিবৰ হ’ব, সেয়ে আমাৰ ঘৰৰ খেতিয়ক, মতা মানুহখিনিয়ে আধৰুৱা হৈ থকা জাল গুঁঠি শেষ কৰিলে, টনি, থোৰোকা, আদিবোৰ পুনৰ পৰীক্ষা কৰি মেৰামতি কৰিলে৷ তুলি থোৱা চেপা ঠোহা আদিবোৰো উলিয়াই আনি ঠিক ঠাক কৰিলে৷ জাকৈ, খালৈ, চালনী সকলো গুঠি পুনৰ নবছৰৰ বাবে নতুন উদ্যমেৰে সাজু হ’ল৷ মাজতে আকৌ ঘৰবোৰ নতুন শনখেৰেৰে চিওৱা সাউৰী এটিয়ো গ’ল৷ বৰষুণত উৰুষা ছালে নহ’লে বৰ আমনি দিয়ে৷ আগৰ পুৰণি উৱলি যোৱা খেৰবোৰ পান তামোলৰ গুড়িত দিয়াৰ লগতে আদা, হালধিৰ ভেটিত দিবলৈ জমা কৰি থ’লে৷ এটি ব্যস্ততাপূৰ্ণ বছৰ পাৰ হ’ল এইদৰেই৷

প্ৰিয় পাঠক, এয়া আশী নব্বৈৰ দশকত আমাৰ গাঁৱৰ ঘৰবোৰত দেখা পোৱা চহাজীৱনৰ ছবি, যিবোৰ আজি গ’লে সতকাই বিচাৰি পোৱা নাযায়৷ সময়ৰ ধামখুমীয়াত এই চহা জীৱনৰ চিনাকি ছবিবোৰ আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে৷ এতিয়া দাদৌহঁতৰ দৰে পুৱাতে উঠি গৰু লৈ যোৱা হালোৱাৰ ঠাইত হাজিৰা মৰা টেক্টৰে পথাৰ ৰজনজনাই থাকে৷ সেই হালৰ পাছত মাছ বিচাৰিবলৈ পথাৰবোৰত মাছ নাই৷ পথাৰবোৰত ঘৰ কৰোঁতে কৰোঁতে ইখন গাঁৱৰ মানুহ সিখন গাঁৱৰ লগ লাগিছে৷ পথাৰ হেৰাই গ’লে চহাজীৱন শেষ আৰু তাৰ লগে লগে পৰিবেশতো প্ৰতিকুল প্ৰভাৱ পৰি আহিছে৷ চহা জীৱনৰ সমাপ্তি মানেই বিপন্ন প্ৰকৃতি, বিপন্ন মানৱজীৱন৷ চহা পৰিয়ালৰ তেজ দেহত বহন কৰি সেয়ে বহুবাৰ ভাবোঁ এনেকৈ সেউজ প্ৰকৃতিৰ আৰু আয়ুস কিমান দিন? আমিয়েই বা কিমান দিনলৈ জীয়াই থাকিম সকলো হেৰুৱাই৷ দহোটাৰ কাম একেলগে কৰা চহাৰ সৰল প্ৰাণতেই যে প্ৰকৃতি বিদ্যমান, বিদ্যমান সেউজ পৃথিৱী৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক